“বিহুৰ অনুভৱ”
-------------------------------------
নাজানো ,কিয় এনে হৈছে । ব’হাগ বিহুত ঘৰলৈ যাব নোৱাৰাৰ বাবে সিমান দুখ মোৰ লগা নাই; যিমানখিনি লাগিব বুলি ভৱা হৈছিল।বিহুৰ প্ৰতি যে মোৰ ব্যক্তিগত টান একেবাৰেই নাই ,তেনেও নহয়।সৰুতে বাঁহৰ ‘টকা’ নিজেই সাজি চুৰীয়া-গেন্জী-টঙালী পিন্ধি সমনীয়াৰ স’তে ঘৰে ঘৰে গৈ হুঁচৰি গোৱা মনত পৰিলে আজিও উৎফুল্লিত হওঁ ।ঢোল পেঁপাৰ শৱদে আজিও দেহ-মন সাতখন আঠখন কৰে । বিহুৱতী ডেকেৰীৰ সাজোন-কাচোন আৰু কঁকালৰ ভাঁজে আজিও মোক প্ৰথম যৌৱনৰ মিঠা ৰাগীৰ সমানেই ৰাগিয়াল কৰে ।স্বত:স্ফুৰ্তভাৱে বিহুগীত এফাঁকি মুখেৰে অজানিতে ওলাই আহে ব’হাগৰ কোনো এটা দুপৰীয়া ।
কুলিৰ মাত দুই-এবাৰ শুনাৰ ভাগ্য হ’ল।বিহুগীত দুটিমানও বজাই শুনিলো।তথাপি হঠাৎ আজি এই উপলব্ধি যেন, ‘কিবা এটা নাই’! কিবা এটা নাই আজিৰ এই বিহুৰ বতৰত যিয়ে হয়তো মোৰ বিহুৰ প্ৰতি থকা আকৰ্ষণ হৰি নিছে ।কি এই ‘কিবা’টো?
“হুঁচৰি”
-------------------------------------
আজিৰ ডেকা-গাভৰু একগোট হৈ হুঁচৰি নাগায় ।বিহুৰ বাবে এমাহ আগৰে পৰা হুঁচৰিৰ অনুশীলনো নকৰে ।জেতুকা গঁগণা গোটাবৰ বাবে মন উদ্বাউলো নহয় কাৰো ।জীয়েকক হুঁচৰি গোৱাৰ মানা কৰি কাঢ়া নিৰ্দেশ জাৰী কৰে অভিভাৱকে ।(নিদিবই বা কিয়,বিহুতে যদি কিবা এটা অঘটন ঘটে!কোনে জানে?) হু্ঁচৰি বাকী থাকিলগৈ কণ কণ পেন্দুকণাকেইটাৰ বাবে আৰু গাৱঁৰ বুঢ়া ভকতকেইজনৰ বাবে ।
কিয়, বিহুকতো কোৱা হয যৌৱনৰ উৎসৱ বুলিহে?মানুহৰ দেহ-মন ৰঙীয়াল কৰা এই বসন্তৰ সুমধুৰ প্ৰকৃতিৰ মাজত বিহুৱে আমাৰ প্ৰত্যেকৰে মনত প্ৰেম-ভালপোৱাৰ বীজ সিঁচি জীৱনটোক নকৈ গঢ়াৰ বাবেহে উৎসাহিত কৰিব পাৰিব লাগিছিল।
অৱশ্যে,আজিৰ অসমীয়া ডেকা-গাভৰুৱে বিহু উদযাপন নকৰে বুলি ক’লে ভুল কোৱা হ’ব ।গাৱঁৰ ডেকাসকলে একগোট হৈ হুঁচৰিও গায়।পিছে সেয়া সন্ধ্যাৰ পাছত বিহু-বিশেষ পানীটুপি গলধ:কৰণ কৰি বিহুৰ ৰাগীৰে মতলীয়া জীনছ্ –টিচাৰ্ট পৰিহিত বিহুৱা হৈহে !তেওঁলোকৰ সন্মিলিত প্ৰচেষ্টাত বিহুগীতেও হিন্দীগীতৰ সুৰ নতুবা কোনো পেৰদী গীতৰ সুৰ হৈ ওলাবলৈ কুন্ঠাবোধ নকৰে।এনে হু্ঁচৰিত উঠা বলপূৰ্বক দান-বৰঙণীয়ে বিলাতী সুৰাৰ দোকানীসকলক তেওঁলোকৰ ঘৰৰ বিহু বজাৰখন সুকলমে কৰাত ভাল অৰিহণা যোগাই আহিছে ।
“বিহুৰ ভিচিডি”
-------------------------------------
ভিচিডিৰ বিহু কাহিনী-চিত্ৰ-গীতবোৰে দুটা ভাল কাম কৰিছে –
ক)মৃত্যুৰ আগে আগে অসমীয়া সমাজৰ ৰীতি-নীতি আদৱ-কায়দা আৰু প্ৰচলিত প্ৰথা(দেখা যায়নে বিশেষ?)বোৰক অন্ত:ত এটা কালজয়ী ‘ডিজিটেল’ৰূপত বাণীবন্ধিত কৰিছে ।
খ)নৱপ্ৰজন্মক বিহুনাচ শিকি(চাই চাই!) অভিনেতা-অভিনেত্ৰী হ’বলৈ প্ৰেৰণা দিছে ।
আৰু এটা ভাল কাম অৱ্শ্যেই কৰিছে,এই মহঙা দিনত ঘৰতে বহি “অসমীয়া বিহু আৰু কাহিনীচিত্ৰ” দূৰদৰ্শনৰ পৰ্দাত ভিচিডি চাই চাই বিহুৰ দিনকেইটাৰ অৱৰসৰ বিনোদনৰ খোৰাক জগাইছে ।
“মঞ্চৰ বিহু”
-------------------------------------
মঞ্চৰ বিহুৱে বিহুক যিমান আধুনিকীকৰণ কৰি জনপ্ৰিয় কৰিছে,তাতোকৈ বেছি ক্ষতিসাধন কৰিছে ইয়াৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি।ই অসমীয়া সমাজত একপ্ৰকাৰৰ শ্ৰেনীবিভাজনৰ সৃষ্টি কৰিছে।বিহু হৈ পৰিছে সমাজৰ উচ্চ বা উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ বাবে এক আভিজাত্যৰ চিন ।
বিহু-প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে দুমাহ আগৰে পৰা ঢুলীয়া-তালিয়া সহ বিহুৱাসকলক আপুনি উচিত মাননি আৰু আপ্যায়ন সহিত অনুশীলন কৰিব লাগিব ।লগতে ইখনৰ পৰা সিখন প্ৰতিযোগিতালৈ যাবৰ বাবে এখন গাড়ীৰ বন্দোবস্ত কৰিব লাগিব ;অংশগ্ৰহণৰ মাচুল ভৰিব লাগিব ।সাজ-পাৰৰ দামৰ কথা নকলোৱেই বা!দুখীয়া প্ৰতিভাশালী বিহুৱা বা বিহুৱতীয়ে এনে মঞ্চৰ বিহুত অংশ ল’বলৈ সাহস কৰিব পাৰিবনে?
অন্যহাতে দেখা গৈছে-দুখীয়াসকলেহে মাথো বিহুৰ পিঠা-পনা বা জলপান তৈয়াৰ কৰে,ধনীসকলে তাক কিনি বিহু পাতে ।
“বিহুববীয়া প্ৰস্তাৱ’
-------------------------------------
১)আগতে মইনা-পাৰিজাত বোৰে বিহুৰ হুঁচৰি উলিয়াইছিল ।তেওঁলোকৰ প্ৰশিক্ষণ আৰু হুঁচৰি বেছ ভাল হৈছিল । এতিয়া আগ্ৰহী স্বেচ্ছাসেৱকৰ অভাৱত এই অনুষ্ঠানবোৰ মৰি গৈছে ।পুনৰ্জ্জীৱিতকৰণৰ ব্যৱস্থা নোলাবনে?
২)বিদ্যালয় স্তৰত অসমত ‘Performing Art’ বিষয়টো বাধ্যতামূলক কৰিব লাগে ।যাৰ প্ৰশ্নকাকতত আহিব “বিলতে হালিছে শীৰ্ষক ৰাভাসঙ্গীতটো গোৱা”,”ঝুমুৰা নাচা”,”এটা পদ গোৱা”,”লোকগীত এটা গোৱা”,”ঢোলৰ ছেও এটা বজোৱা” আদি ।
৩)অসমীয়া পিঠা-পনা আৰু জলপানৰ ইমানেই ভিন্নতা আছে যে সতকাই তালিকাভুক্ত কৰাটো কঠিনেই ।এনে অৱ স্থাতো, আমাৰ বহুতেই আৰু অনা-অসমীয়া প্ৰায়সংখ্যকেই বিহুৰ পিঠা-পনা তথা জলপান খাই সিমান এটা ভাল নাপায় ।এইটো এটা অপ্ৰিয় সত্য ।
মই ভাৱো,বিহুৰ জনপ্ৰিয়তা বঢ়াবলৈ,এই খাদ্যসম্ভাৰৰো কিছু প্ৰস্তুত-প্ৰণালীৰ সালসলনি কৰি সোৱাদভৰা কৰিবলৈ প্ৰচেষ্টা এটা চলাব লাগে ।প্ৰয়োজন হ’লে আমাৰ ভাষা-সাহিত্যৰ গৱেষকসকলে ইতিহাসতকৈ এনে বিষয়বস্তুত অধিক মনোনিবেশ কৰক ।

No comments:
Post a Comment