লেখা অনুসন্ধান কৰক

Wednesday, March 25, 2015

গু‌ৱাহাটী বিশ্ববিদ্যালয়ত সঁচাই শৈক্ষিক পৰি‌ৱেশ আছে নে?



গু‌ৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ প্ৰায় এবছৰ পাছতো বৰ্তমানেও ছাত্ৰা‌ৱাস আৰু ছাত্ৰীনি‌ৱাসসমূহত কৰ্তৃপক্ষৰ দৃষ্টিৰ পৰা আঁতৰত পৰোক্ষভা‌ৱে ‘ৰেগিং’ চলি থকা কাৰ্যটো‌ৱে অভিভা‌ৱকৰ লগতে সচেতনমহলৰো চকু কপালত তুলিছে । ইতিমধ্যে একাধিক ভুক্তভোগী ছাত্ৰই সৎসাহসেৰে সংবাদ মাধ্যমযোগে এই কথা স্বীকাৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে। ছাত্ৰকেইজনৰ স্বীকাৰোক্তি কে‌ৱল ছাত্ৰা‌ৱাসৰ ক্ষেত্ৰতহে যে প্ৰযোজ্য তেনে নহয়, ছাত্ৰী-নি‌ৱাসতো ‘যু‌ৱ-মহোৎস‌ৱ’ আৰু ‘বিশ্ববিদ্যালয়-সপ্তাহ’ৰ নাম দোহাৰি ন‌ৱাগত সকলক শাৰিৰীকভা‌ৱে অতিৰিক্ত বোজা দিয়াৰ লগতে মানসিকভা‌ৱেও হেঁচা প্ৰয়োগ কৰা হৈছে । অনুশীলনৰ নামত যদি ঠাণ্ডাৰ দিনত পু‌ৱা ৪ বজাতে উঠি খেলাৰ অভ্যাস নথকা ছাত্ৰীগৰাকীকো খেলিবৰ বাবে বাধ্য কৰো‌ৱা হয়, পাঠগ্ৰহণ কৰি অহাৰ পাছৰে পৰা যদি ৰাতি এঘাৰ বজালৈকে নাচ-গানৰ অনুশীলন কৰো‌ৱা হয়, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পঢ়া-শুনা কৰিবলৈ সময় পাব কেতিয়া ? ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসত থকা বহু ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ পাঠদানত মনোযোগ দিয়াৰ সলনি ভাগৰত টোপনি যো‌ৱাহে পৰিলক্ষিত হয় । তেনে অ‌ৱস্থাত সন্দেহ হো‌ৱাটো স্বাভা‌ৱিক, কিদৰে গু‌ৱাহাটী বিশ্ববিদ্যালয়ে এটা সুন্দৰ শৈক্ষিক পৰি‌ৱেশ ছাত্ৰ-ছাত্ৰীক দিবলৈ সমৰ্থ‌ৱান হ’ব ?

          কটন মহাবিদ্যালয় আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দৰে সুনামধাৰী মহাবিদ্যালয়ৰ ছাত্ৰা‌ৱাসতো কিদৰে ৰেগিং চলে সেয়া নিজ অভিজ্ঞতাৰে আমি দেখি আহিছো । ৰেগিং যদিও বৰ্তমান সময়ত এক অপৰাধ হিচাপে গণ্য কৰা হয়, তথাপি ৰেগিং কৰা জ্যেষ্ঠ আ‌ৱাসীকেইজনৰ লগতেই ঘনিষ্ঠতা গঢ়ি উঠাৰ দৰে মধুৰ অভিজ্ঞতা নোপো‌ৱাজনে হয়তো বুজিব নো‌ৱাৰে । ইয়াৰ বাবে জ্যেষ্ঠসকলৰ মনত যি মিলা-প্ৰীতিৰ ভা‌ৱ (হোষ্টেল ছেন্টিমেন্ট) থাকিব লাগিছিল, সেই ভা‌ৱৰ যেন গু‌ৱাহাটী-বিশ্ববিদ্যালয়ৰ ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসত অভা‌ৱ ঘটিছে, আমি তেনে অনুমান কৰিছো । চিনাকী-পৰ্ব বা ফুৰ্তি-তামাচাৰ বাবে যিসময়ত মাত্ৰ এমাহ সময়েই যথেষ্ঠ হ’ব লাগিছিল, সেইসময়ত সম্পূৰ্ণ এবছৰ ধৰি এনে নিপীড়ন চলা কাৰ্য সঁচাই গৰিহণাযোগ্য ।

          আমাৰ সম্বন্ধীয় ভন্টি দুগৰাকীমানৰ ক্ষেত্ৰত লক্ষ্য কৰিছো, স্নাতক পৰ্যায়ত সুফলাফল লাভ কৰিও তেওঁলোকে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম দুটি ষান্মাষিকৰ ফলাফল সন্তোসজনক নহ’ব বুলি নিশ্চিতভা‌ৱে পতিয়ন গৈছে । ইয়াৰ বাবে আমি এতিয়া কাক দায়ী কৰিম ? ‘এন্টি-ৰেগিং কমিটি’য়ে যদিও ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসত মেল-মিটিং অনুষ্ঠিত কৰি ৰেগিঙৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰা দেখা গৈছে, তথাপি তেনে সভাত ভোক্তভোগীসকলে মুকলিমুৰীয়াকৈ নিজৰ ব্যক্তব্য প্ৰকাশ কৰিব নো‌ৱাৰাকৈ জ্যেষ্ঠ আ‌ৱাসীসকলে সু-বন্দো‌ৱস্ত কৰাৰ কথা গম পো‌ৱা গৈছে । সৎসাহসী আৰু নিৰ্ভীক কেইজন মান ছাত্ৰ বা ছাত্ৰীয়ে যদি ৰেগিঙৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰিবলৈ যায় , তেন্তে তেনে ছাত্ৰ-ছাত্ৰীক নিজৰ লগৰীয়া কেইজনেই সহযোগিতা আগবঢ়াবলৈ অপাৰগ হৈ পৰে । কাৰণ, প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়েই নিজৰ কেৰিয়াৰত বা ব্যক্তিগত জী‌ৱনত যাতে কোনো চেকা নালাগে , সেই স্বাৰ্থতে মানসিকভা‌ৱে ভাগি পৰিলেও ভৃত্যৰদৰে সকলো সহ্য কৰি যাবলৈ বাধ্য হয় ।
          আমাৰ বোধেৰে ভুক্তভোগীসকলে এনে অন্যায়ৰ বিৰুদ্ধে একগোট হৈ সম্পূৰ্ণ প্ৰমাণ সহকাৰে উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবাদ জনো‌ৱাৰ লগতে প্ৰয়োজন হ’লে আইনৰ সহায় লো‌ৱা উচিত । ন‌ৱাগতসকলে নিজে জ্যেষ্ঠ আ‌ৱাসী হো‌ৱাৰ সময়ত এনেধৰণৰ অমান‌ৱীয় কাৰ্য-কলাপৰপৰা বিৰত থাকিব পাৰিলেহে বিশ্ববিদ্যালয়খনিত এক সুস্থ শৈক্ষিক পৰি‌ৱেশ ঘুৰি আহিব আৰু অভিভা‌ৱকসকলে বিনাদ্বিধাই নিজৰ সন্তানক গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসত ৰাখি পঢ়ু‌ৱাবৰ বাবে মন মেলিব পাৰিব।  (অসমীয়া খ‌ৱৰ, ২৫ মাৰ্চ,২০১৫ ত প্ৰকাশিত)

Tuesday, March 24, 2015

‘উৎকোচ নিদিয়াকৈয়ো চাকৰি পাব পাৰি’ সন্দৰ্ভত দুআষাৰ (সম্পাদকলৈ চিঠি)

প্ৰসংগ: আমাৰ অসম কাকতত ২৩ মাৰ্চ,২০১৫ তাৰিখে প্ৰকাশিত এখন চিঠি


প্ৰতি,

সম্পাদক মহোদয়, 
'আমাৰ অসম' কাকত ।
 
বৰপেটাৰ দে‌ৱজিৎ নাথে যো‌ৱা ২৩ মাৰ্চ তাৰিখে এই কাকতযোগে প্ৰকাশ কৰা বক্তব্যখিনিয়ে অসম লোকসে‌ৱা আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত বৰ্তমান সময়ত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মনত যি কলুষিত ভা‌ৱমূৰ্তি বিৰাজ কৰিছে, তাক আকৌ এবাৰ চালি-জাৰি চাবলৈ বাধ্য কৰালে । নাথৰ অকপট স্বীকাৰোক্তিত প্ৰতীয়মান হয় যে, অধিকাংশ লোকেই বিশ্বাস কৰাৰ দৰে আয়োগৰ প্ৰতিটো পদবীৰ নিযুক্তিতে টকা-পইচাৰ লেন-দেন হো‌ৱা কথাটো এশ শতাংশ শুদ্ধ ধাৰণা নহয় । সততা আৰু একাগ্ৰতাৰে নিজৰ মেধাৰ ভিত্তিত উপযুক্ত চাকৰি প্ৰত্যাশীসকলৰ বাবে নি:সন্দেহে  ই এটা সুখ‌ৱৰ যিয়ে তেওঁলোকক আৰু দুগুণ উৎসাহেৰে এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হ’বলৈ প্ৰেৰণা যোগাব ।

        কিন্তু এনে সুখ‌ৱৰৰ মাজতো দুখ লগা আৰু চিন্তা কৰিবলগীয়া কথাটো হৈছে এয়ে যে উপযুক্ত প্ৰাৰ্থী হিচাপে নিযুক্ত হো‌ৱাৰ পাছতো নাথে নিজকে পদবীটোৰ বাবে ‘মিছফিট’ বুলি কিয় ভা‌ৱিছে বা তেওঁৰ লগৰ কেইবাজনো নিৰ্বাচিত প্ৰাৰ্থীয়ে অসম চৰকাৰৰ এনে ‘লোভনীয়’ পদ স্বেচ্ছাই কিয় এৰি দিলে । এই বিষয়টো‌ৱেই অসমৰ বৰ্তমান সামাজিক প্ৰেক্ষাপটৰ সামগ্ৰিক ছ‌ৱি এখন আমাৰ মাজত উদঙাই দিছে । সহজ কথাত ক’বলৈ গ’লে অসমৰ প্ৰতিজন মানুহৰ মানসিকতাৰ এনে স্খলন ঘটিছে যে আমি দৈনন্দিন জী‌ৱনৰ প্ৰতিটো কাম-কাজতে সাংঘাটিকভা‌ৱে এটা বিকল্প চুটী বাটৰ সন্ধান কৰিবলৈ লৈছো যিয়েই আমাৰ সমাজত উৎকোচ লো‌ৱা আৰু দিয়া দুয়োটাকে সমানেই আগবঢ়াই নিয়াত তীব্ৰভা‌ৱে ইন্ধন যোগাইছে । ইয়াৰ ফলত সৎ আৰু আদৰ্শবাদী মানুহবোৰৰ হয় মৰণ মিলিছে নহ’লে তেৰাসকলো নৈতিক স্খলনৰ এই যাত্ৰাত চামিল হৈছে ।

        আমাৰ বোধৰে ‘কথা-বাৰ্তা’ অনুষ্ঠানত বৰগোহাঞিদে‌ৱে কৰা প্ৰশ্নত লেশমানো ভুল নাই । অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক বা বৌদ্ধিক সকলো ক্ষেত্ৰতে কেইবাদশকৰো অভিজ্ঞতা সম্বলিত অনুভুতিৰে বৰগোহাঞিয়ে এই অনুষ্ঠানত খুব শান্তভা‌ৱে আৰু পূৰ্বপৰিকল্পিতভা‌ৱেই অতিথিজনক এনে প্ৰশ্নৰ অ‌ৱতাৰণা কৰে । কাৰণ বৰগোহাঞিদে‌ৱে ভালকৈয়ে জানে যে, আচম্বিতে এটা অপ্ৰত্যাশিত প্ৰশ্নৰ সমুখীন হৈ দিয়া তাৰ উত্তৰতেই লুকাই থাকে সেই মানুহজনৰ প্ৰকৃত ভা‌ৱানুভূতি, তেওঁৰ অন্তৰৰ ভাষা। গতিকেই সংবাদ-মাধ্যমৰ সমুখত, মুকলিমূৰীযাকৈ এনে এক স্পৰ্শকাতৰ বিষয়ক প্ৰশ্ন উত্থাপন কৰি সত্য অন্বেষণৰ চেষ্টা কৰিবলৈ যো‌ৱা বৰগোহাঞিদে‌ৱ প্ৰকৃততে ধন্যবাদৰহে পাত্ৰ ।

        আমি নিজেও সৰ্বভাৰতীয় পৰ্যায়ত লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাত অ‌ৱতীৰ্ণ হৈ কেন্দ্ৰীয় চৰকাৰৰ এজন ৰাজপত্ৰিত বিষয়া হিচাপে কৰ্মনিৰ্বাহ কৰি আছো । যিসময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় সকলোখিনি নিযুক্তিয়েই স্বচ্ছভা‌ৱে মেধাৰ ভিত্তিত হো‌ৱা দেখা যায়, সেইসময়ত আমাৰ ৰাজ্যত নিযুক্তিৰ নামত চলা এনে অনিয়ম আৰু দুৰ্নীতি দেখি আমি মৰ্মাহত হওঁ । লোকসে‌ৱা আয়োগে পৰিচালনা কৰা নিযুক্তিসমূহ বাদ দি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰা আৰম্ভ কৰি অন্য বিষয়া পদবীৰ চাকৰিসমূহৰ নিযুক্তি সংক্ৰান্তীয় সকলো কাম-কাজ পৰিচালনা কৰে সংশ্লিষ্ট বিভাগটো বা জিলাধিপতিয়ে । এই পৰ্যায়ত মকৰল হওঁতে কিন্তু মন্ত্ৰী-আমোলাৰ পৰা আৰম্ভ কৰি ঠিকাভিত্তিত কাম কৰা পিয়নজনলৈকে সকলোৰে যে অদৃশ্য হাতৰ কৰ্তৃত্ব আৰু দুৰ্নীতি চলে সেয়া আমি বহু ওচৰৰপৰা দেখি আহিছো । গতিকে ক’ব পাৰি যে, অসমত বৰ্তমানে উৎকোচ নিদিয়াকৈ চাকৰি পাব পৰা কথাটোত বহুকেইটা আপেক্ষিক ধাৰণা অন্তৰ্নিহিত হৈ আছে ।

        নিজে উৎকোচ দিয়েই বা নিদিয়াকেই যিদৰেই আমি চাকৰি নাপাওঁ কিয়, আমাৰ নতুন প্ৰজন্মৰপৰা যদি আমি এটা সিকিও নোলো‌ৱাকৈ সিহঁতক মেধাৰ ভিত্তিতে চাকৰি দিব পাৰোঁ, তেন্তে সিয়েই হ’ব দুৰ্নীতিবিহীন এখন অসম গঢ়াৰ মূল আধাৰস্বৰূপ যাউতিযুগীয়া উপহাৰ ।

Friday, March 20, 2015

“ভ্ৰাম্যমাণ থিয়েটাৰৰ পছো‌ৱা কোন দিশে বলিছে?”


এটা সময় আছিল যেতিয়া ডেকাচামৰ ওপৰিও আমাৰ দেউতা,খুড়া,ককাদেউতাহঁতেও ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শনী বুলিলেই  দহ-পোন্ধৰ কি.মি. বাট চাইকেল চলাই গৈ নাট উপভোগ কৰিছিল বা কৰিব বিচাৰিছিল । কাৰণ তেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰেই অসমত নাটকৰ স্বকীয় ৰূপ বজাই ৰাখি দৰ্শকৰ বৌদ্ধিক চেতনাক জাগ্ৰত কৰিব পাৰিছিল আৰু অভিনয়ৰ জৰিয়তেই প্ৰকৃত কলা প্ৰদৰ্শনেৰে মানুহৰ অন্তৰাত্মা জিনিব পাৰিছিল । ড০ ভ‌ৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা আদি নাট্যকাৰৰদ্বাৰা ৰচিত নাটকৰ কাহিনী আৰু সুদক্ষ অভিনয় তথা উপস্থাপন শৈলীয়ে অসমৰ থলু‌ৱা নাট্যপ্ৰেমীক বাৰুকৈয়ে আকৃষ্ট কৰিব পাৰিছিল ।  ইয়াৰে ফলস্বৰূপে অসমৰ ৰাইজে ভ্ৰাম্যমাণ থিয়েটাৰৰ এই জয়যাত্ৰাৰ প্ৰতি অন্তৰৰ পৰা পূৰ্ণ সমৰ্থনো জনাইছিল । কিন্তু এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰে কলাপ্ৰেমী ৰাইজৰ আস্থা আৰু ভৰসা যিদৰে আদায় কৰিব পাৰিছিল, সেই অনুপাতে বৰ্তমান সময়ত তেৰাসকলে অসমৰ ৰাইজক সঁচাকৈয়ে সুস্থ ধাৰাৰ চিত্তোকৰ্ষক ৰাষ্ট্ৰীয় মানৰ নাটক উপহাৰ দিব পাৰিছে নে ?

       অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে এক বৰ্ণিল ইতিহাস বহন কৰি আহিছে । ১৯২১ চনতে ব্ৰজনাথ শৰ্মাই ‘শিলা কালিকা অপেৰা পাৰ্টী’ গঠন কৰি বাণিজ্যিক ‘যাত্ৰা দল’ৰ সূচনা কৰিছিল । যদিও বোলছৱি আৰু কলিকতীয়া থিয়েটাৰৰ প্ৰচলন তথা অন্য আৰ্থ-সামাজিক কাৰণত শৰ্মাই এই ন‌ৱতম ধাৰণা চেকা-চোৰোকাকৈ বজাই ৰাখি এসময়ত বিফল হৈ সম্পূৰ্ণভা‌ৱে বাদ দিব লগা হ’ল, তথাপি তেখেতৰ প্ৰচেষ্টাই নাট্যসাধনা কৰা উদ্যমীসকলক এক প্ৰেৰণাৰ জো‌ৱাৰ আনি নিলে যাৰ বলতেই ১৯৩৬ চনত ফনী শৰ্মাই আৰম্ভ কৰিলে ‘অসম ষ্টাৰ থিয়েটাৰ পাৰ্টী’ ৷ কিন্তু এই পাৰ্টীও বৰ বেছি দিন নচলিল । কেইবাবছৰৰ পাছত পাঠশালাৰ সদা লহকৰে প্ৰযোজনা কৰিবলৈ লয় নটৰাজ অপেৰা ইং. ১৯৬৩ চনত সদা লহকৰৰ ভ্ৰাতৃ  অচ্যুত লহকৰে এই অপৰা দলকে কিছু পৰীক্ষা-নিৰীক্ষাৰে নিজাববীয়া ধ্যান-ধাৰণাৰে নতুনকৈ নামকৰণ কৰিলে  ‘নটৰাজ থিয়েটাৰ আৰু সৃষ্টি হ’ল বিশ্বৰ  ভিতৰতে উল্লেখনীয় এটি নাম –অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ।  (উৎস:-কটনিয়ান, ৮১ সংখ্যা, অনুৰাগ শইকীয়াৰ লেখা আৰু বাবুল দাস ‘জীৱন নাটৰ ভাৱৰীয়া’) ।ইয়াৰ পাছৰে পৰাই অসমত কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হ’ল যাৰ ফলতেই বৰ্তমানে ই এক থলু‌ৱা উদ্যোগলৈ পৰিণত হৈছে ।

যতীন বৰা, পূৰ‌ৱী শৰ্মাৰ দৰে বলিষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে ভ্ৰাম্যমানতেই নিজৰ কেৰিয়াৰ গঢ়িবলৈ সুযোগ পায় । অসমৰ চলচ্চিত্ৰ উদ্যোগে যেতিয়া সমান্তৰালভা‌ৱে ফেৰ মাৰি ভ্ৰাম্যমাণতকৈ বেছি সফল আৰু জনপ্ৰিয় হ’বলৈ ধৰিলে তেনে সময়তে ভ্ৰাম্যমাণৰ হেৰু‌ৱা জনপ্ৰিয়তা ঘুৰাই আনিবলৈ ১৯৮০ চনত কহিনুৰ থিয়েটাৰে মঞ্চলৈ আমন্ত্ৰণ কৰিলে চলচ্চিত্ৰ জগতৰ শীৰ্ষৰ তাৰকা নিপন গোস্বামীক । অসীমত যাৰ হেৰাল সীমাউপন্যাসখনিৰ নাট্যৰূপে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে । ঠিক সেইদৰেই, লাহে লাহে দৰ্শকক চমক লগাবৰ বাবেই আৰম্ভ হ’ল ‘দস্যুৰাণী ফুলনদে‌ৱী’, ‘বীৰাপ্পান’ৰ দৰে বহু চৰ্চিত বিষয়ৰ নাট্যৰূপ প্ৰদৰ্শনৰ। অন্যহাতে, গা‌ৱেঁ-ভূঞেঁ প্ৰদৰ্শিত হো‌ৱা এই ভ্ৰাম্যমাণ দলসমূহে সাধাৰণ মানুহক বেছি আকৰ্ষিক কৰিবৰ বাবেই সংযোজন কৰিবলৈ ল’লে মঞ্চত বিশেষ কাৰিকৰী কলা-কৌশলৰ । ‘টাইটানিক’, ‘হাইজেক’ আদি নাটকে ভ‌ৱামতেই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিলে আৰু সেই সফলতাকে সাৰোগত কৰি বৰ্তমানে প্ৰায় আটাইবোৰ থিয়েটাৰেই কোনোবা নহয় কোনোবা বছৰ তেনে আশ্চৰ্যময় প্ৰযুক্তিগত কাৰুকাৰ্য ব্য‌ৱহৃত নাটক মঞ্চস্থ কৰিবলৈ ধৰিলে  এই  প্ৰৱণতাই ভ্ৰাম্যমাণৰ নাটকবোৰক প্ৰকৃতাৰ্থত কাৰুকাৰ্যসৰ্বস্ব কৰি পেলালে এনে ধাৰা প্ৰ‌ৱৰ্তনৰ ফলত নাট্যগোষ্ঠীসমূহ আৰ্থিকভা‌ৱে লাভান্বিত হৈছে সঁচা, কিন্তু তাৰ বিনিময়ত কাহিনী, অভিনয় বা অন্য সকলো দিশতে নাটসমূহৰ সামগ্ৰিক মান অতি নিম্ন হৈ পৰিল ।

জনপ্ৰিয়তা অৰ্জন আৰু বাণিজ্যিক মুনাফা লাভৰ দৌৰত বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰসমূহত দেখা পো‌ৱা আৰু এটি ধাৰা হৈছে দেহ-মন ৰোমাঞ্চিত কৰিব পৰা উদ্দাম নৃত্যৰ প্ৰচলন । হিন্দী চলচ্চিত্ৰৰ পৰা অনুকৰণ কৰা এনে ‘আইটেম চঙ’ৰ প্ৰ‌ৱৰ্তনৰপৰা প্ৰযোজকসকলে নাটক এখন ‘হিট’ কৰাব পাৰিব বুলি আশা কৰিছে আৰু নিশ্চয় এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছে । কিছুবছৰ আগলৈকে ভ্ৰাম্যমাণ থিয়েটাৰত বিশেষ ৰস নো‌পো‌ৱা আমাৰ উঠি অহা নতুন ডেকা চামো আজিকালি ভ্ৰাম্যমাণ থিয়েটাৰত তিৎকাৰী মাৰিবলৈ যো‌ৱা হৈছে কে‌ৱল এনে ‘আইটেম চঙ’ৰ প্ৰচলনত কোবতেই । এনে নৃত্যৰতা যু‌ৱতীৰ দেহৰ ভংগীমা বৰ্তমানে মঞ্চৰ বাহিৰত দৰ্শকৰ কিছু সমুখলৈ আনি চকু জিলমিলাই ধৰা পোহৰেৰে সৈতে প্ৰদৰ্শন কৰাৰ ব্য‌ৱস্থা কৰা হৈছে । টকা অৰ্জনৰ অন্ধ অভিলাসত মগ্ন আজিৰ চলচ্চিত্ৰ জগতৰ তাৰকা অভিনেত্ৰীয়েও এনে নগ্নতাক গ্লেমাৰ বা ফেছন নাম দি বিনাদ্বিধাৰে আঁকো‌ৱালি লৈছে । আমাৰ শংকা হয়, এনে গ্লেমাৰৰ বশ‌ৱৰ্তী হৈ ভ্ৰাম্যমাণ থিয়েটাৰে পশ্চিমীয়া আদৰ্শৰে অনুপ্ৰাণিত হৈ অনাগত সময়ত যু‌ৱতী অভিনেত্ৰীক দৰ্শকৰ মাজত অৰ্ধনগ্ন কৰি বেল্লী ডান্স বা প’ল ডান্স কৰাবলৈ যাতে উদ্যত নহয় ।

এনে গ্লেমাৰমুখী বাণিজ্যিক মনোভা‌ৱৰ বাবেই ভ্ৰাম্যমাণে সাম্প্ৰতিক সময়ত যদিও চেঙেলীয়া আৰু অশিক্ষিত খাটিখো‌ৱা দৰ্শকক মন ভুলাব পৰিছে, তথাপি কিন্তু অসমৰ নিৰ্বাচিত নাট্যপ্ৰেমীৰ মাজত  পূ্ৰ্বৰ তুলনাত জনপ্ৰিয়তা বহু পৰিমাণে হেৰু‌ৱাইছে । একাংশ দৰ্শকৰপৰা ক্ৰম:শ আস্থা হেৰু‌ৱাবলৈ হো‌ৱা অ‌ৱস্থাটো যিকোনো এটা উদ্য‌োগ বা কৰ্ম-সংস্কৃতিৰে কোনো এক ভাল লক্ষণ বুলি ক’ব নো‌ৱাৰি । গতিকে আমি আশা কৰোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমূহে ক্ষন্তেকীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ স্বাৰ্থত নাটকৰ মান নিম্ন কৰি, চমক দেখু‌ৱাই অসমীয়া সংস্কৃতিত কালিমা লগো‌ৱা কাণ্ড কৰি টকা অৰ্জন কৰাতকৈ নাটকৰ দৰে এটা সমাজমুখী প্ৰত্যক্ষ আহিলাক কিদৰে সমাজৰ ভালৰ বাবে ব্য‌ৱহাৰ কৰিব পাৰি, কিদৰে মানুহৰ মনত সুস্থ মান‌ৱতাবাদী এক পৰি‌ৱেশ গঢ়ি তুলিব পাৰি অথ‌ৱা সুস্থ কলা-সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰি তাৰহে চিন্তা-চৰ্চাত মনোনি‌ৱেশ কৰা উচিত ।

Monday, March 2, 2015

বিচাৰিলেই বাইক কিনি নিদিব

দুদিন আই.চি.ইউ.ত ভেন্টিলেশ্যনত থকাৰ পিছত ল’ৰাটো‌ৱে এই ইহ-সংসাৰৰপৰা মেলানি মাগিলে । ন‌ৱম শ্ৰেণীত পঢ়িছিল সি -জাগীৰোড কাগজ কল কেন্দ্ৰীয় বিদ্যালয়ত । যেতিয়া পৃথি‌ৱীৰ সকলো সুখ-দুখৰ সতে পৰিচয় হো‌ৱাৰ সময় হৈছিল, যৌ‌ৱনৰ আটাইতকৈ ধুনীয়া আৰু ৰঙীন  স্বপ্নময় জগত এখনৰ সতে মিতিৰালি পতাৰ কথা আছিল, সেই সময়তে সি এই ধৰা এৰি গুছি গ’ল বহু দূৰলৈ । মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল সি ।

       লগৰ সকলোৰে ঘৰে ঘৰে বাইক হৈছে । টিউছন কৰিবলৈ যাবলৈও বাইক এখন লাগে । বহুদিনৰে পৰা ল’ৰাটো‌ৱে বাপেকক বাইক এখন কিনি দিবৰ বাবে কুটুৰি আছিল । কেইবাদিনো ঘৰত সৰু-সুৰা কাজিয়া কৰি ভাত নোখো‌ৱাকৈ আছিল । এইবোৰ দেখি শুনিয়েই দেউতাকে বেংকৰ ঋণ এটা লৈ তাক বাইক এখন কিনি দিছিল । বাইকখন পাই সি পঢ়া-শুনাতো মন দিছিল। সেয়েই হ’বলা দেওবাৰে আবেলি বাইকখন লৈ লগৰ কোনোবা এটাৰ ঘৰলৈ যাবলৈ মন কৰিলেও মাকে বিশেষ বাধা নিদিছিল । কিন্তু তেওঁলোকে জনা নাছিল কাহানিও যে সেই বাইকখনেই আজি বাবুলৰ বাবে যম-দূত স্বৰূপ হ’ব।
ঘটনাটো মাত্ৰ তিনিদিন আগৰ । তেনেকেই এদিন ৰক্তিমহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ সি ওলাই গৈছিল । তাৰ দুঘন্টাৰ পিছতে দেউতাকে ফোনত খবৰটো পালে সিহঁতৰ দুৰ্ঘটনাটোৰ বিষয়ে । দেউতাকে দেখা মুহুৰ্তত বাবুলক ইতিমধ্যেই কাগজ-কলৰ চিকিৎসালয়ত ভৰ্তি কৰো‌ৱা হৈছিল । তাৰ যন্ত্ৰণাকাতৰ মুখখনলৈ মাকজনীয়ে চাই হু-হু‌ৱাই কান্দি দিছিল । লগৰীয়া আৰু দুজনো আঘাটপ্ৰাপ্ত হৈছিল ।
তেওঁলোকে গম পাইছিল, বাবুলে হেনো সমনীয়াৰ সতে বাইক-ৰে’চ পাতিছিল । ১২০ কিমি. প্ৰতি ঘন্টা বেগত যো‌ৱা বাবুলে লগৰটো কিমান দূৰ আহি পাইছে বুলি পিছলৈ ঘুৰি চাইছিল আৰু খুণ্ডা মাৰিছিল ফোৰ-লে’ন ঘাইপথৰ দাঁতিত থকা ডিভাইদাৰটোত । লগে লগে চেতনাহীন হৈছিল সি ।
উচুপি থকা ৰক্তিমক বাবুলৰ দেউতাকে সুধিলে-‘তোমালোক কাৰ ঘৰলৈ গৈছিলা?’ । ৰক্তিমে কান্দি কান্দিয়েই ক’লে যে সিঁহতে বোলে বাইক-ৰে’চ পাতিছিল আৰু যিয়ে হাৰিব, সিয়ে সোনাপুৰত থকা ধা‌ৱাত মাল-পাৰ্টী খু‌ৱাব লাগিব বুলি কথা হৈছিল । তাৰ হাতত পইচা নাছিল বাবে সি ৰে’চত জিকিবলৈ চেষ্টা কৰিছিল ।
এইটো এটা সঁচা ঘটনা । বহু শলঠেকত পৰি আমাৰ বহু অভিভা‌ৱকেই ল’ৰাবোৰক অতি কম বয়সতে বাইক কিনি দিয়ে । চিনেমাৰ প্ৰভা‌ৱেই হওঁক অথবা বয়সৰ ছাপৰ বাবেই হওঁক, চেঙেলীয়াসকলে কিন্তু এই বাইকখনৰ মূল্য বুজি নাপায় । বাইকখন হৈ পৰে তেওঁলোকৰ বাবে এটা ফেশ্যন । বাইক থাকিলেহে বোলে সুন্দৰী যু‌ৱতীয়ে প্ৰেমত পৰে । গতিকে এনে কিছুমান ধ্যান-ধাৰণাক অভিভা‌ৱকে পৃষ্ঠপোষকতা কৰাটো উচিত নহয়, যাৰ ফলত  হয়তো আমাৰ নতুন চেঙেলীয়া ডেকা-ল’ৰা বিপথে যো‌ৱাই নহয়, জী‌ৱন পৰ্যন্ত হেৰু‌ৱাব লগীয়া হ’ব পাৰে ।

প্ৰযুক্তিৰ পৃথি‌ৱীয়ে আমাক কি দিছে, কি নিছে...




হয়, মোৰ বন্ধুৰ তালিকাখন বিৰাটেই দীঘলীয়া । মোৰ বৰ্তমানে ১৫৬৮ জন বন্ধু আছে আৰু এই সংখ্যা দৈনিক বাঢ়ি আছে । কিন্তু তথাপিও মই অকলশৰীয়া মই তেওঁলোকৰ লগত সদায়েই সময় কটাওঁ, সদায়েই গল্প-গুজ‌ৱ কৰোঁ, মোৰ সুখ-দুখৰ মুহুৰ্তবোৰ বিলাওঁ; কিন্তু কোনো এজনেও মোক বুজি নাপায়” –এয়া বৰ্তমান সময়ৰ প্ৰতিজন ডেকা-গাভৰুৰ যেন এক স্বগতোক্তি । ফে’চবুক-হো‌ৱাটছআপৰ দৰে বিশ্বব্যাপি জনপ্ৰিয় আহিলাই অসমত গা‌ওঁ-ভূঁই পৰ্যন্ত বৰ্তমানে খলকনি লগাইছেছাত্ৰ-ছাত্ৰীয়েই হওঁক অথবা শিক্ষক, দোকানীয়েই হওঁক অথবা গ্ৰাহক, ৰিক্সা‌ৱালাই হওঁক অথবা ৰাজনীতিবিদ -- সকলো‌ৱেই আজি চ’ছিয়েল-মেডিয়াত নিজৰ নিজৰ ‘একাউন্ট’ খোলাত ব্যস্ত । কোনো সন্দেহ নাই, কালিলৈকে যিটো কথা আমাৰ সপোনৰো অগোচৰ আছিল, এই ধৰক- পৃথি‌ৱীৰ এটা মূৰত ঘটি থকা ঘটনাৰাজীৰ চলচ্চিত্ৰ অথবা আলোকচিত্ৰ মুহুৰ্তৰ ভিতৰতে আহি আপোনাৰ হাতৰ মুঠিত পাব পৰা হো‌ৱা ব্য‌ৱস্থাটো-- সেই অসম্ভ‌ৱকো যেন সম্ভ‌ৱ কৰি তুলিছে আজিৰ এই প্ৰযুক্তি প্ৰদত্ত আহিলাবোৰেই ।  বিজ্ঞান-প্ৰযুক্তিৰ এনেহেন জয়জয়-ময়ময় বিজয়-যাত্ৰাত আমি সকলো‌ৱেই চামিল হৈ আমাৰ জী‌ৱন-ধাৰণৰ মান কিছু হ’লেও যে উন্নীত কৰিব পৰিছো, তাত নিশ্চয় কাৰো দ্বিমত নাই কোনো‌ৱে লিপষ্টিকৰ বোলেৰে যদি উন্নয়ণৰ মাপ জুখিব পাৰে, তেন্তে আমিও ক’ব পাৰো যে হাতে হাতে মোবাইল ফোন হো‌ৱা মানেই ‘অসম আকৌ উন্নতিৰ পথত’ ধা‌ৱমান ! এটা মাথো স্পৰ্শতেই ব্ৰহ্মাণ্ডৰ  নানানটা ৰঙীন খবৰে আহি আপোনাৰ চোতালত হেন্দোলদোপ-দোলদোপ কৰেহি আজিৰ এই প্ৰযুক্তিৰ জৰিয়তেই কিন্তু সেই একেটা সময়তে একেবিধ প্ৰযুক্তিয়েই আমাৰ পৰা কি কি কাঢ়ি নিছে তাৰ খেয়াল ৰখাটোও আজি অতিকেই প্ৰয়োজনীয় বুলি বিবেচিত হৈ পৰিছে  
মোৰ হেৰু‌ৱা বন্ধুজনক আজি মই বিচাৰি পাওঁ চ’ছিয়েল-মেডিয়াৰ যোগেদি অচিনাকীজনকো সোধো-‘তুমি মোৰ বন্ধু হ’বা নেকি?’ বন্ধু বিচৰাৰ এই অন্বেষণৰ বাবে আমি মুকলিলৈ দৌৰি নাযাওঁ, বৰঞ্চ আমি লেপটপ বা মোবাইল লৈ সোমাই যাওঁ আমাৰ বন্ধ কোঠালীলৈহে আমি সকলো বন্ধুৰ সতে কথা পাতোঁ, গল্প কৰো, আনন্দ-উল্লাস কৰো  কে‌ৱল আমাৰ বন্ধ কুঠৰীত, য’ত নিজৰ বাদে আন কোনো পাৰ্থি‌ৱ প্ৰাণীৰ অস্তিত্বই নাই । আৰু এনেদৰেই আমি এখন কাল্পনিক পৃথি‌ৱীৰ সতে উঠা-বহা কৰিবলৈ লওঁ । আজিৰ সময়ত এই অনুভ‌ৱ হৈছে যেন-  ‘ভোক লাগিছে, মোক খাবলৈ দিয়া’- বুলি মানুহৰ নিতান্তই স্বাভা‌ৱিক এই মুখৰ মাতষাৰো আমি কম্পিউটাৰ, লেপটপ বা মোবাইলৰ কিবা এটা ‘কামাণ্ড’ অথবা বাৰ্তাৰে ক’বলৈ পো‌ৱাহ’লেহে কিজানি ভাল পালোহেঁতেন ! আমি চ’ছিয়েল-মেডিয়াৰ প্ৰতি ইমানেই নিচাসক্ত যে ৰাতিপু‌ৱা শুই উঠিয়েই অথবা ৰাতি শো‌ৱাৰ সময়তো আমি কে‌ৱল তাকেহে বিচাৰো ।
আচলতে, আমাৰ কাষতে থকা যেন অনুভূত হো‌ৱা এই সকলো প্ৰকাৰৰ ছিয়েল-মেডিয়াবোৰ হৈছে একপ্ৰকাৰৰ  Illusion’ বা মৰিচীকাহে । মোবাইলৰ স্ক্ৰীণত দেখা পো‌ৱা কাৰোবাৰ স্বীকাৰোক্তি, আ‌ৱেগ, অনুভুতি, দুখ-শোক, হতাশা, আনন্দোল্লাস –এই সকলোবোৰ প্ৰকৃততে ভু‌ৱা । যেতিয়া লেখোতাজনৰে কোনো প্ৰকৃত পৰিচয় নাথাকে, তেন্তে তেনে লিখা-মেলাৰ কি বাস্ত‌ৱ মূল্য থাকিব পাৰে ? বিভিন্ন সময়ত বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চ’ছিয়েল-মেডিয়া হৈছে ছদ্মবেশী ঠগ দগাবাজ আৰু কূটাঘাটকাৰীৰ কু-মন্ত্ৰণা ৰচাৰ ঘাটি । অপৰাধী, নিপীড়ণকাৰীয়ে পাতি থো‌ৱা ফান্দত পৰি বহু যু‌ৱতীয়ে ককবকাই ছটফটো‌ৱা খ‌ৱৰবোৰ বহুদিনৰেপৰা প্ৰতিখন বাতৰি-কাকতৰে শিৰোনামা হৈ আহিছে । কিন্তু ইয়াৰ পাছতো আমি প্ৰতিদিনে স্বপ্নৰ দৰে মৰীচীকা খেদি ঘুৰ্মুটিয়াই ফুৰোঁ, ডিজিটেল  ফটোৰ প্ৰেমতে হাবু-ডুবু খাওঁ ।
যিজন বন্ধু‌ৱে আপোনাক কৈছে যে তেওঁ চলচ্চিত্ৰ জগতৰ তাৰকা, মেট্ৰ’ চহৰত তেওঁৰ ফ্লেট আছে, আছে বিলাসী গাড়ী – তেওঁ হয়তো আপোনাৰ গলিটোৰেই ভিক্ষা খুজি খো‌ৱা মগনীয়াজনো হ’ব পাৰে । কাৰণ প্ৰকৃত-অপ্ৰকৃত যিকোনো ফটোকে সালসলনি কৰি অন্য ৰূপ দিয়াটো আজিকালি অলপ–অচৰপ কম্পিউটাৰ জনা সকলো মানুহৰে বাবে ‘বাওঁহাতৰ খেলা’ । এনেহে নালাগে, তেনে চফ্ট‌ৱেৰ আজিকালি মোবাইল ফোনতো উপলব্ধ হ’ল । “ভাৰ্ছু‌ৱেল মে’কঅভাৰ”ৰ দ্বাৰা আজি বান্দৰীও সুন্দৰী হ’ব পৰা হ’ল । ঠিক একেদৰেই যি বন্ধু‌ৱে ফে’চবুকত আজি নিজকে আটাইতকৈ সুখী বুলি ঘোষণা কৰিছে, ‌ৱাস্ত‌ৱত হয়তো তেওঁৰে আজি চৰম দুৰ্দশাৰ দিন হ’ব পাৰে এনে লাগে, প্ৰত্যেকেই প্ৰত্যেকক আভুঁৱা ভৰাবলে যেন অঘোষিত প্ৰতিযোগিতাতহে নামিছে ! সঁচাকৈয়ে বহু জটিল হৈ পৰিছে জগতখন দুখনকৈ পৃথি‌ৱীত বাস কৰে আজিৰ প্ৰতিজন মানুহেই- ‌বাস্ত‌ৱ আৰু অ‌‌বাস্ত‌ৱ  
আমি বিশ্বাস কৰিবলৈ লৈছো যে, আমাৰ কাষত নথকাকৈয়ে কোনোবাই আমাৰ কথা শুনিছে, আৰু আমি সুখী হৈছে তেনেকৈয়ে কিন্তু  সেই মৰিচীকাৰ পৃথি‌ৱীৰপৰা ওলাই আহি যদি চাওঁ, তেন্তে দেখিম যে মোৰ কাষত কে‌ৱল মইহে আছো, আন কোনো‌ৱেই নাই যেতিয়া সেই মায়াবী ছন্দপতন ঘট, দিবাস্বপ্ন যি সময়ত ভংগ হয় আৰু বাস্ত‌ৱ পৃথি‌ৱীত যি মূহুৰ্তত আমি খোজ পেলাওঁ, তেতিয়া কিন্তু সেই ক্ষণিকৰ সুখানুভূতিৰো হৰলুকি ঘটেবাস্ত‌ৱৰ সতে মুখামুখি হো‌ৱাৰ ভয়তেই কিজানি, যেতিয়া আমি মানুহৰ মাজত থাকো, সমাজত থাকো, মেল-মিটিঙত থাকো, তেতিয়াও আমি আমাৰ হাতেৰে সেই অদৃশ্য বন্ধুসকলক খেপিয়াই থাকিব বিচাৰো ! মায়ানগৰীৰ আকুল আহ্বানত যেন আমি দিশহাৰা হৈ দিক‌্-বিদিগ্ বিচাৰি নাপাওঁ ! আমাৰ কাষত থকাজনে কি কৰিছে বা ভা‌ৱিছে সেয়া লক্ষ্য কৰাতকৈ, আমি বিচাৰ কৰিবলৈ লওঁ সেই অদৃশ্য হৈ থকাজনে কি ভা‌ৱিছে, তাকহে সোঁশৰীৰে উপস্থিত থকাজনৰ অস্তিত্বও কোনো কোনো সময়ত আমি পাহৰি পেলাবলৈ লৈছোকোনখন পৃথি‌ৱীলৈ তেন্তে গৈ আছো আমি? কেনে এখন সমাজ বিচাৰিছো আমি? নিজৰ মাতৃ, পত্নী অথবা অতিকেই আপোনজনৰো উপস্থিতি আমাৰ বাবে মোহনীয় নহয় কিয়? এনে কি দিছে সেই মায়ানগৰীয়ে যাৰ ৰূপত আমি তন্দ্ৰাছন্ন ? যিদৰে আমাৰ কাষত বাজি থকা বেহেলা বা পেঁপাটিৰ সুৰ কাণত নুসুমু‌ৱা হৈছে, সেইদৰে কাণত নপৰা হৈছে হতভগা নাৰীগৰাকী অথবা শিশুটিৰ হিয়াভগা কান্দোনৰ ৰোল নাইবা আঘাটপ্ৰাপ্ত পুৰুষজনৰ কাতৰ চিৎকাৰ । আমি প্ৰিয়তমৰ চকুলৈ চাবলৈ পাহৰি গৈছো কাহানিবাই তাৰ সলনি চাওঁ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণলৈ চকুৰ ভাষা কি ফুটি উঠিব পাৰে নে কাহানিবা যন্ত্ৰবৎ এখনি পৰ্দাত ?
আজিৰ দিনত এটি শিশুক মোবাইল ফোনটো গুজি দিলেহে সি কন্দা বন্ধ কৰে । এই পৃথি‌ৱীত ইয়াৰ আগতেও কৌটি কৌটিটা মান‌ৱ-শিশুৰ জন্ম হৈছিল যাৰ সতে অনুৰূপ ঘটনা দেখা নগৈছিল । এনেকি মাত্ৰ আঠ-দহ বছৰ আগেয়ে জন্ম লো‌ৱা শিশু এটাইও মাকৰ নিচুকণীতেই খেলিবলৈ শিকিছিল । গতিকে ইয়াৰ অৰ্থ এয়ে যে, প্ৰযুক্তিয়ে আমাৰ জী‌ৱনলৈ আনি দিয়া কিছুমান পাৰ্থি‌ৱ সামগ্ৰীৰ মোহত বন্দী হৈ আমি আমাৰ ন-প্ৰজন্মৰ হাততো একেটা ভা‌ৱাদৰ্শকেই তুলি দিছো- জন্মৰ একেবাৰে পাছমুহূৰ্তৰপৰাই সিহঁতকো আমাৰ দৰে যন্ত্ৰৰ পাছত দৌৰা একো একোটা যন্ত্ৰ কৰি তুলিবলৈ আমি উঠি-পৰি লাগিছো । আজিৰ কিশোৰে খেল খেলিবলৈ ভালকৈয়ে শিকিছে, কিন্তু সেয়া শাৰিৰীক পৰিশ্ৰম হো‌ৱা খেল নহয় । মানসিক বিনোদনৰ খেলতহে সি সিদ্ধহস্ত হৈছে । আইপদ, মোবাইল ফোন, ভিডিঅ’ গেমত ব্যস্ত শিশুটিৰ অপেক্ষাত আজি বাহিৰৰ ঝুলনাৰ ৰচীকেইডাল অকলেই দুলি থাকে বতাহত ।
প্ৰযুক্তিয়ে আনি দিয়া সৰঞ্জামবোৰ আমি যে ব্য‌ৱহাৰ কৰিব নালাগিব, এনে নহয় । সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সিবোৰ আমাৰ জী‌ৱন ধাৰণৰ অত্যা‌ৱশ্যকীয় আহিলা হৈ পৰাটোও কোনো নতুন কথা নহয় । আমি ভা‌ৱোঁ, সৰঞ্জামবোৰে কৰি দিয়া সুবিধাকণ উপভোগ কৰোতে এবাৰলৈ মন দিয়া উচিত তাৰ বেয়া গুণটোকো আমি আয়ত্ব কৰিবলৈ লৈছো নেকি । আমি ‘এডিক্টেড’ হৈ পৰিছো নেকি তাৰ প্ৰেমত ? অথবা সি আমাৰ ব্যক্তিগত জী‌ৱনৰ অনুভূতিক ব্যঘাট কৰিছে নেকি ?সেইদৰে চ’ছিয়েল-মেডিয়াকো আমি তাৰ যথোপযুক্ততাৰেই ব্য‌ৱহাৰ কৰিবলৈ শিকা উচিত । তাক ব্য‌ৱহাৰ কৰা উচিত কোনো খবৰ বিয়পাবলৈ, কোনো মোহনীয় বিজ্ঞাপন দিবলৈ, তথ্যৰ আদান-প্ৰদান কৰিবলৈ অথবা কোনো গঠনমূলক সমালোচনাৰ বাবে । কিন্তু সেই একেটা আহিলাকেই যদি সময় নষ্ট কৰিবলৈ ব্য‌ৱহাৰ কৰা হয়, যদি তাৰ ব্য‌ৱহাৰ পথ-দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে, যদি সি পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰিব পাৰে অথবা আপোনাৰ জী‌ৱনলৈ দুৰ্ঘোৰ অমানিশা নমো‌ৱাৰ কাৰণ হ’ব পাৰে , তেন্তে তেনে অসুবিধাজড়িত সুবিধাকণৰপৰা বঞ্চিত হৈ থকাই শ্ৰেয় । কে‌ৱল উচিত ব্য‌ৱহাৰ নজনাৰ বাবেই এনে বহু বিজ্ঞান-প্ৰদত্ত সা-সুবিধাই আমাক এতিয়াও প্ৰকৃতাৰ্থত লাভান্বিত কৰিব পৰা নাই ।
আমি এতিয়া এক দুৰ্বোধ যুগত বাস কৰিছো য’ত ‘স্মাৰ্ট’ হৈছে যন্ত্ৰবোৰ আৰু মুকবধিৰ হৈছে মানুহ । আহক, এবাৰ মুকলি আকাশৰ তললৈ যাওঁ– দুবাহু মেলি গোন্ধ লওঁক সেউজীয়া ঘাঁহনিজো‌পাৰ, কাষৰ ফুলথুপিৰ । ভালপো‌ৱা আপোনজনৰ সংগসুখ কিমান প্ৰেৰণাময় হ’ব পাৰে তাৰ এবাৰ উমান লওঁক । বতাহত শুনি চাওঁক জুৰিটিৰ কুলু-কুলু ধ্বনি, এনেকি সংগীত হ’ব পাৰে হেনো মেঘৰ গাজনি !
  -----------------------------------------০০০---------------------------------------
n অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২ (দূৰভাষ-৯৪৩৫১৫২৭৬৮)

Friday, February 20, 2015

ভাল খ‌ৱৰৰ সন্ধানত




“দেউতা, ‘বলাৎকাৰ’ মানে কি ?”-আখৰ জোঁটাই পঢ়িব পৰা হো‌ৱা কণমানি ছো‌ৱালীজনীয়ে দৈনিক বাতৰি-কাকতখনৰ শিৰোনামাবোৰ পঢ়ি উঠি সোধে । ফুলৰ পাপৰি দেখি মুগ্ধ হো‌ৱা, পখিলাৰ পিছে পিছে উৰি ফুৰিব খোজা নিৰ্মল মনৰ শিশুটিক আজি পৃথি‌ৱীৰ অন্ধকাৰ কুৎচিৎ ৰূপটোৰ স’তে  চিনাকী কৰি দিছে দৈনিক বাতৰি-কাকতখনে, যিখন কাকতকেই দিনটোত এবাৰ চকু ফুৰাবলৈ আমাৰ মা-দেউতাই আমাক এসময়ত উৎসাহিত কৰিছিল । তেওঁলোকে আমাক উমান ল’বলৈ শিকাইছিল - কেনেকৈ দেশ-বিদেশৰ নানান নজনা কথা কাকতখনে দৈনিক আমাৰ চকুৰ আগত দাঙি ধৰে। স্বদেশৰ অৰ্থনীতি, বৈদেশিক নীতি, ৰাজনীতি আৰু সমগ্ৰ পৃথি‌ৱীখনৰে আও-ভাও ল’বলৈ বাতৰি-কাকতখনেই আমাৰ পথ প্ৰদৰ্শক আছিল । ‘বাঁহী’, ’ৰামধেনু’ৰ যুগত হেনো সাহিত্য সৃষ্টিৰ পথাৰ আছিল কাকতসমূহেই । লিখোতাই লিখাৰ মঞ্চ পাইছিল আৰু পঢ়োতাই তাৰ অমিয়া সুবাস লৈ মন-প্ৰাণ জুৰ পেলাইছিল । কিন্তু আজিৰ দিনত কি হৈছে? আজি আপুনি বাতৰি-কাকতখন আপোনাৰ ল’ৰা বা ছো‌ৱালীক পঢ়িবলৈ দিবলৈ মন যায় নে ?
যো‌ৱা কিছুদিনৰপৰা বাতৰি-কাকত এটা বিশেষ উদ্দেশ্যৰে পঢ়িবলৈ লৈছো । সেয়া হৈছে কাকতৰ পৃষ্ঠাত ভাল খবৰৰ সন্ধান কৰা। গতিকেই ওপৰে ওপৰে হ’লেও অসমৰ পৰা প্ৰকাশিত হো‌ৱা প্ৰায় আটাইকেইখন কাকততেই দৈনিক চকু ফুৰো‌ৱা হয়। পিছে হতাশ হওঁ, ‘ভাল খবৰ’ কাচিৎহে বিচাৰি পাওঁ । সমগ্ৰ পৃষ্ঠাজুৰি অসমৰ কাকতত প্ৰকাশ হয় কে‌ৱল ভাল নলগা খবৰ । আজিৰ দিনত অসমৰ সকলো ঠাইতে সঘনাই ঘটি থকা হত্যা, হিংসা, বানপানী, নাৰী নিৰ্যাতন, যৌন উৎপীড়ণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতা, চুৰি-ডকাইতি, প্ৰ‌ৱঞ্চনা, লুট-পাত, আন্দোলন, অসম-বন্ধ, পথ-অ‌ৱৰোধ, গড়া খহনীয়া, ৰাজনীতিৰ লুটি-বাগৰ -- এই খবৰবোৰেই বৰ বৰ হৰফেৰে স্থান লাভ কৰে দৈনিক সংবাদপত্ৰৰ পৃষ্ঠাত । সংবাদদাতাসকলো নিৰূপায় । যি ঘটনা দেখিছে, শুনিছে- সেই ঘটনাবোৰৰেই প্ৰতিবেদন তেওঁলোকে  দিব লাগিব । আচলতে আমাৰ দু:খৰ বিষয় এয়েই যে, অসমত বৰ্তমানে ভাল ঘটনা ঘটাই নাই ! অৰ্থাৎ ক’ব পাৰি যে ভাল খবৰৰ যোগান দিবলৈ আমাৰ অসমত কোনোধৰণৰ ইতিবাচক পদক্ষেপ কোনেও হয়তো লো‌ৱাই নাই বা লৈছে যদিও সি এপাছি শাকত এটা জালুকৰ দৰে হৈ চকুত পৰা হো‌ৱাগৈ নাই ।   
এতিয়া কথা হ’ল , এই ‘ভাল খবৰ’ মানে নো কি ? কিয় লাগে আমাক ভাল খবৰ ? ইয়াৰ উত্তৰত ক’ব লাগিব যে মানুহৰ মনটো হৈছে এনে এক অপাৰ্থি‌ৱ কাৰক, যিয়ে এজন মানুহৰ চিন্তা-চৰ্চা আৰু কাম-কাজক প্ৰত্যক্ষভা‌ৱে প্ৰভা‌ৱান্বিত কৰে । আৰু এই মনটোক কেনেদৰে এজন মানুহে সাৰ-পানী দি গঢ়ি তোলে তাৰে ওপৰত নিৰ্ভৰ কৰে মানুহজনৰ ৰুচী-অভিৰুচী, পছন্দ-অপছন্দ তথা নিৰ্দিষ্ট কাম-কাজৰ প্ৰতি ইচ্ছা-অনিচ্ছা আদি বিভিন্ন গুণাগুণ । সামগ্ৰিকভা‌ৱে ক’ব পাৰি যে সুৰুচীসম্পন্ন আৰু সুস্থ তথা মান‌ৱতাবাদী মানসিকতাৰ এজন মানুহ গঢ়িবলৈ হ’লে আমি প্ৰথমে মানুহজনৰ ‘মন’টোক সুস্থ উপাদানেৰে ভৰপূৰ কৰিব লাগিব । এই ‘মন’টো আকৌ বিকশিত হয় আমাৰ পঞ্চ ইন্দ্ৰিয়ই অনুভ‌ৱ কৰা চৌপাশৰ  বাতা‌ৱৰণৰপৰা । সৰুৰেপৰা লেতেৰা, অস্বাস্থ্যকৰ পৰি‌ৱেশৰ মাজত ডাঙৰ হো‌ৱা শিশু এটাই যিদৰে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বুজি নাপায়, সেইদৰে সদায় হিন্দীগীত শুনি থকা কিশোৰজনেও অসমীয়া থলু‌ৱা গীত এটা শুনিবলৈ বৰ বিশেষ ইচ্ছা প্ৰকাশ কৰা দেখা নাযায় । ঠিক সেইদৰেই, এই কথা কোনেও অস্বীকাৰ কৰিব নো‌ৱাৰে যে, প্ৰকৃতিৰ নিৰ্মল স্বাভা‌ৱিক ৰূপে হাজাৰ ভা‌ৱৰ বুৰবুৰণি তুলিব পৰাকৈ যিকোনো মানুহকে  ৰোমাঞ্চিত কৰে। সংগীতৰ সুমধুৰ লহৰে আমাৰ অ‌ৱসাদ আৰু দুশ্চিন্তা দূৰ কৰি দেহ-প্ৰাণ জুৰ পেলায় অথবা ভাল ছ‌ৱি বা দৃশ্য এটি দেখিলে আমাৰ মনত প‌ৱিত্ৰ ভা‌ৱৰ সৃষ্টি হয়। এইবোৰ আমি সদায় অনুভ‌ৱ কৰি আহিছো । গতিকেই ক’ব পাৰোঁ যে , সদায় যদি আমি চৌদিশে কে‌ৱল কটা-মৰা, হতাহতি, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কথাই দেখি থাকোঁ বা শুনি থাকোঁ, তেন্তে তাৰো কুফল নিশ্চয় আমাৰ মানসিকতাত পৰিব । হয়তো আমাৰ মগজু‌ৱে এই ভাল নলগা কুসংস্কাৰ, কুকৰ্মবোৰকে এটা সময়ত স্বাভা‌ৱিক পৰিঘটনা বুলি মানি ল’বলৈ বাধ্য হ’ব । এইবোৰৰ বিৰুদ্ধে যে আমি মাত মাতিব লাগে, এনে ঘটনাৰ পুণৰাবৃত্তি হো‌ৱাটো ৰোধিব লাগে, সেই কথাও হয়তো আমাৰ মনে নামানিব । তাতোকৈ ডাঙৰ কথা, পৃথি‌ৱীৰ ভিন্ন কোণত নানানজন মনোবিজ্ঞানী আৰু সমাজ-তত্ত্ববীদে জৰীপ তথা অধ্যয়ন কৰি ইতিমধ্যেই এই কথাৰ  উপযুক্ত প্ৰমাণ পাইছে যে সদায় চকুৰ আগত জঘন্য অপৰাধ, অসামজিক কাণ্ড-কলাপ ইত্যাদি সংঘটিত হৈ থকা দেখি থাকিলে আমাৰ মগজু‌ৱে হেনো লাহে লাহে ইতিবাচক চিন্তা কৰিব পৰাৰ ক্ষমতা হেৰু‌ৱাবলৈ লয় । ই এটা অতি শংকাদায়ী বিষয় । ভয় হয় --  ৰাজনীতিৰ খো‌ৱা-কামোৰা, মেৰপাক, শোষণ-নিপীড়ণৰ এই পাকচক্ৰৰ পৰা নিজকে বচাই ৰাখি যি কেইজনমান মুষ্টিমেয় লোকে অসমত বৰ্তমানেও ভাল কাম কৰিছে বা ভাল কথাৰ আলোচনা কৰিছে, সেইকেইজনো হয়তো অদূৰ ভ‌ৱিষ্যতে এনে প্ৰাকৃতিক বিপৰ্যয়ৰ বলি হ’বলৈ বেছি পৰ নাই ।
আমাৰ দৃষ্টিৰে, যোগাত্মক চিন্তা-চৰ্চাৰে দেশ আৰু দহৰ মংগলৰ অৰ্থে হাতত লো‌ৱা যিকোনো কামেই হৈছে ‘ভাল-খবৰ’ৰ উৎস । লাগিলে সেয়া দেশৰ অৰ্থনীতি, বিজ্ঞান, সাহিত্য, খেলজগত, সংস্কৃতি, সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওঁক । ৰাজ্যখনলৈ গৌৰ‌ৱ কঢ়িয়াই অনা প্ৰতিটো কৃতিত্বও এনে ভাল খ‌ৱৰৰ একোটাহঁত নিদৰ্শন । যি বাতৰিয়ে অন্য হাজাৰজন অসমীয়াৰ প্ৰাণলৈ আশাৰ সঞ্চাৰ কৰিব পাৰে, নতুন উদ্যম যাঁচিব পাৰে, কঁকালত টঙালী বান্ধিবলৈ উদ্বুদ্ধ কৰাব পাৰে, সেয়াই হৈছে ‘ভাল খবৰ’ । ক’বলৈ পাই অতি গৌ‌ৰ‌ৱ অনুভ‌ৱ কৰিছোঁ যে, এই একেখন অসমতে এতিয়াও কিন্তু ন ন ভাল খবৰ দিওঁতা কিছুসংখ্যক অসমীয়াই অতি নিষ্ঠা সহকাৰে নিজৰ কাম কৰি আছে । উদাহৰণ স্বৰূপে ল’ব পাৰি যাদ‌ৱ পায়েঙৰ নাম । তেখেতে কে‌ৱল ব্যক্তিগত প্ৰচেষ্টাৰে ৫৫০ হেক্টৰ জোৰা এখন  বনাঞ্চল গঢ়ি তুলি বিশ্ববাসীৰ ওচৰতে সমাদৃত হৈছে । ভাৰতীয় মহাকাশ গ‌ৱেষণা কেন্দ্ৰত কৰ্মৰত অসমৰ সু-সন্তান জীতেন্দ্ৰ নাথ গোস্বামীদে‌ৱে চন্দ্ৰযানৰ উৎক্ষেপনৰ ক্ষেত্ৰত প্ৰযুক্তিগত বৰঙণি আগবঢ়াইছে । সেয়াও এক গৌৰ‌ৱৰ বিষয় । এলেন দেউৰী, দুৰ্গা বড়ো, হলিচৰণ নাৰ্জাৰীহঁতে ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলি অসমৰ ন-শিকাৰুসকলৰবাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । ইন্টাৰনেটৰ জগততো বহুজনে ইতিমধ্যে অসমীয়া ভাষা সংস্কৃতিৰ সংৰক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰি আছে । সত্যকাম দত্ত আৰু তেওঁৰ বন্ধুবৰ্গই মিলি www.sakori.org যোগে বিনামূলীয়াকৈ নিয়োগ-বাতৰিৰ সম্প্ৰচাৰ কৰি আহিছে । সেইদৰে www.xahitya.org  ‌ৱেবচাইটযোগে ন অসমীয়া লেখক-লেখিকাক উৎহাসিত কৰা হৈছে । www.bigyan.org আৰু www.gonitsora.com  ‌ৱেবচাইটৰ যোগেদি আন কেইজনমানে আকৌ অসমীয়া ভাষাত বিজ্ঞানমূলক প্ৰ‌ৱন্ধৰ প্ৰচাৰ কৰি আহিছে । www.xobdo.org ‌ৱেবচাইটে অনলাইন অসমীয়া অভিধান ইন্টাৰনেটত উপলব্ধ কৰিছে । হিমজ্য‌োতি তালুকদাৰে বিভিন্ন পুৰণি অসমীয়া গীত,নাট,ছবি তথা চলচ্চিত্ৰৰ সংগ্ৰহালয় গঢ়ি ইন্টাৰনেট যোগে পৃথি‌ৱীৰ প্ৰতিটো কোণতে পাবপৰাৰ ব্য‌ৱস্থা কৰিছে । য়ুনিকোডৰ ব্য‌ৱহাৰৰেৰে কম্পিউটাৰ আৰু মোবাইল ফোনত অসমীয়া লিখিব পৰা কৰাত অৰিহণা যোগাইছে গুণদীপ চেতিয়া,মৃদুল কুমাৰ শৰ্মা,মৃন্ময় কুমাৰ নাথ,বিতোপন দাস, আজিজুল হক, বনজিৎ পাঠকৰ দৰে বহুকেইজন সমল ব্যক্তিয়ে । ‘গিলি নেভন’ নামৰ ইজৰাইলী গ‌ৱেষক  ছাত্ৰীগৰাকীয়ে ‘আমাৰ মাজুলী’ নামৰ বেচৰকাৰী স্বেচ্ছাসে‌ৱী অনুষ্ঠানটোৰ জৰিয়তে মাজুলীৰ থলু‌ৱা জনজাতীয় যু‌ৱক-যু‌ৱতীক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন বৃত্তিৰ প্ৰশিক্ষণ দিয়াই কৰ্মক্ষম কৰি তুলিছে  । গৌৰাংগ মোহন শৰ্মা আৰু বুলজিৎ বুঢ়াগোহাঁঞিৰ দৰে ব্যক্তিয়ে নিজাববীয়া প্ৰচেষ্টাৰে ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ বিষয়ক বক্তব্য বা পৰামৰ্শ প্ৰদান কৰি উঠি অহা প্ৰজন্মক বাট দেখু‌ৱাইছে । সেইদৰে ভাল-খবৰৰ এই মহঙা দিনতো আশাৰ বতৰা দিয়া, প্ৰেৰণাদায়ী বা-বাতৰিৰ সন্ধান কৰি ছ’চিয়েল মেডিয়া তথা ‌ৱেবচাইটযোগে সুগন্ধি বিলাইছে অজয়লাল দত্তৰ ‘অসমীয়াৰ সুখ-দুখে’ (www.xukhdukh.com) । শাৰিৰীকভা‌ৱে অক্ষম প্ৰতিবন্ধী অনাথ কিশোৰ-কিশোৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ অৰ্থে ২০০৫ চনত প্ৰবক্তা কুমুদ কলিতাৰ উদ্যোগত বৰপেটাৰ পাঠশালাত গঢ় লো‌ৱা ‘তপোবন’ নামৰ শিক্ষানুষ্ঠানটিয়ে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে ।
 এই সকলোবোৰ আমাৰ বাবে ভাল খবৰ । আমি ভা‌ৱোঁ, এনে খ‌ৱৰৰ সৃজন আৰু প্ৰচাৰেহে  ক্ৰমাৎ দুষিত হ’বলৈ লো‌ৱা অসমৰ আ‌ৱ-হা‌ৱাত সুস্থ মানসিকতা ঘুৰাই আনি জাগৰণৰ সৃষ্টি কৰিব পাৰিব । ভাল খ‌ৱৰ ক’ত পাম বুলি বিচাৰি ফুৰাতকৈ নিজেই এটা ভাল খ‌ৱৰৰ উৎস হ’বলৈ চেষ্টা কৰাটোহে বৰ্তমান সময়ত অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।
------------------------------------------------০০০-----------------------------------------
--অৰুণজ্যোতি দাস, ডাক- ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২ (দূৰভাষ-৯৪৩৫১৫২৭৬৮)
         

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...