কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক –
এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ
বুলি ওলাই যোৱা ধুনীয়া ছোৱালীকেইজনীক জোকাই ভাল লাগে , ধাবাত
বহি একেবাৰে অন্তৰংগ বন্ধু কেইটাৰ লগত অকণমান ৰঙীন হৈয়ো ভাল লাগে । এনেকৈ ভিন ভিন
ৰকমে আমি, অৰ্থাৎ আমাৰ বহুতেই, জীৱনটোত
কিবা এটা আনে নকৰা ‘মন মতলীয়া’ কাম কৰি ভাল পায়। এবাৰ মোৰ ভাইটিক দেউতাই সুধিছিল-
‘কোনো কথাতে যে তোৰ গা নলৰে,একো এটা ভাল কামতে যে তই মন
নিদিয়, এনেকৈ হ’লে জীৱনত কি কৰি খাবি ? তই আচলতে কি কৰিব বিচাৰ জীৱনত’ ?ভাইটিয়ে
নিসংকোচে কৈছিল – ‘মই জীৱনত এনজয় কৰিব বিচাৰো। ’হয়,
আমাৰ ভাইটিৰ দৰেই জীৱনটোক এটা ‘এনজয়’ কৰা বস্তু বুলি ভৱা
মানুহো বহুত ওলাব । দৰাচলতে ক’বলৈ গ’লে যিসময়ত আজি আপুনি ‘জীৱনটোত কিনো পালো’ বুলি
হাঁ-হুমুনিয়াহ কাঢ়ি আছে, সেই সময়তে বহুজনে আকৌ জীৱনটোকহাঁহি
হাঁহি ‘এনজয়’ কৰি আছে ।জ্ঞানী জনে হেনো কৈয়ো গৈছে যে যি
পাইছা, তাৰেই তুমি সন্তুষ্ট হোৱা, তাৰেই তুমি জীৱনটো ‘উপভোগ’ কৰা । এতিয়া কথা হৈছে আপুনি জীৱনটো
কেনেদৰে উপভোগ কৰিব?
মদৰ প্ৰতি ৰাগিয়াল হোৱা মানুহবোৰে সততে কয়- ‘মোৰ টকাৰে মই মদ
খাইছো। তই ক’বলৈ কোন?’ । তেওঁক আমি ক’ম যে, ‘হয়, যিহেতু তুমি তোমাৰ টকাৰেই কিবা খাইছা বা
পিন্ধিছা, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু
এইযে গালি-গালাজ পাৰি, অভব্য আচৰণ কৰি তুমি তোমাৰ পৰিয়ালৰ
লগতে সমাজৰ সকলোকে অসুবিধাত পেলাইছা, পৰিৱেশ বিনষ্ট কৰিছা,
নতুন ল’ৰা-ছোৱালীক বেয়া পথ দেখুৱাইছা, কিশোৰ-কিশোৰীয়ে তোমাৰ আচৰণত হতবাক হ’বলগীয়া হৈছে- তাতহে আছে আমাৰ
ক’বলগীয়া । তুমি অকলে এটা নিৰ্জন দ্বীপত গৈ মাতাল অৱস্থাৰে নাচি-বাগিও যদি থাকা,
তেতিয়া অৱশ্যেই আমাৰ ক’বলগীয়া একো নাথাকিলহেঁতেন’। কথাবোৰ ঠিক এনেকুৱাই
! আপুনি জীৱনটো উপভোগ কৰাৰ নামত আপোনাৰ প্ৰতিবেশীক বা এলেকাৰ মানুহক অনিষ্ট কৰিছে
নেকি, বিপদত পেলাইছে নেকি সেয়াও এবাৰ ভাৱক । বহু সময়ত
আপুনি বজোৱা উচ্চ-স্বৰৰ সংগীতে, গাড়ীত বজোৱা হৰ্ণটোৱেও
ৰোগীজন বা পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক আমনি দিয়ে । তাৰ প্ৰতি মন দিয়াটোও এজন সচেতন
নাগৰিকৰ দায়িত্ব, যিটো হয়তো কেৱল নিজৰ বাবেই ‘উপভোগ’ কৰিব বিচৰা এজন লোকে অনুধাৱন কৰিব নোৱাৰে ।
আমাৰ চিনাকী কোনোবাই যদি সৎ বা অসৎ যি পথেৰেই হওঁক, দুপইচা ভালদৰে ঘটি ভাল এটা ঘৰ সাজিছে, গাড়ী
কিনিছে,নামী-দামী বস্তু খাইছে, বিদেশত
ফুৰিবলৈ গৈছে, দামী কাপোৰ-কানি পিন্ধিছে আৰু আলাস-বিলাসত
দিন কটাইছে, তেতিয়া আমি প্ৰায়ে কওঁ যে, সি বা তাই কিন্তু ভাল ‘মস্তি’ কৰিছে দেই, বা
ভাল ‘এনজয়’ কৰিছে দেই ! জীৱনত ‘এনজয়’ কৰা বুলিলে আমি তেনেকুৱা এটা জীৱনশৈলীয়েই
বুজি পাওঁ । আৰু সেইবাবেই তেনে এক বিলাসী জীৱন-ধাৰণ আমাৰ বহুতৰে বাবে এক
উচ্চাকাংক্ষা হৈ পৰে । ক’বলৈ গ’লে কোনো কোনোৰবাবে সেয়া জীৱনৰ এটা উদ্দেশ্যও হৈ
পৰে । আৰু সেই উদ্দেশ্য সিদ্ধিৰ বাবেই আমি উঠি-পৰি লাগি যাওঁহঁক। কেনেকৈ সেই প্ৰতিযোগিতাৰ
দৌৰত জিকিব পাৰোঁ, কাষৰজনক গতা এটা মাৰি মই নিজে কেনেকৈ
আগত যাব পাৰোঁ, প্ৰতিবেশীৰ সম্পত্তিতকৈ অধিক সা-সম্পদ
কিদৰে ঘটিব পাৰোঁ তাৰে আলেখ-লেখ প্ৰতিনিয়ত গণিবলৈ ধৰোঁ। এনে দৌৰৰ শেষতকোনোবাজন জিকি
যায় আৰু কোনোবাজন হয়তো হাৰি যায় । হৰাজনে হুমুনিয়াহ কাঢ়ে আৰু জিকাজনে হিন্দীত
ক’বলে হ’লে ‘মৌজ’ কৰে । কথা হ’ল, আনৰ দুখলৈ কেৰেপ নকৰি,
আনৰ প্ৰাপ্যখিনি কাঢ়ি আনি নিজৰ কৰি লোৱা – এই চিন্তাধাৰাৰ জীৱনেই
আমাৰ লক্ষ্য হোৱা উচিত নে ? সেই জীৱন আদৰ্শনীয়, মহৎ আৰু অনুপ্ৰেৰণীয় হয় নে ? নিশ্চয়কৈ নহয় ।
হ’ব নোৱাৰেও । তেন্তে আমি কেনে শৈলীৰেনো জীৱন যাপন কৰা উচিত ? কি কৰিলে আমি দহোজনৰ প্ৰেৰণা হোৱাকৈ নিজৰ জীৱনটোক উপভোগ কৰিব পাৰিম ?
জীৱনৰ এটা ডাঙৰ সত্য হ’ল এয়ে যে ঈশ্বৰে আমাৰ প্ৰতিজনকেই
অদ্বিতীয়ভাৱে সৃষ্টি কৰাৰ পাছতো আমাৰ প্ৰায় ৯৯.৯ শতাংশ মানুহেই উপলব্ধি কৰিবলৈ
অপাৰগ হওঁ যে আমি আনতকৈ পৃথক, ভিন্ন। আৰু ফলস্বৰূপে আমি
একেবোৰ কামেই কৰি থাকো, যিবোৰ অন্য হাজাৰজনে কৰি আছে ।
সকলো গতানুগতিক । আমি খাইছো, শুইছো, পঢ়িছো, চাকৰি কৰিছো, টকা
ঘটিছো , ঘৰ সাজিছো, গাড়ী-মাটি
কিনিছো – কৰিব লাগে বাবেই যেন সকলোখিনি কৰি গৈছো । আমি কি এনেকৈয়ে মৰব বিচাৰো নে?
আমাৰ পদৱী, আমাৰ দৰমহা বা আমাৰ জীৱন-ধাৰণৰ
ঢং(ষ্টাইল) – এইবোৰে আমাৰ জীৱনটোৰ মহত্ত্ব দিব পাৰিব নে ? জীৱনৰ শেষ সময়খিনিত নিজকে যেতিয়া প্ৰশ্ন কৰিম, ‘মই জীৱনত কি কৰিলো’ বুলি, তেতিয়া মই নিজকে
এটা সন্তুষ্ট হোৱা উত্তৰ দিব পাৰিম নে? আনে সেই প্ৰশ্নৰ
উত্তৰ বা কি বুলি দিব আমি এবা ভাৱি চাইছো নে ? যদিও
মানুহৰ জীৱনটো অতিকেই ক্ষণস্থায়ী, তথাপি এজন মানুহে গড়
হিচাপত ৬০ বছৰ জীয়াই থাকে বুলি ধৰিলেও এই ষাঠি বছৰ সময়ত এজন মানুহে কিমান কি কৰিব
পাৰে, সেয়া আমি কেতিয়াবা উপলব্ধি কৰিব পাৰিছো নে ?
জন্মগত প্ৰতিভা বাৰু নাই বুলিয়েই ধৰি ল’লো, কৰ্ষণ কৰা বিদ্যাৰেও অভ্যাসৰ বলত মানুহে কিমান কি যে কৰিব পাৰে অনুমান
কৰিবলৈকে আমি অপাৰগ ! তেনে কিমান কি কাম আজি আজিৰ তাৰিখলৈকে কৰিছো? মোৰ কৰ্মই মই কাৰোবাক ধনাত্মকভাৱে প্ৰভাৱিত কৰিব পাৰিছো নে ? হাতাশাগ্ৰস্ত ল’ৰাটোক মই জীৱনৰ নতুন অৰ্থ চিনি পোৱাব পাৰিছো নে ?
নে ওচৰৰ আটাইমখা ল’ৰা-ছোৱালীকে মই পৃথিৱীৰ ভিন্ন সাহিত্যৰাজীৰ
কিবা স্বাদ দিব পাৰিছো ? প্ৰযুক্তিৰে জীৱন সলাই দিব পৰা
যাদুবোৰ মই কাক কাক দেখুৱাব পাৰিছো ? যদি এনে প্ৰশ্নবোৰৰ
উত্তৰ আমি একেবাৰে নঞাৰ্থক পাইছো, তেন্তেক’ব লাগিব যে আমি
এতিয়ালৈকে নিজকে চিনিয়েই পোৱা নাই । নিজৰ সম্ভাৱনীয়তাক হয়তো জানিবই পৰা নাই ।
আমাৰ বিচাৰ মতে, মানুহৰ জীৱনটো অলেখ অযুত সম্ভাৱনাৰে পৰিপূৰ্ণ
। সেইবোৰৰ সন্ধান কৰা, অনুসৰণ কৰাআৰু উৎকৰ্ষ সাধন কৰা
আমাৰ জীৱনৰ এটা সুন্দৰ অৰ্থপূৰ্ণ উদ্দেশ্য হ’ব পাৰে। আমাৰ হাতত থকা এই অতি কম সময়খিনিকে
কোনে কেনেকৈ ‘খৰছ’ কৰিছে, তাৰ খতিয়ানতে জীৱনৰ মহত্ত্ব
লুকাই আছে ।
কিছু দিন আগতে আমাৰ শ্ৰীমতীৰ সহকৰ্মী ড০ মুনমুন বৰা বাইদেউৰ ঘৰলৈ
গৈছিলো, অসুখৰ খবৰ ল’বলৈ । ঘুৰি আহি ঘৰত শ্ৰীমতীয়ে কৈছিল
– “আমি জীৱনটোত কেৱল জীয়াইহে আছো, নহয় নে? তেওঁলোকে দেখিলা, কিদৰে জীৱনটো উদযাপন কৰিছে”! শ্ৰীমতীৰ এইষাৰ কথাই মইয়ো মৰ্মে মৰ্মে
উপলব্ধি কৰিছিলো । তেওঁলোকৰ ঘৰখন তেনেই সাধাৰণ। নাই কোনো আভিজাত্যৰ চিন, নাই কোনো অহংকাৰৰ চিন । বাহিৰৰ
অৱয়বত গম পোৱা নাযায় ভিতৰখন কি সম্পদৰে ভৰপূৰ। সেইখন ঘৰত আমি বিচাৰি পাইছিলো জীৱনটো
উদযাপন কৰাৰ উপাদান । চ’ৰাঘৰত আনক দেখুৱাবলৈ তেওঁলোকে বিলাসী সামগ্ৰী কিনি আনি
সজাই ৰখা নাই । অথচ নিজৰ জীপাল মনৰ পৰিসৰেৰে তেওঁলোকে সজাই-পৰাই লৈছে এটা
পঢ়া-শুনা কৰা কোঠা । কোঠাটো চাই আমাৰ মন ভৰি গ’ল । আটোমটোকাৰিকৈ ৰখা কোঠালিটোত
তিনিটামান কিতাপৰ আলমাৰি আছে। তেওঁলোকৰ ১২ বছৰীয়া ল’ৰাইও তাত এটা সৰু-সুৰা
লাইব্ৰেৰী গঢ়ি তুলিছে, য’ত সি ভালপোৱা সকলো গল্প-কবিতা-উপন্যাস
আৰু শিক্ষায়তনিক পুথি সযতনে ৰাখিছে। ভিনদেউ শ্ৰীহেমন্ত কুমাৰ শইকীয়াদেৱেও আমাক
দেখুৱালে তেওঁ কিদৰে অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কলা আৰু লোক-সংস্কৃতি
সংৰক্ষণৰ বাবে কাম কৰি গৈছে । তেওঁৰ
সম্পাদিত কিতাপবোৰ আমাক দেখুৱালে। দুই-এটি লেখা পঢ়িয়ে গম পালো, ভিনিয়ে বিষয়টো কিমান গুৰুত্ব সহকাৰে লৈ কামবোৰ কৰিছে । আমি ক’লো -
‘আপুনি কৰা এইবোৰ কাম গৱেষণাতকৈ কোনো গুণেই কম নহয়চোন । সাউৎ কৰি Ph.D.তে নামটো লগাই নলয় কিয় ?’উত্তৰত তেওঁ যিষাৰ
কথা ক’লে সেয়াই মন ভৰি গ’ল । তেওঁ ক’লে, কিদৰে মানুহবোৰে
কেৱল দৰমহাৰ টকা বঢ়াবলৈ , চাকৰি পাবলৈ বা পদোন্নতিৰ বাবেহে
Ph.D. কৰে । তেওঁ সেইধৰণৰ চিন্তাৰ পৰা বৰ্তমানে বহু যোজন
আঁতৰত । সেই ‘ধান্দা’ত লাগি গ’লে বোলে তেওঁ কৰিবলগীয়া কামবোৰ কৰিবই নোৱাৰিব । কথাখিনিয়ে
আমাক এনে প্ৰচাৰবিমুখ নিষ্ঠাৱান মানুহৰ কৰ্মস্পৃহাৰ বিষয়ে ভাৱিবলৈ বাধ্য কৰালে ।
তাৰ পাছত তেওঁলোকৰ ল’ৰা ধুনুৰ বাবে সাজি দিয়া কোঠাটো চাবলৈ গ’লো । কোঠাটো মূলত:
সংগীত সাধনাৰ বাবে সজোৱা হৈছে । সি আমাক তিনিটামান ৰাগ শুনালে । তাৰ লগত বহি আমিও
তিনি চাৰিটা জ্যোতিসংগীত-ৰাভাসংগীত, জয়ন্ত হাজৰিকাৰ গীত
আওঁৰালো ।ভিনদেৱে আমাক দেখুৱালে কিদৰে সি তাৰ নিজৰ সঞ্চিত পইছাৰে ভিন্ন
জনগোষ্ঠীৰ লোক-বাদ্যবোৰ কিনি আনি ৰাখিছে আৰু সেয়া বজাই কিমান যে সি ৰং পাইছে । ল’ৰাটোৱে
কিদৰে কবিতা আবৃত্তি , আকস্মিক বক্তৃতা এইবোৰত যোগদান কৰি
সফল হৈছে তাৰো আমি গম ল’লো । সন্তানৰ যোগেদিয়ে যে, নিজৰ
জীৱনটো আকৌ এবাৰ ঘুৰাই পাব পাৰি, ইচ্ছা কৰিলে আমি সংসাৰৰ
ব্যস্ততাৰ কথা দোহাৰি পেলাই থোৱা কামবোৰ যে কৰি পেলাব পাৰি, তেওঁলোকে যেন তাৰেই আৰ্হি হৈ দেখুৱালে- আমাৰ এনে অনুভৱ হ’ল ।
এতিয়া আপুনিয়ে কওঁকচোন- এইযে আমি পৰিৱেশ এটা তৈয়াৰ কৰি
সৃষ্টিশীল মন এটাৰ লালন-পালন কৰিছো, জীৱনৰ সতে জড়িত
কলা-সংস্কৃতিৰ মাজত আমি নিজকে বিচাৰি পাইছো- এইবোৰেই আচল জীৱন নহয় নে ? এটা কবিতাই , এটা গীতে , এখন ছৱিয়ে , এটা নৃত্যই, এখন কিতাপে আমাক যি ৰসাস্বাদন কৰাৰ সুবিধা দিছে, পাৰিবনে সেয়া এটা আইপড-আইফোনৰ যান্ত্ৰিক শব্দই দিবলে ? যন্ত্ৰৰ পৃথিৱীয়ে পাৰিবনে আমাক মানুহৰ সতে, প্ৰকৃতিৰ
সতে, সমাজ-জীৱনৰ সতে, লোক
কলা-সংস্কৃতিৰ সতে কটোৱা সময়ৰ সমতুল্য অনুভৱ দিবলে ? আহক
–কেৱল ‘উপভোগ’ নহয়, উদযাপন কৰোঁ আমাৰ জীৱন। কংক্ৰিটৰ
পৃথিৱীত যান্ত্ৰিকতাৰ মাজত, বৈ যোৱা সময়ৰ সোঁতত আপোনাৰ জীৱনটো
নি:শ্চিহ্ন হ’বলৈ, উটি-ভাঁহি যাবলৈ এৰি নিদিব।
-- অৰুণজ্যোতি দাস,
ৰজাবাৰী, বোকাখাত । ফোন : ৯৪৩৫১৫২৭৬৮
মোৰ শুকুলা ঘোঁৰা,নাম যাৰ আশা...তাৰ পিঠিত উঠি এই যাত্ৰা.....
ভাৱৰ বুৰবুৰণি..
লেখা অনুসন্ধান কৰক
Friday, May 20, 2022
জীৱনটো কিদৰে উদযাপন কৰিব ?
Wednesday, April 20, 2022
“আকৌ এবাৰ জনম লওঁ আহক..”
প্ৰণৱ চক্ৰৱৰ্তী, সৌমিত্ৰ চেট্টাৰ্জী, এচ পি বালাসুব্ৰমনিয়াম, সৰোজ খান, ইৰফান খান, সুশান্ত সিং ৰাজপুত , ৰিছি কাপুৰ, ডিয়েগো মাৰাডোনা, ৱাজিড খান, দিলিপ কুমাৰ, ৰাজীৱ কুমাৰ, পণ্ডিত বিৰ্জু মহাৰাজ, লতা মাংগেশকাৰ,বাপ্পী লাহিড়ী – আপুনি ঠিকেই অনুমান কৰিছে, কোভিড মহামাৰীৰ দুৰ্দিনৰ এই সময়ছোৱাত আমাৰ মাজৰপৰা হেৰাই যোৱা এয়া হ’ল কেইজনমান জনপ্ৰিয় বিশিষ্ট ব্যক্তিৰ নাম। এওঁলোক কি ক’ত কেনেকৈ বিখ্যাত আছিল সেয়া চাগে’ আপোনাক কোৱাৰ প্ৰয়োজন নাই। নাজানো, হয়তো এনেকৈয়ে অতি নি:শব্দে, মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । তেতিয়া চাগে’ এই লেখাটো পঢ়িও কোনোবা এজনে চকু পানী টুকিব। এয়াই আচলতে জীৱন । সুস্থ মানুহ এজনো নিমিষতে কিদৰে হেৰাই যাব পাৰে, সেয়া আপুনি নিজেই দেখিছে, বা জানে । ক’বলে গ’লে , এজন মানুহ যিয়ে নিজৰ অস্তিত্ব প্ৰমাণ কৰি আজি দপদপাই ঘুৰি ফুৰিছে, তেওঁও কাইলে কেৱল ধোঁৱাৰ সতে মিলি যাবলে মাথো কেই ছেকেণ্ডমান সময়ৰহে প্ৰয়োজন । ভিন ভিন ৰূপ লৈ মৃত্যু আমাৰ গাৰ সতেই ছাঁৰ দৰে লাগি আছেহি । অথচ আমি এই চিৰন্তন সত্যকো আওকাণ কৰি মতলীয়া হৈছো কেৱল বিষয়-বাসনা, খ্যাতি-যশস্যা আৰু টকা-সম্পত্তিক লৈ । আমি যোৱাৰ পাছত আমি ব্যৱহাৰ কৰি ভাল পোৱা মোবাইলটো, টিভিটো বা অতিকে দামী নেকলেচডাল - হয়তো অইন এজনে ব্যৱহাৰ কৰিব, বা দলিয়াই পেলোৱা হ'ব । তথাপিও আমি ভাৱো, এইবাৰ পাবলগীয়া ধনকেইটা পালে দামী মোবাইল এটা ল’ম , দোকানে দোকানে ঘুৰি ভালৰ ভাল বস্তু কাপোৰ কেইজোৰমান ল'ম । হিচাপ কৰিম এই মাহত মোৰ বেংক একাউন্টত কিমান টকা সোমাল , বা আৰু কিমান পাবলগীয়া আছে । ভাল খোৱা বস্তু কোন ৰেস্তোঁৰাত পায় তাৰ সন্ধান কৰিম, অথবা শ্ৰীমতীক অমুকটো বনাবা, তমুকটো বনাবা কৈ আবদাৰ কৰিম ।
পৃথিৱীত আজিৰ দিনটোতে প্ৰায় ২,৯১,০০০টা শিশুৱে জন্ম লাভ কৰিছে । আৰু আজিৰ দিনটোতে ১,২২,০০০ জনে এই পৃথিৱীৰপৰা মেলানি মাগিছে । (উৎস: https://www.worldometers.info) আমি কোনেও এই সংখ্যাবোৰলৈ মন কাণ নকৰোঁ আৰু কৰাৰ দৰকাৰো অনুভৱ নকৰোঁ । মই বা আপুনি নাইকীয়া হৈ গ'লেও সেই সংখ্যাটোৰ বিশেষ ইফাল -সিফাল নহয় । কিন্তু আপুনি বিচাৰে নে , যে আপোনাৰ জীৱনটোও ইমান মূল্যহীন হ'ব পাৰে বুলি ? আপোনাৰ জীৱনটোত এই যে আপুনি কৰি আছে কামবোৰ, ইটোৰ পাছত সিটো – সেইবোৰৰ অলপো মূল্য নাই নে?
ৱাৰেন বাফেট বোলা এজন ধনী লোকে কৈছে যে 'বস্তু এটা আমি যি দি কিনো, সেয়া হৈছে টকা(Price), আৰু কিনাৰ ফলত যি পাওঁ সেয়া হৈছে বস্তুটোৰ মূল্য(Value) বা মান' । আমাৰ জীৱনটো বাৰু আমি কিনিবলগীয়া হোৱা নাই, তেৰাই সেয়া আমাক উপহাৰ হিচাপে দিছে । কিন্তু আমি সেই উপহাৰৰ মূল্য গোটাব পাৰিছো নে ? আপুনি নাইকীয়া হৈ যোৱাৰ পাছত আপোনাক কোনোবাই সোঁৱৰিব নে ? আপোনাৰ কোনখিনি কাৰ্যই আনৰ মনত প্ৰভাৱ পেলাইছে আপুনি ক'ব পাৰিব নে ? আপোনাৰ জীৱনটো কিমান বছৰীয়া - ১৬ বছৰ, ২৭ বছৰ, ৫৪ বছৰ অথবা ১০১ বছৰ , - এই সংখ্যাবোৰেৰে আপুনি ডাঙৰ হ'ব পাৰে নে ? আপোনাতকৈ মোতকৈ বহুত সৰু সৰু ল'ৰা বা ছোৱালীয়েই দেখোন বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে ! উদাহৰণ বিচাৰিলে অজস্ৰ পাব । প্ৰশ্নটো হৈছে 'আপুনি কি কৰিছে' ?
আমি প্ৰথমেই উল্লেখ কৰা ব্যক্তিকেইজনক আপুনি কাহানিও চাগে' লগ পোৱা নাই । মইও পোৱা নাই । তথাপি সেই মানুহজন বৰ অকালতে গুছি গ'ল বুলি আপুনি শোক প্ৰকাশ কৰিছে । কাৰণ, তেওঁৰ কৰ্মৰাজীয়ে আপোনাক, আপোনাৰ অনুভৱক, সত্তাক চুব পাৰিছে । কথাটো ইমানেই । আজি মই 'মেছিন লাৰ্নিং' শিকিছো, প্ৰগ্ৰামিং কৰিছো, অথবা গান এটা গুনগুনাইছো । চাকৰি কৰি পৰিয়াল চলাইছো বুলি হয়তো ফিতাহি মাৰিছো, নহ'লে 'এইবোৰ কৰি থাকোতেই জীৱনটো যাব' বুলি উষ্মা প্ৰকাশ কৰিছো । হয়তো কোনো অৱসাদপূৰ্ণ মূহুৰ্তত এইবোৰে কেতিয়াবা কাহানিবা কামত আহিব জানো বুলি মই সন্দেহ প্ৰকাশ কৰিছো । তেনে নকৰিব। চাকৰিৰ বাবেই হওঁক , অথবা নিজৰ ইচ্ছাতেই হওঁক, আপুনি যি কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰক । আপুনি নিশ্চিত হওঁক- সেই কাম সৰু হওঁক বা ডাঙৰ, সেয়া আপুনি যিমান ভালদৰে অথবা নিখুঁটভাৱে কৰিব পাৰিছে বা পাৰিব, হয়তো আন এজনে তেনেকৈ নোৱাৰিব বা নোৱাৰে । গতিকে আপোনাৰ কামক আপুনি ভাল পাবলৈ লওঁক । কেৱল টকা ঘটিবলৈ বুলি নহয়, কামটোৰে বহুত কিবা কিবা কৰিব পাৰি বুলি ভাৱি কাম কৰিবলৈ লওঁক । আপুনি যদি ব্যবসায়ী, আপোনাৰ ব্যৱসায়ে আনৰ বাবে হয়তো ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে বুলি বিশ্বাস কৰক। আপুনি যদি খেতিয়ক , তেন্তে আপোনাৰ খেতিৰ ফচলক মানৱ জাতিয়ে আজিৰ সভ্যতাত উপনীত হৈ পৃথিৱীত আধিপাত্য বিস্তাৰ কৰাৰ আৰু নিজে বৰ্তি থকাৰ অন্যতম উপাদানস্বৰূপ বুলি গণ্য কৰি গৰ্বিত হওঁক । দহোজনক এই গৌৰৱৰ অংশীদাৰ কৰক আৰু নিজেই উদাহৰণ দেখুৱাওক ।
মাৰ্টিন লুথাৰে কৈছিল- “ যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলোৱে অংকন কৰা এটি সুন্দৰ চিত্ৰকৰ্মহে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীতহে ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন! তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ৰৈ ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল ।” লুথাৰৰ কথাত যদিওবা কাব্যিক উপমা আছে তথাপি , তেওঁৰ ভাৱ-ধাৰাই আমাক আমাৰ নিজৰ দায়িত্বৰ প্ৰতি, কৰ্তব্যৰ নিষ্ঠাৱান হ'বলৈ প্ৰেৰণা যোগায় । মোৰ দেউতাই কৈছিল- “কামৰ কোনো সৰু-বৰ নাই” । কাম কৰিবলৈ বোলে লাজ কৰিবও নালাগে। কামেইহে মানুহৰ মূল্য বঢ়ায় । নাজানো সঁচা নে মিছা । কিন্তু 'মূল্য' বোলোতে আজিকালি বহুতেই ইয়াক আকৌ 'টকা'ৰ লগতহে তুলনা কৰে । মানুহৰ জীৱনত 'টকা'ৰ নিশ্চয় মূল্য আছে , কিন্তু জীৱনৰ 'মূল্য' গঢ়াত টকাৰ সঁচাকৈয়ে জানো কাম আছে ? মহাত্মা গান্ধী, মাদাৰ টেৰেজা , নেলচন মাণ্ডেলা বা আমাৰ গুৰু শংকৰদেৱ - এওঁলোক হ'বলা টকাৰে ধনী আছিল ? তেওঁলোক ধনী আছিল, নিজৰ আদৰ্শত, নিজৰ কামত । এওঁলোক এই পৃথিৱীৰপৰা হেৰাই যোৱা আজি বছৰ বছৰ হোৱাৰ পাছতো জীয়াই আছে আমাৰ মনত মাজত , জীয়াই আছে প্ৰত্যেকৰে হৃদয়ত । তেন্তে কি কৰিছিল নো তেওঁলোকে ? তেওঁলোকে সেয়াই কৰিছিল, যি সমাজ গঢ়াৰ বাবে, সমাজ সংস্কাৰৰ বাবে কৰা উচিত আছিল ।
তেনেকৈ আমাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেন মামাই তেওঁলোকৰ কৰ্মৰ জৰিয়তে আমাক প্ৰভাৱান্বিত কৰিছে । তেওঁলোকৰ জীৱন আজি ধন্য । তেওঁলোকে যি কৰিছিল, সেয়া বিখ্যাত হ'বলৈ কৰা নাছিল , কৰিছিল মনৰ তাগিদাত । অৱশ্যে তেনে কোনো কথা নাই যে কলা-সংস্কৃতিৰ দিশত কিবা অৰিহণা যোগালেহে এজন মানুহ আমি কোৱাৰ দৰে 'মূল্যবান' হ'ব পাৰিব । খেল-জগত, ৰাজনীতি, অভিনয়, বিজ্ঞান বা প্ৰযুক্তি যি ক্ষেত্ৰই নহওঁক কিয়, যদি আপোনাৰ কাম-কাজে অন্য হাজাৰজনক নৱদৃষ্টি দিব পাৰিছে, আপুনি এজন আদৰ্শ হৈ ধৰা দিব পাৰিছে , তেন্তে আমি ক'ম যে আপোনাৰ জীৱন সফল হৈছে ।
আমাৰ জীৱনটো বৰ সৰু । কৰিবলগীয়া কাম বহুত আছে । গ্ৰহ নক্ষত্ৰৰ অৱস্থান, বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য এইবোৰ অধ্যয়ন কৰিবলৈ চাগে' আমাৰ জীৱনত সময়েই নাই । তথাপি আমি যিবোৰ কৰিব পাৰোঁ , সেইবোৰ কৰিবলৈকে আমাক বহুত সময় লাগে। শিকিবলৈ সময় লাগে। শিকাখিনি কৰ্ষণ কৰিবলৈ, অনুশীলন কৰিবলৈ সময় লাগে । সেইবোৰ আনক শিকাবলৈও সময় লাগে । পাকৈত হ'বলৈ, পণ্ডিত হ'বলৈও অধিক সময় লাগে । কিন্তু সময় আছে ক'ত ? গতিকে এইযে আমি এলাহতে গা-ঘেলাই অবাবত সময় নষ্ট কৰোঁ, চুপতি মাৰি, আড্ডা দি 'টাইম পাছ' কৰোঁ, প্ৰয়োজনতকৈ অধিক সময় শুই শুই কটাই ভাল পাওঁ, এইবোৰে বাৰু আমাৰপৰা আমাৰ সেই 'অতি কম সময়'ৰে অধিকাংশ কাঢ়ি নিয়া নাই নে?
গতিকে, ৰৈ নাথকিব। প্ৰতিটো মূহুৰ্ততে জীৱনটো উদযাপন কৰক । নিজকে আৱিষ্কাৰ কৰক । নতুন প্ৰেৰণাৰে কামত লাগক । আপোনাৰ জীৱনটোক 'মূল্যৱান' কৰি তোলক । আপুনি নজনাকৈয়ে হয়তো আপুনি বহুত কিবা-কিবি কৰিব পাৰে । নিজকে চিকুটি চাওঁক । ভাল লগা গান এটা নিজেও এবাৰ গাই চাওঁক । গান এটা লিখি চাওঁক । কবিতা এটা পঢ়ক । ভাল লগা নাচৰ মুদ্ৰাটো উপভোগ কৰক । যি কাম-কাজ, কলা-সংস্কৃতিয়ে আপোনাক মোহে , তাৰ প্ৰতি কিছু সময় দিয়ক । কোনে জানে কিজানি আপোনাৰ মাজতে লুকাই আছে চিত্ৰকলা-নৃত্য অথবা এজন ভাল অভিনেতাৰ প্ৰতিভা । এইযে আজি আপুনি কিবা এটা কৰাৰ প্ৰতি সময় পাইছে, বা তাত মন বহিছে, সেই একেই অনুৰাগ হয়তো কাইলে নাথাকিব পাৰে । নাথাকিব পাৰে আপোনাৰ আজৰি সময় । আজিৰ সময়বোৰ কাইলৈ ঘুৰাই নাহে। আপোনাৰ প্ৰতিভাবোৰ মৰহি যাবলৈ নিদিব । সেইবোৰত সাৰ-পানী দিয়ক । বাৰিষাৰ বৰষুণে ধুলিকণা ধুৱাই নি গছত ন-কুঁহিপাত মেলাৰ দৰেই ঠন ধৰি উঠক আপোনাৰ জীৱন ।
------------------------------
Friday, December 31, 2021
নিয়োগ-মেলাই উন্মোচন কৰা সম্ভাৱনা আৰু আশাৰ দুৱাৰখন
বাতৰি-কাকত, নিউজ-চেনেল আৰু চ’চিয়েল মেডিয়াত মানুহে খুব আলোচনা কৰিলে- কিদৰে নিয়োগ-মেলাবোৰে আমাৰ ‘উচ্চ-শিক্ষিত নিবনুৱা’ ডেকা-ডেকেৰীসকলক চাকৰিৰ নামত ‘প্ৰৱঞ্চনা’ কৰিলে । অতবোৰ মানুহৰ মাজত হাবাথুৰি খাই গৈ শেষত হা-হুমিনিয়াহ কাঢ়ি নিউজ-চেনেলবোৰৰ কেমেৰাৰ আগত বহুতেই নিজৰ উষ্মা প্ৰকাশ কৰিলে । হয়,খোদ মন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে মেলাবোৰত চাকৰী প্ৰত্যাশীসকল যথেষ্ট অসুবিধাৰ সমুখীন হ’ল। তাত নাছিল কোনো চৰকাৰী চাকৰি ,বা কিমান খালী পদৰ বাবে মকৰল হৈছিল তাৰো কোনো হিচাপ নাছিল । মন্ত্ৰীৰ মতে আগেয়েও এনে জিলাভিত্তিক নিয়োগ-মেলা হৈ আহিছিল, কিন্তু এইবাৰ সঞ্চালকালয়ে সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটো চলাবলৈ যাওঁতেহে অথন্তৰ ঘটিল । যি কি নহওঁক, আমি কিন্তু আগে-পিছে তেনে নিয়োগ-মেলা আয়োজন হোৱাৰ কথাটো গম পোৱা নাছিলো । জিলাৰ নিয়োগ-বিনিময় কেন্দ্ৰটো এটা এনে অফিচ য’ত কেৱল প্ৰমাণ-পত্ৰকেইখন ‘ৰিনিউ’ বা ‘ৰেজিষ্ট্ৰশ্যন’ কৰে বুলিয়েই জানি আহিছিলো । আমি অন্ত:ত আশা কৰিব পাৰোঁ যে চৰকাৰেও এই ঘটনাটোৰ পৰা কিবা অলপ শিক্ষা লাভ কৰিলে। আৰু হয়তো সেই বাবেই চাগে’ তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে যে, ব্যক্তিগত কোম্পানী বা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ খালী হোৱা চাকৰিসমূহ পূৰণ কৰিব পৰাকৈ এটা পোৰ্টেল বনাই থকা হৈছে য’ত আমাৰ নিবনুৱাসকলে ক’লৈকো নোযোৱাকৈয়ে অনলাইনযোগে আবেদন দাখিল কৰিব পাৰিব। ই নি:সন্দেহে আশাৰ বতৰা। সেইদৰে, জানি ভাল লাগিছে যে নতুন চৰকাৰখনে আমাৰ সকলো শিক্ষিত যুৱক-যুৱতীয়ে ঘৰতে বহি নথি-পত্ৰৰে সৈতে নিজৰ নামটো বিনিময়-কেন্দ্ৰৰ অধীনত পঞ্জীয়ন কৰাই ল’বপৰা সুবিধাকণ ইতিমধ্যে কৰি দিছে ।
এতিয়া কথা হৈছে, আমি টেঁটু ফালি চিঞঁৰি থকা এই ডেকা-গাভৰুহঁতে এইবোৰ সুবিধা ল’ব পাৰিছো বা পাৰিম নে নাই । নে আকৌ চকু-কাণ মুদি শুই থাকিম আৰু কোনোবা এদিন জুই জ্বলি হাত পালে হঠাৎ সাৰ পাই উঠি ‘চৰকাৰে আমাক কি দিছে’ বুলি চিঞঁৰিম? এনেকৈ কোৱাৰ কাৰণটো হৈছে এয়ে যে, আমিবোৰ তেনেকুৱাই এটা জাতি হৈ পৰিছো, যিয়ে নেকি এলাহৰ কোবত “পি:পু:উ:শো:” নীতিৰে জীৱন কটাই ভাল পাওঁ, অথচ বিচাৰো আকৌ আটাইতকৈ বেছি সা-সুবিধা থকা বস্তুবোৰহে! তাৰ প্ৰতীকী প্ৰমাণ পোৱা যায় ভিন ভিন চ’চিয়েল মেডিয়াৰ প্ৰফাইলবোৰত । বিশেষকৈ ক’ব লাগিলে দেখা যায় যে, আমাৰ নতুন ডেকা-ডেকেৰীহঁতে আজিকালি ফেচবুক-টুইট্টাৰ-ইনষ্টাগ্ৰামত ন-ন ৰং-ৰহন সানি নিজৰ নিজৰ আলোকছৱি তথা সাজ-সজ্জাৰে আনক চমক দিবলৈ বাৰুকৈয়ে শিকিছে । সেইদৰে এচাম পাবত গজা নিউজ-পোৰ্টেলৰ সাংবাদিক, ইউটিউবাৰ ইত্যাদি স্বয়ম্ভু উপাধিধাৰীয়ে হকে-বিহকে বৰ্ণনা-পৰামৰ্শ-উপদেশ আৰু শ্লোগান দি দি মানুহবোৰক বলীয়া কৰাত পৰিপক্ক হৈ উঠিছে । কিন্তু ভালদৰে গমি চালে দেখা পাব যে, এইচাম মানুহৰ শিপাত আচলতে একোৱেই নাই, নাই তেওঁলোকৰ শিক্ষাগত বিশেষ অৰ্হতাও । যিবোৰ বিষয়ত তেওঁলোকে বক্তৃতাৰ ফুলজাৰি মাৰে, সেইবোৰ বিষয়ত হয়তো প্ৰাথমিক ধ্যান-ধাৰণা বা চূড়ান্ত সত্যখিনিও তেওঁলোকে নাজানে । আৰু এনে হোৱাৰ ফলতে ভিন ভিন কাকতত বিজ্ঞাপনযোগে নিয়োগ-মেলাত আহিবলগীয়া মকৰলকাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়ে জনোৱাৰ পাছতো , ‘আমাক গাড়ীৰ চকা ধোৱা চাকৰিলৈহে মাতিলে’ বুলি আক্ষেপ কৰা ল’ৰা-ছোৱালীৰ সংখ্যা বেছি দেখা গ’ল ।
অষ্টম শ্ৰেণী বা দশম শ্ৰেণীলৈকে পঢ়া ল’ৰা এটা বা ছোৱালী এজনীৰ বাবে ব্যক্তিগত খণ্ডত এনেধৰণৰ চাকৰিয়েই উপলব্ধ । সেই সত্য আমি মানি ল’ব পাৰিব লাগিব। তেনে চাকৰি কৰিবলৈ বিদেশত কোনেও কুণ্ঠাবোধ নকৰে । তাত প্ৰতিষ্ঠিত ব্যক্তি , উচ্চ পদবীধাৰী ব্যক্তিয়েও অন্য স্তৰৰ কৰ্মী এজনৰ লগত সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ কৰে , যিটো আমাৰ মুলুকত এক অবান্তৰ কথা । প্ৰাক্তন ৰাষ্ট্ৰপতি মাইকেল ওবামাৰ জীয়ৰীয়েও অংশকালীন ভাৱে ৰেষ্টোৰেন্টত ৱেইটাৰ হিচাপে কাম কৰিছিল । আমাৰ অসমীয়াৰ আকৌ নাপিত-মুছি হোৱাৰ কথা বাদেই দিয়ক, দোকান এখন দি স্বনিৰ্ভৰ হ’বলৈও গাত লাগে, কাৰণ তেওঁৰ যে কলেজৰ বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী এটা আছে ! বোলো হেৰৌ মোৰ ডেকাহঁত, সেইখন এখন কাগজহে মাত্ৰ, তাত তুমি ১০০% নম্বৰ পাই থ’লেও তুমি এটা বুৰ্বক হ’ব পাৰা, যদিহে তুমি কিতাপৰ জ্ঞানখিনি বা অভিজ্ঞতা-প্ৰদত্ত জ্ঞানখিনি কামত লগাব নাজানা ! মোৰ সোনামোৱাহঁত , অত বছৰৰ পঢ়া-শুনাই তোমাক যিখিনি শিকালে, সেইখিনিক তুমি কামত লগাবলৈ শিকা – চাকৰি নিজেই তোমাৰ ওচৰলৈ দৌৰি আহিব । চাকৰি তোমাক কি কাৰণে লাগে? কেৱল ধন আৰ্জিবলৈ ? নে লগতে মান-সন্মানো ঘটিবলৈ? তুমি যদি মান-যশ আৰু পইছাৰ বাবে এটা চাকৰি বিচাৰি ফুৰিছা, তেন্তে আমি ক’ম যে তুমি তাতোকৈয়ে বেছি অৰ্জন কৰিব পাৰিবা, যদিহে তুমি তোমাৰ ভগৱান-প্ৰদত্ত প্ৰতিভাৰ সাধন-কৰ্ষণ কৰি আনৰ বাবে আদৰ্শ হোৱাকৈ এটা ভেটি গঢ়িব পাৰা অথবা বিজ্ঞান-সাহিত্য-বাণিজ্য বা অন্য যি বিষয়তেই তুমি পঢ়িছা সেই বিষয়তে তুমি গভীৰ অধ্যয়ন কৰি নিজেই মানৱ-জাতিৰ অভূতপূৰ্ব সহায় হ’ব পৰা এটা তত্ত্ব বা ধাৰণা গঢ় দিব পাৰা । উদাহৰণ দেখোন তুমি চকুৰ আগতে দেখিয়েই আছা , পাঠশালাৰ বৰ্ণালী দাসে কিদৰে নিজৰ অধ্যয়ন তথা গৱেষণাৰ দ্বাৰা ৰাষ্ট্ৰীয় ৰেডিঅ’ জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰৰ সহযোগত সূৰ্যতকৈয়ো উষ্ণতৰ আৰু অধিক চুম্বকক্ষেত্ৰ থকা নক্ষত্ৰৰ আবিষ্কাৰ কৰি সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে , কিদৰে নগাৱঁৰ নাজনিন য়াছমিন নামৰ ছোৱালীজনীয়ে বিশেষভাৱে সক্ষম হৈও ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী হিচাপে যোগদান কৰিবলৈ সুযোগ পাইছে । প্ৰতিভাৰ বিকাশেৰে কিদৰে হীমা দাস, লাভলীনা বৰগোঁহাইয়ে আজি অসমীয়াৰ নাম উজ্বলাব পাৰিছে । তেওঁলোকে আজি কি টকাৰ বাবে হাবাথুৰি খাইছে নে চাকৰিৰ বাবে ? যাদৱ পায়েং, উদ্ধৱ ভৰালী, শিৱ থাপা, আদিল হুছেইন , ৰিয়ান পৰাগ আদি লোকসকলৰ নাম নক’লোৱেইচোন!
কেৱল চাকৰি চাকৰি বুলি উধাতু খাই থকাসকলক কওঁ, যে কেৱল চাকৰি এটাই জীৱন নহয় । এনেকৈ কাহানিও নাভাৱিবা যে, চাকৰি এটা পালেই তোমাৰ জীৱনৰ উদ্দেশ্য সিদ্ধি হ’ব । আমাৰ জীৱনটো আচলতে আমি ভৱাতকৈও বেছি মূল্যৱান আৰু মহৎ । যদিও ৱৰ্ল্ড বেংকৰ তথ্যমতে ভাৰতীয় মানুহৰ গঢ় আয়ুস মাত্ৰ ৬৯.৬৬ বছৰ, তথাপি চাবলৈ গ’লে এইখিনি সময়ৰ ভিতৰতেই কৰোঁ বুলিলে এজন মানুহে বহুখিনি কামেই কৰিব পাৰে । অইন নহ’লেওচোন ফটোগ্ৰাফীকে এটা কেৰিয়াৰ হিচাপে লৈ আগবাঢ়ি যাব পাৰে , পোৰ্ট্ৰেইট ড্ৰয়িং অথবা গ্ৰেফিটি অংকনো এটা কেৰিয়াৰ কৰি ল’ব পাৰে, এমাজানত বুঢ়া ভোলৰ জিম বা জালি বেচা আৰম্ভ কৰিও এজনে ব্যৱসায়ী হ’ব পাৰে অথবা ভোট জলকীয়াৰ ভিন্ন চাটনি-আচাৰ প্ৰস্তুত কৰিও আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন্টাৰপ্ৰেণাৰ হ’ব পাৰে । নতুবা যদি তুমি বিচাৰা, মানবিশিষ্ট ছুটি ছৱি নিৰ্মান বা সুকীয়া সংগীত-ধাৰাৰ সূচনাৰেও সমাজত সুউচ্চ স্থান দখল কৰিব পাৰা । এয়া আমাৰ মনলৈ অহা দুই-চাৰিটা উদাহৰণহে মাত্ৰ । তুমি নিজে ভালপোৱা সমাজহিতৈশী সকলো ধৰণৰ কাম যেনে, শিশুক সঠিক পথ নিদৰ্শনা দিয়া , সিহঁতক কলা-সংস্কৃতিৰ বা বিজ্ঞান-দৰ্শনৰ জ্ঞান দিয়া, বা জীৱ-জন্তুৰ হিতৰ বাবে কাম কৰি যোৱা , শাৰিৰীকভাৱে বিকলাংগ সকলৰ মংগলৰ বাবে কাম কৰা অথবা নাৰী-শক্তিৰ ৰক্ষণ, আত্ম-পৰিচিতি তথা বিকাশৰ বাবে কাম কৰা , তৃতীয় লিংগৰ সমতাৰ বাবে কাম কৰা, প্ৰাপ্তবয়স্কসকলৰ বাবে কাম কৰা, আত্মৰক্ষাৰ কলা আৰু কিটিপবোৰ আনক শিকোৱা, পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰা, নিজে এটা গীত লিখা বা কোৰিঅ’গ্ৰাফী কৰা ইত্যাদি এশ–এবুৰি উদ্দেশ্যৰে তুমি নিজকে ব্যস্ত ৰাখিব পাৰা । এক ধ্যানে নিৰিবিচ্ছিন্ন স্পৃহাৰে যদি তুমি লাগি থাকা, এনে কৰ্মৰাজীয়ে তোমাক সাধাৰণ জীৱনশৈলীৰপৰা আঁতৰাই এক সুকীয়া পৰিচিতি দিয়াৰ লগতে তোমাৰ জীৱন-ধাৰণৰ আমেজকো সুকীয়া মাত্ৰা প্ৰদান কৰিব , যাৰ সুখানুভূতি হয়তো হ’ব পাৰে আন দহজনে কৰি থকা এটা সাধাৰণ চাকৰিতকৈ বহুগুণে ওপৰত ! আমি ক’ব খোজা নাই যে তুমি চাকৰি কৰিব নালাগে -- আমি নিজেও চাকৰি এটাই কৰি আছো। আমাৰ দৰে অভিজ্ঞসকলে জানিব যে কি বাবেনো বহুতেই চাকৰিৰ অৰ্থটোক ‘চাকৰ+ই’ বুলি ক’ব খোজে । আমি ক’ব খুজিছো এইটোৱেই যে, চাকৰি নকৰাসকলে কিন্তু চাকৰিৰ আওঁতাত অহা এনে সময়মাফিক, নিয়মমাফিক বান্ধোনবোৰৰ পৰা মুক্ত হৈ স্বাধীনভাৱে নিজৰ সকলো কাম কৰিব পাৰে ।
আমাৰ দেউতাহঁতে কয়, কিদৰে তেওঁলোকে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পাছতে শিক্ষকতা বা অন্য ভাল পদবীৰ চাকৰিৰ বাবে অতি সহজে ‘অফাৰ’বোৰ পাইছিল। এতিয়া সেই দিন আছে নে ? ডক্টৰেট কৰাৰ পাছতো চাকৰি নোপোৱাকৈ বছৰদিয়েক বহি থকা ল’ৰা-ছোৱালী আমাৰ ওচৰে-পাঁজৰেই বহুত ওলাব । নিয়োগ-মেলাৰ ছৱিয়েই সেই কথা কয় । আৰু নহ’বনো কিয় বা ? সেই তেতিয়াৰ জনসংখ্যা আৰু আজিৰ জনসংখ্যাৰ মাজত আকাশ-পাতাল প্ৰাৰ্থক্য । আজিকালি প্ৰায় প্ৰতিজন ল’ৰা-ছোৱালীয়েই ন্যুনতম স্নাতক ডিগ্ৰীধাৰী হয়েই । অসমত থকা মেডিকেল কলেজ বা ইঞ্জিনীয়াৰিং কলেজৰ সংখ্যাইচোন আজিকালি কিমান বাঢ়িল ? তথাপিও ৰাজ্যৰ দূৰৱস্থালৈ চাই চৰকাৰে নিত্য-নতুন মহাবিদ্যালয়-বিশ্ববিদ্যালয় স্থাপনৰ কাম হাতত লৈয়েই আছে । আগতে যেনেদৰে কোনো এটা বৃত্তিমূলক পাঠ্যক্ৰম পঢ়িবৰ বাবে অসমৰ বাহিৰলৈ যাব লাগিছিল, বা অসমত থকা অতি কম সংখ্যক শিক্ষানুষ্ঠানত নামভৰ্তি কৰাবৰ বাবে হাবুডুবু খাব লাগিছিল, আজিকালিতো তেনে পৰিৱেশ নাই । চৰকাৰৰ লগতে সমানে আগবাঢ়িছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো । গতিকে কোনো এটা ‘প্ৰফেছনেল’ পাঠ্যক্ৰম পঢ়িবৰ বাবে আজিৰ ল’ৰাই বৰ বিশেষ চিন্তা কৰিবই নালাগে । সেইবাবেই উচ্চ-শিক্ষিতৰ সংখ্যাও একে অনুপাতত বাঢ়ি গৈছে । আজিৰ দেশৰ পৰিস্থিতিলৈ চাই ক’ব পাৰি যে, সাধাৰণ স্নাতকোত্তৰ ডিগ্ৰী এটা লোৱা মানেই চাকৰি এটা নিশ্চিত হোৱা বুলি ভৱা কথাটো এটা মাৰাত্মক ভুল ধাৰণা। প্ৰতিযোগীৰ সংখ্যা বঢ়া মানেই প্ৰতিযোগিতাৰ মানো বঢ়া । গতিকে, ‘যোগ্য ভোগ্য বসুন্ধৰা’ নীতিৰে বৰ্তিবলৈ হ’লে তুমি অন্য প্ৰতিযোগীতকৈ কিবা নহয় কিবা প্ৰকাৰে যোগ্য হ’বই লাগিব।
এই কথাখিনি বা আমাৰ সেই ‘চৰকাৰে একো দিয়া নাই’ বুলি চিঞঁৰাসকলে বুজি উঠিছে নে নাই ? নিয়োগ-মেলালৈ দৌৰি দৌৰি যোৱাসকলে নিজৰ গাত এবাৰ চিকুটি চাওঁক- ভাল চাকৰি পাবলৈ আপোনাৰ গাত সম হাৰৰ যোগ্যতা আছে নে নাই ? সাধাৰণ ষ্টেনোগ্ৰাফাৰ হ’বলৈও মিনিটত ১৫০টা শব্দ টাইপ কৰিব পৰা হ’ব লাগিব । কনিষ্ঠ সহায়কৰ পদৰ বাবেও কম্পিউটাৰত ৱৰ্ড-এক্সেল-পাৱাৰপইন্ট-ইন্টাৰনেট জানিব লাগিব । আৰু জানিলেইতো নহ’ব, লগৰ বাকীসকলতকৈ আগত থাকিব পৰাকৈ দক্ষ হ’ব লাগিব। কথাটো তেনেকুৱাই । কেৱল নেট/স্লেট বা ডক্টৰেট কৰিলেই যে এজন ছাত্ৰ বা ছাত্ৰীয়ে , চাকৰিত যোগদান কৰিয়ে অৰ্ধলক্ষ টকাৰ দৰমহা পোৱা সহকাৰী অধ্যাপক বা প্ৰবক্তা এজন হ’ব পাৰিব বুলি আশা কৰিব পাৰিব- সেয়া ভুল । ন্যুনতম অৰ্হতা থকা আবেদনকাৰীসকলৰ মাজতো শৈক্ষিক পৰীক্ষাসমূহৰ ফলাফলত কাৰ কিমান বেছি নম্বৰ, কোনে কিমানখন গৱেষণা-পত্ৰ/প্ৰৱন্ধ লিখিলে, কিমানটা আলোচনা-চক্ৰত ভাগ ল’লে, কেইখন গ্ৰন্থ লিখিলে এই সকলোবোৰ চালি-জাৰি চাই যাৰ ক্ষেত্ৰত সৰ্বমুঠ নম্বৰ বেছি হয়, তেওঁহে চাকৰিটো পায়গৈ । গতিকে এটা কথা জানি থোৱাটো মংগল যে , ‘ভাল’ চাকৰি এটা পোৱাটো আজিকালিৰ দিনত ইমানো সহজ কথা হৈ থকা নাই । এনেকি আপুনি যদি ‘টেট’ৰ শিক্ষকো হ’ব খোজে তেতিয়াও সেই একেই কথা, প্ৰথমে ন্যুনতম অৰ্হতাৰ বাবে উচ্চতৰ মাধ্যমিক/স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লওঁক, তাৰ পাছত শিক্ষক হ’বৰ জোখাৰে ডি.এড. বা বি.এড. হওঁক আৰু টেট পৰীক্ষাত উত্তীৰ্ণ হওঁক । তাৰ পাছত জিলাৰ খালী পদসমূহ চাই আবেদন কৰক , নথি-পত্ৰসমূহ দেখুওৱাক আৰু সৰ্বশেষত আপোনাৰ নাম ‘মেধাৰ তালিকা’ত আহিছে নে নাই সেয়া চাওঁক। ‘মেধাৰ তালিকা’ত আহিবলৈ হ’লে মেট্ৰিকৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ডিগ্ৰীলৈকে, টেটৰ নম্বৰো ধৰি সকলোবোৰ পৰীক্ষাতে আপোনাৰ ভাল ফলাফল থাকিব লাগিব ।
যোৱা ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহত সদনত প্ৰকাশ হোৱা তথ্য মতেই অসমত ১৭ লাখ নিবনুৱা আছিল । সেই সংখ্যা নিশ্চয় এতিয়া ১৯-২০ লাখৰো ওপৰলৈ যাব বুলি অনুমান কৰিব পাৰি । চাবলৈ গ’লে এইটো এটা ভয়াবহ সমস্যা। কিন্তু পৰিসংখ্যাই কয় যে অসম এইক্ষেত্ৰত কিছু আগবাঢ়িহে আছে । কিয়নো, Centre for Monitoring Indian Economy (CMIE) ৰ তথ্যমতে সমগ্ৰ ৰাষ্ট্ৰৰ নিবনুৱাৰ হাৰ(৭.৭%)তকৈ অসমৰ হাৰ কিছু কম (৪.১%)। যিয়েই নহওঁক, যিদৰে চৰকাৰে এতিয়া এক লাখ নিবনুৱাক সংস্থাপনৰ বাবে আয়োগ গঠন কৰি পৰ্যায়ক্ৰমে কাৰ্যসূচী হাতত লৈছে, সেইদৰে চৰকাৰখনে দূৰদৰ্শী অভিভাৱকৰ দায়িত্ব লৈ ৰাজ্যখনৰ উন্নতিৰ হকে কিদৰে নিয়োগ সৃষ্টি কৰিব পাৰি, দেশী-বিদেশী বিনিয়োগকাৰীৰে অসমক এখন প্ৰগতিশীল ৰাজ্যলৈ উন্নীত কৰিব পাৰি তাৰ অহৰহ চিন্তা-চৰ্চা কৰি থাকিলেহে অদূৰ ভৱিষ্যতে আমাৰ এই নিবনুৱা সমস্যাৰ কিছু ওৰ পৰিবগৈ পাৰে ।
অৱশ্যে এটা কথা ঠিক যে, শেহতীয়াকৈ নতুন চৰকাৰ হোৱাৰে পৰা এটকাও ঘোঁচ-ঘাচ নিদিয়াকৈ আমাৰ বহু ল’ৰা-ছোৱালীয়ে ভাল ভাল চাকৰি পাবলৈ সক্ষম হৈছে – যিটো বিগত সময়ত অসমত এক অবাস্তৱ কথা হৈ আছিল । আগেয়ে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসম লোকসেৱা আয়োগৰ চাকৰি বুলিলে নাক কোঁচাইছিল, তেওঁলোকেও এতিয়া অতি আগ্ৰহেৰে এনে পৰীক্ষাসমূহত বহিবলৈ লৈছে । দূৰ্নীতি নিৰ্মূলকৰণৰ প্ৰতি থকা চৰকাৰৰ আগ্ৰহ আৰু কৰ্মপন্থাৰ বাবেই এনে পৰিৱেশ আহিছে । এই সুযোগ আমাৰ প্ৰতিজন মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে লোৱা উচিত । কেৱল ৰাজ্য চৰকাৰৰেই নহয়, অসমৰ ল’ৰা-ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বভাৰতীয় পৰীক্ষাসমূহত বহিবৰ বাবে অন্ত:ত প্ৰস্তুতি চলোৱা উচিত । তাৰ বাবে আমাৰ অভিভাৱকসকলো কিছু সচেতন হোৱাৰ সময় আহি পৰিছে । অভিভাৱকে ল’ৰা-ছোৱালীয়ে মোবাইলত কি চায় , তালৈও ধ্যান দিয়া উচিত । মোবাইলটোৰ পৰাই এই সকলো পৰীক্ষাত বহিব পৰা সমল গোটাব পাৰি । তাকে নকৰি যদি কেৱল পৰ্ণগ্ৰাফী চাই , নাচ-বাজনাৰ ভিডিঅ’ চাই , কৌতুক-ৰহঘৰাৰে সময় পাৰ কৰে তেন্তে তেনে অবাবত সময় নষ্ট কৰা ল’ৰা-ছোৱালীৰ বাবে চাকৰি এটা পোৱাটো নিশ্চয়কৈ পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা হ’ব। উই.পি.এছ.চি., বেংক, বিভিন্ন পি.এচ.ইউবোৰ, এচ.এচ.চি., কোৰ্ট-কাছাৰী এইবোৰে উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি স্নাতক বা স্নাতকোত্তৰ আদি ভিন-ভিন পৰ্যায়ত বছৰত কেইবাবাৰো পৰীক্ষা পাতিয়েই থাকে । সেইবোৰৰ পাঠ্য-তালিকাত কি কি বিষয়ৰ প্ৰশ্ন আহিব আমাৰ ল’ৰা-ছোৱালীয়ে খৰছি মাৰি চোৱা উচিত । সাধাৰণ জ্ঞান, সাংখ্যিক দক্ষতা, যুক্তিগত দক্ষতা , ৰচনা লিখা, ইংৰাজী ভাষাৰ দক্ষতা, শেহতীয়া ঘটনাৱলীৰ বিষয়ে সম্যক জ্ঞান ইত্যাদি প্ৰতিজন চাকৰি-প্ৰত্যাশীৰ বাবে দৈনন্দিন কুচ-কাৱাজৰ বিষয় হোৱা উচিত । আগতে আমি কোনো বিষয়ত জানিবৰ বাবে কিতাপৰ বাদে অন্য একো মাধ্যম নাছিল । কিতাপ এখন মগাবলৈও দহবাৰ ভাৱিবলগা হৈছিল । আজিকালি সমগ্ৰ-বিশ্বৰ খবৰ যেতিয়া আপোনাৰ হাতৰ মুঠিত, তেন্তে চাকৰিৰ ক্ষেত্ৰত এনে সু-অভ্যাসৰ বাবেনো পিছপৰা থাকিব লাগে কিয় ? কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নোত্তৰৰ বাবে শিক্ষাৰ্থীয়ে সমিধান নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ (য’ত আমিও এজন কেৰিয়াৰ পৰামৰ্শদাতা) ৱেবচাইট xomidhan.org চকু ফুৰাব পাৰে ।
শেষত আমি ক’ম যে, ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধনৰ ক্ষেত্ৰত চৰকাৰে যিমান ব্যৱস্থা ল’ব পাৰে, তাতোকৈ বেছি অৰিহণা যোগাব পাৰে আমাৰ যুৱ-প্ৰজন্মই । চৰকাৰে ইতিমধ্যেই আত্ম-সহায়ক গোটলৈ, ক্ষুদ্ৰ ব্যৱসায়ীলৈ, কৃষকলৈ, ভিন্ন অনুন্নত জাতি-জনজাতিলৈ অনুদান আৰু ঋণ দি আহিছে । কেৱল চাকৰি চাকৰি বুলি হাত সাৱতি বহি নাথাকি কৃষি-বিজ্ঞান-সমাজ-সংস্কৃতি এই সকলো দিশতে যদি আমাৰ ডেকা-ডেকেৰীয়ে সমান উদ্যমেৰে হাতে-কামে লাগি যায় , কোনে ক’ব যে অসম এখন কৰ্ম-সংস্কৃতি-উদ্যমীৰে ভৰপূৰ এখন জাকত-জিলিকা ৰাজ্য হ’ব নোৱাৰিব ?জীৱনটো কিদৰে উদযাপন কৰিব ?
কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...
-
আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ ‘ থ্ৰী ইডিয়টচ্ ’ ত দেখুওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই “ মোৰ ল ’ ৰা ডাক্তৰ হ ’ ব ” বুলি ঘোষণা...
-
যুৱ শক্তি হৈছে এনে এক চালিকা শক্তি, যাৰ ওপৰত নিৰ্ভৰ কৰি কেৱল এটা জাতিয়েই নহয়, এটা পূৰ্ণ-বিকশিত সভ্যতাই নিজৰ অস্তিত্ব ৰক্ষা, ক্ৰমবিৱৰ্...
-
হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জীৱন । সুস্থ ...