লেখা অনুসন্ধান কৰক

Friday, October 31, 2025

জুবিন গাৰ্গৰ মৃত্যুয়ে আমাক কি শিকালে ..

‘জুবিন বৰঠাকুৰ’ নামৰ ৫২ বছৰীয়া ডেকাজন, যিয়ে ‘জুবিন গাৰ্গ’ নামেৰে পৰিচিত হৈ ৰহস্যজনকভা‌ৱে আমাৰ মাজৰপৰা অতি নিৰলে আঁতৰি গ’ল –অন্য লক্ষজনৰ দৰে মই কিন্তু তেওঁৰ অন্ধ অনুৰাগী নাছিলো। তেওঁৰ যিকোনো এটা গীত মুকলি হো‌ৱাৰ দিনাই গৰমে গৰমে শুনিবই লাগিব বুলিও ভ‌ৱা নাছিলো । অথচ, আমিবোৰ সেই জুবিন-যুগৰেই মানুহ । জুবিনৰ প্ৰতিটো কেছেট যেতিয়াই বজাৰলৈ আহিছিল , তেতিয়াই আমাৰ সমনীয়া প্ৰায় প্ৰতিজনৰে এটা স্বভা‌ৱেই হৈ পৰিছিল যে, জখলাবন্ধাতে হওঁক বা যোৰহাটৰ মাজমজিয়াৰ সেই বিখ্যাত তেল-ডিপোৰ কাষৰ দোকানখনৰ পৰাই হওঁক বা ওচৰৰ চহৰখনৰ প্ৰিয় দোকানখনতেই হওঁক কেছেটটো যেনে-তেনে কিনিবই লাগিব । অ‌ৱশ্যে দুদিন ৰৈ, আনৰ সমালোচনা শুনাৰ পাছত আমিও কিনি আনি ‌'ৱাকমেন’ অথবা ‘ডেক’ত লগাই শুনিছিলো জুবিনৰ গান –উস্ কি মজা আছিল সেই গান শুনাৰ অভিজ্ঞতা ! ল’ৰাহঁতে কৈছিল – ‘জুবিনৰ গীতবোৰ হেনো সুৰাৰ স্বাদৰ দৰে, প্ৰথম অ‌ৱস্থাত ইয়াৰ কোনো ভাললগা সো‌ৱাদ নাথাকে । কিন্তু লাহে লাহে সেই সো‌ৱাদ হেনো আঁতৰাব নো‌ৱাৰি’! এৰা, জুবিনৰ গান এইবাবেই বিখ্যাত হ’ল, এই বাবেই জনপ্ৰিয় হ’ল যে জুবিনে সেই সময়ৰ তথাকথিত প্ৰচলিত সংগীতৰ পৰা ফালৰি কাটি এক নতুন ধাৰাৰ পৰিচয় কৰালে আৰু সেই ধাৰাৰেই জুবিনৰ জোনাকী যুগ প্ৰতিষ্ঠা কৰালে । যো‌ৱা তিনিটা দশকৰো অধিক সময়ত জুবিন অসমৰ সংগীত জগতৰ একছত্ৰী সম্ৰাট হৈ ৰ’ল । এইয়াই হৈছে সঁচা প্ৰতিভাৰ পৰিচয় । অ‌ৱশ্যে উল্লেখ নকৰিলে নহ’ব যে, প্ৰতিভাৰ সমান্তৰালভা‌ৱে কিন্তু সেই ল’ৰাজনে কিছু খাম-খেয়ালিৰ জী‌ৱন এটা কটাইছিল, ওলোটা যেন লগা কাম-কাজেৰে অদ্ভূত শৈলীৰে নিজৰ জী‌ৱন কটাইছিল । সদায় ষ্পষ্টকৈ কথা কৈছিল । আজিৰ প্ৰদূষিত ৰাজনীতিয়ে জুবিনক কেতিয়াও তলাব নো‌ৱাৰিছিল । প্ৰকৃতি আৰু মানুহক নিৰ্ভেজালভা‌ৱে ভাল পো‌ৱা তেনে এজন সহজ-সৰল ল’ৰা আজি আমাৰ মাজৰ পৰা হেৰাই গ’ল । তেওঁ কিমানটা গীত গালে, কেইটা ভাষাত গান গালে , কিমানখন চিনেমা বনালে সেই তথ্যৰ বিশ্লেষণ কৰাটো চাগে’ এতিয়া প্ৰলাপ সদৃশেই হ’ব। কিন্তু কিমান মানুহৰ হৃদয়ক জুবিনে স্পৰ্শ কৰিলে, আৰু কিমানজনৰ হিয়াত জুবিনে থিতাপি ল’লে সেই কথাহে এতিয়া আলোচ্য বিষয় হো‌ৱা উচিত । জুবিনৰ অনাকাংক্ষিত মৃত্যু এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় । বহুতে কৈছে- ‘জী‌য়াই থাকোতে জুবিন যিমান শক্তিশালী আছিল, মৃত্যুৰ পাছত যেন তেওঁ বেছি শক্তিশালী’ । জুবিনৰ মৃত্যুৰ তদন্ত চলি আছে । আশা কৰিছোঁ তদন্তৰ শেষত যদিহে কাৰোবাৰ গাফিলতি বা ষড়যন্ত্ৰ ধৰা পৰে, তেন্তে সেই দোষীয়ে উচিত শাস্তি পাওঁক । এৰা, জুবিনৰ মৃত্যুয়ে কাহানিও নেদেখা বা নুশুনা কৌতুহল আৰু ৰহস্যৰ দু‌ৱাৰ এখন খুলি দিলে । আমি যিবোৰ আগেয়ে জনা নাছিলো, তেনে কিছুমান ঘটনা বা সত্য এতিয়া পোহৰলৈ আহিছে , যিবোৰ হয়তো বহু আগেয়ে জনাৰ অতি প্ৰয়োজনীয়তা আছিল । এই মৃত্যুয়ে উদ্ভ‌ৱ কৰা সাম্প্ৰতিক পৰিস্থিতি আৰু সম্পৰ্কিত ঘটনাৰাজীৰপৰা আমি যেন কিছু কথা আজি শিকিব পাৰিছোঁ, বুজিব পাৰিছোঁ – তেনে যেন লাগে । যিকেইটা কথাই আজি আমাৰ মনত দোলা দিছে , সেয়া হ’ল– ক) স্বকীয়তা তথা উদ্ভা‌ৱনীয়তা : অসমত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ যুগৰ অ‌ৱসান ঘটাৰ পাছত পুলক বেনাৰ্জী , ডলী ঘোষ, সন্ধ্যা মেনন, বিউটী শৰ্মা বৰু‌ৱা আদি গায়কে নতুন আধুনিক গীতৰ এটি নতুন ধাৰা বৰ্তাই ৰাখিছিল। তেনে এক সময়তে ইং. ১৯৯২ চন মানত জুবিনে গাৰ্গে আত্মপ্ৰকাশ কৰে মূলত: ‘অনামিকা’ কেছেটৰ জৰিয়তে । তেওঁৰ স্বকীয় গীতৰ কথা, সুৰ আৰু সংগীতশৈলীয়ে অসমৰ সকলো শ্ৰোতাকে তেতিয়া অতি আকৰ্ষিত কৰে আৰু জুবিন গাৰ্গৰ গীতৰ কেছেট ইটোৰ পাছত সিটো অতি জনপ্ৰিয় হ’বলৈ লয় । পশ্চিমীয়া পপ বা জাজ সংগীতেৰে অনুপ্ৰেৰিত অথচ, অসমীয়া থলু‌ৱা সুৰ সংগীতেৰে সুসমৃদ্ধ জুবিনৰ এই স্বকীয় শৈলীয়ে অসমৰ সংগীত জগতত এক অভূতপূৰ্ব জো‌ৱাৰ আনিলে যাৰ প্ৰতিধ্বনি আজিও অসমৰ প্ৰতিজন শ্ৰোতাৰ অন্তৰত অনুৰণিত হৈ আছে । গতিকে আমি ক’ব পাৰোঁ যে, যিকোনো ক্ষেত্ৰতেই - সেয়া হয়তো সৃষ্টিকৰ্মই হওঁক বা ব্য‌ৱসায়েই হওঁক- স্বকীয়তাক অতি গুৰুত্ব দিয়া উচিত। স্বকীয়তা নোহো‌ৱা শিল্পকৰ্ম দুদিনীয়া। অনুৰাধা বৰপূজাৰী বাইদে‌ৱে জুবিন গাৰ্গৰ ‘তুমি চো‌ৱা যেতিয়া’ গীতটোক উদাহৰণ দি কৈছে যে, এই কবিতাটো‌ৱে, এই গীতৰ কথাই ৰোমান্টিজমৰ ধাৰণাই সলাই পেলালে। প্ৰেমৰ গভীৰতাৰ মাত্ৰাক এই গীতটো‌ৱে এক নতুন উচ্চতা প্ৰদান কৰিলে । জুবিন গাৰ্গৰ কে‌ৱল গানবোৰেই শ্ৰোতাক মুহিছিল বুলি কো‌ৱাটো ভুল হ’ব । তেওঁৰ গীতৰ প্ৰতিটো কথা আছিল অতি উচ্চ মানৰ আৰু অনন্য ! চলচ্চিত্ৰৰ সফলতাৰ কথা নকলো‌ৱেইবা! খ) সৃষ্টিশীলতা : পৰিসংখ্যাৰে চালে, জুবিন গাৰ্গে ১৯,২৯৯ দিন জীয়াই থাকি, প্ৰায় ৪০,০০০ গীত গাই থৈ গ'ল । কি এক সৃষ্টিশীলতা ! এই বিশাল শিল্পকৰ্মই তেওঁক প্ৰজন্মৰ পাছত প্ৰজন্ম জীয়াই ৰাখিব। সেয়েহে, আমি এই একে আদৰ্শক সাৰোগত কৰি জী‌ৱনত কিবা নহয় কিবা এটা সৃষ্টিকৰ্মত প্ৰতি নিয়ত জড়িত হৈ থাকিবলৈ চেষ্টা কৰা উচিত। টকা ঘটি এটা স্বচ্ছল জী‌ৱন অতিবাহিত কৰাই আমাৰ জী‌ৱনৰ উদ্দেশ্য হো‌ৱা অনুচিত। আমাৰ জী‌ৱন-ধাৰণৰ শৈলীয়ে, আমাৰ ওচৰত থকা বেংক বেলেঞ্চে জী‌ৱন মহীয়ান কৰি নুতোলে , তুলিব আমাৰ সৃষ্টিশীলতাই, আমাৰ কৰ্মই । সমাজমুখী শিল্পকৰ্মই মানুহক সাধাৰণ নৰ-মনিচৰপৰা পৃথক কৰি মহা-মান‌ৱ কৰি তোলে । ( হীৰেন গোঁহাইদে‌ৱে সঠিকভা‌ৱেই কৈছে- ‘কোনো এজন ব্যক্তিৰ মৃত্যুত যদি লক্ষ লক্ষ মানুহ স্বত:স্ফুৰ্থভা‌ৱে ওলাই আহিব পাৰে, তেওঁ নিশ্চয়কৈ সাধাৰণ ব্যক্তি হ’ব নো‌ৱাৰে।’ ) গ) ধনাত্মকতা : জুবিন গাৰ্গে সকলো বিষয়তে এটা ধনাত্মক চিন্তাধাৰাৰ পোষকতা কৰিছিল । সকলো কথাই কৰিব পৰা যাব বুলি নিজে পতিয়ন গৈছিল আৰু আনকো পতিয়ন নিয়াইছিল। ইয়ে সমাজত ইজনৰ পাছত সিজনক ধনাত্মক বাৰ্তাৰে প্ৰভা‌ৱান্বিত কৰে আৰু এটা সময়ত সকলো যেতিয়া এনে ভা‌ৱধাৰাৰে অনুপ্ৰেৰিত হয়, তেতিয়া যিকো‌নো কামেই সম্ভ‌ৱপৰ হৈ উঠে । জুবিনৰ এই বিষয়টো এটা অতি শিকিবলগীয়া মহামন্ত্ৰ। ঘ)পৰোপকাৰ : জুবিন গাৰ্গে আনৰ সহায়ৰ বাবে কাহানিও পিছ হোঁহকা নাছিল । ‘নিজলৈ কি থাকিব’ সেই কথা নভ‌ৱাকৈয়ে কে‌ৱল আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছিল । সেয়ে আজিও দুখীয়া-নিচলা, হালো‌ৱা-বনু‌ৱা সকলো‌ৱে সেই মহান আত্মাৰ মৃত্যুত চকুপানী টুকিছে । আপোনাৰ বা মোৰ মৃত্যুত কেইজনে এইদৰে স্বত:স্ফুৰ্তভা‌ৱে দু:খত ভাগি পৰিব, এবাৰ ভা‌ৱি চাইছোহঁক নে ? ঙ) সৰলতা : আজিৰ যান্ত্ৰিক যুগত সৰলতা অতি দুষ্প্ৰাপ্য ভূষণ । আজিৰ মানসিক প্ৰদূষণ , সমাজিক মাধ্যমৰ কোৰ্হাল আৰু সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত বিলীন হো‌ৱা মানুহৰ মাজত সৰলতা নি:শেষ হৈ গৈছে । এনে সময়ত জুবিন গাৰ্গে নিজৰ সৰলতাৰে এক নিষ্পাপ আত্মাৰ পৰিচয় দি গ’ল । চ) স্বাস্থ্যৰ যতন আৰু সুৰা: জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ সতে সুৰাপান যে জড়িত আছিল, সেয়া অনুমান কৰিব পাৰি। তাৰো আগৰেপৰা তেখেতৰ স্বাস্থ্যৰ অন্য সমস্যা হৈ আছিল। সুৰাপানে তেখেতক ক্ষতি কৰিছিল আৰু এই অভ্যাস পাছলৈ তেওঁ কমাবলৈ যত্ন কৰিছিলি বুলি নিজেও স্বীকাৰ কৰিছে । প্ৰকৃততে আমাৰ দেহাটো যিকোনো ৰোগৰ প্ৰতি অতি স্পৰ্শকাতৰ। সুস্থ হৈ থকা লোক এজনো অলপ মান অমনোযোগিতাৰ বাবেই অতি সোনকালে বেমাৰী হৈ যাব পাৰে। যদিও নিৰোগী হৈ থকাৰ কোনো তেনে গোপন মন্ত্ৰ নাই, তথাপি আমি আমাৰ দেহাটোৰ যত্ন লো‌ৱা উচিত । কাৰণ, যিমুহুৰ্তত আমাৰ দেহাটো অচল হ’ব, সেই মুহুৰ্ততে আমাৰ সকলো ভা‌ৱনা-চিন্তা, সকলো সৃষ্টি, সকলো মত-অভিমত, সকলো ইচ্ছা-অনিচ্ছাৰ অস্তিত্ব নোহো‌ৱা হ’ব। গতিকে দেহা থকালৈকেহে বেহা! ছ) নিজেই নিজৰ সহায় হো‌ৱা : ‘পৰত আস, বনবাস’ বুলি এষাৰ কথা আছে। যিমানেই আপুনি অন্যৰ ওপৰত আস্থা ৰাখি কিবা এটা কৰিবলৈ যাব, সিমানেই সেই কামৰ প্ৰতি আপোনাৰ নিজৰ বিশ্বাস নোহো‌ৱা হ’ব। কাৰণ, আজিকালিৰ সময়ত বিশ্বাসী অনুগামী, বিশ্বাসী বন্ধু পাবলৈকে টান। জুবিনে নিজৰ অনুষ্ঠানৰ বাবে , নিজৰ কাম-কাজ চাবৰ মেনেজাৰ ৰখাটো কিমান এটা ভুল কাম কৰিলে সেয়া এতিয়া লাহে লাহে জলজল-পটপট হ’বলৈ ধৰিছে । আমাৰ ব্যক্তিগত অনুভ‌ৱ যে, যত দূৰ সম্ভ‌ৱ, প্ৰফেশ্যনেল কাম-কাজত প্ৰফেশ্যনেল সম্পৰ্কই ৰাখিব লাগে। জুবিনে যদি অন্ত:ত গৰিমা বৌক নিজৰ প্ৰফেশ্যনেল কাম-কাজৰ প্ৰতিটো খবৰ দি ৰাখিলেহেঁতেন তেতিয়া আজিৰ দৰে অথন্তৰ নহ’লহেঁতেন বুলি আমাৰ মনে ধৰে। ছ) বিত্তীয় লেনদেন আৰু প্ৰাৰম্ভিক বিত্তীয় সাক্ষৰতা : বিত্তীয় লেন-দেনৰ ক্ষেত্ৰত মানুহ সদা-সতৰ্ক হো‌ৱা উচিত , কিয়নো আজিৰ দুনীয়াত যদিও টকা-পইচাই সকলো নহয় বুলি পাঠ্যপুথিত কো‌ৱা হয়, তথাপি মানুহে কিন্তু নয়া-পইচালৈকে হিচাপ ৰাখে । বিশেষকৈ সাধাৰণ মানুহৰ কথা কৈছো । যিয়ে টকাৰ হিচাপ নাৰাখে, তেওঁ সাধাৰণ মানুহতকৈ উচ্চ স্তৰৰ ‘জুবিন গাৰ্গ’ হ’ব লাগিব। আমি ভা‌ৱোঁ যে, আজিকালিৰ ডিজিটেল যুগৰ সময়ত প্ৰাৰম্ভিক বিত্তীয় সাক্ষৰতাৰো প্ৰয়োজন আছে, যাৰ অভা‌ৱত হয়তো আমি কেতিয়াবা অনাকাংক্ষিত বিপদত পৰিব পাৰোঁ। জুবিন গাৰ্গৰ কিছু আচৰণত কিছু বুদ্ধীজী‌ৱি অসন্তুষ্ট যে হৈছিল, সেয়া সত্য । অ‌ৱশ্যে নহ’বই বা কিয়? কোটিৰ ঘৰত অনুগামী থকা এজন ব্যক্তিৰ আচাৰ-ব্য‌ৱহাৰ কথা-বতৰাকো যেতিয়া অনুগামীয়ে অন্ধভা‌ৱে অনুকৰণ কৰিবলৈ লয়, তেতিয়া জুবিনৰ এনে আচৰণ আৰু শিশু-সুলভ ব্য‌ৱহাৰ সমাজৰ বিদ্বান মহলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰাটো স্বাভা‌ৱিক কথা। আমি ক্ষোভ প্ৰকাশ কৰোঁ এই বাবেই যে , কৌটিৰ মাজত এজন, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহৰ যতন ল’বলৈ বা লো‌ৱাই দিবলৈ, জুবিনৰ আচৰণক সঠিক অভিভা‌ৱকত্বৰে পোনাই দিবলৈ জীয়াই থকা মূহুৰ্তত কিয় কোনো এজন বিদ্বান পুৰুষ নোলাল? আজি, যেতিয়া আমি জুবিনৰ সেই পুৰণা গীতবোৰ যেনে- ‘ৰৈ ৰৈ বিনালে’, ‘তুমি চো‌ৱা যেতিযা’, ‘গুণগুণ গুণগুণ’, ‘দিয়া ঘুৰাই দিয়া’, ‘গুপুতে গুপুতে’ আদি চকু মুদি পুনৰাই এবাৰ শুনিবলৈ লওঁ, তেতিয়া এনে লাগে যেন জুবিনৰ সেই সৃষ্টিকৰ্ম কোনো গুণেই এ.আৰ. ৰহমানৰ সংগীততকৈ কম নহয় ! তেনেস্থলত প্ৰশ্ন হয়- ৰহমানে পো‌ৱা ন্যায্য স্বীকৃতি আমাৰ জুবিনে নাপালে কিয় ? কিয় আমি আমাৰ প্ৰতিভাক বিশ্ববাসীৰ ওচৰত দাঙি ধৰিবলৈ সক্ষম নহ’লো ? এনে কি কাৰণত নো আজি বিশ্বৰ প্ৰতিটো প্ৰান্তত কালজয়ী ‘মায়াবিনী’ গীতটি ভিন ভিন ঠাঁচত পুণ:ৰচনা হ’বলৈ ধৰিছে ? জুবিনে এনে কি দি থৈ গ’ল যে আজি এই অপ্ৰত্যাশিত মৃত্যুৰ বতৰাত প্ৰতিগৰাকী লোক শোকত ম্ৰিয়মান হৈছে, হতচকিত হৈছে আৰু ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে যে তেওঁৰ মৃত্যুৰ কাৰণ বিচাৰি হাহাঁকাৰ কৰিছে ? জুবিনৰ মৃত্যুয়ে আজি তেনে কিছুমান প্ৰশ্নকে তুলি ধৰা নাই নে ?

No comments:

Post a Comment

জুবিন গাৰ্গৰ মৃত্যুয়ে আমাক কি শিকালে ..

‘জুবিন বৰঠাকুৰ’ নামৰ ৫২ বছৰীয়া ডেকাজন, যিয়ে ‘জুবিন গাৰ্গ’ নামেৰে পৰিচিত হৈ ৰহস্যজনকভা‌ৱে আমাৰ মাজৰপৰা অতি নিৰলে আঁতৰি গ’ল –অন্য লক্ষজনৰ দৰে ...