মানুহৰ ব্যস্ততাৰ অন্ত নাই।আপুনি যদি সংসাৰী পুৰুষ,তেন্তে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাপাটীত পৰালৈকে সংসাৰৰৰ নানানটা ভাৱনা-চিন্তাই আপোনাক এনেদৰে ব্যস্ত কৰি ৰাখে যে দিনটো কেনেদৰে পাৰ হয় আপুনি গমেই নাপায় ।আৰু যদি আপুনি এগৰাকি মাতৃ হয়, তেন্তে ল’ৰা-ছোৱালীৰ ঠেঁহ-পেছ,অভিযোগ,আৱদাৰ,খোৱাবোৱাৰ বিভিন্ন ধৰণৰ ব্যস্ততাই আপোনাক এনেদৰে জুৰুলা কৰে যে নিজৰ যত্ন ল’বৰ বাবেও আপোনাৰ সময়ৰ অভাৱে দেখা দিয়ে। কলেজীয়া ডেকা-ডেকেৰীৰো সেই একেই অৱস্থা ।ঘৰুৱা পাঠগ্ৰহণ(টিউছন)ৰ পৰা আৰম্ভ কৰি আবেলিৰ আড্ডা আৰু ৰাতিৰ পঢ়া-শুনাই প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে আজিৰ শিক্ষা-ব্যৱস্থাই পূৰামাত্ৰাই
ব্যস্ত কৰি ৰাখে ।থুনুক-থানাক কণমাণিজনীৰো যে কামৰপৰা আহৰিয়েই নাই !
ব্যস্ত কৰি ৰাখে ।থুনুক-থানাক কণমাণিজনীৰো যে কামৰপৰা আহৰিয়েই নাই !
প্ৰকৃততে বিচাৰ কৰিবলে গ’লে এনে ব্যস্ততাপূৰ্ণ জীৱন-যাত্ৰাই মানুহক কৰ্মসংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি জনজীৱনৰ প্ৰগতি ক্ষীপ্ৰতৰ কৰি তুলিছে । কৰ্মহীন জীৱনে এলাস্য ভাৱক প্ৰশ্ৰয় দিয়ে আৰু এজন মানুহৰ সৃষ্টিমুখী প্ৰতিভাক লাহে লাহে ধূলিসাৎ কৰিবলৈ আৰম্ভ কৰে । বৰঞ্চ ই মানুহজনক ধ্বংসমুখী কাৰ্য্যকলাপতহে আত্ম-নিয়োগ কৰিবলৈ উচতনি দিয়ে ।(An Idle Brain is a Devil’s Workshop)
প্ৰশ্ন হ’ল , এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আপুনি আপোনাৰ অন্ত:নিহিত ‘আপুনি’ জনৰ লগত কথা পাতিব পাৰিছে নে কেতিয়াবা ? নিজৰ মন আৰু বিবেকৰ আদেশ-নিৰ্দেশবোৰ আপুনি ভৃত্যৰদৰে কেৱল পালন কৰি গৈছে নে কেতিয়াবা সেইবোৰ জুকিয়াই চাবলৈ আহৰি পাইছে ? আপোনাৰ দেহাটোৰ প্ৰয়োজনীয় খাদ্যখিনি যোগান ধৰাৰ বাদে আপোনাৰ মনটোকো কেতিয়াবা তাৰ প্ৰিয় আহাৰ দি পাইছেনে ? নিজৰ আতীতৰ মধুৰ স্মৃতিবোৰ এবাৰলৈ হ’লেও আস্বাদন কৰিবলৈ আপুনি সময় পায় নে? জীৱনত কৰি অহা ভুলবোৰৰপৰা উপযুক্ত শিক্ষা ল’বৰ বাবে এবাৰ নিজৰ জীৱনটোক পৰ্যালোচনা কৰি পাইছেনে কেতিয়াবা ?
ৰাতি শেতেলীত পৰি দিনটোত কৰি অহা কামবোৰৰ এটা চমু খতিয়ান লওক আৰু কাইলৈৰ দিনটোৰ বাবে কৰিবলগীয়া খিনি আগতীয়াকৈ বাচি ৰাখক । আপোনাৰ জীৱনৰ লগত,কাৰ্যালয়ৰ লগত সাঙুৰ খাই থকা শ-হাজাৰজন মানুহৰ পৰা নিজকে ফালৰি কাটি উলিয়াই আনক আৰু নিজৰ দৃষ্টিৰে পৃথিৱীখন অন্ত:ত এবাৰলৈ চাবলৈ শিকক । দুআষাৰ নিজৰ সতেও কথা পাতক ।
নি:সংগ হওক । আজি চৌকাশে আপোনাৰ গুনানুকীৰ্ত্তন কৰি থকা বন্ধু-বান্ধৱ,পৰিয়াল,মিতিৰ-কুটুম্ব এই সকলোৰে লগত যে আপোনাৰ ব্যক্তিগত পৃথিৱীখনৰ কোনো সম্পৰ্ক নাই , সেয়া এবাৰ উপলব্ধি কৰক ।নিজৰ ব্যক্তিত্বৰ পৰ্যালোচনা কৰক । আপুনি নজনাকৈ কেনেকৈ কিছুমান বদ-অভ্যাসৰ চিকাৰ হৈছে আপুনি তাৰ উমান লওক আৰু সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিবলৈ লওক ।নিজকে নকৈ আৱিষ্কাৰ কৰক ।
নি:সংগ মুহূৰ্তত প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিৰ সৌন্দৰ্য উপভোগ কৰক । সূৰ্যোদয় আৰু সূৰ্যাস্ত উপভোগ কৰিবলৈ লওক –নৈৰ পাৰৰ মুকলি বতাহ লওক ,জোনাকত ভাবুক হওক । সৃষ্টিৰ ৰহস্যত আত্মবিভোৰ হওক –সৃষ্টিকৰ্তাৰ নিখুঁট ভাৰসাম্যতাৰ বুজ লওক ।
এটা সুন্দৰ গানৰ কলি গুনগুনাওক,এখন ছবি চাওক –যিয়ে আপোনাৰ মন জুৰ পেলাব পাৰে । ইয়ে আপোনাৰ খিংখিঙীয়া স্বভাৱ দূৰ কৰিব আৰু মনলৈ ধৈৰ্য,শান্তি আনিব ।
মাহেকত এবাৰলৈ হ’লেও এটা কবিতা বা এখন গ্ৰন্থ অধ্যয়ন কৰক ।দেখিব , আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনতো কিছু আজৰি সময় আপুনি গোটাব পাৰিছে ।
আপোনাৰ ভাললগা কামবোৰ কৰিবলৈ লওক । সৰুতে বা যৌৱনত আপুনি যিবোৰ কাম কৰি ভাল পাইছিল আৰু যাৰ অনুশীলন আপুনি আজিকালি নকৰা হৈছে ,সেয়া কৰিবলৈ লওক । আপোনাৰ প্ৰিয় খেল খেলিবৰ বাবেও মাহেকত এটা দিন উলিয়াই লওক ।
চাওক,কেনেকৈ আপোনাৰ জীৱনটো আপোনাৰ নতুনকৈ ভাললগা হৈ পৰিছে,ঠিক আপোনাৰ প্ৰথম প্ৰেমৰ দিনকেইটাৰ দৰেই !ভালপোৱা মানুহবোৰক, আপোনজনক অধিক মৰম কৰক –দুখীয়া বা নি:কিনজনৰ প্ৰতি অধিক কৰুণাময়ী,দানী হওক । আপোনাৰ জীৱনলৈ কেনেকৈ শান্তি ঘুৰি আহিছে তাক মৰ্মে মৰ্মে হ্ৰৃদয়ংগম কৰক ।
এটা কবিতা লিখি চাওক। কোনোবা এদিন আপোনজনৰ প্ৰতি আপোনাৰ অনুভৱ কেনে সেয়া লিখি পেলাওক । নিজে এটা গানৰ সুৰ সৃষ্টি কৰিব পাৰে নেকি তাকো চেষ্টা কৰি চাওক ।
কবি নীলমনি ফুকনৰ ভাষাত –“
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা “
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা “