এজন কবিয়ে কৈছিল,’পোহৰ হওঁক!’
আৰু তেতিয়াই পৃথিৱীখন পোহৰ হৈছিল
শব্দময় এক মহাজাগতিক ছন্দ ।
সেই ছন্দই প্ৰাণ ।
সেই প্ৰাণৰেই প্ৰবাহ বিশ্বব্ৰহ্মান্ডৰ ৰূপ ৰস স্পৰ্শ গন্ধ গানৰ
ইন্দ্ৰধনুখনি।
মানুহ য’তেই আছে,তাতেই জীৱন্ত বস্তুবোৰ আছে।
তাতেই কবিতা আছে।
জীয়াই থকাটোৱেই কবিতা।
জীৱনেই কবিতা ।
কেৱল মানুহৰেই গান আছে ।
মানুহৰেই আছে এটা অন্ত:শীল আৱেগিক ভাৱজীৱন ।
এটা বৃহত্তৰ জীৱন।
মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই
মানুহেই কেৱল কল্পনা আৰু সৃজনী শক্তিৰ অধিকাৰী।
এই কল্পনাই জ্ঞান
আৰু সৃজনীশীল চৈতন্যই পোহৰ ।
সৃজনীশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতিয়েই
মৰণশীল মানুহৰ শৌৰ্য।
আৰু মনুষ্যত্বৰ গৌৰৱ।
এইবোৰ কাৰণতেই আজিৰ সৰ্বগ্ৰাসী ৰাজনীতি,
অৰ্থনীতি,প্ৰযুক্তিবিদ্যা ,ঔদ্যোগীকৰণ,পৰিৱেশ প্ৰদূষণ,ভগৱান ,
ভয়,জিঘাংসা,উদ্বিগ্নতা,
শোষণ, নিপীড়ন,অস্তিত্ত্ব আৰু আধ্যাত্মিক
এই ঘোৰ সংকটৰ কালতো,
কবিতা লিখা ক’তো স্তব্ধ হোৱা নাই ।
কবিতা পঢ়া বা শুনা ক’তো বন্ধ হৈ যোৱা নাই ।।
প্ৰাণ অপ্ৰাণৰ এই মহা মিলনমেলাত
মানহেই বিচাৰি ফুৰিছে মানুহক
নিজেই নিজক
ব্যক্তিমনে বিশ্বমনক
জীয়াই থকাৰ আনন্দ
অথবা বেদনাক।
আপুনি কবিতা পঢ়েনে ?
কেতিয়াবা আপুনি পকা ধাননি পথাৰ এখনৰ ওপৰেদি
বৈ যোৱা এজাক সুগন্ধি বতাহৰ সোঁ-সোঁৱনি শুনিছেনে ?
দেখিছেনে কেতিয়াবা কাৰোবাৰ চকুৰ পানীত
জুইৰদৰে জ্বলি উঠা ডালিমৰ ফুল?
জানেনে আপুনি আপোনাৰ ঘৰৰ সমুখত পৰি থকা মৰা শটো কাৰ ?
সপোনত শুনেনে কেতিয়াবা মৰা-জীয়া ল’ৰা-ছোৱালীবোৰৰ উচুপনি আৰু চিঞঁৰ?
অনুভৱ কৰেনে আপুনি কেনেকৈ মাজে মাজে মৰি যায়?
বা মৰাৰপৰা জী উঠে ?
আৰু কিবা এটা শূণ্যতা,নিৰ্জনতা
য’ত একো নাই
য’ত সব আছে
য’ত একো নুশুনি
য’ত সব শুনিও?
চিনি পায়নে আপুনি সৌবোৰ জুৱাচোৰ ,প্ৰতাৰক,
অত্যাচাৰী,হত্যাকাৰী?
কেতিয়াবা আপুনি লগেৰে বা অকলে মাতেনে
প্ৰেম আৰু স্বাধীনতাৰ অমোঘ মন্ত্ৰ?
যৌৱনৰ সৌন্দৰ্য লহৰী?
নৈবোৰ কেতিয়াবা শিলনি হৈ
জোনটো কেতিয়াবা তেজৰদৰে ৰঙা হৈ
পৰিব পাৰে বুলি আপোনাৰ ভয় হয় নে?
আপুনিতো জানেই,
তেতিয়াৰে পৰা পৃথিৱীখন
ঘুৰি আছে,
ঘুৰি আছে,
ঘুৰি আছে ।
আঁহক,
কবিতা পঢ়ো।
কবিতাই অমৃত মণি,
অভয়।
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা ।।
:: -- কবি নীলমনি ফুকন ।
----------------------
এইটো কবিতা নহয়, কিন্তু মই কিবা কবিতা কবিতা যেন পাওঁ । ইমান সুন্দৰ প্ৰকাশভংগী । ইমান সুন্দৰ ভাৱ ! মোৰ গোটেইকেইটা শাৰী মুখস্থ আছে ।
কেতিয়াবা মনটো বেয়া লাগিলে নিজৰ মনতে গুনগুনাও আৰু সাহস পাওঁ কিবা এটা লেখাৰ প্ৰতি বা পঢ়াৰ প্ৰতি ।
-------------------------
No comments:
Post a Comment