মই ব্যক্তিগতভাৱে ৰাজনীতি
ঘিনা কৰোঁ ।(হেনোঁ মুৰ্খৰ শেষ আশ্ৰয় হ'ল ৰাজনীতি!) কিন্তু কেতিয়াবা ভাৱোঁ,
ৰাজনীতি নহ'লে দেশখন চলিব কেনেকৈ ? আমি নিবিচাৰিলেও আমি যে দেশৰ ৰাজনীতিৰ
লগত পাকে-প্ৰকাৰে সদায়েই জড়িত! ইয়াক আমি একেবাৰে বাদ দি চলিব নোৱাৰোঁ । পাৰোঁ,
কিন্তু সকলোবোৰ ভাল-বেয়া ঘটনা সমাজত চকুৰ আগতে ঘটি থাকিব,সেয়া আমি
নিৰ্বিবাদে মানি বহি থাকিব লাগিব ।আৰু তেনে 'চকু মুদা কুলি' হৈয়ো থাকিব
নিবিচাৰোঁ ।
সেয়ে কেতিয়াবা মন যায়, -জীৱনৰ শেষ অধ্যায়ত ৰাজনীতিতে সোমাও নেকি ! মানুহে কয়, বেয়াটোক ভাল কৰিবলৈ হ'লে প্ৰথমে তুমি 'বেয়া'ৰ 'চিষ্টেম'টোত সোমাই ল'ব লাগিব !
সেয়ে কেতিয়াবা মন যায়, -জীৱনৰ শেষ অধ্যায়ত ৰাজনীতিতে সোমাও নেকি ! মানুহে কয়, বেয়াটোক ভাল কৰিবলৈ হ'লে প্ৰথমে তুমি 'বেয়া'ৰ 'চিষ্টেম'টোত সোমাই ল'ব লাগিব !
No comments:
Post a Comment