যোৱা ১৮ আগষ্টৰ পৰা
চনী টিভিত সম্প্ৰচাৰিত হৈছে “কৌন বনেগা কৌৰৌৰপতি”ৰ অষ্টম অধ্যায় । ইং. ২০০০ বৰ্ষৰ
মে’ মাহত প্ৰথম স্টাৰ-প্লাছ চেনেলযোগে প্ৰচাৰিত হোৱা সৰু পৰ্দাৰ এই অনুষ্ঠানটোৱে
যোৱা দশকটোত ৰাইজৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সকলোৱে
ইতিমধ্যেই জানে যে এই শ্ব’টোৰ জৰিয়তে মাত্ৰ ১৪-১৫ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়েই
আপুনি এজন কোটিপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে । আজিৰ এই ভোগ-সৰ্বস্ব দুনীয়াত
এনেহেন কোটীটকীয়া টকাৰ মোহত এজন মাত্ৰ ভাৰতীয়ও আবদ্ধ নোহোৱাকৈ থাকিব পৰা নাই ।
যিসকলে এই গে’ম শ্বটোলৈ যাব পাৰিছে তেখেতসকলে দৌৰি গৈ ভাগ লৈছে আৰু যিসকলে যাব পৰা
নাই,সেইসকলে দূৰদৰ্শনৰ পৰ্দাতে সেই দৃশ্যসমূহ উপভোগ কৰি গা-মন জুৰ পেলাইছে আৰু
কেনেবাকৈ দুই-চাৰি টকা উফৰি আহি তেওঁৰ কোলাতো পৰেহি নেকি তাৰেই ভাৱনা-চিন্তা
কৰিছে ।
ইং. ২০০০ বৰ্ষত ২৭ বছৰীয়া এজন মুম্বাইৰ যুৱকে সৰ্বভাৰতীয় পৰ্যায়ৰ
সৰ্বোচ্চ পৰীক্ষা ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হ’বৰ বাবে প্ৰস্তুতি চলাই আছিল
। সেই মূহুৰ্তত দূৰদৰ্শনৰ পৰ্দাত ‘কৌন বনেগা কৌৰৌৰপতি’ চলি আছিল । ল’ৰাজনে
অনুষ্ঠানটোত সোধা প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ মাকৰ আগত কৈ থকা দেখি মাকে কৈছিল,
‘ইমানেই তই জান যদি এবাৰ কে.বি.চি.ত যোগদান কৰি নাচাৱ কিয়?’ আৰু সেইমতেই
হৰ্ষবৰ্ধন নবাতে নামৰ এই ল’ৰাজনে কে.বি.চি.ত অংশগ্ৰহণ কৰি মুঠ পোন্ধৰটা প্ৰশ্নৰ
উত্তৰ শুদ্ধকৈ দিবলৈ সমৰ্থ হ’ল আৰু লগে লগে দূৰদৰ্শনৰ অনুষ্ঠানৰ জৰিয়তে এক কোটি
টকা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিলে । সেই তেতিয়াৰে পৰা
আজিলৈকে মুঠ ১২ গৰাকী প্ৰতিযোগীক কোটিপতি বনাইছে এই কে.বি.চি. নামৰ ৰিয়েলিটি
গে’ম–শ্ব টোৱে ।
দূৰদৰ্শনৰ
সকলো কাৰ্যসূচীৰ জনপ্ৰিয়তাৰ পৰিসংখ্যাক নিৰ্ণয় কৰাৰ বাবে টি.আৰ.পি.(টেলিভিচন ৰেটিং
পইন্ট) নামেৰে এক সূচাংক আছে । এই সূচাংকলৈ চায়েই এটি অনুষ্ঠানৰ জনপ্ৰিয়তাৰ উমান
পোৱা যায় । ৰিয়েলিটী-শ্বৰ বিভাগত কে.বি.চি. অনুষ্ঠানটো সম্প্ৰসাৰণ হোৱাৰ আগেয়ে ভাৰতত
সকলোতকৈ উচ্চ স্থানৰ টি.আৰ.পি. লাভ কৰিবলৈ সক্ষম হৈছিল চলমান খানৰ দ্বাৰা পৰিচালিত
‘বিগ-বছ’ নামৰ অনুষ্ঠানটোৱে । এই বিগ-বছৰ
টি.আৰ.পি. পৰিসংখ্যকো চেৰ পেলাই দূৰদৰ্শনৰ ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে অভিলেখ
গঢ়িবলৈ সক্ষম হয় ‘কৌন বনেগা কৌৰৌৰপতি’য়ে ।
এই অনুষ্ঠানটোত সূত্ৰধাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ
মেগাষ্টাৰ অমিতাভ বচ্চনক । ৭২
বছৰীয়া এইজন সুদক্ষ অভিনেতাই কে.বি.চি.ৰ ৩ নং চিজন(অধ্যায়) টো বাদ দি সকলো অধ্যায়তে
সূত্ৰধাৰৰ ভূমিকা পালন কৰিছে আৰু কে.বি.চি.ক জনপ্ৰিয়তাৰ শিখৰলৈ তুলি নিয়াত অগ্ৰণী
ভূমিকা পালন কৰিছে । ২০০৭ বৰ্ষত অনুষ্ঠিত হোৱা কে.বি.চি.ৰ ৩ নং অধ্যায়টোত
সূত্ৰধাৰ হিচাপে আছিল জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান ।
বিপুল
পৰিমাণৰ সৰ্বসাধাৰণ দৰ্শকক আকৰ্ষিত কৰাৰ বাবেই যে আয়োজকসকলে এনে মেগা-ষ্টাৰৰ হতুৱাই
অনুষ্ঠানটো পৰিৱেশিত কৰে সেয়া নিশ্চিত । জানিব পৰা মতে ইং. ২০০০ বৰ্ষৰ প্ৰথমটি
অধ্যায়তেই অমিতাভ বচ্চনে প্ৰতিটো খণ্ডত কৰা সূত্ৰধাৰী অভিনয়ৰ বাবদ ২৫ লাখকৈ টকা
মাননি হিচাপে পাইছিল । ঠিক সেইদৰে ইং. ২০০৩ বৰ্ষত শ্বাহৰুখ খানৰ মাননিও আছিল ৭৫
লাখ প্ৰতি খণ্ডৰ বাবে । গতিকে আজিৰ তাৰিখত অমিতাভ বচ্চনে কে.বি.চি.ৰ প্ৰতি খণ্ডৰ পৰাযে কোটি টকাৰো অধিক টকা আয় কৰে সেয়া
নিশ্চয় পাঠক সকলে বুজি পাইছে ।
উক্ত
গে’ম শ্বটোৰ আৰু এটা অতি লক্ষনীয় কথা হ’ল এয়ে যে –ই কেৱল অংশগ্ৰহণকাৰী গোটাদিয়েক
মানুহকহে ধনী হোৱাৰ বাবে বাচনী কৰিছে যে এনে নহয়, দূৰদৰ্শনৰ সমুখত অনুষ্ঠান উপভোগ কৰি থকা
প্ৰতিজনকে কোটিপতি নহ’লেও অন্ত:ত লাখপতি হোৱাৰ একোটা সুৱৰ্ণ সুযোগ দিছে । ই এটা
অতি ডাঙৰ কথা । প্ৰত্যেকটো খণ্ডৰ সম্প্ৰচাৰৰ সময়ত অমিতাভ বচ্চনে এই সকল লোকৰ বাবেও
একোটা প্ৰশ্ন সোধে । এই শিতানটোৰ নাম হ’ল “ঘৰ বৈথে জিত’ জেকপট” । “ঘৰ বৈথে জিত’ জেকপট”ৰ যোগেদি দৰ্শকেও তিনি লাখ
টকা জিকাৰ সুবিধা আছে। ইয়াৰ বাবে দৰ্শকে প্ৰশ্নৰ উত্তৰসমূহ এচ.এম.এচ.ৰ যোগেদি পঠিয়াব লাগিব । শুদ্ধ উত্তৰ দিয়া সকলৰ পৰা লটাৰী কৰি
বিজয়ীজনক বাচনী কৰা হয় ।
যিটো অনুষ্ঠান
পাতিবৰ বাবেই কোটি টকাৰ খৰছ কৰিবলগীয়া হয়, তেনে এটা অনুষ্ঠান পাতি আয়োজকসকলৰ কিবা
লাভ হয় নে ? ই এটা স্বাভাৱিক প্ৰশ্ন । অলপ গমি-পিতি চাব পৰা যিকোনো মানুহেই এই
কথাটো বুজি উঠিব যে দুই-তিনি ঘন্টাৰ ভিতৰতে কোটি টকা ঘটাৰ সুযোগ দিয়া এনে এটা
অনুষ্ঠানৰ অন্তৰালত নিশ্চয় কোটিটকীয়া ব্যৱসায়িক লাভালাভৰ অংকও যে জড়িত হৈ আছে,সি
নিশ্চিতভাৱে সত্য । এই যে কোটি কোটি টকা
প্ৰযোজকসকলে একোজন খেলুৱৈক চকু মুদি দিব পাৰিছে, এই টকাসমূহ ক’ৰ পৰা আহিছে?
কেনেকৈ তেওঁলোকে ইমান টকাৰ হিচাপ এটা কোনো খেলিমেলি নোহোৱাকৈ বিজয়ীসকলক দি থাকিব
পাৰিছে ? অন্যহাতে এই টকা কোনো চুইচ্চ বেংকৰ ক’লা টকাও নহয় । গতিকে ৰহস্য ক’ত ?
এতিয়া আচল অংকটোলৈ আহোঁ । এচ.এম.এচ. পঠোৱাসকলে
নিশ্চয় জানে যে, সাধাৰণতে এটা এচ. এম. এচ. পঠিয়ালে
যিমান টকা যায়, তাতকৈ বহুত বেছি টকা কেবিচিলৈ পঠিয়াবলগীয়া এচ.এম.এচ.ত যায় । এনে প্ৰতিটো এচ.এম.এচ.ৰ বাবে এয়াৰটেল,ভডাফোন ,আইদিয়া আদি কোম্পানীয়ে গ্ৰাহকৰ
পৰা ৫ টকাকৈ আদায় কৰে । অন্যহাতে বি.এচ.এন.এলে ৬ টকাকৈ আদায় কৰে । ধৰা হ’ল ভাৰতৰ
মুঠ ২৯ খন ৰাজ্যৰ গড়ে ২০খন কৈ জিলাৰ ২০খন নগৰৰ পৰা যদি মাত্ৰ ১০০ টাকৈও এনে
এচ.এম.এচ. পঠিওৱা হয়, তেন্তে তেনে এচ.এম.এচ.ৰ যোগেদি ঘটিব পৰা ধনৰ পৰিমাণ হ’ব =
২৯ X ২০ X ২০ X ১০০ X ৫ = ৫৮,০০,০০০ =৫৮ লাখ । তিনি লাখ টকা
পুৰস্কাৰৰ বাবে জমা হোৱা ৫৮ লাখৰ পৰাই বহুখিনি টকা বচাব পাৰি ।কিন্তু এয়া এটা
সাধাৰণীকৃত ধাৰণাহে মাথোন। সঁচাসঁচি অংকবোৰ নিশ্চয় আমি ভৱাতকৈ বহু বেলেগ হ’ব । বৰ্তমান ভাৰতৰ জনসংখ্য হৈছে ১,২৩৬,৩৪৪,৬৩১ জন (২০১১ বৰ্ষৰ লোকপিয়ল মতে) । যিহেতু আজিকালি ভাৰতৰ প্ৰায় প্ৰতিটো পৰিয়ালতেই
দূৰদৰ্শনৰ সুবিধা হৈছে, গতিকে
এটা পৰিয়ালৰ পৰা যদি এটাকৈও এচ.এম.এচ. যায়, তেন্তে গড় হিচাপে ভাৰতৰ প্ৰতিটো
পৰিয়ালৰ সদস্য সংখ্যা ৬ জন বুলি ধৰিলে এই টকাৰ পৰিমাণটো হৈ পৰে ১০৩,০২,৮৭,১৯২ অৰ্থাৎ ১০৩ কোটি । আৰু এয়া হৈছে মাত্ৰ এটা
প্ৰশ্নৰ বাবে পঠিওৱা এচ.এম.এচ.ৰ বিনিময়ত জমা হোৱা টকাৰাশীৰ হিচাপ । প্ৰতিটো
খণ্ডৰ বাবদ এনেকুৱা কিমান কোটি টকাৰ অংক চলি থাকে সেয়া ৰাইজে অলপ গমি চালেই ওলাই
পৰিব ।
ইয়াৰ উপৰিও আটাইতকৈ
গুৰুত্বপূৰ্ণ কথাটো হৈছে যে শ্ব’টোত অংশগ্ৰহণ কৰিবৰ বাবে কোনো বিনা-শুল্কৰ প্ৰৱেশ-পদ্ধতি
নাই । ইয়াৰ বাবে সেই একেই ফৰ্মূলা গ্ৰহণ কৰি আপুনি মোবাইলৰ ‘কল’ নতুবা এচ.এম.এচ.
যোগেৰে তিনি তৰপীয়া নিৰ্বাচন পদ্ধতিৰে নিৰ্বাচিত হ’ব লাগিব । তাৰ বাবে কিমান বাৰ
যে শুদ্ধ উত্তৰ দি মোবাইলৰ পৰা টকা উৰুৱাব লাগিব তাৰো কোনো ঠিকনা নাই । প্ৰযোজক
সকলে ৱেবচাইটযোগেৰে নামভৰ্তিৰো ব্যৱস্থা কৰিছে, সঁচা । পিছে সেই নামভৰ্তিকৰণৰ
বাবেও পঞ্চাছ টকাৰ মাচুল ধাৰ্য কৰি দিছে আৰু সেয়া কৰাৰ পিছতো আপোনাৰ মোবাইল যোগে তেখতসকললৈ একেই ধৰণে ‘কল’ বা
‘মেচেজ’ পঠিয়াবই লাগিব । গতিকে ইয়াৰ পৰা এই কথাটোয়েই প্ৰমাণিত হয় যে ধূৰ্ত ব্যৱসায়ীয়ে
আমাৰ টকাৰেই আমাক লুটি আছে,অথচ আমি একো গমেই পোৱা নাই । ডাকে কোৱাৰ দৰে --
“তোমাৰ ঘৰৰ বাহঁ গাজ
নি তাৰেই কৰিলো খৰিছা
তোমাকে বেছি শিকিটো
নিলো কথাটো মন কৰিছা ?”
শ্ব’টোৰ প্ৰযোজক
সিদ্ধাৰ্থ বসুৱে কিন্তু ইয়াৰ সফলতাৰ কাৰণ কি বুলি সোধা উত্তৰত কয় যে এই শ্ব’টোৱেই
হৈছে এটা “Game Changer” । বৃহৎ অংকৰ পুৰস্কাৰ আৰু মেগাষ্টাৰৰ উপস্থিতিয়েই শ্ব’টোৰ চাবিকাঠি ।
আৰু ইয়াৰ লগত জড়িত বিজ্ঞাপনেই শ্ব’টোৰ মূলধন বুলি তেওঁ উল্লেখ কৰে । কথাটো সিমান
নোহোৱাও নহয় । কিন্তু তেখেতে কেতিয়াও
কাহানিও শ্ব’টোৰ অন্ত:ৰ্নিহিত ব্যৱসায়ী-বুদ্ধিক ৰাইজৰ ওচৰত প্ৰকাশ কৰি দিয়া নাই
। ক’ব পাৰি , তেখেত এজন সফল ব্যৱসায়ী ।
অৱশ্যে সেই বুলি
কে.বি.চি. অনুষ্ঠানটোৱে যে একো এটা ভাল কাম কৰিব পৰা নাই, তেনে নহয় । সাধাৰণ
জ্ঞান আৰু দেশ-বিদেশৰ ঘটনাৰাজীৰ বিষয়ে আমি প্ৰত্যেকেই অলপ-অচৰপ হ’লেও জানো। কিন্তু বিভিন্ন অজুহাতত দেশৰ প্ৰতিটো খবৰ মনত ৰখাটো সম্ভৱপৰ
হৈ নুঠে । এই অনুষ্ঠানে আমাক আমি
নজনাকৈয়ে কুইজৰ প্ৰতি মনোযোগ বঢ়াইছে আৰু দেশৰ ঘটনা-প্ৰবাহৰ প্ৰতি চকু-কাণ খোলা
ৰাখিবৰ বাবে অন্ত:ত অলপ হ’লেও আমাক সজাগ কৰিছে । ই এটা অতি ভাল অভ্যাস । প্ৰতিজন
নাগৰিকেই দেশৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে যেতিয়া গম পাব, তেতিয়াহে সমাজে সুস্থ
চিন্তাধাৰাৰে সঠিক পদক্ষেপ ল’ব পাৰিব । কাৰণ , সঠিক তথ্য নজনাৰ বাবেও আমাৰ বহুতেই
বহু ভুল পথত আগবাঢ়ে বা বহু বঞ্চনাৰ সমুখীন হয় । আৰু এটা কথা এইখিনিতেই উল্লেখ
কৰাটো সমীচিন হ’ব, চাকৰিৰ বাবেই হওক নতুবা কোনো শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ বাবেই
হওক, সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো পৰীক্ষাতে আজিকালি ‘শেহতীয়া ঘটনাৱলী’ৰ ওপৰত কিছু
পৰিমাণৰ প্ৰশ্ন দেখিবলৈ পোৱা যায় । গতিকে ছাত্ৰ-ছাত্ৰীসকলে এনেবোৰ কথাৰে নিজৰ
জ্ঞানৰ পৰিসীমা বঢ়াই ৰাখিলে এদিন নহয় এদিন তেওঁলোকৰ অনেকখিনি সুবিধা যে হ’ব ,সেয়া
নিশ্চিত ।
No comments:
Post a Comment