মাটি-বাৰী
সম্বন্ধীয় যিকোনো কাম সফলভাৱে কৰিবলৈ হ’লে আমি পোনছাতেই মণ্ডল এজনৰ ওচৰলৈকে দৌৰ
মাৰিবলগীয়া হয় কাৰণ, তেওঁলোকেই হৈছে ৰাজহ আৰু ভূমি সংক্ৰান্তত মকৰল হোৱা অঞ্চলভিত্তিক
চৰকাৰী কৰ্মচাৰী । কিন্তু সদৌ অসমৰ প্ৰতিজন নাগৰিকে নিশ্চয় জানে, এই মণ্ডলসকল নিজৰ
কাম-কাজৰ ক্ষেত্ৰত কিমান নিকা আৰু স্বচ্চ । যিহেতু ভূমিক সোণতকৈও বেছি মূল্যৱান এটা
সম্পত্তি হিচাপে গণ্য কৰা হয় সেইবাবেই হ’বলা মাটি-বাৰীৰ প্ৰতিটো লেন-দেনতেই ঘোঁচখোৰ
চৰকাৰী কৰ্মচাৰীসকলৰ শেনচকু পৰা পৰিলক্ষিত হয় । মাটিৰ কিনা-বেচা কৰা বা পট্টা উলিওৱা
কামটো প্ৰকৃতাৰ্থত চাবলৈ গ’লে এখন প্ৰমাণপত্ৰ উলিওৱাৰ দৰেই সাধাৰণ কাম হ’ব
লাগিছিল । প্ৰতিটো চৰকাৰী কামতেই প্ৰকৃত তথ্য অধ্যয়ন কৰাৰ পাছত আৱেদনকাৰীৰ বাবে
সি প্ৰাপ্য হয় নে নহয় তাক চালিজাৰি চোৱা হয় আৰু যদি সকলো নথি-পত্ৰ সঠিক হয়
,তেন্তে তেনে আৱেদন মঞ্জুৰ কৰা হয় । সেইদৰেই মাটিৰ ক্ষেত্ৰতো নথি-পত্ৰ ঠিকে থকা
মানুহ এজনৰ বাবে ভূমি সংক্ৰান্তীয় যিকোনো কাম চক্ৰ-বিষয়াৰ কাৰ্যালয়ত বিনা ভেঁটিৰেই
হোৱাৰ সম্পূৰ্ণ যুক্তি আছে । কিন্তু বাস্তৱক্ষেত্ৰত ইয়াৰ পূৰামাত্ৰেই ওলোটা ৰূপটোহে
দেখা যায় । অন্য বিষয়া কৰ্মচাৰীৰ কথা নাজানো, মণ্ডলসকলে কিন্তু প্ৰতিজন নাগৰিকৰে
পৰা যে প্ৰতিটো কামৰ বাবেই হাজাৰ হাজাৰ টকা ঘোঁচ হিচাপে লৈহে কাম কৰে সেয়া
সৰ্বজনবিদিত । ঠাই বিশেষে বহু ক্ষেত্ৰত এনে ঘোঁচৰ পৰিমাণ লাখ টকাৰো ওপৰত হয় বুলি শুনা যায় । মণ্ডলসকলৰ
এনে ঘোঁচপ্ৰীতি স্বভাৱে আমাৰ ৰাজ্যৰ কৰ্মসংস্কৃতিত কালিমা সনা নাই নে ?
এটা সৰু উদাহৰণে তেৰাসকলৰ মানসিকতাৰ প্ৰমাণ দিব । বৰ্তমানে অসমত ভূমি আৰু ৰাজহ বিষয়ক সকলো কাম-কাজ কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰদ্বাৰা প্ৰস্তুত ‘ধৰিত্ৰী’ নামৰ ‘চফ্টৱেৰ’টোৰ যোগেদি কম্পিউটাৰৰ জৰিয়তে কৰা হয় । পূৰ্বৰ কাগজ-পত্ৰৰ হিচাপ-নিকাচত বহুখিনি খেলি-মেলি হোৱা বাবে ইং.২০১১ চনৰেপৰা এই চফ্টৱেৰৰ জৰিয়তে সকলো নথি-পত্ৰ সংৰক্ষণ কৰাৰ লগতে প্ৰয়োজনীয় আটাইখিনি কাম-কাজ ইয়াৰ যোগেদিয়েই কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থাৰে ‘ডিজিটেলাইজড’ কৰিবলৈ লোৱা হয় । ফলস্বৰূপে কাগজ-কলমেৰে কৰিবপৰা সকলোধৰণৰ দুৰ্নীতি চলাৰ মুদা মৰিল। ইয়াৰ বাবে নিশ্চয়কৈ অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় সূচনা-বিজ্ঞান কেন্দ্ৰ প্ৰশংসাৰ যোগ্য । কিন্তু অসমীয়াত এষাৰ ফঁকৰা–যোঁজনা আছে যে –‘চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই; যাৰ যি পৰকিতি মৰিলে লগতে যায়’ । গতিকে সমস্যাটো হ’ল তাতেই যে ‘চিষ্টেম’টো সলনি কৰিব পাৰিলেও আমি মানুহবোৰক কাহানিও সলনি কৰিব নোৱাৰোঁ । এই কম্পিউটাৰৰ ব্যৱস্থাটো হোৱাৰ পাছতো বহুজনেই বহু ৰকমে ভেঁটি লৈয়েই ধনী হৈ আছে । এখন জিলাত নতুনকৈ মণ্ডল চাৰিজনে চাকৰি পালে । গতিকে তেওঁলোক চাৰিজনক কম্পিউটাৰৰ সেই বিশেষ চফ্টৱেৰটোৰ পৰিচালনা সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ দায়িত্বত পৰিল আমাৰ সম্বন্ধীয় এগৰাকী বাইদেউ । প্ৰশিক্ষণ লৈ হোৱাৰ পাছত তেওঁলোক চাৰিজনে মিলি বাইদেউক যাঁচিলে এটা লেফাফা । বাইদেৱে আচৰিত হৈ ক’লে– ‘এয়া কি দিছা তোমালোকে ? আৰু কিয়?’ । তেওঁলোকৰ উত্তৰ আছিল এইবুলি –“বাইদেউ আপুনি আমাক ভাগ্যৰ দুৱাৰ মুকলি কৰি দিলে । গতিকে কৃতজ্ঞতাৰ চিনস্বৰূপে এয়া সামান্য উপহাৰ আপোনালৈ বুলি।” বাইদেৱে লেফাফাটো গ্ৰহণ নকৰিলে আৰু ক’লে যে ইয়াৰ বিনিময়ত তেওঁলোকে দুখীয়া-নিচলা মানুহবোৰক কোনো হাৰাশাস্তি নকৰাকৈ সকলোৰে কাম-কাজবোৰ নিস্বাৰ্থভাৱে কৰি দিয়ে যেন ।
এইখিনিতে এটা কথা উনুকিয়াব লাগিব যে, অসম
চৰকাৰৰ প্ৰতিটো চাকৰি যিহেতু লাখ টকাৰ ভেঁটি দি কিনি ল’ব লগীয়া হয় , গতিকেই নকৈ
যোগদান কৰা চাকৰিয়ালজনেও দুৰ্নীতি কৰিবলৈ একপ্ৰকাৰৰ বাধ্য হয় । আৰু এইধৰণেই পূৰ্বপুৰুষৰপৰা
পোৱা পৰম্পৰাৰ দৰে অসমত দুৰ্নীতি চলি আহিছে আৰু চলিয়েই থাকিব । ইয়াৰ বাবে প্ৰতিজন
নাগৰিকেই যদি প্ৰতিজ্ঞা কৰে যে তেওঁ কাহানিও ক’তো ঘোঁচ দিয়াৰ নামত এটা টকাও খৰছ
নকৰিব, বৰঞ্চ খোঁচখোৰ কৰ্মচাৰীৰ বাবে আইনগত বা নীতিগত যিখিনি ব্যৱস্থা আছে
সেইখিনিৰ পূৰ্ণমাত্ৰেই সুযোগ লৈ যুঁজি
যাব, তেতিয়াহে অদূৰ ভৱিষ্যতে অসমতো এখন দুৰ্নীতিবিহীন সুস্থ সমাজে গা কৰি উঠিব বুলি আমি বিশ্বাস কৰোঁ।
--------------------------- ----------------000----------- ------------------------------ ----------
অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ (দূৰভাষ -৯৪৩৫১৫২৭৬৮)
No comments:
Post a Comment