আজি ‘বিষ্ণু ৰাভা দিৱস’ । কেৱল এই দিনটোতে বোধহয় আমি ‘বিষ্ণু প্ৰসাদ ৰাভা’
নামৰ ব্যক্তিজনক আনুষ্ঠানিকতা ৰক্ষা কৰি দুই-চাৰিজনে সোঁৱৰণ কৰিম । চাৰিজন
প্ৰতিযোগী আৰু পাঁচোজন শ্ৰোতা-দৰ্শকৰে বিষ্ণুৰাভা-সংগীতৰ প্ৰতিযোগিতা পাতিম আৰু সজাই-পৰাই
লিখি বাতৰি-কাকত,দূৰদৰ্শনযোগে অনুষ্ঠানটোৰ গুণগান গাম । কিমানজনে গভীৰভাৱে শ্ৰদ্ধাঞ্জলী যাঁচি সঁচা অৰ্থত এই জাতি গঢ়োতা
শিল্পীজনক স্মৃতিচাৰণ কৰিব সেয়া হয়তো এটা সন্দেহজনক বিষয়, কিন্তু তেখেতৰ নামত যে হাজাৰজন আধুনিক অসমীয়াই এটা বন্ধৰ দিন উপভোগ
কৰি মানসিক শান্তিত কটাব সেয়া নি:সন্দেহে সত্য।
সঁচা কথাটো হ’ল,আজিৰ তাৰিখত এজন অসমীয়া ডেকা হিচাপে মই যে বিষ্ণুপ্রসাদৰ নামত কিবা এটা
চিন্তা কৰিছোঁ অথবা কিবা এষাৰ লিখিছোঁ, সেইটোৱেই এটা ‘আপুৰুগীয়া’ কথা হৈ পৰিছে ; যিসময়ত মোৰ বয়সৰ হাজাৰজন অসমীয়া ডেকা-ডেকেৰীয়ে নিজৰ বিবেক-মগজুক আন কোনো
বহুজাতিক প্রতিষ্ঠানৰ নামত বন্ধকত থৈ সস্তীয়া পার্থিৱ আমোদ-প্রমোদেৰে
সুখ-স্বাচ্ছন্দৰ জীৱন অতিৱাহিত কৰিবলৈ সাজু হৈছে অথবা মাটি-ভেঁটি বেচি কোনজন
দালালৰ হাতেৰে চৰকাৰী চাকৰী এটা হস্তগত কৰি ঘৰ-সংসাৰ তৰিব পাৰি তাৰ ভাৱনাত বিভোৰ
হৈছে নতুবা দেশৰ বা-বাতৰি পাগুলী চাৰিআলিৰ চুকত কেৰমগুটি খেলি থাকোতে কোনটো
ৰাজনৈতিক দলৰ হৈ সহায়তা কৰিলে ঠিকা-ঠুকলিৰ বাট মুকলি হ’ব তাৰে গণনা কৰিছে |
স্বীকাৰ কৰিব লাগিব যে, ৰাভাদেৱৰ সময়ৰ অসমীয়া
সমাজ আৰু এতিয়া নাই | মানুহ,প্রযুক্তি,সমাজ-ব্যৱস্থা,চিন্তা-চর্চা আৰু সময়--এই সকলোবোৰেই সলনি হৈছে | কিন্তু এনে ৰূপান্তৰ আগন্তুক কৌটি কৌটি
বছৰলৈ চলি থাকিলেও বিষ্ণু ৰাভাৰ প্রাসংগিকতা অসমীয়া সমাজৰ বিৱর্তনৰ সোঁতত কেতিয়াও হেৰাই নাযায়, বা যাব নোৱাৰেও | সেই সময়ৰ অসমীয়া সমাজৰ প্রতিটো অপৈণত
অংগকে(ক্ষেত্রকে) বিষ্ণুৰাভাই নিজৰ প্রতিভাৰে সাঁচত
গঢ়ি যিদৰে এক অনন্য স্বকীয় নৱৰূপ প্রদান কৰিলে আৰু যাৰ বলত আজি অসমীয়া জাতিয়ে
ভাৰতৰ অন্য সংস্কৃতিবান জাতিসমূহৰ মাজৰে এটা হৈ মূৰ তুলি থাকিবলৈ সামর্থবান হৈছে ;সেই
বিৰল ত্যাগ,দেশপ্রেম,জাতীয়তাবোধ আৰু সমাজ-সংস্কৃতিৰ মজিয়ালৈ আগবঢ়াই যোৱা অৱদান
অসমে দ্বিতীয় এজন পুত্ৰৰ পৰা যে আদায় কৰিব পাৰিব, তাত আমি সন্দেহ প্রকাশ কৰো |
আজিৰ ৰাভা-গাৰো-মিচিং-বড়ো-কছাৰীৰ সুকীয়া স্বৰাজ দাবীৰ এই মহঙা দিনত আপুনি দেখা পাইছে নে বিষ্ণু ৰাভাই বান্ধি যোৱা সমন্বয়ৰ এনাজৰীডাল ? সংগীতক জনতাৰ
অন্তৰে অন্তৰে সুমোৱাই, সংগীতৰ মায়াবী যাদুৰেই জগতৰ সংস্কাৰ সাধন কৰিবলৈ সমৰ্থ হোৱা
বিষ্ণু ৰাভাই গীতৰ কথাৰে, সুৰেৰে প্ৰতিজন
অসমীয়াৰ হিয়াৰ সতে আলাপ কৰিছিল । তেনে এজন শিল্পী আজি আপুনি বিচাৰি পাইছেনে নতুন
চামৰ মাজত ? আপুনি
অনুভৱ নকৰে নে ,লাহে লাহে আজিৰ নতুন গায়ক-গায়িকা(তথাকথিত ‘শিল্পী’!)ই অসমীয়া থলুৱা সুৰৰ নাম-চিহ্ন নোহোৱা কৰি সম্পুর্ণ
পশ্চিমীয়া শৈলীৰে গীত গাবলৈ আৰম্ভ কৰিছে বুলি ?জ্যোতি-বিষ্ণু-পার্বতীৰ গীত শুনি যি
মানসিক প্রশান্তি আপুনি লাভ কৰে, সেই একেই সুখানুভুতি আপুনি পাব পাৰেনে আজিৰ জুবিন-মানস-সীমান্ত-দীক্ষুহঁতৰ
গানত?
আমি অন্ত:কৰণেৰে অনুভৱ কৰোঁ, বিষ্ণু ৰাভা আৰু এজন জন্ম হওক | কিন্তু সেয়া কাহানিও নহয়,সকলোৱে জানে । কাৰণ, আজিৰ প্রতিজনেই বিষ্ণু ৰাভা হ’বও নোৱাৰে !
‘বিষ্ণু ৰাভাই কিন্তু সমাজৰ দলিত,শোষিত জনৰ হকে
দেহে-কেহে যুঁজিছিল ;কলমেৰে তেওঁৰ অগ্নি-
ফিৰিঙতি বৰষিছিল ।’ এনে এজন লেখক আপুনি আঙুলিয়াই দিব পাৰিবনে আজিৰ যুগত, যিয়ে কেৱল কলমেৰে
দুখীয়া-নিচলাৰ বন্ধু হ’ব পাৰিছে, হ’ব পাৰিছে তেওঁলোকৰ শোষণ-বিৰোধী কন্ঠ ? পাৰিবনে
বাচি উলিয়াব এজন অসমীয়া মানুহ, যিয়ে সমাজত সঘনে ঘটি থকা প্ৰতিটো অন্যায়ৰ প্ৰতি
স্বাৰ্থহীন ভাৱে মাত মাতিব পাৰিছে ? পাৰিবনে বিচাৰি এজন মানুহ, যিয়ে মানুহক নিজা
সংস্কৃতি আৰু মাতৃভূমিক ভাল পাবলৈ শিকাব পাৰিছে ?
প্রকৃততে ক’বলৈ গ’লে অসমীয়া সমাজখন বর্তমানে এনেভাৱে ছিন্ন-ভিন্ন হৈ পৰিছে যিয়ে আন কি নিজৰ অস্তিত্ব আৰু
ভেঁটিটোকেই চিনি নাপায় | ইয়াৰ মূল কাৰক কিন্তু গোলকীকৰণ আৰু পশ্চিমীয়া সংস্কৃতিৰ
প্রভাৱ নহয় ; বৰঞ্চ আমাৰ অসমীয়া মানুহখিনিৰ গাফিলতি তথা অকর্মণ্যতাহে ।
আমি বিশ্বাস কৰোঁ, এনে প্রেক্ষাপটত জাতিৰ
পুণৰোদ্ধাৰ অভিযানত সকলো অসমীয়াই অগ্রণী ভুমিকা পালন কৰি সাধ্য আৰু বল অনুসাৰে নিজ
নিজ এলেকাত অলপকৈ হ’লেও সাহিত্য-সংস্কৃতিৰ নৱ-জাগৰণৰ সৃষ্টি কৰিব লাগে |
ক) জাতীয়তাবাদ উদ্বেগকাৰী লিখা-মেলা/সভা-সমিতি/আলোচনা সঘনাই পাতি ভিন্ন
ভাষা-গোষ্ঠী জাতি-বর্ণ নির্বিশেষে একতা আৰু সমন্বয়ৰ জৰীডালক গাঢ় কৰি তুলিব লাগে |
খ) কলা-সংস্কৃতি উজ্জীৱিকৰণ আঁচনি যুগুত
কৰি ন-প্রজন্মক অসমীয়া কলা-সংস্কৃতিৰ পাঠ আগবঢ়োৱা হওঁক, ন ন অনুশীলন-কেন্দ্র
স্থায়ীভাৱে গঢ়ি তোলা হওঁক-য’ত উৎকৃষ্ট শিল্পীৱে পাঠদান কৰিব | বিষয়-বস্তু যেনে –জোতিসংগীত/লোকগীত/বৰগীত/সত্রীয়া
নৃ্ত্য-গীত/মুখা শিল্প/বিহু গীত-নৃ্ত্য/ঢোল-খোল-পেঁপা-তাল বাদন আদি |
গ) দেওবাৰবোৰত অথবা গৰমৰ বন্ধত অংশগ্রহণ কৰিব পৰাকৈ কিছুমান আংশিক
সময়ৰ পাঠদান বিদ্যালয়তে আৰম্ভ কৰিব পাৰি | বিষয় যেনে-মুকাভিনয়/স্থাপত্যবিদ্যা/চিত্রাঙ্কন/ভাওঁনা/অভিনয় আদি |
ঘ) অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা মইনা-মেল/মইনা-চ’ৰা/শিশু-বিকাশ
কেন্দ্রবোৰ পুনর্জাগ্রত কৰি তেঁওলোকৰ কার্য-কলাপ নির্ধাৰণ কৰা আৰু উচিত পর্যবেক্ষণ
কৰা |
ঙ) অসমৰ কোনো এঠাইত অন্তঃত বছৰি এবাৰকৈ
পষেকীয়া কার্যসূচীৰে সদৌ অসমৰ ন-প্রজন্মৰ বাবে সমূহীয়া কর্মশালা/প্রশিক্ষণৰ ব্যৱস্থা কৰা হওক, য’ত মেধাসম্পন্ন প্রশিক্ষার্থীলৈ জলপানী
আগবঢ়োৱা যাওঁক |
চ) প্রতি অঞ্চলৰ পৰা স্বেচ্চাসেৱক বাচি
উলিয়াই তেওঁলোকক দ্বায়িত্ব অর্পণ কৰা হওঁক |
আমি বিশ্বাস কৰোঁ, ন-ৰূপত এখন ন-সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে আৰু
আমাৰ কলা-সংস্কৃতিৰে জগত জিনিবলৈ হ’লে আমি ঠিক এনেধৰণেই আগবাঢ়ি যাব লাগিব-য’ত কেৱল
এজন নহয়, প্রতিজন উন্নতিকামী অসমীয়াৰ সদিচ্ছা আৰু সৰ্বাতোপ্ৰকাৰৰ অৰিহণা সোমাই থাকিব |
No comments:
Post a Comment