লেখা অনুসন্ধান কৰক
Thursday, July 21, 2011
Tuesday, July 19, 2011
‘জীৱন’
মানুহ পঢ়িব শিকিছো
কৰুণ মুখবোৰ সঁচা নে মিছা
ওঁঠৰ হাঁহিবোৰ আচল নে সজা
...জুখি চাব খুজিছোঁ ।
ফুলবোৰ ফুলি উঠা
ৰঙীন ছবিখন
কেমেৰাবদ্ধ মৰিচিকা নে বাগিছা
চাকি চাবলে’ শিকিছোঁ ।
ৰামায়নৰ কাহিনীটো
মহাভাৰতৰ খেলখন
আকৌ পঢ়িছোঁ
আকৌ সুধিছোঁ
কিমান দূৰলৈ সত্য
ব্যাস-বাল্মীকী
আজিৰ ৰত্নাকৰ-
শুবলৈ নিদিয়া গানটো
বুকুত সোমোৱা গৰখীয়া বাঁহীটো
যন্ত্ৰবৎ নে স্বাভাৱিক
কাণ পাতি শুনিছোঁ
মৃত-ঘোষিত মানুহজন
জীৱিত নেকি
হৃদয়ৰ শৱদেৰে সুধিছোঁ
তিৰবিৰ সাজ দেখি
পৰী বুলি ভ্ৰম ভাঙিছোঁ ।
মানুহ পঢ়িব শিকিছোঁ
সপোন নহয়,বাস্তৱ দেখিছোঁ-
শিশুৰ মুখৰ হাঁহিটো,
স্বত:স্ফূৰ্ত কৰিব খুজিছোঁ ।।
Thursday, July 7, 2011
“মই ডাক্তৰ হ’ম”- এক ব্যক্তিগত অনুভৱ
আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ ‘থ্ৰী ইডিয়টচ্’ত দেখুওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই “মোৰ ল’ৰা ডাক্তৰ হ’ব” বুলি ঘোষণা কৰিছিলে নে নাই মই সেয়া নাজানো,কিন্তু চৌপাশৰ দৈনন্দিন আৱহাৱাই মোক নিজকে এজন ডাক্তৰ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিবলৈ যে ভাবুক কৰি তুলিছিল,সি ধূৰূপ । ‘মোৰ জীৱনৰ লক্ষ্য’ বিষয়ক ৰচনা লিখি বিদ্যালয়ত গোটাদিয়েক নম্বৰ গোটাবলৈও মোৰ এই তীব্ৰ আকাঙ্ক্ষা যথেষ্ট সহায়ক হৈছিল।
পঢ়াশালীৰ দেওনা পাৰ হৈ এসময়ত কটন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম লিখালো। সুযোগ বুজি যথা সময়ত মা-দেউতা আৰু মিতিৰ-কুটুম্বে অভিযোগ-নামা দাখিল কৰিলে-‘আমাৰ বংশত ডাক্তৰ নাই,তই যেনেকেই নহওঁক,ডাক্তৰ হ’বই লাগিব!’ তেৰাসৱৰ মতে বিজ্ঞান বিষয়ত কটন মহাবিদ্যালয়ত পঢ়িছে যেতিয়া ল’ৰাই অলপ চেষ্টা কৰিলেই ডাক্তৰি পঢ়াৰ সুযোগ লাভ কৰিব পাৰিব।কথাটো সিমান নোহোৱাও নহয়। কিন্তু হয়তো তেওঁলোকৰে দুৰ্ভাগ্য –উচ্চ বিদ্যালয় শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা একেজন ছাত্ৰই মাত্ৰ ৬২শতাংশ নম্বৰেৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু ডাক্তৰী পাঠ্যক্ৰমৰ বাছনি পৰীক্ষাত নিৰ্বাচিতৰ তালিকাৰ পৰা বাদ পৰি ৰ’ল।
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিক্ষাৰ শিকণ পদ্ধতিত থকা আসোঁৱাহৰ বাবেই উচ্চ মাধ্যমিকত ইংৰাজী বিষয়টোত ভাল নম্বৰ পোৱা স্বত্বেও মই উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ জীৱবিজ্ঞানকে ধৰি কেইবাটাও বিষয়ৰ ইংৰাজী মাধ্যমৰ পাঠবোৰ প্ৰথম বৰ্ষঠোত মুঠেও আয়ত্ত কৰিবপৰা নাছিলো। আৰু এইটোৱেই মোৰ বিফলতাৰ এটা অন্যতম কাৰণ আছিল বুলি মনে ধৰে ।
সি যিয়েই নহওঁক,মোৰ আৰু ডাক্তৰী বিদ্যা লোৱা নহ’ল। মা-দেউতা,সম্বন্ধীয় তথা শুভাকাংক্ষীৰ আশা আৰু মোৰ নিজৰে দুৰ্বাৰ আকাংক্ষাক পূৰণ কৰিব নোৱাৰাৰ বাবে কোনোবা মূহুৰ্তত আজিও বেজাৰ অনুভৱ কৰোঁ।
এইটো মই ডাঠি ক’ব পাৰোঁ যে ,মোৰ মা-দেউতাৰ দৰে ,আজিৰ প্ৰায় প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তানক হয় ডাক্তৰ নতুবা অভিযন্ত্ৰা ‘বনাব’ খোজে ।এনে আসক্তিৰ বাবে আমি তেওঁলোকৰ গাত খুদমানো ভুল নেদেখোঁ। তাৰ কাৰণ ব্যাখ্যা কৰিবলৈ গ’লে ক’ম যে আজিৰ ‘টকাকেন্দ্ৰিক’ সমাজ-ব্যৱস্থাত ডাক্তৰ আৰু অভিযন্ত্ৰা হ’ল এনে দুটা বৃত্তি ,যাৰ দ্বাৰা এজন শিক্ষাৰ্থীয়ে নিজকে ‘ধনী’ আৰু ‘প্ৰতিষ্ঠিত’ ৰূপে সমাজত নিজৰ স্থান সুদৃঢ় কৰিব পাৰে ।নিজৰ পৰৱৰ্তী বংশৰ আৰ্থিক ভেঁটি টনটনীয়া কৰি গঢ়িব পৰাকৈ আৰু নিজৰ সুখ-স্বাচ্ছল্যৰ পাৰাপাৰহীন সীমাৰেখা গৰকিবলে এই দুই বৃত্তিবান লোক (আৰু মন্ত্ৰী-আমোলাৰ) বাদে সাধাৰণ শ্ৰেণীৰ মানুহে কল্পনা কৰিব নোৱাৰে ।চৰকাৰী অভিযন্ত্ৰাসকসলৰ পিছদুৱাৰৰ আয় আৰু বে-চৰকাৰীসকলে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক নিজৰ সুখ-সময়-মগজুক বিক্ৰী কৰি ঘটা আকাশলংঘী আয়ৰ কথা সদ্যহতে দূৰত ৰাখি আমি যদি ডাক্তৰসকললৈ লক্ষ্য কৰোঁ,তেন্তে সাধাৰণ ভাষাত ক’বলৈ গ’লে ই এটা অৱসৰ(Retirement) বিহীন বৃত্তি,য’ত বয়স আৰু অভিজ্ঞতাৰ লগে লগে আয়ৰ বৰ্ধনে উচ্চমুখী গতি লাভ কৰে ।
আপুনি চাকৰিত এমাহ সময় অনুপস্থিতিৰ কাৰণ হিচাপে জীয়ৰীৰ বিয়াখনকতো দেখুওৱাব নোৱাৰে, গতিকে চিন্তা কিহৰ ?যিকোনো এজন ডাক্তৰৰ ওচৰলৈ যাওঁক আৰু যথাকিঞ্চিত মাননীৰ বাবদ এখন প্ৰমাণ-পত্ৰ লৈ আনি দাখিল কৰক- যে আপুনি হাড়ৰ কঠিন উচ্চাৰণযুক্ত অমুক বেমাৰৰ বাবে হয় পাটনা বা চেন্নাইলৈ যাবলগা হ’ল নহয় শয্যাশায়ী আছিল। আপোনাৰ বৰ্খাস্তকৰণৰ দু:শ্চিন্তা নিমিষতে উপশমো হ’ল আৰু অন্ত:ত এজন মানুহক আৰ্থিকভাৱে (অধিক) সবল কৰাৰ গৌৰৱেৰে গৌৰৱান্বিতও হ’ল!
গাড়ী-চালনাৰ অনুজ্ঞাপত্ৰ পাবৰ বাবে আপোনাক যদি এখন শাৰীৰিক সুস্থতাৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন হয়,নিশ্চয় আপুনি একোজন চৰকাৰী বা কৰ্মৰত ডাক্তৰৰ ওচৰ চাপিবলগীয়াত পৰিছে ।আৰু যদি আপুনি ‘যুগৰ লগত খাপখোৱা অসমীয়া’ বুলি নিজকে চিনাকী দিব পাৰিছে ,তেন্তে সেই প্ৰমাণ-পত্ৰ নিশ্চয় পাঁচ মিনিটতে আপুনি স:গ্ৰহ কৰিবলৈ সক্ষম হৈছে ।
আপোনাৰ গুৰি দাঁত এটাৰ প্ৰায় চাৰিভাগৰ এভাগ বা খুব বেছি দুভাগৰ এভাগ পৰিমানৰ ৰাসায়নিক দ্ৰব্যৰ মিশ্ৰণ এটা দাঁতত লগাই দিয়া কাৰ্যবিধ যদি আপুনি গুৱাহাটীস্থ দন্ত্য মহাবিদ্যালয়ত সম্পাদন কৰে তেন্তে তাত খৰছ হ’ব প্ৰায় ৩০ টকা আৰু যদি অন্য কোনো অনুশীলনৰত চিকিৎসকৰ ওচৰত কৰায়,তেন্তে সি হৈ পৰিব প্ৰায় ২০০ টকা ।এজন দন্ত্য চিকিৎসকে মোৰ মামাৰ দুটা দাঁতৰ ‘শিপা-সুৰঙ্গ চিকিৎসা’ৰ বাবে ১১০০০ টকাৰ মাচুল লোৱাৰ কথা গম পাওঁ ।-অৱশ্যে উল্লেখ কৰিব লাগিব সেয়া আজিৰপৰা পাঁচ বছৰৰ আগৰ কথা,যেতিয়া চিকিৎসকজনে দন্ত্য মহাবিদ্যালয়ৰপৰা ওলাই আহি তেওঁৰ অনুশীলনৰ পাতনি মেলিছিল আৰু তেওঁৰ ওচৰলৈ যোৱা ৰোগীৰ সংখ্যাও সীমিত আছিল । গতিকে ‘ছেগ চাই সুতে মূলে আদায় কৰা’ধৰণৰ ধাৰণা এটা অসমীয়াৰ বাবে নতুন ধাৰণা নহয়!
কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰ-অন্তৰ্ভুক্ত বিষয়াসকলৰ নিযুক্তিৰ বাবে এজন প্ৰাৰ্থীৰ তেওঁ বাস কৰা ৰাজ্যখনৰ ‘State Standing Medical Board’ৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰি প্ৰমাণ-পত্ৰ জমা দিয়াটো বাধ্যতামূলক । এই বোৰ্ডখন ৰাজ্য এখনৰ স্বাস্থ্য বিভাগৰ উচ্চ-পদস্থ বিষয়া চিকিৎসক কেইজনমানৰ দ্বাৰা গঠিত হয় ।গতিকে এনে বোৰ্ডৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাটোত কিছু সময়ৰ প্ৰয়োজন হোৱাটো স্বাভাৱিক কথা । কিন্তু এই অভাজনে যেতিয়া হেঙেৰাবাৰীস্থিত বিভাগীয় কাৰ্যালয়ত তদুপলক্ষে আবেদন কৰোঁ, আৰু নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰতো সেই প্ৰমাণ-পত্ৰ পাবলৈ সক্ষম নহ’লো, তেতিয়াহে কৰ্মচাৰী তথা চিকিৎসকৰ মইমতালি চকুত পৰিল ।পত্ৰখনৰ গুৰুত্ব মৰ্মে মৰ্মে উপলব্ধি কৰি শংকিত হ’লো ।এনে পৰিস্থিতিত বিলম্বনৰ কাৰকসমূহ পৰ্যালোচনা নকৰাকৈয়ে বিকল্প পথৰ সন্ধান কৰিবলগীয়াত পৰিলো। সুধীবৃন্দই জানি সন্তোষ পাব যে, তেনে বেঁকা মাধ্যমবোৰ তেনেই পাবপৰা অৱস্থাতে থাকে,মাথো আপুনি বিচাৰি ল’ব পাৰিলেই হ’ল !সেই মুহূৰ্তত নিজৰ মুৰ্খামী(!)য়েই যে বিলম্বৰ কাৰণ আছিল সেই কথা আৱিষ্কাৰ কৰি নিজকে ধিক্কাৰ দিছিলো আৰু ৫০০ টকাৰ বিনিময়ত বিনা স্বাস্থ্য পৰীক্ষাৰে ‘সুস্বাস্থ্যৰ প্ৰমাণ-পত্ৰ’ হাতত লৈ মিচিকিয়া হাঁহিৰে ওলাই আহিছিলো ।
অৱশ্যে এই ঘটনাৰ বাবে মই আজিও নৈতিকভাৱে নিজকে ক্ষমা কৰিব পৰা নাই আৰু অসহায় অৱস্থাত পৰিস্থিতিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হোৱা বাবে নিজৰ ব্যক্তিত্বক বহু নিম্ন খাপৰ ৰূপে জ্ঞান কৰোঁ। এনে প্ৰেক্ষাপটত এজন ভদ্ৰলোকে কিভাৱে পৰিস্থিতিৰ সতে যুঁজি জয়ী হ’ব পাৰিব তাক লৈ আজিও মই চিন্তিত ।
অন্য এটা পৰিঘটনাতো আমি হতবাক হওঁ ।সেয়া হ’ল এয়ে যে সকামটিৰ প্ৰয়োজনীয়তা আৰু প্ৰকাৰৰ ওপৰত ভিত্তি কৰি একো একোজন তথাকথিত প্ৰতিষ্ঠিত বা সুনামধাৰী চিকিৎসকেও কেনেদৰে নিৰ্বিকাৰ ভাৱে উচ্চাৰণ কৰিব পাৰে তাৰ বাবে তেওঁলোকে পূৰ্ব নিৰ্ধাৰিত ‘মাননি’ৰ পৰিমাণ! যেনে ধৰক, চালকৰ অনুজ্ঞা-পত্ৰৰ বাবে লগা প্ৰমাণ-পত্ৰখনৰ বাবদ ৫০টকা বা ১০০ টকা, মেডিকেল বোৰ্ডৰ বাবে ৫০০ টকা, কোনো কোনো ঠাইত জন্মৰ প্ৰমাণ-পত্ৰৰ বাবেও ৩০-৪০ টকা(সুলভ মূল্য!), আৰু চৰকাৰী চিকিৎসালয়ৰ ব্যৱহৃত চিকিৎসা সঁজুলী-যন্ত্ৰপাতিৰ নিবিদাকাৰীৰ বাবে নিম্নতম ২০০০০ টকা! যেন এই পৰিমাণবোৰ ইতিমধ্যেই হাজাৰজনৰ ওচৰত ব্যৱহাৰিকভাৱে অনুমোদনপ্ৰাপ্ত!
আচৰিত হওঁ কেনেকৈ এটা বিশেষ ৰোগৰ বাবে ফলপ্ৰসু সদা-প্ৰচলিত প্ৰতিষ্ঠিত দৰৱৰ সলনি নতুনকৈ বজাৰত এৰি দিয়া অন্য এটা দৰৱে নি:শ্চিন্তে সুচাৰুৰূপে ৰোগীৰ পথ্য হিচাপে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰে ,মাথো ডাক্তৰজনলৈ কোম্পেনীৰ তৰফৰ পৰা আগবঢ়োৱা দুটিমান উপঢৌকনৰ বলত! এনে ‘গিফ্ট’ৰ আশাত চিকিৎসকজনৰ শ্ৰীমতীৰ হাতঘড়ীটো নাটকীয়ভাৱে হঠাৎ বিকল হৈ পৰে অথবা কোলাত লোৱা পৰিকলন যন্ত্ৰটোত যান্ত্ৰিক বিজুতি ঘটে !
লক্ষ্য কৰোঁ, অনুশীলনৰত বা চৰকাৰী - যিয়েই নহওঁক ,গাওঁ কিম্বা চহৰ- যি ঠাইতে তেওঁৰ বসতি নহওঁক কিয়, কোনো এজন ডাক্তৰকে ঘৰ-দুৱাৰৰ অৱস্থা শোচনীয় অথবা গাড়ী-মটৰ/শীতলীকৰণ যন্ত্ৰ/ কাপোৰ ধোৱা যন্ত্ৰ /দূৰদৰ্শন/ বাতানুকূল যন্ত্ৰ আদিৰ অভাৱত থকা দেখা পোৱা নাযায় ।তৎস্বত্ত্বেও তেওঁলোকৰ ব্যক্তিগত কোঠাত ৰোগী নিৰীক্ষণৰ মাচুলৰ পৰিমান ইমান কিয় বেছি হয় আমি ভাৱি উৱাদিহ নাপাওঁ। ২০০-২৫০ টকা মাচুল লোৱাটো আজিকালি ডাক্তৰসকলৰ এটা ঢং(Fashion) হিচাপে পৰিগণিত হৈছেগৈ! মাচুল নবঢ়ালে বোলে তেৰাসৱৰ চাহিদা নাবাঢ়ে ! কেনে এক সুন্দৰ অৰ্থ-নীতি !
উচ্চ বা মধ্যবিত্ত শ্ৰেণীৰ লোকে এনে মাচুল দিবলৈ বিশেষ চিন্তা কৰিব নালাগে,কিন্তু নিম্ন মধ্যবিত্ত তথা দুখীয়া শ্ৰেণীৰ বাবে এনে মাচুল পৰিশোধ কৰা এক কঠিন বিষয়। তাৰোপৰি দৰৱৰ দাম থাকিলেই !সুচিকিৎসাৰ অভাৱত আমাৰ সমাজত বছৰি কিমানজনে মৃত্যুবৰণ কৰি আছে তাৰ নিশ্চয় লেখ-জোখ নাই ।
এই কথা মানি ল’ব পাৰি যে ডাক্তৰী বিদ্যাৰ অধ্যয়নত যথেষ্ট টকা-পইচাৰ আৱশ্যক হয় আৰু চিকিৎসাৰ শাস্ত্ৰৰ কিতাপৰ পৰা আৰম্ভ কৰি সা-সঁজুলিৰ দামো বহু বেছি । কিন্তু আমি যুক্তি আগবঢ়াম এই বুলি যে ডাক্তৰীবিদ্যা অধ্যয়ন কৰি তেওঁ কেইটা ৰোগৰ পথ্য উদ্ভাৱন কৰিলে বা তেনে কি গৱেষণামূলক তথ্য আৱিষ্কাৰ কৰিলে তাৰ হিচাপ দিয়ক ।আঙুলীৰ মূৰত গণিবপৰা দুই একোজন অসমীয়া চিকিৎসকৰ বাদে , বিশ্ববৰেণ্য আৱিষ্কাৰক চিকিৎসকসকলৰ দৰে কোনো এজনে সফল আৱিষ্কাৰ বা অন্য অৰিহণা মানৱ-জাতিৰ কল্যাণৰ হকে দিব পৰা নাই , বৰঞ্চ পূৰ্বে আৱিষ্কৃত বা নিৰূপিত কিছু পথ্যৰ তথ্য অধ্যয়ন কৰি তাকে ৰোগীৰ বাবে কাগজত লিখি লিখি টকা গণিবলৈ শিকিলে ।আমাৰ এনে ডাক্তৰৰো চিকিৎসা গ্ৰহণ কৰাৰ অভিজ্ঞতা হৈছে, যি ৰোগীৰ লগত এষাৰো কথা নপতাকৈয়ে দৰৱৰ তালিকা দিব পাৰে । এয়া কেনে চিকিৎসা-সেৱা/মানৱ-সেৱাৰ নমুনা ?(টকাৰ বিনিময়ত পোৱা উপদেশ বা পৰামৰ্শতো ইমান কৃপনালি সহ্য কৰিবলৈ অলপ দিগদাৰেই হয়। সেয়েহে আমি এনে প্ৰবঞ্চনাৰ কথা উপলব্ধি কৰাৰ দিন ধৰি ডাক্তৰৰপৰা প্ৰাসঙ্গিক জানিবলগীয়া কথাখিনি নিজেই জিজ্ঞাস কৰি জানি লওঁ,যেনে ধৰক, এই ৰোগ হোৱাৰ কাৰণ কি,প্ৰাৰম্ভিক লক্ষণ কি তথা প্ৰাকৃতিক প্ৰতিকাৰ কি কি হ’ব পাৰে ইত্যাদি )
এজন মৃত্যুমুখী ৰোগী বা যন্ত্ৰণাত আতুৰ ৰোগীক সুচিকিৎসাৰে সুস্থ কৰি তোলাত এজন ডাক্তৰে যিমান পৰামানন্দ লাভ কৰিব লাগিছিল,সিমান সুখানুভূতি আজিকালি তেওঁলোকে নাপায় যেন আমাৰ ধাৰণা হয় । বৰঞ্চ বুকুৰ কোনো এটা চুকত চাগে’ দুখৰহে অনুৰণন হয়, ৰোগীজন নাৰ্ছিং হোমৰ পৰা ওলাই যাবলগীয়া হোৱাত হেৰুৱাবলগীয়া টকাখিনিৰ শোকত ।
আমি আশা কৰোঁ, একোজন ডাক্তৰে মনত স্বৰ্গীয় সুখৰ উপলব্ধি কৰা উচিত,যেতিয়া এজন ৰোগীয়ে তেওঁক ‘ভগৱান’ স্বৰূপে জ্ঞান কৰে ।মানৱ-সেৱাৰ পূৰণমাত্ৰাই সুযোগ তেওঁ নিজৰ বৃত্তিযোগে পোৱা বাবে একোজন ডাক্তৰে আত্ম-গৌৰৱ কৰিবলৈ শিকা উচিত । আমি ভাৱো, যন্ত্ৰণামুক্ত ৰোগীজনৰ হৃদয়ত তেওঁৰ প্ৰতি স্বাভাৱিকতে বাজি উঠা কৃতজ্ঞতাৰ সুৰ তেওঁ শুনা উচিত আৰু দুগুন উৎসাহেৰে মানৱ-সেৱাত আত্ম-নিয়োগ কৰা উচিত ।
--আঁহক, আমি আমাৰ সন্তানকো একোজন ডাক্তৰ কৰি তোলো,কিন্তু তথাকথিত অৰ্থলোভী সুপ্ৰতিষ্ঠিত এজন নহয়-যিয়ে নিজৰ সুখতকৈ একোজন ৰোগীৰ দুখক সমানে বুজি পায় ,যিয়ে চিকিৎসা সেৱাৰে মানসিক প্ৰশান্তি পাব পাৰে আৰু মানৱ-জাতিৰ সামগ্ৰিক কল্যাণৰ বাবে কিছু হ’লেও চিকিৎসা-শাস্ত্ৰৰ গৱেষণা বা অধ্যয়ন কৰে । আৰু যিয়ে আপোনাক নিজৰ কৰ্মৰাজীৰ দ্বাৰা আপোনাক পিতৃত্বৰ/মাতৃত্বৰ গৌৰৱেৰে মুখত হাঁহি বিৰিঙাব পাৰে ।
--অৰুণজ্যোতি দাস, চাইহা, মিজোৰামৰ পৰা (ইং . ৭ জুলাই,২০১১)
Wednesday, June 22, 2011
নি:সংগতাৰ সতে আপুনি
মানুহৰ ব্যস্ততাৰ অন্ত নাই।আপুনি যদি সংসাৰী পুৰুষ,তেন্তে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাপাটীত পৰালৈকে সংসাৰৰৰ নানানটা ভাৱনা-চিন্তাই আপোনাক এনেদৰে ব্যস্ত কৰি ৰাখে যে দিনটো কেনেদৰে পাৰ হয় আপুনি গমেই নাপায় ।আৰু যদি আপুনি এগৰাকি মাতৃ হয়, তেন্তে ল’ৰা-ছোৱালীৰ ঠেঁহ-পেছ,অভিযোগ,আৱদাৰ,খোৱাবোৱাৰ বিভিন্ন ধৰণৰ ব্যস্ততাই আপোনাক এনেদৰে জুৰুলা কৰে যে নিজৰ যত্ন ল’বৰ বাবেও আপোনাৰ সময়ৰ অভাৱে দেখা দিয়ে। কলেজীয়া ডেকা-ডেকেৰীৰো সেই একেই অৱস্থা ।ঘৰুৱা পাঠগ্ৰহণ(টিউছন)ৰ পৰা আৰম্ভ কৰি আবেলিৰ আড্ডা আৰু ৰাতিৰ পঢ়া-শুনাই প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে আজিৰ শিক্ষা-ব্যৱস্থাই পূৰামাত্ৰাই
ব্যস্ত কৰি ৰাখে ।থুনুক-থানাক কণমাণিজনীৰো যে কামৰপৰা আহৰিয়েই নাই !
ব্যস্ত কৰি ৰাখে ।থুনুক-থানাক কণমাণিজনীৰো যে কামৰপৰা আহৰিয়েই নাই !
প্ৰকৃততে বিচাৰ কৰিবলে গ’লে এনে ব্যস্ততাপূৰ্ণ জীৱন-যাত্ৰাই মানুহক কৰ্মসংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি জনজীৱনৰ প্ৰগতি ক্ষীপ্ৰতৰ কৰি তুলিছে । কৰ্মহীন জীৱনে এলাস্য ভাৱক প্ৰশ্ৰয় দিয়ে আৰু এজন মানুহৰ সৃষ্টিমুখী প্ৰতিভাক লাহে লাহে ধূলিসাৎ কৰিবলৈ আৰম্ভ কৰে । বৰঞ্চ ই মানুহজনক ধ্বংসমুখী কাৰ্য্যকলাপতহে আত্ম-নিয়োগ কৰিবলৈ উচতনি দিয়ে ।(An Idle Brain is a Devil’s Workshop)
প্ৰশ্ন হ’ল , এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আপুনি আপোনাৰ অন্ত:নিহিত ‘আপুনি’ জনৰ লগত কথা পাতিব পাৰিছে নে কেতিয়াবা ? নিজৰ মন আৰু বিবেকৰ আদেশ-নিৰ্দেশবোৰ আপুনি ভৃত্যৰদৰে কেৱল পালন কৰি গৈছে নে কেতিয়াবা সেইবোৰ জুকিয়াই চাবলৈ আহৰি পাইছে ? আপোনাৰ দেহাটোৰ প্ৰয়োজনীয় খাদ্যখিনি যোগান ধৰাৰ বাদে আপোনাৰ মনটোকো কেতিয়াবা তাৰ প্ৰিয় আহাৰ দি পাইছেনে ? নিজৰ আতীতৰ মধুৰ স্মৃতিবোৰ এবাৰলৈ হ’লেও আস্বাদন কৰিবলৈ আপুনি সময় পায় নে? জীৱনত কৰি অহা ভুলবোৰৰপৰা উপযুক্ত শিক্ষা ল’বৰ বাবে এবাৰ নিজৰ জীৱনটোক পৰ্যালোচনা কৰি পাইছেনে কেতিয়াবা ?
ৰাতি শেতেলীত পৰি দিনটোত কৰি অহা কামবোৰৰ এটা চমু খতিয়ান লওক আৰু কাইলৈৰ দিনটোৰ বাবে কৰিবলগীয়া খিনি আগতীয়াকৈ বাচি ৰাখক । আপোনাৰ জীৱনৰ লগত,কাৰ্যালয়ৰ লগত সাঙুৰ খাই থকা শ-হাজাৰজন মানুহৰ পৰা নিজকে ফালৰি কাটি উলিয়াই আনক আৰু নিজৰ দৃষ্টিৰে পৃথিৱীখন অন্ত:ত এবাৰলৈ চাবলৈ শিকক । দুআষাৰ নিজৰ সতেও কথা পাতক ।
নি:সংগ হওক । আজি চৌকাশে আপোনাৰ গুনানুকীৰ্ত্তন কৰি থকা বন্ধু-বান্ধৱ,পৰিয়াল,মিতিৰ-কুটুম্ব এই সকলোৰে লগত যে আপোনাৰ ব্যক্তিগত পৃথিৱীখনৰ কোনো সম্পৰ্ক নাই , সেয়া এবাৰ উপলব্ধি কৰক ।নিজৰ ব্যক্তিত্বৰ পৰ্যালোচনা কৰক । আপুনি নজনাকৈ কেনেকৈ কিছুমান বদ-অভ্যাসৰ চিকাৰ হৈছে আপুনি তাৰ উমান লওক আৰু সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিবলৈ লওক ।নিজকে নকৈ আৱিষ্কাৰ কৰক ।
নি:সংগ মুহূৰ্তত প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিৰ সৌন্দৰ্য উপভোগ কৰক । সূৰ্যোদয় আৰু সূৰ্যাস্ত উপভোগ কৰিবলৈ লওক –নৈৰ পাৰৰ মুকলি বতাহ লওক ,জোনাকত ভাবুক হওক । সৃষ্টিৰ ৰহস্যত আত্মবিভোৰ হওক –সৃষ্টিকৰ্তাৰ নিখুঁট ভাৰসাম্যতাৰ বুজ লওক ।
এটা সুন্দৰ গানৰ কলি গুনগুনাওক,এখন ছবি চাওক –যিয়ে আপোনাৰ মন জুৰ পেলাব পাৰে । ইয়ে আপোনাৰ খিংখিঙীয়া স্বভাৱ দূৰ কৰিব আৰু মনলৈ ধৈৰ্য,শান্তি আনিব ।
মাহেকত এবাৰলৈ হ’লেও এটা কবিতা বা এখন গ্ৰন্থ অধ্যয়ন কৰক ।দেখিব , আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনতো কিছু আজৰি সময় আপুনি গোটাব পাৰিছে ।
আপোনাৰ ভাললগা কামবোৰ কৰিবলৈ লওক । সৰুতে বা যৌৱনত আপুনি যিবোৰ কাম কৰি ভাল পাইছিল আৰু যাৰ অনুশীলন আপুনি আজিকালি নকৰা হৈছে ,সেয়া কৰিবলৈ লওক । আপোনাৰ প্ৰিয় খেল খেলিবৰ বাবেও মাহেকত এটা দিন উলিয়াই লওক ।
চাওক,কেনেকৈ আপোনাৰ জীৱনটো আপোনাৰ নতুনকৈ ভাললগা হৈ পৰিছে,ঠিক আপোনাৰ প্ৰথম প্ৰেমৰ দিনকেইটাৰ দৰেই !ভালপোৱা মানুহবোৰক, আপোনজনক অধিক মৰম কৰক –দুখীয়া বা নি:কিনজনৰ প্ৰতি অধিক কৰুণাময়ী,দানী হওক । আপোনাৰ জীৱনলৈ কেনেকৈ শান্তি ঘুৰি আহিছে তাক মৰ্মে মৰ্মে হ্ৰৃদয়ংগম কৰক ।
এটা কবিতা লিখি চাওক। কোনোবা এদিন আপোনজনৰ প্ৰতি আপোনাৰ অনুভৱ কেনে সেয়া লিখি পেলাওক । নিজে এটা গানৰ সুৰ সৃষ্টি কৰিব পাৰে নেকি তাকো চেষ্টা কৰি চাওক ।
কবি নীলমনি ফুকনৰ ভাষাত –“
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা “
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা “
কম্পিউটাৰত অসমীয়া/বাংলা কেনেকৈ লিখিব ?(How to type in Assamese/English in Computers?)
(In English----------------------
First of all, kindly install the Avro Software in your computer which
can be downloadable from the following URL.
http://niponwave.com/download/ setup_avrokeyboard_5.1.0.exe
Now download the Keyboard from the following URL ,
http://www.mediafire.com/? mwflxmz42ac6fty
And install it by Right Click and Install.
Now Close the Quit the Avro Software (if running)
and Start it again .
Now you will see the Floating Menu appearing in the Top of your desktop.
Click on the Left Hand side of the Floating menu where "English" is written.
Now it becomes "বাংলা" . That means you are ready to type Bangla.
But if you want to write assamese, Then just click on the Lower part
of that "বাংলা" or "English" button(Language Toggler).
You will see several Keyboards like Avro Easy/Bornona/Probhat and Arunjyoti
You can choose the Arunjyoti Keyboard.
Now if you type (in anywhere, viz Word File, Internet Browser etc.)
Assamese fonts will appear.
For guidance in writing Assamese Unicode, Please see the help-image by
clicking on the keyboard icon appearing nearby(to the Right Hand Side
of ) the Language Toggler.
Example - অসমীয়া= Shift+A,s,m,[,Shift+z,a
চিৰ চেনেহী মোৰ ভাষা জননী =c,i,r, c,e,n,e,h,[, m,o,r,Shift+b,a,x,a j,n,n,[
মৃন্ময় নাথ=m,Shift+.,n,/,m,Shift+Z n,a,Shift+T
Shift is used for Writing the Letters which is shown in the Upper Part
of a keypad(See the help image)
'/' is used for joining two characters like x,/,f will give ষ্ট
And Cntrl+Shift+Alt is used for writing some special joint character like
Cntrl+Shift+Alt +k=ঙ্ক বা Cntrl+Shift+Alt +m=,ঙ্গ (Only few characters
have been mapped following this rule)
)
(অসমীয়াত----------------------
----
প্ৰথমে http://niponwave.com/download/ setup_avrokeyboard_5.1.0.exe এই
সঁজুলীটো নিজৰ পৰিকলন যন্ৰ (Computer) লৈ আনি সংস্থাপন কৰক ।
ইয়াৰ পিছত http://www.mediafire.com/? mwflxmz42ac6fty এই ছাবিফলিখনো
সংস্থাপন কৰি লওঁক । এবাৰ অভ্ৰ সঁজুলীবিধ বন্ধ কৰি পুণৰ চালু(আৰম্ভ) কৰক
(Restart Avro Software)। এতিয়া অভ্ৰৰ শিৰোনামাৰ বাৰান্দাখনত(Avro Menu
Icons) যে আছে 'বাংলা 'বুলি তাৰ তলত টিপিলে বিভিন্ন ধৰণৰ ছাবিফলিৰ নাম
দেখা পাব যেনে 'বৰ্ণনা','প্ৰভাত','অৰুণজ্যোতি' আদি । আপুনি অৰুণজ্যোতি
ছাবিফলিখন ব্যৱহাৰ কৰি চাব পাৰে । সুবিধাৰ বাবে ওচৰতে থকা ছাবিফলিৰ
ছবিখন চাই ল'ব পাৰে ।
যিকোনো যুক্তাক্ষৰ লিখিবৰ বাবে আখৰ দুটা ‘/(?)’ চিহ্নৰবাবে ব্যৱহৃত
বুটামটো(Enter ৰ তলত Shiftৰ বাওঁফালে থকা) টিপি লগ লগাব পাৰিব। য়কাৰ ডালৰ
বাবে আপুনি অন্য আখৰ সংযোগ কৰাৰ দৰে 'য' আখৰটো সংযোগ কৰিব লাগিব ।যেনে
"কাৰ্য্য " লিখিবলৈ k,a,r,/(?),z,/(?),z লিখিব লাগিব ।
যুক্তাক্ষৰ=z,u,k,/(?),t,a,x,r আৰু ঙ্ক,জ্ঞ,ঙ্গ ইত্যাদিৰ বাবে
Cntrl+Shift+Alt +k বা Cntrl+Shift+Alt +m আদি লিখিব পাৰিব । দুদিন পাছত
অভ্যস্ত হৈ পৰিব বুলি আশা কৰিলো ।
)
First of all, kindly install the Avro Software in your computer which
can be downloadable from the following URL.
http://niponwave.com/download/
Now download the Keyboard from the following URL ,
http://www.mediafire.com/?
And install it by Right Click and Install.
Now Close the Quit the Avro Software (if running)
and Start it again .
Now you will see the Floating Menu appearing in the Top of your desktop.
Click on the Left Hand side of the Floating menu where "English" is written.
Now it becomes "বাংলা" . That means you are ready to type Bangla.
But if you want to write assamese, Then just click on the Lower part
of that "বাংলা" or "English" button(Language Toggler).
You will see several Keyboards like Avro Easy/Bornona/Probhat and Arunjyoti
You can choose the Arunjyoti Keyboard.
Now if you type (in anywhere, viz Word File, Internet Browser etc.)
Assamese fonts will appear.
For guidance in writing Assamese Unicode, Please see the help-image by
clicking on the keyboard icon appearing nearby(to the Right Hand Side
of ) the Language Toggler.
Example - অসমীয়া= Shift+A,s,m,[,Shift+z,a
চিৰ চেনেহী মোৰ ভাষা জননী =c,i,r, c,e,n,e,h,[, m,o,r,Shift+b,a,x,a j,n,n,[
মৃন্ময় নাথ=m,Shift+.,n,/,m,Shift+Z n,a,Shift+T
Shift is used for Writing the Letters which is shown in the Upper Part
of a keypad(See the help image)
'/' is used for joining two characters like x,/,f will give ষ্ট
And Cntrl+Shift+Alt is used for writing some special joint character like
Cntrl+Shift+Alt +k=ঙ্ক বা Cntrl+Shift+Alt +m=,ঙ্গ (Only few characters
have been mapped following this rule)
)
(অসমীয়াত----------------------
প্ৰথমে http://niponwave.com/download/
সঁজুলীটো নিজৰ পৰিকলন যন্ৰ (Computer) লৈ আনি সংস্থাপন কৰক ।
ইয়াৰ পিছত http://www.mediafire.com/?
সংস্থাপন কৰি লওঁক । এবাৰ অভ্ৰ সঁজুলীবিধ বন্ধ কৰি পুণৰ চালু(আৰম্ভ) কৰক
(Restart Avro Software)। এতিয়া অভ্ৰৰ শিৰোনামাৰ বাৰান্দাখনত(Avro Menu
Icons) যে আছে 'বাংলা 'বুলি তাৰ তলত টিপিলে বিভিন্ন ধৰণৰ ছাবিফলিৰ নাম
দেখা পাব যেনে 'বৰ্ণনা','প্ৰভাত','অৰুণজ্যোতি' আদি । আপুনি অৰুণজ্যোতি
ছাবিফলিখন ব্যৱহাৰ কৰি চাব পাৰে । সুবিধাৰ বাবে ওচৰতে থকা ছাবিফলিৰ
ছবিখন চাই ল'ব পাৰে ।
যিকোনো যুক্তাক্ষৰ লিখিবৰ বাবে আখৰ দুটা ‘/(?)’ চিহ্নৰবাবে ব্যৱহৃত
বুটামটো(Enter ৰ তলত Shiftৰ বাওঁফালে থকা) টিপি লগ লগাব পাৰিব। য়কাৰ ডালৰ
বাবে আপুনি অন্য আখৰ সংযোগ কৰাৰ দৰে 'য' আখৰটো সংযোগ কৰিব লাগিব ।যেনে
"কাৰ্য্য " লিখিবলৈ k,a,r,/(?),z,/(?),z লিখিব লাগিব ।
যুক্তাক্ষৰ=z,u,k,/(?),t,a,x,r আৰু ঙ্ক,জ্ঞ,ঙ্গ ইত্যাদিৰ বাবে
Cntrl+Shift+Alt +k বা Cntrl+Shift+Alt +m আদি লিখিব পাৰিব । দুদিন পাছত
অভ্যস্ত হৈ পৰিব বুলি আশা কৰিলো ।
)
Wednesday, June 1, 2011
“আপুনি কবিতা পঢ়েনে?”
এজন কবিয়ে কৈছিল,’পোহৰ হওঁক!’
আৰু তেতিয়াই পৃথিৱীখন পোহৰ হৈছিল
শব্দময় এক মহাজাগতিক ছন্দ ।
সেই ছন্দই প্ৰাণ ।
সেই প্ৰাণৰেই প্ৰবাহ বিশ্বব্ৰহ্মান্ডৰ ৰূপ ৰস স্পৰ্শ গন্ধ গানৰ
ইন্দ্ৰধনুখনি।
মানুহ য’তেই আছে,তাতেই জীৱন্ত বস্তুবোৰ আছে।
তাতেই কবিতা আছে।
জীয়াই থকাটোৱেই কবিতা।
জীৱনেই কবিতা ।
কেৱল মানুহৰেই গান আছে ।
মানুহৰেই আছে এটা অন্ত:শীল আৱেগিক ভাৱজীৱন ।
এটা বৃহত্তৰ জীৱন।
মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই
মানুহেই কেৱল কল্পনা আৰু সৃজনী শক্তিৰ অধিকাৰী।
এই কল্পনাই জ্ঞান
আৰু সৃজনীশীল চৈতন্যই পোহৰ ।
সৃজনীশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতিয়েই
মৰণশীল মানুহৰ শৌৰ্য।
আৰু মনুষ্যত্বৰ গৌৰৱ।
এইবোৰ কাৰণতেই আজিৰ সৰ্বগ্ৰাসী ৰাজনীতি,
অৰ্থনীতি,প্ৰযুক্তিবিদ্যা ,ঔদ্যোগীকৰণ,পৰিৱেশ প্ৰদূষণ,ভগৱান ,
ভয়,জিঘাংসা,উদ্বিগ্নতা,
শোষণ, নিপীড়ন,অস্তিত্ত্ব আৰু আধ্যাত্মিক
এই ঘোৰ সংকটৰ কালতো,
কবিতা লিখা ক’তো স্তব্ধ হোৱা নাই ।
কবিতা পঢ়া বা শুনা ক’তো বন্ধ হৈ যোৱা নাই ।।
প্ৰাণ অপ্ৰাণৰ এই মহা মিলনমেলাত
মানহেই বিচাৰি ফুৰিছে মানুহক
নিজেই নিজক
ব্যক্তিমনে বিশ্বমনক
জীয়াই থকাৰ আনন্দ
অথবা বেদনাক।
আপুনি কবিতা পঢ়েনে ?
কেতিয়াবা আপুনি পকা ধাননি পথাৰ এখনৰ ওপৰেদি
বৈ যোৱা এজাক সুগন্ধি বতাহৰ সোঁ-সোঁৱনি শুনিছেনে ?
দেখিছেনে কেতিয়াবা কাৰোবাৰ চকুৰ পানীত
জুইৰদৰে জ্বলি উঠা ডালিমৰ ফুল?
জানেনে আপুনি আপোনাৰ ঘৰৰ সমুখত পৰি থকা মৰা শটো কাৰ ?
সপোনত শুনেনে কেতিয়াবা মৰা-জীয়া ল’ৰা-ছোৱালীবোৰৰ উচুপনি আৰু চিঞঁৰ?
অনুভৱ কৰেনে আপুনি কেনেকৈ মাজে মাজে মৰি যায়?
বা মৰাৰপৰা জী উঠে ?
আৰু কিবা এটা শূণ্যতা,নিৰ্জনতা
য’ত একো নাই
য’ত সব আছে
য’ত একো নুশুনি
য’ত সব শুনিও?
চিনি পায়নে আপুনি সৌবোৰ জুৱাচোৰ ,প্ৰতাৰক,
অত্যাচাৰী,হত্যাকাৰী?
কেতিয়াবা আপুনি লগেৰে বা অকলে মাতেনে
প্ৰেম আৰু স্বাধীনতাৰ অমোঘ মন্ত্ৰ?
যৌৱনৰ সৌন্দৰ্য লহৰী?
নৈবোৰ কেতিয়াবা শিলনি হৈ
জোনটো কেতিয়াবা তেজৰদৰে ৰঙা হৈ
পৰিব পাৰে বুলি আপোনাৰ ভয় হয় নে?
আপুনিতো জানেই,
তেতিয়াৰে পৰা পৃথিৱীখন
ঘুৰি আছে,
ঘুৰি আছে,
ঘুৰি আছে ।
আঁহক,
কবিতা পঢ়ো।
কবিতাই অমৃত মণি,
অভয়।
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা ।।
:: -- কবি নীলমনি ফুকন ।
----------------------
এইটো কবিতা নহয়, কিন্তু মই কিবা কবিতা কবিতা যেন পাওঁ । ইমান সুন্দৰ প্ৰকাশভংগী । ইমান সুন্দৰ ভাৱ ! মোৰ গোটেইকেইটা শাৰী মুখস্থ আছে ।
কেতিয়াবা মনটো বেয়া লাগিলে নিজৰ মনতে গুনগুনাও আৰু সাহস পাওঁ কিবা এটা লেখাৰ প্ৰতি বা পঢ়াৰ প্ৰতি ।
-------------------------
Tuesday, May 31, 2011
“ভাষাত বিদেশী শব্দৰ প্ৰাদুৰ্ভাৱ”
যিকোনো ভাষাতে অন্য ভাষাৰপৰা ‘ধাৰ কৰা’(আচলতে ব্যৱহাৰৰ ফলত জনপ্ৰিয় হোৱা) শব্দৰ যে পয়োভৰ থাকে ,সি অনস্বীকা। তাৰে কিছু শব্দ ভাষাবিদসকলে চালিজাৰি চাই (ব্যৱহাৰ আৰু উৎসৰ ভিত্তিত) সেই ভাষাটোত অন্তৰ্ভুক্ত কৰে আৰু অভিধানত স্থান দি তাৰ স্থায়িত্ব প্ৰদান কৰে ।
গতিকে এনে অনা-অসমীয়া শব্দসমূহৰ বহুল প্ৰচলন আৰু জনপ্ৰিয়তা সত্ত্বেও তাৰে কিছুমান শব্দই অভিধানত স্থান নাপায় ।আমি ভাৱো,যিবোৰ অনা-অসমীয়া শব্দৰ একোটা সুন্দৰ অৰ্থবহ অসমীয়া প্ৰতিশব্দ (প্ৰকৃততে পূৰ্ণাংগ,স্ব-ব্যাখ্যাকাৰী আৰু সংজ্ঞাবদ্ধ শব্দ) ইতিমধ্যেই বৰ্তীয়মান,তেনে শব্দক ন-কৈ অভিধানভুক্ত কৰি ভাষাটোৰ জটিলতা আৰু বহুৰূপিতা বৰ্ধন কৰাৰ কোনো প্ৰয়োজন নাই ।
তেনে কিছু শব্দৰ উদাহৰণ হ’ল-TV(দূৰদৰ্শন),Cable(পৰিৱাহী তাঁৰ),Cup(পিয়লা),Loan(ধাৰ,ঋণ),Hall(প্ৰেক্ষাগৃহ/আহল-বহল কোঠালী),Room(কোঠা),Light(পোহৰ),Table(মেজ),Photo(আলোকচিত্ৰ),Toilet(শৌচালয়) আদি।
অন্যহাতে যিবোৰ জনপ্ৰিয় অনা-অসমীয়া শব্দৰ সৰ্বজনস্বীকৃত অসমীয়া প্ৰতিশব্দ নাই আৰু যাৰ অভিধানত স্থান দিয়াৰ প্ৰয়োজনীয়তা আছে,তেনে দুই এটা শব্দ হ’ল-Bulb,Plate,Laptop,Internet,Switch,Degree আদি।
‘কাপ’,’ফ’টো’,’টেবুল’,’ড্ৰয়াৰ’ আদি শব্দবোৰ(যাৰ অসমীয়া প্ৰতিশব্দ আছে),আজিকালি কেৱল কথিত ৰূপতেই আৱদ্ধ নাথাকি বহু বাতৰি-কাকত,আলোচনী বা অন্য গল্প-উপন্যাসতো ব্যৱহাৰ হোৱাৰ ফলত এইবোৰ আমাৰ চিনাকী অসমীয়া শব্দ যেনেই লগা হৈছে। কিন্তু এটা কথা আপোনাসৱে লক্ষ্য কৰিব যে কবিতা বা গভীৰ সাহিত্যত এনে শব্দৰ প্ৰয়োগ খুবেই কম হয় আৰু কোনোৱে ব্যৱহাৰ কৰিলেও সি পঢ়োতাৰ মনত সুন্দৰ ভাৱাবেগৰ সৃষ্টি কৰিবলৈ সমৰ্থবান নহয়।গতিকে এই কথা স্পষ্ট হৈ পৰে যে এজন মানুহৰ নিজস্ব আবেগ-অনুভূতিক একেটা ৰূপতে আক্ষৰিক ভাৱে প্ৰকাশ কৰিব পৰাৰ যি ক্ষমতা এটা ভাষাই বহন কৰে তাত এই জনপ্ৰিয় অনা-অসমীয়া শব্দসমূহে তিলমানো অৰিহণা যোগাব নোৱাৰে । গতিকে অদূৰ ভৱিষ্যতে এনে শব্দসমূহৰ অবাধ প্ৰচলনে ভাষাটোৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি অসমীয়া ভাষাটোক মেৰুদন্ডহীন কৰি তুলিব বুলি আমি আশংকা প্ৰকাশ কৰিছো।আমাৰ উঠি অহা ল’ৰা-ছোৱালীয়ে TV,Cup,Table এই শব্দবোৰৰ অসমীয়া প্ৰতিশব্দ নজনাকৈয়ে “খিছিৰি ভাষা”ত কথা পাতিবলৈ আৰম্ভ কৰিব,যিটো ইতিমধ্যেই মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কথা-বতৰাত উপলব্ধ হোৱা দেখা গৈছে।অৱশ্যে এনে ক্ষেত্ৰত অভিভাৱকৰ অমনোযোগিতাক দোষাৰোপ কৰিব পাৰি।
বিশুদ্ধ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই গোট,অন্য জালস্থান অথবা অন্য মাধ্যমৰ যোগেদি যিসকল সদাশয় ব্যক্তিয়ে যথাকিঞ্চিত হ’লেও প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেওঁলোকলৈ আমাৰ অনুৰোধ যাতে যিকোনো ধৰণৰ ভাষাভিত্তিক প্ৰশ্নোত্তৰ শিতান বা অন্য আলোচনাত অনা-অসমীয়া জনপ্ৰিয় শব্দটোতকৈ বিশুদ্ধ অসমীয়া শব্দটোৰ ব্যৱহাৰতহে গুৰুত্ব আৰোপ কৰে ।
যিকোনো লোকে এনেদৰে সোধা আমাৰ চকুত নপৰে –
“ভাইটি, তুমি কোন শ্ৰেণীত পঢ়া? ”। আৰু গতিকেই ইয়াৰ উত্তৰটোও “মই সপ্তম শ্ৰেণীত পঢ়ো” বুলি সততে উচ্চাৰিত নোহোৱাটো এটা স্বাভাৱিক পৰিঘটনা হৈ পৰিছ।
অন্য এটা উদাহৰণ লওঁক । অশিক্ষিত সকলে সমাজত প্ৰচলিত আচাৰ-ব্যৱহাৰ তথা ভাষাকো অনুকৰণ কৰি শিকি লয়,গতিকে তেওঁলোকৰ কথা সুকীয়া।কিন্তু শিক্ষিত কোনো এজন অসমীয়া লোকে এই বুলি জিজ্ঞাসা কৰা নিশ্চয় শুনা নাযায়- “অনিন্দিতা,তোমাৰ ফলাফল কেনে হ’ল?”। সেয়েহে স্বাভাৱিকতে সিপক্ষৰ পৰা সঁহাৰি কাহানিও নাহে এইবুলি –“খুড়ীদেউ, ভাল খবৰ এটা আছে, মই প্ৰথম বিভাগত উত্তীৰ্ণ হ’লো!” আৰু প্ৰত্যুত্তৰত –“বা: খুব সুন্দৰ! অভিনন্দন! তোমাৰ ভৱিষ্যত জীৱনলৈ মোৰ শুভকামনা আছে,সোনজনী! আগবাঢ়ি যোৱা” ।(এনেকে ক’লে আজিকালিৰ সোনজনীয়ে নিশ্চয় খুড়ীয়েকৰ প্ৰতি নাক কোঁচাব !)
কিন্তু আশ্চৰ্য যে,এনে কথোপকথনৰ পটভূমি কোনো উপন্যাস-চলচ্চিত্ৰৰ নহয়, বৰঞ্চ এইবোৰ আমাৰ দৈনন্দিন জীৱনত সঁচৰাচৰ উদ্ভৱ হোৱা পৰিস্থিতিৰ উদাহৰণ মাত্ৰ!আপুনিও নিশ্চয় এনে পৰিৱেশত ইংৰাজী মিহলি অসমীয়াত আপোনাৰ শুভাকাংক্ষীক শুভেচ্ছা জনাইছে।
স্বাভাৱকতে এই লেখাত ক্ষুন্ন হৈ কোনোয়ে মন্তব্য আগবঢ়াব পাৰে যে,-“এনে ৰক্ষণশীল মনোভংগী প্ৰগতিৰ বাটত হুল স্বৰূপ। পৰিৱৰ্তনক আমি মানি ল’বই লাগিব।এইবোৰ ধৰি থাকিলে নচলিব। আৰু বহু সমস্যা আছে আমাৰ আলোচনাৰ বিষয়বস্তু হিচাপে!” তাৰ উত্তৰত আমি ক’ম যে হয়,আৰু বহু সমস্যা আছে অসমীয়াৰ । কিন্তু ভাষা-সংস্কৃতি অবিহনে জাতি এটা মূৰ দাঙি উঠা সম্ভৱনে ?অসমীয়াভাষী লোকৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হোৱাৰ এই দু:সময়ত যিসকলে নিজৰ দেশ,মাতৃভাষাক ভাল পাবলৈ শিকিছে, তেওঁলোকে যদি এইক্ষেত্ৰত কিঞ্চিতো চিন্তা নকৰি কেৱল দুবেলা দুমুঠি খাই হাত সাৱতি বহি থাকে , তেন্তে ভাষা তথা জাতিৰ বিলুপ্তি অসাধাৰণ কথা নহ’ব ।
আমি প্ৰশ্ন কৰোঁ,-“সুপ্ৰভাত” আৰু “শুভৰাত্ৰি” শব্দ দুটি শুনিবলৈ শুৱলা নহয় নে ইহঁতে “Good Morning” আৰু “Good Night” কথা দুটাক প্ৰকৃতভাৱে বুজাবলৈ অসমৰ্থ?
আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল এয়ে যে-“নচলাৰ কোনো কথা নাই! চলালেই চলিব!” মাথো আপোনাৰ আগ্ৰহৰ প্ৰয়োজন । সকলোতে চলিছে বুলিয়েই যে আপুনিও দূৰভাষত বাৰ্তালাপ কৰোতে প্ৰথম শব্দটি “Hello” বুলি ক’ব লাগিব ধৰণৰ বিধেয়ক আজিকোপতি উত্থাপিত হোৱা নাই। আপুনি “নমস্কাৰ,হয় কওঁকচোন” বুলি কোৱাত বাধা নাই !
“বিদ্যালয়”,”মহাবিদ্যালয়”,”ছাত্ৰাৱাস”,”পিয়লা” আদি শব্দৰ যিদৰে ইতিমধ্যেই প্ৰায় বিলুপ্তি ঘটিছে,ঠিক একেদৰে অনা-অসমীয়া শব্দৰ প্ৰাদুৰ্ভাৱে প্ৰতিটো অসমীয়া শব্দৰে স্থান অধিগ্ৰহণ কৰিব পাৰে বুলি ভৱা কথাটো অমূলক নহয়। অসমীয়াৰ মানসিকতা আৰু বৰ্তমান পৰিস্থিতি গমি-পিতি কেতিয়াবা আমাৰ ভাৱ হয়- ভাষাপ্ৰেমী দুজন ব্যক্তিয়েই অনাগত দিনত বৰ্তিৱ পাৰিব-এজনে ভাষাভিত্তিক গ্ৰন্থ তথা অভিধান প্ৰণয়ন আৰু গৱেষণা কৰিব; আনজনে তেওঁক ‘ডক্টৰেট’ উপাধি প্ৰদান কৰিব ।অভিধান তথা এনে ভাষাবিজ্ঞানৰ পুথিসমূহে মানুহৰ চ’ৰাকোঠা অথবা গ্ৰন্থাগাৰ শুৱনী কৰিব আৰু তাৰ ভিতৰত বন্দী থাকিব সেই দুজন স্বহীদৰ স্বভাষাপ্ৰীতি!
(মতামত বাঞ্চনীয়)।
Wednesday, April 27, 2011
ৰিমিক্স,সংগীত আৰু অসমীয়া
গোলকীকৰণৰ ফলস্বৰূপে পৃথিৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খোৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গাৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্যৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বিৱৰ্তনৰ সূচনা কৰিছে।
এনে হোৱাৰ ফলত কিছু যে সুবিধা হোৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে । মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰিৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।
এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলুৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ নৱ-প্ৰজন্মই আচাৰ-ব্যৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃতি সকলোতে এটা নতুন কামিজ পিন্ধি উঠা-বহা কৰিবলৈ শিকিছে।
অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!
গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপোৱা দুই এজন অত্যুৎসাহী যুৱক-যুৱতীৰ কাণত অসমীয়া থলুৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ যোগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলুৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হোৱা নাই।
কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জীৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কেৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলোৱা প্ৰভাৱকহে বেছি মূল্য দিব।
সততে শুনিবলৈ পোৱা যায়,”পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”।কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।
[এই লেখাৰ স্পষ্ট অনুধাৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সোৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰুৱা)৭)অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰুৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীত। লগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]
সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভাৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হোৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হোৱাটো কি ভেলেকী-বাজিহে নেকি?’ৰক’/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?
নহয়।পুৰণী গীতত যাদু সানি থোৱাৰ সাঁথৰটোও জটিল নহয়।
সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ডৱ দেখি কোনো আদিম জনগোষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হোৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভাৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যোৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ্ কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।
যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজীৱনৰ স্বাভাৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গাৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।
পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলুৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনোৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।
আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মানৱ জীৱনৰ স’তে সংগীতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে। অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰৱস্থা হ’ব।জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকুৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!
“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভাৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হোৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।
ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভাৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নোৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰেনে? চেষ্টা কৰক,নিশ্চয় পাৰিব ।
[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]
Subscribe to:
Posts (Atom)
আপোনাৰ জীৱনৰ সংকল্প কি?
কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...
-
আমিৰ খানৰ শেহতীয়া চলচ্চিত্ৰ ‘ থ্ৰী ইডিয়টচ্ ’ ত দেখুওৱাৰ দৰে মোৰ জন্মৰ লগে লগে মা-দেউতাই “ মোৰ ল ’ ৰা ডাক্তৰ হ ’ ব ” বুলি ঘোষণা...
-
কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নোৱাৰা মাদকতা অনুভৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...
-
হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জীৱন । সুস্থ ...