লেখা অনুসন্ধান কৰক

Tuesday, March 20, 2012

How to see and write Assamese in mobile Phones


The various regional languages can be written in the Computer by using various Unicode Softwares which can also see and write in the internet enabled Nokia Mobile Devices. Though the writing regional languages in mobile devices is very complicated but by using some steps and softwares it also can be possible in the mobile devices. In this article, we will try to mention some useful steps which helps to the users to write and read the various regional languages in their mobiles. After follow the below mentioned steps one can write their message, update etc. in selected Indian languages for which some configuration needed in the mobile device.
Please remember one important thing that it is available for those mobiles which has the facility of internet browsing or for the internet enabled handset because some softwares need to be download during the configuration process. The various steps is as follows..

► At first you have to download the 'Opera Mini' web browser in your mobile (If the same is available in your mobile then avoid this step and go to the Opera Mini).

► Open Opera Mini Web Browser and type 'about:config' in the address bar and click go and you will get 'Power-User Settings'.

► Go to the last option 'use bitmap fonts for complex scripts' and mark it as 'Yes' and save it.

The screenshot of the above steps are attached below for your convenience..




Note : After completing the above steps users will be able to see the regional languages in any websites. Please remember that the above facility is available only for 'Opera Mini' browser which is not available for 'Opera Mobile' web browser. For writing any regional language in any website or in the social networking sites you have to configure and follow some other steps mentioned below...

► Now you have to download a software called 'Panini Keypad' which can be download Here(. www.paninikeypad.com/download.php) (With the Panini keypad you can write various regional languages like Hindi, Bengali, Marathi, Tamil, Gujarati, Kannada, Malayalam, Oriya, Punjabi, Assamese and Telegu).
► After Downloading the same, go to 'Panini Keypad' in your installation folder and go to the very first option 'Write Message'.
► In the Write Message Menu, go to the options and select 'Change Language' where you will get the list of different Indian Languages.
► After select the Language, go to the Mode option and select 'Mode A' where you will get the keyboard layout of the selected language.
► Now type your message by using the keyboard of the phone (Touch screen mobile users can use the joystick to select the letters).
► After completion of the message, go to Option and select 'View Text' and copy the full text by go to the editing options.

Here is the screenshot of the above procedures for your convenience and help..








Now go to the Opera Mini browser and open the website or the site where you want to post your message and paste (Ctrl+V) the copied texts in the status or comments on your site or wherever you want to post by going to the 'Fullscreen Edit' option. The message will display in the language which you have select earlier after posted it.

Note : Please note that, for those mobiles which doesn't support the selected language the copied text will be shown as a 'Box' but still copied it and then paste it. The message will be shown in the proper font after got posted in your site or in your status.

Most of the internet enable handset is working properly with the above process. This method is working fine in Nokia mobiles and as well as in the other brand mobile handset too. Though it is a little bit complicated method but it is working properly in the 'Multi-tasking QWERTY keypad mobiles'.

Sunday, March 18, 2012

‘ধৰ্ম আৰু ধৰ্মাচাৰ’-আজিৰ যুগৰ এক প্ৰহসন তথা ব্যৱসায়



     অতি প্ৰাচীন কালৰে পৰা পৃথি‌ৱীত এচাম ধূৰ্ত আৰু চতুৰ মানুহৰ জন্ম হৈ আহিছে ,যিয়ে কে‌ৱল ঠগ-প্ৰৱঞ্চনা আৰু কৌশলেৰে নিজৰ লাভালাভৰ হিচাপ কৰিবলৈ শিকিছে ।পৃথি‌ৱীৰ প্ৰতিখন সমাজতে এনে ধুৰন্ধৰ মানুহ বৰ্তমান । এওঁলোকৰ মগজুৰ তিক্ষ্ণতা আন বহুজনতকৈ বেছি বুলিব লাগিব, কাৰণ চলে-বলে-কৌশলে আন এজনক লুটি ল’ব পৰাৰ হাজাৰটা উপায় এওঁলোকৰ হাতৰ মুঠিত

এনে প্ৰৱঞ্চকসকলৰ পাৰ্গতালিৰ প্ৰয়োগক্ষেত্ৰ ঠাইবিশেষে বেলেগ বেলেগ হয় ।যদি জাপানত কোনো এজনে অন্য এজনৰ ৰবট এটাক কু-কৰ্ম শিকাইছে তেন্তে আমেৰিকাত আন এজনে হয়তো আন্তৰ্জালৰ তথ্য ‘হেক্’ কৰি টকা লুটি
লৈছে ।  শতাধিক কোটি জনসংখ্যাৰে ভাৰতবৰ্ষ এখন এনে অনুন্নত অশিক্ষিত দেশ,য’ত এই প্ৰবঞ্চকৰ সংখ্যাটোও তুলনামূলক ভা‌ৱে বহুতেই বেছি।

আজিৰ সমাজত নিবনু‌ৱাৰ সংখ্যা বাঢ়ি গৈছে ।
শিক্ষিত আৰু বুদ্ধিহীনসকলৰ বাবে দৈনিক জী‌ৱন-ধাৰণ একোটা বোজাস্বৰূপ হৈছে ।শিক্ষিত সকলৰো নিজৰ ওপৰত আস্থা নাইকীয়া হৈছে । কাৰণ এইটো গুপ্ত সত্য যে টকা অবিহনে এটা চৰকাৰী চাকৰি পো‌ৱাটো আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰায় অসম্ভ‌ৱ হৈ পৰিছে । এলেহু‌ৱা অসমীয়াৰ চিন্তাধাৰাৰ মতে হেনো চৰকাৰী চাকৰী নহ’লে জীয়াই থকাই বৃথা । আৰু আমাৰ তথাকথিত শিক্ষিত সকলে কেন্দ্ৰীয় চৰকাৰৰ ঘোঁচবিহীন চাকৰিৰ বিষয়ে সঁচা অৰ্থত গমেই নাপায় । গতিকে তাৰবাবে আবেদন কৰা আৰু প্ৰস্তুত হো‌ৱাৰ প্ৰশ্নই উত্থাপিত নহয় । সেয়েহে হ’বলা আমাৰ ন‌-প্ৰজন্ম অথবা বৰ্তমান প্ৰজন্মৰ ‘সহজতে আৰ্জিবপৰা ধন’ৰ প্ৰতি মোহ বেছি । ই নিতান্তই স্বাভা‌ৱিক কথা যেন হৈ পৰিছে । তাৰে ফলস্বৰূপে আমাৰ সৰহসংখ্যকেই  সংগঠন খুলি,ঠিকা লৈ,দাবী-ধমকিৰে সৰকাই,প্ৰলোভন দি ইত্যাদি নানানটা ৰাষ্টা সহজেই পছন্দ কৰিবলৈ লৈছে আৰু বিনা দ্বিধাৰে তেনে পথত বহু যু‌ৱক-যু‌ৱতীয়ে ইতিমধ্যেই বাট লৈছে ।কাৰণ এনে পন্থাৰে প্ৰকৃতাৰ্থত অতি কম সময়তে চাকৰিতকৈ বহু বেছি ধন অৰ্জন কৰিব পাৰি ।অসমৰ নৈতিক জলবায়ুৰ এনে প্ৰদুষণ ঘটিছে যে, বিয়াৰ বজাৰত এনেকে সেইজন চাকৰিয়ালকহে উচ্চ স্থান দিয়া হয়, যাৰ ‘বাহিৰা টকা’ উপাৰ্জন কৰাৰ সুৰুঙা আছে ।এয়া হৈছে আমাৰ মূল্যাঙ্কনৰ মাপকাঠি ।
    
গতিকে সৰু-সুৰা মানুহবোৰ ,যাৰ শিক্ষা-দিক্ষা কম অথবা একেবাৰে নাই আৰু যিসকলক তথাকথিত উচ্চ সমাজৰ মাজত নিজকে মূৰ দাঙি থিয় হ’বলৈ সুযোগেই দিয়া নহয়,তেঁওলোকে চুৰি-ডকাইটি কৰিবলৈ বাধ্য হৈছে । আজিৰ সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ জ্ঞান,কৰ্মতকৈ টকাৰহে প্ৰয়োজন বেছি । গতিকে নিজকে প্ৰতিষ্ঠা কৰা আৰু বৰ্তি থকাৰ এই যুঁজত এইসকলে নিজৰ মগজুৰ অ‌ব্যৱহৃত স্থিতিশক্তিৰ উচিত প্ৰয়োগ কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰ আৰু ৰাষ্টা বিচাৰি উলিয়াইছে ।
তেনে টকা ঘটাৰ ভিন্ন পথ অন্বেষণৰ ফলতে কিছুমান বুধিয়ক মানুহে বিচাৰি পাইছে এটা সহজতম উপায়সি হৈছে-‘ধৰ্মৰ নামত ব্যৱসায়’,য’ত আপোনাক মূলধনৰো প্ৰয়োজন নহয়, আৰু নালাগে কোনো অৰ্হতাৰো !মাথো লাগে এটা চতুৰ মগজু আৰু উচিত কাৰ্যপন্থা ।
   
আপুনি সদায় চাৰিআলিৰ তামোলখো‌ৱা দোকানখনৰ কাষত অথবা ওখ বটজো‌পাৰ তলতে সৰুকৈ এখন শি‌ৱৰ আলোকচিত্ৰৰে আপোনাৰ ব্যৱসায়ৰ আধাৰশিলা স্থাপন কৰক । এলেকাটো পু‌ৱা গধূলি ধুপ-ধুনা-চাকিৰে শুশোভিত কৰি কিছু প্ৰাৰ্থনা
  বা আৰতি জাতীয় কাৰ্যা‌ৱলীৰে মাংগলিক পৰি‌ৱেশ এটা গঢ়ি তুলিবলৈ যপৰোনাস্তি কৰক । আপোনাক নিৰাশ নকৰি ভক্তগণে লাহে লাহে আপোনাৰ মন্দিৰত দৰ্শন দিবলৈ ল’ব । দুটিমান টিলিঙা আৰু ৰঙা পতাকা আঁৰি দিয়ক । হয়তো কোনো এজন ভক্তৰ আশীৰ্বাদত আপোনাৰ সপোনৰ মন্দিৰটোত এদিন টিনৰ চালি আৰু বেৰাও হৈ উঠিব ।এখন দুখনকৈ ৰাষ্টাৰে পাৰহৈ যো‌ৱা বিলাসী গাড়ীৰ আৰোহীসকলৰ আগমণে (আৰু তেৰাসকলৰ বৰঙণিয়ে) আপোনাৰ বুকুখন লাহে লাহে ওখ কৰি তুলিব । ভগ‌ৱানৰ সে‌ৱাত নিজকে উচৰ্গিত কৰিবলৈ পাই আপুনি নিজকে ধন্য মানিব । আৰু ভগ‌ৱানেও আপোনাৰ সে‌ৱাত পৰম সন্তোষ লভি আপোনাক লাহে লাহে ধনী-মানী কৰি তুলিব !
     সিদিনা পৰীক্ষা এটা দিবৰ বাবে ঘৰৰপৰা ওলাই যাবলৈ লৈছোপদূলিমুখতে দুজন সাধুৰ ‌আৱিৰ্ভা‌ৱ হ’ল । পিতবস্ত্ৰ পৰিহিত আৰু চুলি-দাৰিৰ ভাঁজে ভাঁজে সন্যাসিত্বৰ চিন মূৰ্তমান । মই ক’লো, ঘৰ মে অভি আদমী নহি হেঁআপলৌগ কৃপয়া বাদ মে আয়িয়ে ।” তেওঁলোকে ক’লে –‘চাধু কৌ এইছে বিনা হাথছে যানে মদ দিজিয়ে । ঈশ্বৰ আপকৌ ভলাঈ কৰেগা এনে এটা বাক্যবাণে যিকোনো ধৰ্মপ্ৰাণ মানুহৰে অন্তৰ গলাব পাৰিব । তাৰমানে তেওঁলোকে কিবা এটা দক্ষিণা বা দান বিচাৰিছে । (ঈশ্বৰে মোক সহায় কৰিব, আৰু বিনিময়ত মই তেওঁলোকক সহায় কৰিব লাগে !)

তেওঁলোকে হয়তো যদি নিজৰ দুখ দুৰ্দশা বৰ্ণাই আপোনাক কিছু সহায়ৰ বাবে ‌আৱেদন কৰিলেহেঁতেন তেন্তে নিশ্চয় আপুনি ফুটাকড়ি এটাও নিদিলেহেঁতেন !কিন্তু যিহেতু ইয়াত আপোনাৰ ঈশ্বৰ ভক্তিৰ কথা আহি পৰিছে,
গতিকে আপুনি চকু মুদি পাচঁ টকা হ’লেও দিবই । এইটো‌ৱেই এই ব্য‌ৱসায়ৰ আধাৰ সূত্ৰ ।ধনী মানুহ এজনক আন মানুহৰ দুৰ্দশাৰ বিলাপ আপুনি কাহিনী হিচাপেই কওঁক অথবা চকুৰে দেখুও‌ৱাই পতিয়ন নিয়াবলৈ চাওক ;অথবা জী‌ৱনত হঠাতে আপুনি সম্মুখীন হো‌ৱা প্ৰাকৃতিক/অপ্ৰাকৃতিক দুৰ্যোগৰ কথাকে কওঁক , তেওঁ কাহানিও আপোনাক কিছু টকাৰে সহায় কৰিবলৈ আগবাঢ়ি নাহে ,কিন্তু আপুনি ধৰ্মীয় অনুষ্ঠানৰ বাবে আহিছোঁ বুলি এবাৰ কৈ চাওঁক –তেওঁমূহুৰ্ততে হাজাৰ টকা দান হিচাপে দিবলৈ ৰাজী ।

‘ধৰ্মৰ বাবে’ বুলি কিবা এটা যেতিয়া এজন মানুহৰ মনত সোমাই যায়,তেতিয়া তেওঁ লাখটকাৰ দান দিবলৈও কুন্ঠাবোধ নকৰে ,কাৰণ সেই দানে তেওঁক স্বৰ্গগামী কৰিব বুলি তেওঁ দৃঢ়ভা‌ৱে বিশ্বাস কৰে ।
অথচ একেজন মানুহেই খাবলৈ নোপো‌ৱা ৰাষ্টাৰ ভিক্ষাৰীজনক ১টকা এটাৰে সহায় কৰিবলৈ,তেওঁৰ প্ৰতিবেশী দুখীয়া ছাত্ৰজনক কিতাপ এখন কিনি দিবলৈ ইচ্ছাবোধ নকৰে ,কাৰণ তেওঁৰ মতে ঈশ্বৰ মন্দিৰ/মছজিদ/গীৰ্জাত হে থাকে । আৰু আমাৰ সকলো‌ৰে মনত ধৰ্মৰ প্ৰতি থকা এই আস্থাৰ সুযোগ লৈছে ধুৰন্ধৰ বেজ/পণ্ডিত আৰু আন বহুতে ।

আজিকালি দেখা যায়,
ৰেল‌-স্থানৰ সমীপতে হওঁক অথবা বজাৰৰ ভিৰতে হওঁক,হঠাতে আপোনাৰ ইচ্ছা-অনিচ্ছালৈ কেৰেপ নকৰি মূহুৰ্তৰ বাবে ভক্তিভা‌ৱেৰে মন-প্ৰাণ উচপচপ্ কৰাই তুলিব পাৰে প্ৰসাদ আৰু ৰঙা ফোঁটৰ অলংকৰণকাৰী দুই একোজন ভক্ত পূজাৰীয়ে । আপোনাৰ মংগলাৰ্থে সে‌ৱা আগবঢ়ো‌ৱা এনে চলমান ক্ষুদ্ৰ মন্দিৰত তাক্ষণিক ঈশ্বৰ-সে‌ৱাৰ বাবে আপোনাৰ ব্যস্ততাপূৰ্ণ জী‌ৱনৰ অতিৰিক্ত কোনো সময়ৰ প্ৰয়োজন নহয় , সকলো সম্মুখতে হাজিৰ ; আপুনি মাথোঁ অৰিহণা হিচাপে কিছু টকা দান কৰিলেই হ’ল !

কোনোবা
এখন বাতৰি-কাকতত পঢ়িবলৈ পালো যে দুদিনমান আগতে  এজন মানুহে ত্ৰিশূল আৰু দম্বৰু লৈ হঠা আহি গাড়ীৰ আগতে হওঁক বা মানুহৰ ঘৰৰ আগতে হওঁক ৰৈ দিয়ে আৰু নাচিবলৈ লয় । তেওঁৰ ভাষ্য এয়ে যে তেওঁৰ গাত সদাশিৱই দেখা দিছে আৰু মানুহৰ মংগলৰ অৰ্থে পঠাইছে । কোনো কোনোজনক তেওঁ বিধানো দিলে মংগলৰ্থে কি কি নীতি-নিয়ম পালিব লাগিব । আমাৰ বিশ্বাস , কিছুমান চতুৰ মানুহৰ ধৰ্মৰ গইনা লৈ টকা ঘটাৰ বিভিন্ন পথ অন্বেষণৰ বাবে কৰা ৱেষণাৰে এয়া এক পৰীক্ষা-নিৰীক্ষা !

বিহু,পূজা,জন্মোৎস‌ৱ আদিৰ আগে আগে গাঁৱে-চহৰে সকলোতে চান্দা তোলাৰ ধূম উঠে । পুলিছে ‌ট্ৰাক-মটৰৰপৰা কৰ সংগ্ৰহ কৰা আৰু পূজা সমিতিয়ে এনে চান্দা তোলাৰ মাজত আজিকালি একো প্ৰাৰ্থক্য নাই যেনেই লাগে ।আপুনি যদি পাঁচটকা এটা অৰিহণা হিচাপে আগবঢ়ায়, তেনেহ’লে তেওঁলোকৰ তীৰ্যক বাক্যবাণ তথা হুমকিৰে আপোনাৰ অ‌ৱস্থা তথৈবচ হৈ পৰিব । ধৰ্মীয় অনুষ্ঠানৰ বাবে আগবঢ়ো‌ৱা দান-বৰঙণিত দেখোন কোনো  নিন্ম-সীমা থাকিব নালাগিছিল ,যাৰ যি ইচ্ছা বা যিমান পাৰে ;সিমানেই দিব পাৰিব লাগিছিল !

আৰু এই যে পূজাৰ মণ্ডপ গলিয়ে প্ৰতি একোটাকৈ হয় ,তাৰ কিবা ধৰা-বন্ধা নিয়ম আছে নেকি ? যে আমাৰ চুবুৰীত নাপাতিলে আমাক পাপে চুব ! কিয় আমি এখন চহৰৰ বা গাঁৱৰ আটাইখিনি মানুহে গোট খাই সম্প্ৰীতিৰে মাত্ৰ এঠাইতে পূজা পাতিব নো‌ৱাৰো ? কিয় ? কাৰণ সকলোৰে সেই একেই ইচ্ছা, নিজৰ পকেট গৰম কৰা ! চান্দা-অৰিহণাৰ টকা আৰু খৰছৰ হিচাপবোৰ কিমান ৰাজহু‌ৱা হয় সেয়া সকলো‌ৱে জানে ।

ধৰ্মীয়া অনুষ্ঠান,উৎস‌ৱে হেনো একতাৰ দোলেৰে সমাজখন বান্ধে । আজিৰ সমাজত এনে ভাগে ভাগে  হো‌ৱা এই উৎস‌ৱবোৰে আমাক চোন বিচ্ছিন্ন হে কৰিছে ।

আজিকালিৰ মন্দিৰবোৰত
আধুনিকতাৰ ইমানেই পৰশ পৰিছে যে এটা মন্দিৰ বনাবলৈ কোটি টকালৈকে খৰছ কৰা হয় ,যি সময়ত হাজাৰ হাজাৰ গৃহহীন নৰ-নাৰীয়ে তাৰ কাষতে মুকলি আকাশৰ তলত বাস কৰে ।মাৰ্বল-পাথৰ, ‘টাইলছ’ৰে নিৰ্মিত গৃহটিৰ চৌপাশে আকৌ সন্ধ্যা বেলা চকু চাঁট মাৰি ধৰা উজ্জ্বল ৰঙীন পোহৰৰ খেলা ! ঈশ্বৰ আৰাধনাৰ বাবেতো ইমান ৰাজকীয় পৰি‌ৱেশৰ প্ৰয়োজন নাছিল ! কিয় লাগে এইবোৰ ? এইবোৰ আচলতে একো একোটা বিজ্ঞাপন । সেই ধৰ্মানুষ্ঠানটোৰ অ‌ৱস্থিতি আৰু উপস্থিতিৰ বিষয়ে যাতে অধিক মানুহ জ্ঞাত হয় । অধিক মানুহ আকৰ্ষিত হওঁক –অধিক দান বৰঙণি উঠক । আৰু দানকৰ্তাৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰা হওঁক-যাতে মন্দিৰ সমিতি(তথা বিষয়ববীয়াসকল) তাৰপৰা উপকৃত হ’ব পাৰে । আমি শংকা কৰো কিছুদিন পিছত চাগৈ দুখীয়া মানুহৰ প্ৰ‌ৱেশ এইবোৰত  নিষিদ্ধ কৰা হ’ব ।

এটকীয়া পইচা দলি মাৰি দিয়া হনুমান মন্দিৰৰ দৈনিক
শ শ টকাবোৰ ক’লৈ যায় ? ভগ‌ৱানে কাহানিও দৈনিক হিচাপত ইমান টকাৰ বৰঙণি গ্ৰহণ নকৰে । শুদ্ধ মনোকামনাৰে দিয়া যসামান্য অৰিহণাতে হেনো তেৰা সন্তোষিত হয় । যেনেদৰে দে‌ৱীলৈ আগবঢ়াই দিয়া বলিৰ পাথা ছাগলী বা হাঁহ-কুকুৰাবোৰ প্ৰসাদস্বৰূপে ভক্তস‌ৱেই গ্ৰহণ কৰে । সেইদৰেই এই হাজাৰ হাজাৰ দানৰ মুদ্ৰাবোৰো নিশ্চয় কাৰোবাৰ পকেতস্থ হয় ।

নতুনকৈ গঢ় লো‌ৱা সৰু সৰু মন্দিৰ/মঠবোৰ ৰাষ্টাৰ কাষতে যে হ’বলৈ পায় ,কি কাৰণে ?অলপ ভিতৰতো হ’ব পাৰিছিল । কাৰণ , তেওঁলোকৰ ‘টাৰ্গেত’ হ’ল এইসকল ‘ফ্লাইং কাষ্টমাৰ’ । অৰ্থা এখন গাওঁ,চহৰ বা এটা এলেকাৰ সীমিত জনসংখ্যাৰে উপাৰ্জন বা লাভালাভৰ অংকটো সদায় সৰু হৈয়েই থাকিব, গতিকে কিছুমান যদি ‘উৰণীয়া গ্ৰাহকে’ দৈনিক ভূমুকি মাৰেহি তেওঁলোকৰ চোতালত,তেন্তে সেই লাভালাভৰ অংকটো‌ৱেও মোটা পৰিমাণলৈ ৰূপান্তৰিত হ’ব । এইবোৰ হৈছে ব্যৱসায়ৰ সৰলতম সূত্ৰ ।

শনি মন্দিৰবোৰ দেখা যায় বজাৰৰ চুকত
বা গলিৰ কাষত । মহানগৰত এহাত মানৰ আঁতৰে আঁতৰে শনি মন্দিৰ ।তোমাৰ শণি বেয়া ।শণি লাগিছে ।গতিকে শনি মন্দিৰত গৈ ইমান টকা আৰু এনে বিধানেৰে তেওঁক সন্তোষিত কৰিব লাগিব । ’-এইবোৰ কথাত আমাৰ মানুহ ভোল যায় আৰু নিজৰ ভাগ্যক দোষ দি নেদেখাজনক সন্তুষ্ট কৰিবলৈ উঠিপৰি লাগি যায় ।আচলতে কোনো মানুহৰে শনি নালাগে (বা শনি বেয়া নহয়) । তেওঁলোকক আপাতত বিশ্বাস কৰো‌ৱা হয় এইবোৰৰ সপক্ষে , যাৰ আঁৰত কিছু সুবিধাবাদী চতুৰ মানুহৰ অভিসন্ধি লুকাই থাকে ! নিজৰ হাত দুখনক বিশ্বাস কৰা আৰু বিবেকক প্ৰাধান্য দিয়া যিকোনো মানুহে তথাকথিত শনিৰ উপদ্ৰ‌ৱৰ পৰা নিজকে সকলো সময়তে বচাই ৰাখিব পাৰে !

আপুনি নিশ্চয়
মোবাইল ফোন’এচ.এম.এচ. পায় –“আপুনি ব্যৱসায়ত কিয় সফল হো‌ৱা নাই /আপোনাৰ পঢ়া-শুনা তথা কেৰিয়াৰত ক’ত বাধা আছে/চাকৰি কিয় পো‌ৱা নাই” –এইবোৰৰ উত্তৰ পাবলৈ অমুক নম্বৰত ডায়েল কৰক । যেন তেওলোক সাজু হৈ আছে আপনাৰ সহশ্ৰ সমস্যাৰ সমাধান এক মিনিটতে দি আপোনাক সুখী কৰি তলিবলৈ । ধন-মান-ঐশ্বৰ্যৰে আপোনাক সমৃদ্ধিবান কৰিবলৈ ।দূৰদৰ্শনৰ পৰ্দাত হাজাৰটা বিজ্ঞাপন –আমাৰ অমুক অমুক ৰক্ষাকবচ লওক আৰু নানান অশুভ শক্তিৰ পৰা নিজকে দূৰত ৰাখক ।এই মালা পৰিধান কৰক –কোনোধৰণৰ কূপদৃষ্টিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক চুব নো‌ৱাৰে ।ইত্যাদি । আটাইতকৈ আমোদজনক কথা এয়ে যে এনে বিজ্ঞাপনত কেতিয়াবা সন্যাসী একোজনেও ভাগ লয় ;যাৰ কথা কো‌ৱাৰ ধৰণতে কোনো কোনো ধৰ্মভীৰুয়ে সেই মালা বা ৰক্ষাকবচ কিনিবলৈ মন মেলে । ধৰ্মৰ বাণিজ্যিকিকৰণৰ এনে প্ৰভা‌ৱ যে এনে ধৰ্মীয় সা-সৰন্জামৰ লগতো আকৌ ‘বিনামূলীয়া সামগ্ৰী বা উপধৌকন উপলব্ধ হয় ।

শংকৰী সমাজ বা অন্য ব্ৰাহ্মণ সমাজত
কিছুমান বিধি-বিধান মানি চলা দেখা যায় ।তেনে দুই এটা হ’ল--গাহৰি বা কুকুৰা চৰাই ঘৰত পোহা নিষিদ্ধ ,সম্বন্ধীয় মানুহৰ লগত আৰু অন্য জাত-কুল-ধৰ্মৰ মানুহৰ লগত বিয়া হো‌ৱাটো নিষিদ্ধ । ঠিক তেনেদৰে সমাজে এৰি থো‌ৱা অথবা অন্য ধৰ্মা‌ৱলম্বী বা অন্য পন্থাৰ মানুহৰ লগত খা‌ৱন-শো‌ৱনো নিষিদ্ধ বা ছো‌ৱালী পলু‌ৱাই নিয়াও পাপ । এনে বিধানবোৰৰ যুক্তিগত বা বিজ্ঞানসন্মত দিশ সদ্যহতে আলোচনা নকৰি একে সময়তে আমি যদি লক্ষ্য কৰোঁ,এনে নীতি-নিয়ম ভংগ কৰাসকলক, পুণৰ একে সমাজতে সসন্মানে থকাৰ অধিকাৰ দিয়া হৈছে প্ৰায়শ্চিত্তৰ জৰিয়তে ।প্ৰায়শ্চিত্তৰ বাবে দোষীয়ে কৰিবলগীয়া কাজ হ’ল মাথো নিৰ্ধাৰিত পৰিমাণৰ শুল্ক(Penalty Fine)ৰে সৈতে ৰাইজৰ ওচৰত আঁঠু লো‌ৱা আৰু নাম-কীৰ্তনসহ ভকতসকলক ভোজন কৰো‌ৱা (সমাজভেদে কিছু বেলেগ হ’ব পাৰে) । সঁচা ধৰ্মানুভ‌ৱেৰে এই প্ৰায়শ্চিত্ত যথাৰ্থ ।কিন্তু আজিৰ সমাজৰ ৰেহ-ৰূপলৈ লক্ষ্য কৰিলে এনে লাগে এই প্ৰায়শ্চিত্ত যেন এটা তেনেই টুলুঙা ভেলেকীবাজী !কাৰণ প্ৰায়শ্চিত্ত আছে বুলি জানিয়েই বহুতো সাহসী ডেকাই উপৰোক্ত বিধি-বিধানবোৰ হেলাৰঙে উলংঘণ কৰি আহিছে । তেওঁলোকৰ মতে ‘বুঢ়াভকত কেইটাক ফিটিং কৰিলেই হ’ল!’। এয়া একপ্ৰকাৰৰ অধৰ্ম নহয়নে ?

বহু সমাজত দেখা যায়, নামঘৰৰ মুখীয়াল বুঢ়া ভকত কেইজন,যিয়ে সমাজখন সুধৰ্ম সুসংস্কৃতিৰে আগু‌ৱাই নিয়াত আগভাগ ল’ব লাগিছিল ,তেওঁলোকেই নানান বেমেজালিত লিপ্ত হৈছে ।
গাভৰু ছো‌ৱালীয়ে ৰন্ধা ভাত তেৰা সকলে নাখায়, বিবাহিত আৰু দিক্ষা লো‌ৱা ভক্ত বৈষ্ণ‌ৱে ৰান্ধিলেহে খাব । কিন্তু দেখা পাব, তেনে দুজনমানেচোন  চহৰৰ হোটেলত আপোনমনে উদৰ পূৰাই খো‌ৱা বোৱা কৰে, য’ত ৰান্ধনীৰ জাত-পাত আৰু চাফ-চিকুণতাৰ অলপো প্ৰশ্ন কৰা নহয় ! ভাঁওনাৰ ৰাতি কোনোবাজনে হয়তো সেই পনীয়াবিধেৰেই আত্মশুদ্ধি কৰিছে ।

অ‌ৱশ্যে এই ধৰ্মস্খলন অকল হিন্দু সমাজতে নহয়, ইছলাম বা খ্ৰীষ্ট ধৰ্মও নৈতিক প্ৰদূষণৰ বলি হৈছে । পৃথি‌ৱীৰ বহু মছজিদ জেহাদি সকলৰ শিবিৰ হৈ পৰিছে । বহু ঠাইত ‘ফাদাৰ/চিষ্টাৰ’সকলৰ অনৈতিক কাণ্ড-কাৰখানাৰ কথাও শুনা যায় ।

ধৰ্মৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা থকাতো নিতান্তই অপৰিহায্য ।
কিয়ণো ধৰ্ম হৈছে এনে এক অস্ত্ৰ যাক সকলো মানুহেই একপ্ৰকাৰৰ ভয় আৰু ভৰসা কৰে । ধৰ্ম অবিহনে আজিৰ পৃথি‌ৱীত মানুহ বৰ্তি থকাই অসম্ভ‌ৱ হ’লহেঁতেন । নিজৰ মাজতে কটা-চিঙা আৰু মাৰ-ধৰ,কাজিয়া কৰি ‘মানুহ’ নামৰ জী‌ৱবিধ ডাইনোছৰৰ দৰে বিলুপ্ত হৈ পৰিলহেঁতেন । কাৰণ, ‘পাপ লাগিব’ বা ‘নাপায়’ বোলা কথাষাৰে মানুহৰ আদিম চেতনা আৰু বহুক্ষেত্ৰত কাম-ক্ৰোধ-লোভ-মোহ আদিকো দমন কৰি ৰাখিবলৈ সক্ষম হৈছে ।ই অতিকেই জৰুৰী ।

আমি আশা কৰোঁ,
সাধাৰণ মানুহে যাতে ধৰ্মৰ নামত চলি থকা ব্যভিচাৰ তথা প্ৰহসনবোৰ চিনি পায় আৰু যেন েইবোৰলৈ সহযোগিতা আগ নবঢ়ায় । সমাজত ধৰ্মই একতা বঢ়াওক । মানুহক নম্ৰ ,বিনয়ী, পৰো‌পকাৰী হ’বলৈ শিকাওক । মান‌ৱতাৰ জয়গান গাওঁক ।

Tuesday, November 1, 2011

মোবাইল ফোনত কেনেকৈ অসমীয়া লিখিব পাৰি


দ্ৰষ্টব্য: তলৰ কথাখিনি কে‌ৱল Non-Android আৰু Non-Windows ফোনসমূহৰ বাবেহে প্ৰযোজ্য


১) আপুনি প্ৰথমে মোবাইলত থকা ব্ৰাউজাৰ যোগে এই জালস্থান খোলক:
http://www.paninikeypad.com/download.php
২) অথবা www.google.co.in খুলি “Panini keypad for mobile ” বা ‘Panini Bengali R’ বুলি বিচাৰিব পাৰে ।
৩) এতিয়া Panini Keypad Bengali নামৰ চফ্ট‌ৱেৰটো আপোনাৰ মোবাইললৈ ‘ডাউনলোড’ কৰক ।
৪) (স্বয়ংক্ৰীয়ভা‌ৱে) ই আপোনাৰ মোবাইলত ইনষ্টল হ’ব ।
৫) ইয়াক ব্য‌ৱহাৰ কৰিবৰ বাবে আপুনি (Nokia ত) Applications-> Games লৈ গৈ খুলিব লাগিব ।
৬) তাৰ পিছত Write Message কৰিলে আপুনি বাংলা ভাষাত লিখিব পাৰিব ।
৭) ‌’ৱ’ আৰু ‘ৰ’ৰ বাবে ‘Change Language ’ কৰিলে “Assamese ” দেখা পাব ।
৮) গোটেই বাক্যবোৰ লিখি হো‌ৱাৰ পাছত ‘View Text ’ কৰিলে আপুনি লিখা বাক্য দেখা পাব ।এতিয়া ‘Options’ ত গৈ ‘Mark All’ কৰি ‘Copy’ কৰক ।
৯) এতিয়া ব্ৰাউজাৰ খুলি যিকোনো জালস্থানত “Paste” কৰি দিয়ক অথবা আপুনি SMS হিচাপেও অসমীয়াত পঠিয়াব পাৰে

Thursday, October 27, 2011

“অভিযন্তা হো‌ৱাৰ গৌৰ‌ৱ”



নামভৰ্তিৰ বাবে হো‌ৱা বাছনী-পৰীক্ষাৰ ফলাফল ঘ‌োষণাৰ দিনা নিজৰ নামটো উত্তীৰ্ণসকলৰ তালিকাত দেখি কিমান এটা যে শিহৰণ আৰু আনন্দ অনুভ‌ৱ কৰা যায়, সেয়া নিশ্চয় অভিজ্ঞতা হো‌ৱাসকলেহে ভালদৰে বুজিব পাৰিব হয়,মই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাছনী-পৰীক্ষাৰ কথাই কৈছোঁ ।যিসকল শিক্ষাৰ্থীয়ে  নিজকে এজন অভিযন্ত্ৰা হো‌ৱাৰ সপোন দেখে, তেওঁলোকৰ বাবে উচ্চ-মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দেওনাখন পাৰ হো‌ৱাৰেপৰা আৰম্ভ হয় এই বাছনী -পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অনুশীলন আৰু প্ৰস্তুতি । উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিয়ে যিহেতু এনে বাছনী-পৰীক্ষাৰ সকলো বিষয় সামৰি নলয়,গতিকে নিয়মীয়া পাঠ্যক্ৰমৰ লগতে আন বহুতো সহায়ক সমল গ্ৰন্থৰ বিস্তৰ অধ্যয়ন আৰু নিয়মীয়া অনুশীলনেহে এজন ছাত্ৰ বা ছাত্ৰীক অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উপযুক্ত কৰি তোলে ।সেয়েহে ,আজিকালিৰ প্ৰতিযোগিতাৰ যুগত লাখ লাখ শিক্ষাৰ্থীৰ ভিতৰত মাথ‌োঁ বাছকবনীয়া দুজনমানৰে এজন হৈ নিজৰ পছন্দৰ শিক্ষানুস্থানখনত পঢ়িবলৈ সুযোগ পো‌ৱাটো সঁচাকৈয়ে এটা গৌৰ‌ৱৰ বিষয় হৈ পৰিছে ।

       আৰু সেই দিনটো নিশ্চয় জী‌ৱনৰ এটা উল্লেখনীয় দিন হৈ ৰয়,যিদিনা ভ‌ৱিষ্যতৰ সোনালী সপোন দেখা সদ্যযৌ‌ৱনপ্ৰাপ্ত শিক্ষাৰ্থীগৰাকীয়ে পাঠগ্ৰহনৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰথম খোজ পেলায় ।এনে সময়ত সাফল্যৰ কীৰ্তিয়ে অনবৰত তেওঁৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙাই ৰাখে ।অ‌ৱশ্যে নতুন অচিনাকী পৰি‌ৱেশৰ অনাকাংক্ষিত মূহুৰ্তৰ সম্ভা‌ৱনাৰে কিছু গহীন হৈ নথকাও নহয় । নতুন বন্ধু-বান্ধ‌ৱীৰ স’তে এখন নতুন পৃথি‌ৱীত খোজ পেলায় আৰু জী‌ৱনৰ ৰঙীণ  তথা মাদকতাভৰা অভিযান্ত্ৰিক জগত এখনৰ স’তে কুচ-কা‌ৱাজ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰে ।ছাত্ৰা‌ৱাসৰ দৈনিক নিত্য-নতুন ঘটনা,শ্ৰেণীকোঠাৰ ধেমালী,মহাবিদ্যালয়ৰ চৌহদৰ বাহিৰৰ ৰসাল কাহিনী আৰু বিদ্যায়তনিক পাঠৰ বাহিৰৰ অধ্যায়বোৰে তেওঁলোকৰ মন-প্ৰাণ সদা চঞ্চল আৰু উত্তেজিত কৰি ৰাখে । এই সময়তে জী‌ৱন-বাটৰ লগৰী বিচাৰি বহুজনেই আকৌ অতিৰিক্ত চাপ অথবা অতিৰিক্ত ৰোমাঞ্চেৰে সময় পাৰ কৰে সাধাৰণ মহাবিদ্যালয়ৰ জী‌ৱনশৈলীতকৈ  যথেষ্ট তফাৎ থকা এটা পৰি‌ৱেশত জী‌ৱনৰ মধুৰতম সময়বোৰ পাৰ কৰিবলৈ যিজন শিক্ষাৰ্থীয়ে পাইছে ,তেওঁৰ বাবে এই সময়ছো‌ৱা সদায় এক সুন্দৰ নস্তালজীয়া হৈ ৰয় ।

       লাহে লাহে আমি অভিযন্ত্ৰা এজন নিজৰ মাজতে ‌আৱিষ্কাৰ কৰিবলৈ লওঁ আৰু ঠিক সেইদিন ধৰি নিজৰ আদ‌ৱ-কায়দাবোৰো সেই খাপৰ হ’বলৈ ধৰে । যেনে ধৰক,’ৰক্’ সংগীত শুনিবলৈ লো‌ৱা,ইংৰাজী চিনেমাৰ নায়ক-নায়িকাক ভাললগা হো‌ৱা অথবা নগৰীত চলা-ফিৰা কৰি থাকোতে সাধাৰণ মানুহক নিজৰ অধ্যয়নৰত মহাবিদ্যালয়ৰ নামটো কিবা প্ৰকাৰে হ’লেও কৰ্ণগোচৰ কৰো‌ৱা,নামী-দামী ৰেস্তোঁৰাত খাবলৈ আৰম্ভ কৰা আৰু নতুন ফেশ্যনৰ কাপোৰ-কানি তথা আনুসংগিক পিন্ধা-উৰণৰ সামগ্ৰীৰে নিজক সু-সজ্জিত কৰা  ইত্যাদি।

       ইয়াৰ মাজতে  আমি শিক্ষা-প্ৰণালীৰ দোষ-ত্ৰুতিবোৰৰ ব্য‌ৱহাৰিক ফলাফল নিজৰ জী‌ৱনত সংঘটিত হো‌ৱা দেখিবলৈ পাওঁ আৰু প্ৰচণ্ড বিদ্ৰোহত কেতিয়াবা আটাহ পাৰি উঠো । ‘চেচ্ছন্যেল পৰীক্ষা’ ৰ নম্বৰ কম পো‌ৱাৰ কাৰণবোৰ বিশ্লেষণ কৰিবলৈ শিকোঁ ।আৰু কোনোবা এদিন বন্ধুৰ অনুৰোধতে হওঁক অথবা মনৰ ভিতৰত বিভিন্ন জনৰ ওপৰত গুজৰি গুমৰি থকা ক্ষোভৰ বৰ্হি:প্ৰকাশৰ বলতে হওঁক আমি এদিন সুৰাৰ ৰাগীৰে নিজকে পাহৰিবলৈ চেষ্টা কৰোঁ । কাহানিও নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি নথকা ছাত্ৰজনেও বন্ধুৰ স’তে কৰা আনন্দপূৰ্ণ সুৰাপানৰ মাদকতাৰে ৰঙীণ হ’বলৈ শিকে ।আদ্দাৰ সময়ত অথবা নিচাসক্ত অ‌ৱস্থাত নিজৰ প্ৰতিটো ইচ্ছা –আকাংক্ষাক বা‌স্ত‌ৱ কৰাৰ সপোন দেখে ।পিছদিনা সুস্থ মগজুৰে আকৌ শ্ৰেণীকোঠাত নিজৰ সপোনবোৰক বন্দী কৰি ৰাখে ।

       ছো‌ৱাল‌ী জোকো‌ৱাৰপৰা আৰম্ভ কৰি নিষিদ্ধ কিবা এটা কৰাৰ আনন্দ আৰু তাৰ মাজতে নিজৰ নিজৰ ছাত্ৰা‌ৱাস (বা ছাত্ৰীনিবাসৰ ) গৌৰ‌ৱৰ হকে কিবা অলপ অৰিহণা যোগো‌ৱাৰ মানসিকতা প্ৰতিজন আ‌ৱাসী অভিযন্ত্ৰাৰে গঢ় লয় ।সেয়ে হয়তো পঢ়া-শুনা সামৰিও কুচ-কা‌ৱাজ,নাটক,নৃত্য,খেল আদিৰ প্ৰতিযোগিতাৰ বাবে মহাবিদ্যালয়-সপ্তাহৰ সময়খিনিত প্ৰতিজন অভিযন্ত্ৰাই দেহে-মনে নিজৰ সময় উছৰ্গিত কৰে ।ছাত্ৰা‌ৱাস অথবা ছাত্ৰীনিবাসবোৰত পু‌ৱা তিনি বজাৰে পৰা কুচ-কা‌ৱাজৰ অনুশীলন হো‌ৱাটো এটা স্বাভা‌ৱিক পৰিঘটনালৈ ৰূপান্তৰিত হয় ।

       ই সঁচা কথা যে ,অভিযান্ত্ৰিক মহাবিদ্যালয়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে সামাজিক দায়বদ্ধতা ভালদৰেই অনুধা‌ৱন কৰিবপৰা হয় ।তেওঁলোকে অতিবাহিত কৰা চৌপাশৰ পৰি‌ৱেশ এখন ‌বাস্ত‌ৱ সমাজৰে এটা ক্ষুদ্ৰ সংস্কৰণ বুলি ক’লেও বঢ়াই কো‌ৱা নহ’ব ।আনন্দ-উত্তেজনাৰ সময়তো,কেতিয়াবা কোনো এজন ছাত্ৰই হয়তো পাঠ্যপুথিক লৈ ব্যস্ত থাকিবলৈ ভাল পায়, আন এজনে আকৌ পাঠ্যপুথিৰ সলনি কে‌ৱন চলচ্চিত্ৰ-নাচ-গান-কবিতাতে মূৰ গুজি ভালপায় আৰু আন এজনে আকৌ ৰাস্তাত দাদাগিৰি কৰিহে ভালপায় !ঠিক তেনেদৰে কোনোবা এজনে যদি লেপটপ-দামী মোবাইল ফোন ইত্যাদিৰে পঢ়িবলৈ আহিছে,আন এজনে হয়তো বেংকৰ ঋণ পৰিশোধৰ ভা‌ৱনাত মগ্ন হৈছে ।

       এনেদৰে মিশ্ৰিত অভিজ্ঞতা আৰু হাঁহি-ধেমালীৰ মাজেৰে যেতিয়া সময়ে ৩য় বৰ্ষত ভৰি দিয়ে তেতিয়া শিক্ষাৰ্থী গৰাকীয়ে বুজিব পৰা হয় তেওঁ অধ্যয়ন কৰি থকা বিভাগটোৰ মহত্ত্ব ।অৰ্থাৎ তেওঁ বুজি পায় সেই বিষয়ত পঢ়ি ওলো‌ৱাৰ পিছত তেওঁ কেনেধৰণৰ চাকৰি পাব পাৰে বা কি কি বিভাগীয় কাৰ্যালয়বোৰত তেওঁলোকৰ মকৰলৰ সুবিধা আছে অথবা উচ্চ শিক্ষাৰ বাবে কি কি অনুষ্ঠান আৰু পাঠ্যক্ৰম মজুত আছে --এই সকলোবোৰ কথা । সেইমতে নিজৰ ইচ্ছা-অনিচ্ছা আৰু অৰ্জিত নম্বৰৰ শতাংশবোৰ ঠিক্–ঠাক‌্ কৰিবলৈ যো-জা কৰোতেই আন এটা বছৰ আহি সমুখত থিয় হয় । এই চতুৰ্থ বছৰটো তেওঁৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত থকা শেষৰটি বছৰ ।গতিকে অন্তৰংগ বন্ধুসকলক,যাৰ সতে তেওঁ বহুতো সুখ-দুখৰ সময় ইতিমধ্যেই ভাগ কৰিছে,হেৰু‌ৱাব লগীয়া হো‌ৱাৰ বেদনাই অন্তৰত কিছুমান আ‌‌ৱেগমিশ্ৰিত দুখৰ সৃষ্টি কৰে আৰু কিছু দুখা‌ৱৰণে সময়বোৰ গধুৰ কৰি ৰাখে ।ঠিক তেনে সময়তে মহাবিদ্যালয় গৰকেহি বিভিন্ন নামী-দামী কোম্পানী তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংশ্লিষ্ট কৰ্মকৰ্তাসকলে, নতুন অভিযন্ত্ৰা নিযুক্তিৰ বাবে ।এজন শিক্ষাৰ্থীৰ বাবে এনে ‘চৌহদীয় নিযুক্তি’ অতি সুবিধাজনক সুযোগ হিচাপে চিহ্নিত হয়; কিয়নো এনে প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ’লে তেওঁ চূড়ান্ত পৰীক্ষাৰ ফলাফল ওলো‌ৱাৰ লগে লগেই চাকৰিত যোগদান কৰিব পাৰে । দেশৰ অৰ্থনৈতিক অ‌ৱস্থাৰ উত্থান-পতানে মাজে সময়ে সকলো কোম্পানী তথা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানকে প্ৰভা‌ৱান্বিত কৰা আমি দেখি আহিছোহঁক ।গতিকে অভিযান্ত্ৰিক পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হো‌ৱাৰ পাছতো বহুতেই  খালী থকা পদবীৰ অভা‌ৱত  চাকৰি বিচাৰি হাবাথুৰি খো‌ৱা দেখা যায় ।সেয়েহে এনে চৌহদীয় সাক্ষাৎকাৰৰ সুযোগ পূৰ্ণমাত্ৰাত গ্ৰহণ কৰি এজন ছাত্ৰ বা ছাত্ৰীয়ে জী‌ৱনৰ নিশ্চিত সুৰক্ষা প‌‌াব পাৰে বুলি ভা‌ৱিব পাৰি ।

       আৰু স্বাবা‌ৱিকভা‌ৱেই চতুৰ্থ বৰ্ষত শিক্ষাৰ্থীৰ খা‌ৱন-শো‌ৱন হৰি নিয়ে এই শকত দৰমহাৰে নিযুক্তি দিবখোজা কোম্পানীবোৰৰ নিযুক্তি প্ৰক্ৰিয়াইলিখিত-পৰীক্ষা, ব্যক্তিগত সাক্ষাৎকাৰ আদিত সুধিব পৰা সম্ভাব্য প্ৰশ্না‌ৱলী ,বিষয়াসকলৰ আগত কেনে ধৰণৰ শিষ্টাচাৰে শোভা পাব আদি বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ ব্যস্ততা বাঢ়ি যায় ।আৰু দেখা যায়, আজিকালি  নিজৰ বুদ্ধি-মত্তা,উপস্থাপনশৈলী তথা কাৰিকৰী জ্ঞানৰ ভিত্তিত প্ৰায় প্ৰতিজন অভিযন্ত্ৰাই পঢ়া সাং নৌকৰোতেই উচ্চ পদবীৰ সন্মানীয় আৰু মোটা পাৰিশ্ৰমিকৰ চাকৰি পাবলৈ সক্ষম হয় ।

       মহাবিদ্যালয়খনৰ বাবেও        ই এটা গৌৰ‌ৱৰ কথা হিচাপে স্বীকৃত হয় ।কাৰণ তেওঁলোকে পাঠদানৰ যোগেদি কোনো  কৰ্মহীন অভিযন্ত্ৰা সৃষ্টি কৰা নাই , বৰঞ্চ কৰিছে উচ্চ পদবীধাৰী অভিযন্ত্ৰা ,যি চাকৰিৰ বাবে এটা দিনো ‘বেকাৰ’ হৈ বহি থাকিব লগীয়া হো‌ৱা নাই !বহু ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ে আকৌ নামভৰ্তিৰ সময়তে চাকৰিৰ নিশ্চয়তা প্ৰদান কৰে ।এনেকি নিযুক্তিপত্ৰও দিয়ে ।আৰু বৰ্ত্তমানৰ এই অনিশ্চয়তা,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ দুৰ্দিনৰ সময়ত প্ৰতিজন অভিভা‌ৱকেই নিজৰ সন্তানে এনে এটা পাঠ্যক্ৰমত নামভৰ্তি হো‌ৱাটো বিচাৰে, য’ৰ পৰা ‘নিশ্চিত নিযুক্তি’ প‌ো‌ৱাৰ প্ৰতিশ্ৰুতি প‌ো‌ৱা যায় !

       সমস্যাটো হৈছে তাতেই ! হয় ।আমাৰ শিক্ষা-ব্য‌ৱস্থাই আমাক অভিযন্ত্ৰা,ডাক্তৰ,উকীল ‘বনাইছে’ সঁচাই—কিন্তু আমাক শিকো‌ৱা নাই এজন অভিযন্ত্ৰাৰ সামৰ্থ্য কিমান ,এজন ডাক্তৰৰ দায়িত্ব আৰু কৰ্তব্য কি , এজন উকীলৰ বাবে সত্য আৰু ন্যায়ৰ মূল্য কিমান ।

       চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমান-পত্ৰ হাতত পৰাৰ দিনা আমাৰ অভিযন্ত্ৰা সকলে মঙহ  আৰু প্ৰাসঙ্গিক খাদ্য-সূচীৰে আনন্দোল্লাস কৰিবলৈ ভালকৈয়ে শিকিছে হয় ,কিন্তু কোনো এজনে যে নিজৰ বুকুত হাত থৈ নিজকে কিমান মান আৰু প্ৰতিভাধাৰী অভিযন্ত্ৰা হিচাপে নিজকে চিনাকী দিব পাৰিব ,তাত সন্দেহ আছে ।সঁচা অৰ্থত ক’বলৈ গ’লে আমি অভিযান্ত্ৰিক পাঠ্যক্ৰমৰপৰা পাওঁ মাথোঁ এটা ‘ডিগ্ৰী’ আৰু এটা ‘চাকৰি’ !

       আমাৰ দেশৰ সৰহসংখ্যক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা উত্তীৰ্ণ হো‌ৱা এজন ‘মেকানিকেল ইঞ্জিনীয়াৰে’ নাজানে মটৰ-চাইকেলখনৰ ক্ষুদ্ৰাটিক্ষুদ্ৰ মেৰামতি কৰিবলৈ –যি সময়ত তেওঁ নতুন ইঞ্জিন উৎদ্ভা‌ৱন কৰিবপৰা হ’ব লাগিছিল ।এজন ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰে বিদ্যুৎ উৎপাদনৰ বিকল্প পদ্ধতি উদ্ভা‌ৱনৰ কথা দূৰৰে কথা, ঘৰৰ সাধাৰণ এটা ‘টিউব লাইট’ ভালদৰে লগাবলৈ নাজানে ।ঠিক সেইদৰে কম্পিউটাৰ ইঞ্জিনীয়াৰজনেও এটা কম্পিউটাৰৰ অংশসমূহ সংযোজিত(Assemble) কৰিবলৈও হয়তো অসমৰ্থ! হায়, আমাৰ শিক্ষা –ব্য‌ৱস্থা, আমাৰ ভ‌ৱিষ্যত!

          আচলতে ,আমাৰ শিক্ষা-ব্য‌ৱস্থাটো‌ৱে আমাক প্ৰত্যেককে চাকৰিমুখীহে কৰি তুলিছে—য’ত এটা উচিত চাকৰি পো‌ৱাটো‌ৱেই শিক্ষাৰ্থীৰ প্ৰধান উদ্দেশ্য হৈ পৰিছে । আৰু এই নম্বৰভিত্তিক পৰীক্ষা-প্ৰণালীয়ে ছাত্ৰ-ছাত্ৰীক নম্বৰ গোটাবলৈ সমৰ্থবান কৰিছে ,প্ৰথম-শ্ৰেণীপ্ৰাপ্ত অভিযন্ত্ৰা সাজিছে সঁচাই – কিন্তু ব্য‌ৱহাৰিক জ্ঞানত এজন শিক্ষাৰ্থীক অন্ধকাৰক ৰাখিছে । এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ নিজা কিছু আগ্ৰহৰো প্ৰয়োজন হয় । সেই আগ্ৰহ আমাৰ পাঠ্যপুথিৰ বিষয়-বস্তু আৰু শিক্ষাদানৰ পদ্ধতিয়ে জন্মাব পাৰিব লাগিছিল ,যিটো প্ৰকৃতাৰ্থত হ‌ো‌ৱা নাই ।

       ব্য‌ৱহাৰিক শ্ৰেণীৰ কোঠাত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তিৰ শিক্ষা ল’বলৈ আহৰিয়েই পো‌ৱা নাই ,কোনোজনে যদি এজনৰ পৰা টুকি লিখিছে, আনজনে নো‌ৱাৰা কথাট‌ো বিশেষজ্ঞৰ হতু‌ৱাই মাননীৰদ্বাৰা কৰো‌ৱাই আনিছেকাৰণ,মুঠৰ ওপৰত তেওঁলোকক নম্বৰহে লাগে ,পাঠ্যক্ৰমৰ সাৰাংশ নহয়!

       এনে হো‌ৱাও দেখা যায় যে, দুৰ্ভাগ্যক্ৰমে কোনোবা এজনে যদি চৌহদীয় নিযুক্তি প্ৰক্ৰিয়াযোগে চাকৰি লাভ নকৰে ,তেন্তে তেওঁ চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হয় ।অন্য বিভাগৰ বিষয়ে অজ্ঞ যদিও কম্পিউটাৰ অভিযন্ত্ৰাসকলৰ বাবে এই কথা সত্য।আৰু তেনে এজন ছাত্ৰই যিয়ে চাকৰিৰ বাবে মহাবিদ্যালয়ৰ বহি:জগতত অন্বেষণ আৰম্ভ কৰে,তেওঁ হয়তো দুই –তিনিটাৰ পৰা আৰম্ভ কৰি শ-শ সাক্ষাৎকাৰৰো মুখামুখি হ’বলগীয়া হয় ।তেনে অ‌ৱস্থাত তেওঁ উপলব্ধি কৰে ব্য‌ৱহাৰিক কাৰিকৰী জ্ঞানৰ মূল্য কিমান । কাৰণ, যিকোনো কোম্পানী বা প্ৰতিষ্ঠানে এনে এজন লোককহে মকৰল কৰিব খোজে যাৰ অনুসাংগিক অভিজ্ঞতা আছে অথবা প্ৰচুৰ প্ৰায়োগিক কাৰিকৰী জ্ঞান আছে । গতিকে অভিযান্ত্ৰিক মহাবিদ্যালয়ত ১ম শ্ৰেণীৰ ১ম হ’লেও কেতিয়াবা এনে ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজকে জ্ঞানশূন্য ৰূপতহে আ‌‌ৱিষ্কাৰ কৰে ।

       আমি এইবোৰ কথা দেখি-শুনি বুজি উঠিছোঁ যে,প্ৰায়োগিক শিক্ষা বা প্ৰযুক্তিগত জ্ঞানেৰে যি চহকী,ঔদ্যোগিক ক্ষেত্ৰখনত তেওঁৰ আদৰ সকলোতকৈ বেছি । আৰু ক’বলৈ গ’লে তেওঁৰ বাবে চাকৰিৰ আকাল নাই ! তেওঁ চাকৰি বিচাৰিব নালাগে, চাকৰিয়েহে তেওঁক বিচাৰি ফুৰে ! অধ্য‌ৱসায় আৰু অশেষ কষ্টেৰে স্ব-অৰ্জিত প্ৰায়োগিক বিদ্যাৰ বলত কেবাজনো অভিযন্ত্ৰাই দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰা একে দিনাই তিনি –চাৰিখন  নিযুক্তিপত্ৰ লাভ কৰা আমি নিজ চকুৰে দেখিছোঁ ।

       গতিকে আমি এই লেখাৰ জৰিয়তে আমাৰ ন-অভিযন্ত্ৰাসকলক এই আবেদন জনাব বিচাৰোঁ যে তেওঁলোকে যাতে নম্বৰ গোটো‌ৱাৰ সমানে সমানে ব্য‌ৱহাৰিক শিক্ষাৰ জ্ঞানো অৰ্জন কৰিবলৈ মনত বল বান্ধে । এনে প্ৰকৃত প্ৰায়োগিক –শিক্ষাৰে চহকী এজন অভিযন্ত্ৰাই তেহে অন্য কোম্পানীৰ মূৰব্বীৰ নিৰ্দেশমতে চলাতকৈ নিজাববীয়া প্ৰচেষ্টাৰে কোনো উদ্যোগৰ জৰিয়তেই বা অন্য মাধ্যমেৰে কিছু অ‌ৱদান সমাজৰ বাবে আগবঢ়াব পাৰিব ।

       কিয়নো আমি আমাৰ নিজৰ সামৰ্থ্যক এবাৰ অনুধা‌ৱন কৰিবলৈ চেষ্টা নকৰোহঁক? কম্পিউটাৰ-মোবাইল ফোনত আমি খেলি ভালপো‌ৱা “গে’ম”বোৰৰে এটা যে নিজেও সৃষ্টি কৰিব পাৰোঁ,সেই কথা এবাৰলৈ হ’লেও এজন তথাকথিত কম্পিউটাৰ অভিযন্ত্ৰাই তেওঁৰ মহাবিদ্যালয়ৰ দিনতেই ভা‌ৱি চাইছেনে ?বেটাৰী-বিহীন অনাতাঁৰ যন্ত্ৰ এটা অথবা ঘৰৰ ইনভাৰ্টাৰ এটা নিজেই সাজিবলৈ আমি কেতিয়াবা যুঁজি পাইছোনে? 

       অভিযন্ত্ৰাসকলেই এখন সমাজৰ উত্তৰণৰ গুৰি-ধৰোঁতা ।এইলোকেই নিত্য-নতুন প্ৰযুক্তিৰে এখন সমাজক উন্নতিৰ চৰম শিখৰলৈ আগু‌ৱাই নিব পাৰে । আজিও পৃথি‌ৱীৰ চুকে কোণে বিজ্ঞানৰ নানান চমৎকাৰী কলা-কৌশল আৰু প্ৰযুক্তিও এনে অভিযন্ত্ৰসকলৰে অ‌ৱদান ।

       যিসময়ত বিদেশৰ ছাত্ৰ—ছাত্ৰীয়ে বিদ্যালয় স্তৰতে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত অৰিহণা যোগাবলৈ সক্ষম হৈছে,তেনে সময়ত আমি সকলো সুবিধা কম-বেছি পৰিমাণে পো‌ৱাৰ পিছত এজন অভিযন্ত্ৰা হৈও কিবা অলপ কিয় কৰিব পৰা হো‌ৱা নাই ?

       প্ৰতিজন অভিযন্ত্ৰাই নিজকে এবাৰ আ‌‌ৱিষ্কাৰ কৰা উচিত আৰু আত্ম-প্ৰত্যয়েৰে নিজ নিজ বিভাগত সঠিক প্ৰায়োগিক শিক্ষা শিকাৰ  বাবে আগ্ৰহী হো‌ৱা উচিত । বিদেশৰ বাবে হাড়ক পানী কৰি কষ্ট কৰাতকৈ স্বদেশক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে আগু‌ৱাই নিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত । কাৰণ ,আমি সেইখন দেশৰ সন্তান য’ত বিশ্ববিখ্যাত বিজ্ঞানীৰ সৃষ্টি অন্য বহু জাতিতকৈ আগতেই হৈছে ।




      

মিজোৰামৰ সজ কথা -১



ঘটনাটো কালিৰ । পু‌ৱা ৭:৩০ বজাত সাধাৰণতে মই ভীষণ ব্যস্ত হৈ থাকিবলগীয়া হয়। দাড়ি খুৰো‌ৱাৰপৰা আৰম্ভ কৰি ভাত ৰন্ধা আৰু কাপোৰ-কানি ধো‌ৱালৈকে । তেতিয়া মই ভাত-কেৰেলাৰ বাকলি চুঁচি আছিলো । তেনেতে বাৰান্দাৰপৰা এটা নাৰীকন্ঠ ভাঁহি আহিল । দু‌ৱাৰ খুলি দেখিলোঁ এগৰাকী বৃদ্ধ মহিলা ।পিঠিত তেওঁ কঢ়িয়াই আনিছে আমাৰ বাগিছাৰ বণু‌ৱাসকলে লো‌ৱাধৰণৰ এটা ‘টুকুৰী’। ইয়াৰ খেতিয়ক মহিলাসকলে এনে এটা শংকু আকাৰৰ ‘টুকুৰী’তে তেওঁলোকৰ উৎপাদিত শাক-পাছলি বা অন্য বিক্ৰি কৰিবলগীয়া বস্তু কঢ়িয়াই ফুৰে ।মই সুধিলোঁ, "এঙে অ‌’ম?”(কি আছে?), তাই কিবা কিবি ক’লে ।সিমান এটা বুজি নাপালো,কাৰণ তাই ইয়াৰ স্থানীয় জনজাতীয় ‘মাৰা’ভাষাত কৈছে ,বহুল প্ৰচাৰিত ‘মিজো’ভাষাত নহয় ।

তাইৰ টুকুৰীটো জুমি চালো,কিজানি ভাল কিবা পাছলি আছেইবা! নাই, টুকুৰীটো খালী । মই বুজি পালোঁ, তাই কি বিচাৰিছে । কোনোবা মানুহৰ মৃত্যু হ’লে মৃতকৰ শ্ৰাদ্ধাদি অনুষ্ঠানত ভোজ খুওৱাইৰ নিয়ম আছে ইয়াত। আৰু সেই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় চাউলখিনি ওচৰৰ সকলো মানুহে দান দি যোগাৰ কৰে। এবাৰ তেনে দান দিয়াৰ অভিজ্ঞতা আছে ।গতিকে মই ততালিকে মোৰ চাউল থো‌ৱা মোনাটোৰ কাষলৈ গ’লো আৰু পলম নকৰি আধাকেজি মান চাউল পলিথিনত ভৰাই তাইৰ হাতত তুলি দিলোঁ । তাই ল’লে যদিও কিবাকিবি ভোঁৰভোঁৰায়ে থাকিল ।মই যে বুজি পোল‌ৱা নাই,সেই কথালৈ তাইৰ কাণসাৰেই নাই! তথাপিও নাই নোহযো‌ৱা দেখি মই নিৰ্বাক হৈ থিয় দি থাকিলোঁ ।এইবাৰ তাই মাজে মাজে দুটামান কথা মিজোত ক’লে । আৰু অংগী-ভংগীৰে কিবা এটা বুজাব খুজিলে ।মই বুজিব পাৰিলো যে তাইৰ কোনোবা এজন সম্বন্ধীয়ৰ ভৰিত কিবা এটা হৈছে ,আৰু কাইলৈ মোৰ ওচৰলৈ লৈ আহিব । মই ‘হ’ব বাৰু যা’ বুলি ক’লো, যেনেতেনে তাই যাওকগৈ বুলি । মনতে ভা‌ৱিলোঁ, যি হয় দেখা যাব পিছত । আৰু ৰন্ধা-মেলাত পুণৰ ব্যস্ত হ’লো।

আজি শোৱাপাটীৰপৰাই শুনিলোঁ দু‌ৱাৰত পৰা টোকৰ ।সময়টো চালো,পু‌ৱা ৫:৫৫ ।এই সময়ত সাধাৰণতে মই ৰাতিৰ সপোনবোৰৰ সামৰণি অধ্যায়ত ব্যস্ত থাকোঁ । উপায়বিহীন হৈ দু‌ৱাৰ খুলিলোঁ । দেখিলোঁ, সেই কালি অহা বুঢ়ী মানুহগৰাকী ।আৰু পিছফালে থিয় হৈ আছে এটা ল’ৰা ।বয়সত প্ৰায় ১৪-১৫ বছৰীয়া হ’ব । ‘কি হ’ল?’-বিৰক্তিৰে মই প্ৰশ্ন কৰিলোঁ ।বুঢ়ীজনীয়ে আকৌ কিবা-কিবি বৰ্ণনা কৰিবলৈ লাগি গ’ল । উপায়ন্তৰ হৈ ল’ৰাটোকে সুধিলোঁ ,’হিন্দি তং থিয়াম এম?’(হিন্দী জান নেকি ?) মূৰেৰে নঞবাচক উত্তৰ এটা দিলে সি।ওচৰৰ ঘৰৰ মানুহজনক দেখা পালো কাম কৰি থকা । তেওঁকে মতাই আনি কি কৈছে বুজি ল’লো। সাৰাংশ হ’ল-‘বুঢ়ীৰ স্বামীগৰাকী পাহাৰৰপৰা কাঠ কাটি আনোতে দুৰ্ঘটনাত পতিত হ’ল আৰু ভৰি এখন কাটিব লগীয়া হ’ল । এই নাতি পোৰ‌ৱালীটো‌ৱে মোৰ ঘৰত যিকোনো ধৰণৰ কাম(হাজিৰা) কৰি দিবলৈ সাজু আছে ,তাৰ বিনিময়ত কিছু টকা মই দিব লাগে ।’ আৰু ক’লে যে ‘তোমাৰ ঘৰৰ চৌপাশে ঘাঁহ-বন বেছি হৈ আছে ,সেইবোৰ কটাব পাৰা নতুবা কিবা চাং সজা,দৰ্জা দিয়া,বেৰা দিয়া আদি কামো কৰাই ল’ব পাৰা ।’ ইতিমধ্যে বেটাই খুকুৰীৰ নিচিনা দা এখন উলিয়ালেই ।মই বোলো ‘হেৰৌ মই অকলে থকা মানুহ ,যি সামান্য ঘাঁহ-বন আছে,মই নিজে চাফা কৰি ল’ব পাৰিম ’। বুঢ়ীয়ে দুভাষীজনক কিবা এটা ক’লে । তেতিয়া তেওঁ মোক ক’লে যে, কালি হেনো তুমি ‘হ’ব বাৰু আহিবি’ বুলি কৈছিলা!

মোৰ বেয়া লাগিল মনটো। ভিতৰলৈ আহিলো আৰু সিঁহতকো বহিবলৈ দিলোঁ ।মুখখন ধুই সাউৎকৈ চাহ কৰিলো । সিঁহতক দুকাপ দিলোঁ আৰু নিজেও ল’লো । চাহ খাই উঠি টকা ১০০ উলিয়াই বুঢ়ীৰ হাতত দিলো আৰু কাম কৰিব নালাগে,ল’ৰাটোক পঢ়িবলৈ দিবি বুলি ক’লো । বুঢ়ীয়ে উলাহতে মোক গাত ধৰি আশীৰ্বাদৰ নিচিনা কিবা এটা ক’লে । মনটো ভাল লাগিল ।

মিজোৰামত ভিক্ষাৰী বুলিবলৈ প্ৰায় নায়েই । আমাৰ অসমত বা অন্য ৰাজ্যত এনে দুৰ্দশাগ্ৰস্ত মানুহৰ বাবে ভিক্ষাবৃত্তিটো অন্তিম আৰু সহজতম উপায় । গাওঁবুঢ়াৰপৰা কিবা এখন কাগজ লিখাই সেয়া দেখু‌ৱাই বাটে-পথে ঘুৰি থাকিলেহেঁতেন এই বুঢ়ীগৰাকী ।
কিন্তু একেবাৰে কাম কৰি খাব নো‌ৱাৰা জন্মগতভা‌ৱে বিকলাংগ দুই এজন ইয়াতো নথকা নহয় ।তেওঁলোকে ভিক্ষা খুজিবৰ বাবে ৰাজপথৰ কাষত গীটাৰ এখন লৈ গান গাই গাই ভিক্ষা মাগে । ভদ্ৰ ভা‌ৱে। আপোনাৰ মন গ’লে আপুনি ভিক্ষা দিব,মন নগ’লে নাই! আমাৰ দেশৰ হাতত বাতি এটা লৈ কণ-কণ দুজনীমান লেতেৰী ছো‌ৱালীয়ে আপোনাৰ ভৰিত বা কাপোৰত সা‌ৱটি ধৰি নগুৰ–নাকটি কৰা বিধৰ নহয় ।

Friday, September 30, 2011

ৰাজনীতিৰ বিষয়ে মোৰ মতামত

মই ব্যক্তিগতভা‌ৱে ৰাজনীতি ঘিনা কৰোঁ ।(হেনোঁ মুৰ্খৰ শেষ আশ্ৰয় হ'ল ৰাজনীতি!) কিন্তু কেতিয়াবা ভা‌ৱোঁ, ৰাজনীতি নহ'লে দেশখন চলিব কেনেকৈ ? আমি নিবিচাৰিলেও আমি যে দেশৰ ৰাজনীতিৰ লগত পাকে-প্ৰকাৰে সদায়েই জড়িত! ইয়াক আমি একেবাৰে বাদ দি চলিব নো‌ৱাৰোঁ । পাৰোঁ, কিন্তু সকলোবোৰ ভাল-বেয়া ঘটনা সমাজত চকুৰ আগতে ঘটি থাকিব,সেয়া আমি নিৰ্বিবাদে মানি বহি থাকিব লাগিব ।আৰু তেনে 'চকু মুদা কুলি' হৈয়ো থাকিব নিবিচাৰোঁ ।
সেয়ে কেতিয়াবা মন যায়, -জী‌ৱনৰ শেষ অধ্যায়ত ৰাজনীতিতে সোমাও নেকি ! মানুহে কয়, বেয়াটোক ভাল কৰিবলৈ হ'লে প্ৰথমে তুমি 'বেয়া'ৰ 'চিষ্টেম'টোত সোমাই ল'ব লাগিব !

Thursday, September 15, 2011

লোকসংগীতৰ প্ৰয়োজনীয়তা


বিগত এটা দশকৰ পৰা ন অসমীয়া সংগীত শিল্পীসকলে যি ধূম-ধামেৰে সংগীত উৎপাদন কৰিচি.ডি.বা কেছেটৰূপত বজাৰত এৰি দিছে,সেয়া মন কৰিলে বুজিব পাৰি যে তেওঁলোকৰ সংগীত-সাধনাৰ আগ্ৰহতকৈ ব্য‌ৱসায়মুখী জনপ্ৰিয়তা অৰ্জনৰ আকাংক্ষা বেছি । মন কৰিবলগীয়া কথাটো হৈছে যে অসমীয়া ৰাইজে(বিশেষকৈ যু‌ৱ-সমাজে) তেওঁলোকৰ গীত শুনিছেও, অৰ্থাৎ তেওঁলোক বাণিজ্যিকভা‌ৱে সফল আৰু জনপ্ৰিয়ও হৈছে । আমি ভা‌ৱোঁ, ইয়াৰ ফলত অসমীয়া সংগীতৰ জগতখন কিছু পৰিমাণে হলেও প্ৰদুষিত হৈছে ।
           
            এতিয়া আপুনি প্ৰশ্ন কৰিব,গীতৰ মান যদি নিম্নই হয়,তেন্তে সেয়া জনপ্ৰিয় হৈছে কেনেকৈ? ভাল নলগাকৈ মানুহে এটা গান আঁকো‌ৱালি লব পাৰেনে?
            জিতুল,জুবিনকে আদি কৰি এই সোঁতত সমিল(চামিল!) হো‌ৱা প্ৰায় সকলো সংগীত-শিল্পীয়েই পশ্চিমীয় সংগীতৰ অনুকৰণেৰে বা অনুপ্ৰেৰণাৰে(প্ৰাৰ্থক্য নাই বুলিবই পাৰি এই ক্ষেত্ৰত!) নানা পৰীক্ষা-নিৰীক্ষা কৰি নতুন আধুনিক অসমীয়া গীত কিছুমান সৃষ্টি কৰি এটা ধাৰা বোৱাই আনিছে । তেওঁলোকে এই গীতবোৰত অনা-থলু‌ৱা বাদ্য-যন্ত্ৰও সংগত কৰিছে ।এনে সংগীতেৰে অসমৰ আকাশ-বতাহ ভৰি পৰাৰ ফলতে পশ্চিমীয় সংগীতৰ জোঁৱাৰে অসমীয়া ডেকা-ডেকেৰীক বাৰুকৈয়ে প্ৰভা‌ৱান্বিত কৰিছে । বিশ্বজনীন জ্ঞানৰ দু‌ৱাৰ গৰকা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই, বিদ্যালয়ৰ চৌহদ গচকি নো‌পো‌ৱা পেন্দোকণাহঁতৰ মুখতো চাকিৰা’, ‘মাইকেল’, ‘একনৰ গীত নিত্য বিদ্যমান হৈ উঠিছে ।বহুতেই আকৌ বুজি নাপালেও হকে-বিহকে কিছুমান ইংৰাজী গান শুনি বা শুনি দেখু‌ৱাই নিজকেসময়তকৈ আগত দৌৰাসকলৰ মাজৰে এজন বুলি জাহিৰ কৰিবলৈ ভাল পো ‌ৱা হৈছে । ই সিমান এটা শুভ লক্ষণ বুলি আমাৰ মনে নধৰে ।
           
            বয়ষ্ক সকলৰ লগতে জুবিন,দীক্ষুহঁতৰ গান শুনি ভালপো‌ৱাৰো অধিকাংশই স্বীকাৰ কৰিব যে পুৰণী অসমীয়া গীতসমূহে আজিও তেওঁলোকৰ মন-প্ৰাণ জুৰ পেলায় ।দেখা যায় যে ,লতা-কিশোৰ-ৰফি-মুকেশ-য়েচুদাসৰ পুৰণি হিন্দী গীতবোৰে কে‌ৱল ভাৰতবৰ্ষতে নহয়,সমগ্ৰ বিশ্বতে মানুহৰ অন্তৰ জিনিব পাৰিছে আৰু শ শ বছৰলৈ সিবোৰ অমৰ হৈ থাকি মানুহক সংগীতৰ অমিয়া সুধা বিলাই থাকিব পাৰিছে বা পাৰিব ।ইয়াৰ কাৰণ হিচাপে আমি কব খুজিম যে সিবোৰ গীতত কথা,সুৰ আৰু সংগীতৰ শ্ৰেষ্ঠতম সংমিশ্ৰণ ঘটিছে যত গীতিকাৰৰ কথাংশ ভাৰতীয় থলু‌ৱা লোকসংগীত আধাৰিত (বা লোকসংগীত-উদ্ভুত) সুৰেৰে সুনিৰ্দিষ্ট তাল-লয়ৰে সংযোজিত হৈ গায়ক/গায়িকাৰ গীতটিৰ প্ৰতি উৎসৰ্গিত কন্ঠৰ মাজেৰে প্ৰকাশ পাই পূৰ্ণৰূপ ধাৰণ কৰিছে ।
                                                            ******
            যো‌ৱা দশকটোৰ অসমীয়া গীতৰ বিশ্লেষণ কৰিবলৈ যাওঁতে জুবিন গাৰ্গদে‌ৱৰ নাম উল্লেখ কৰিবই লাগিব ।কাৰণ তেওঁ এনে এটা যুগৰ একছত্ৰী সংগীত-সে‌ৱক ৰূপে ইতিমধ্যেই চিহ্নিত আৰু যু‌ৱ-প্ৰজন্মৰ হিয়াৰ মণি হিচাপে পৰিগণিত হৈছে । আমি এনে জুবিন-অনুগামী বান্ধ‌ৱৰ সান্নিধ্যও পাইছোঁ, যিয়ে তেখেতৰ যিকোনো গীতৰ সংকলন মুক্তি পো‌ৱাৰ দিনাই কিনি আনি শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকে । মাহেকজোৰা একেকেইটা গান শুনা আৰু শুনো‌ৱা কাৰ্যসূচীৰ পিছত বিশ্লেষণাত্মক মন্তব্য আহে ,- ‘‘বুজিছা, জুবিনৰ গান প্ৰথমবাৰ শুনি কোনেও ভাল নাপায়,চাৰি-পাঁচবাৰ শুনি চো‌ৱা,তাৰ পিছত দেখিবা তুমি এডিক্টেডহৈ গৈছা!। যদি বান্ধ‌ৱৰ কথাই সঁচা,তেন্তে জুবিন গাৰ্গদে‌ৱৰ গীতে দেখোন প্ৰথম শ্ৰ‌ৱণতে আমাক সন্মোহিত কৰিব নো‌ৱাৰে,তাক জোৰ কৰি আমিহে চিনাকী ভাললগা গীত কৰি লওঁ ! বৰ পাকলগা কথা!
           
            আৰু আমাৰ বিশ্বাস, এয়াই ঘটি আছে আমাৰ অসমীয়া সংগীত জগতত! আমাক জোৰ কৰি শুনো‌ৱা হৈছে অনা-থলু‌ৱা সুৰ-সংগীতৰ তথাকথিত আধুনিক সংগীত ।এইবোৰকে আমি ভাল পাবলৈ লৈছোহঁক ।
                        জী‌ৱবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা আৰু গ‌ৱেষণাৰদ্বাৰা দাবী কৰে যে পিতৃ-মাতৃৰ দৈহিক গঠনৰ লগতে বিভিন্ন মানসিক গুণাগুণ আৰু প্ৰতিভাও তেঁওলোকৰ সতি-সন্ততিয়ে জন্মসূত্ৰে লাভ কৰে । সেই হিচাপত পুৰণী গীতৰ অনুৰাগী সকলো মাক-দেউতাকৰ সন্তানেও সুমধুৰ গীত পছন্দ কৰাৰ এটা জৈ‌ৱিক কাৰক ইতিমধ্যেই শৰীৰত কঢ়িয়াই ফুৰিছে । কিন্তু তৎসত্ত্বেও আমাৰ আজিৰ যু‌ৱ-প্ৰজন্মই হুলস্থুলীয়া তেজোদ্দীপক সংগীত ভাল পাবলৈ লো‌ৱাৰ কাৰণ হৈছে ,আমাৰ দৃষ্টিত এটাই! সি হল-
            মানুহ হৈছে এনে এক জী‌ৱ,যি যিকোনো অস্বাভা‌ৱিক পৰিস্থিতিতে পাৰ্যমানে নিজকে খাপ খু‌ৱাই বৰ্তিব পাৰে (adaptation)আমাৰ কণমানিহঁতক আমি বিভিন্ন মাধ্যমযোগে তাৰ কাণৰ পৰ্দাত যেনে ধৰণৰ সংগীত শুনাইছোঁ, সি তেনেধৰণৰ সংগীতেই ভালপো‌ৱা হব । আৰু সেয়াই হৈ উঠিব আমাৰ ন-প্ৰজন্মৰ সংগীত ।

                        লোকসংগীতৰ চৰ্চা ইমানেই কমি গৈছে যে,বিশেষ পৰ্ব,দি‌ৱস অবিহনে আমি এইবোৰৰ স্মৃতিচাৰণ নকৰোঁহক। কিন্তু চাবলৈ লে লোকসংগীতবোৰ প্ৰকৃততে মানুহৰ দৈনন্দিন জী‌ৱনৰ গীত, এইবোৰ স্বত:স্ফূৰ্ত স্বাভা‌ৱিক সংগীত । এই পৃথি‌ৱীত লোকসংগীত বিহীন এটা জাতিৰ অস্তিত্ব নিশ্চয় নোলাব ।আৰু এক কথাত কবলৈ গলে এটা সংস্কৃতিবান জাতি গঠন প্ৰক্ৰিয়াতো লোকসংগীতৰ অৱদান অপৰিসীম ।

            বিশ্বৰ সম্মুখত আমি আমাৰ অসমীয়া সংগীত কেনেদৰে উপস্থাপন কৰিম ? অন্য দেশৰ বা জাতিৰ জনপ্ৰিয় সংগীতেৰে অনুপ্ৰাণিত হৈ সৃষ্টি কৰা পশ্চিমীয় সুৰ-শৈলীৰ গীতেৰে নে আমাৰ চহকী লোকসংগীতৰ ভঁৰালেৰে ?

            কাইলৈ আপোনাক যদি এজন ইংৰাজ লোকে ঔৎসুকতাবশত: এটা অসমীয়া গীত বজাই শুনাবলৈ কয়,আৰু আপুনি যদি আপোনাৰ ভাল লগা জুবিন গাৰ্গদে‌ৱৰ পামনে মই ঘুৰাই আকৌ এবাৰ জী‌ৱনতবা অমানিশা সাৰে আছে আৰু সাৰে আছোঁ মইগীতটি শুনায়,তেওঁ হয়তো আটাহ পাৰি উঠিবও পাৰে এইবুলি :-ইচ্ এইটো আকৌ কেনেকৈ অসমীয়া গীত হ ? কথা কেইটাহে অসমীয়া!। অন্যথা দক্ষিণ ভাৰতীয় এজনে সীমান্ত শেখৰদে‌ৱৰ আকাশে-বতাহে তোমাকে দেখিছোঁশীৰ্ষক গীতটি শুনিলেও একেটাকে ভোঁৰভোঁৰাব।

            [অসমত চৌৰ্যবৃত্তিৰে সংগীত সাধনা কৰা শিল্পীৰ অভা‌ৱ নাই । তেৰাস‌ৱৰ মতে সিবোৰ চুৰি কৰা গীত নহয়, মাথোঁ সুৰৰ মিল থকা গীত! আৰু বিশ্বৰ অতসোপা সংগীত শিল্পীৰ দুই একোজনৰ ভা‌ৱ একে নহৈ পাৰেনে? ]

            আমাৰ বোধেৰে ন অসমীয়া সংগীত-শিল্পীসকলে যদিহে নিজকে এই মাটিৰ মানুহ হিচাপে পৰিচয় দিব বিচাৰে তেন্তে কামিজত খাঁটি-অসমীয়াবুলি লিখি প্ৰাশ্চাত্য-সংগীতৰ বৰতাল বজোৱাতকৈ লোকসংগীতৰ চৰ্চাত নিজকে নিয়োগ কৰিবলৈ শিকা উচিত । এই দেশৰ চিনাকী গীত-মাতবোৰ হৃদয়ত প্ৰোথিত কৰি তাৰ আধাৰত ন-অসমীয়া সংগীত সৃষ্টি কৰক ।

            প্ৰতিবেশী ৰাজ্যখনতে দেখা পো‌ৱা সাধাৰণ দৃশ্য :- চহৰৰ ধনীজনেই হওক অথবা গা‌ৱঁৰ চহাজনেই হওক, আজৰি সময়ত লগ হৈ একেলগে আনন্দেৰে ৰবীন্দ্ৰ সংগীতৰ এটা সুন্দৰ আবেলি পাৰ কৰে । ৰবীন্দ্ৰ সংগীতে প্ৰতিজন বাঙ্গালীৰ হৃদয়ত এক সুকীয়া আসন দখল কৰি আছে ,যিকোনো মূহুৰ্ততে সুখী কৰিব পৰাকৈ! আমাৰ বৰগীত,লোকগীতে তেনে স্থান লৈ আছে নে আমাৰ বাবে ? আৰু তেওঁলোকৰ ৰাজ্যৰপৰা কিমানজন গায়ক-গায়িকাই সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠিত হব পাৰিছে তাৰ নিশ্চয় হিচাপ নাই !

            আমি ৰক্ষণশীল মনোভা‌ৱ পোষণ কৰি অসমীয়া পুৰণী গীতৰ দৰেই আজিও কে‌ৱল তেনেধৰণৰ গীতেই সৃষ্টি কৰিব লাগিব বুলি দাবী কৰা নাই ।অথবা কে‌ৱল হাৰমনিয়াম,তাবলা,দোঁতাৰাৰেই গীত হ লাগিব বুলিও দোহৰা নাই ।এই বিশ্ব-ব্ৰহ্মাণ্ডত এটাই মাথোঁ ধ্ৰু‌ৱক(Constant),সি হৈছেৰূপান্তৰ’ (Change)গতিকে নতুনক আমি আদৰি লবই লাগিব।
        আমি জোৰ দিয়া কথাটো হল এয়ে যে, ন শিল্পীসকলে থলু‌ৱা গীত-মাত অথবা শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰ কৰি নতুন অসমীয়া গীত সৃষ্টি কৰক, ত আমাৰ লোকসংগীত সমূহৰ প্ৰতিফলন ঘটে আৰু যি সংগীতে নিমিষতে আমাৰ মন-প্ৰাণ জুৰ পেলায় ।
        পুলক বেনাৰ্জী,সংগীতা বৰঠাকুৰ,তৰালী শৰ্মা- এনেধৰণৰ দুই একোজন শিল্পীয়ে আজিও শাস্ত্ৰীয় সংগীত আধাৰিত আধুনিক অসমীয়া গীত গাই আছে ; কিন্তু তেওঁলোকক খুব কমেইহে চিনি পায়, কাৰণ তেওঁলোকে জনপ্ৰিয় হবৰ বাবে গীত নাগায় ।
        গতিকে এনে এক  ন-জাগৰণ অসমৰ সংগীতৰ ইতিহাসত হবৰ বাবে মই ভা‌ৱোঁ অসমৰ থলু‌ৱা লোকসংগীত সমূহৰ প্ৰচলন,জনপ্ৰিয়তা,প্ৰসাৰ আৰু সংৰক্ষণ অতিকেই জৰুৰী হৈ পৰিছে ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...