‘ভিলেজ ৰকষ্টাৰ’ত
আছে কি?
চিনেমাখনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন
সমালোচকে কৈছে –“ই অতি আচৰিতধৰণে সহজ-সৰল আৰু এই সৰলতাখিনিয়েই অতি আশ্চৰ্যময়
সুন্দৰ !(amazingly simple and simply amazing)”। ঠিক একেদৰে
আমিও ক’ম- চিনেমাখনত কোনো কাহিনী নাই, কিন্তু ই অফুৰন্ত কাহিনীৰ উৎস! হয়, ৰীমা
দাসৰ এই চিনেমাখনে আপোনাকো নিশ্চয় আচৰিতেই কৰাব । আৰু এনে আচৰিত কৰাব পৰা চিনেমা
এখন বনোৱাটো সিমান সহজ কথা নহয়, যিটো ৰীমা দাসে হয়তো অতি সহজভাৱেই কৰি পেলাব
পাৰিছে । কেনেকৈ অতি সহজে কৰিছে বুলি কৈছো, সেই বিষয়ে কিছু পাছত বৰ্ণনা কৰিম। তাৰ
আগতে চিনেমাখনত কি আছে, যিয়ে দেশে-বিদেশে ৪৪ টা পদক অৰ্জন কৰাত সহায় কৰিলে আৰু
যিয়ে ভাৰতৰপৰা অস্কাৰলৈ ‘বিদেশী ভাষাৰ শ্ৰেষ্ঠ চিনেমা’ শিতানত প্ৰতিদ্বন্দিতা
কৰিবৰ বাবে পঠোৱা চিনেমাখন হোৱাত সফল কৰিলে সেই বিষয়ে কিছু বুজি লওঁ।
মই
ন দি ক’ব পাৰোঁ, এই চিনেমাখন যদি দেশে-বিদেশে সন্মানিত হৈ খ্যাতি অৰ্জন
নকৰিলেহেঁতেন, তেন্তে অসমৰ ছৱিগৃহবোৰ আজিৰ দৰে ‘হাউছফুল’ হোৱাৰ সলনি অন্য অসমীয়া
ছৱিতকৈও অতি শোচনীয় অৱস্থাৰে কেইজনমান ৰুচিবোধক দৰ্শকেহে উপভোগ কৰিলেহেঁতেন। আৰু
এতিয়াও হয়তো বহু ডেকা-ডেকেৰীয়ে ছৱিগৃহৰপৰ ওলাই আহিয়ে ভোৰভোৰাই আছে-‘এহ্ কিনো
চিনেমা বনাইছে, একো এটা নাই’! হয়, এখন
চিনেমা চাই আমাৰ মন-প্ৰাণ ভাল লাগি যোৱা যিবোৰ উপাদান, সেইবোৰৰ দৰে বহুতো
কিবাকিবি চিনেমাখনত নাই । (ক’বলৈ গ’লে আৱহ সংগীতেই নাই!) কিন্তু চিনেমাখনত যি
আছে, সেয়া হয়তো আন বহুততে নাই । আৰু সেইবাবেই ‘ভিলেজ ৰকষ্টাৰ’ আজি ‘ষ্টাৰ’ হ’ব
পাৰিছে । শূণ্যৰ পৰা কিবা এটা সৃষ্টি কৰিব পৰাতেই সৃষ্টিকৰ্তাৰ আনন্দ! আৰু সেয়া
যদি কেমেৰাৰ লেন্সেৰে হ’ব পাৰে, তেন্তে সি চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে নিশ্চিতভাৱে এক
গৌৰৱৰ বিষয়। এই ক্ষেত্ৰত আমি ক’ম, অকলেই কেমেৰা চলাই, সম্পাদনা কৰি, চিত্ৰনাট্য
লিখি, পৰিচালনা আৰু প্ৰযোজন কৰি ৰীমা দাস এই সকলো গৌৰৱৰ উৰ্ধত । ৰীমা দাসে তেওঁ
বিচৰা ধাৰণাটোৰে চিনেমাখন বনোৱাৰ বাবে কোনো তথাকথিত উচ্চ সমাজ বা আধুনিক সমাজ
বাচি লোৱা নাই, লৈছে তেওঁৰ চিনাকী গাৱঁৰে সেই চিনাকী দুখীয়-নিচলা ঘৰ এখন, পথাৰ
এখন, ঘাঁহনি এডৰা, খেতি-বাতি আৰু নদীৰ গড়া । চিনেমাৰ বিষয়বস্তুও অতি সৰল - দেউতাক
নথকা এজনী দুখীয়া ছোৱালী আৰু তাইৰ সপোন । চাই এনে লাগিল যেন সেইখন এখন চিনেমা
নহয়, সেইখন আমাৰ নিজা গাওঁ, নিজা কাহিনী – আমাৰ নিজৰেই সেয়া খেলা-ধূলা । অসমৰ এখন
গাঁৱৰ সঁচা প্ৰতিচ্ছৱি ছৱিখনৰ আঁহে আঁহে ভাঁহি উঠিছে । ফুটি উঠিছে- শিশু-কিশোৰৰ
নিৰ্ভেজাল মনস্তাত্বিক জগতখন। এইখিনি দেখুৱাবলৈ যাওঁতে নায়িকাক পৰিচালকে তাইৰ ছালৰ
স্বাভাৱিক ৰঙেৰেই কেমেৰাত তুলি ধৰিছে । ক’লা বৰণীয়া ছোৱালীজনীক মেক-আপ কৰি কোনো
কাৰণতেই বগা ৰং দিব খোজা নাই ছৱি-নিৰ্দেশকে। ( ক’বলৈ গ’লে এনেবোৰ চিন্তাতে ৰীমা
দাস তথাকথিত আমাৰ চলচ্চিত্ৰ নিৰ্মাতা সকলৰ চিন্তাৰ উৰ্ধত । ) আৰু আটাইতকৈ ডাঙৰ
কৃতিত্ব, যাৰ বাবে দাসে সকলোৰে দৃষ্টি কাঢ়িব পাৰিছে, সেয়া হৈছে – অভিনয়-শিল্পীয়ে
কোনো কেমেৰাৰ আগত অভিনয় কৰিছে বুলি নজনাকৈয়ে অভিনয় কৰি যোৱাটো । বিশ্বৰ নামী-দামী চলচ্চিত্ৰ-পৰিচালকৰ এইটোৱেই
হৈছে অতি অতুলনীয় ব্যক্তিত্ব –অভিনয়বিহীন অভিনয় কৰোৱাটো। যদিও সকলো
অভিনয়-শিল্পীয়েই দাসৰ পৰিয়ালৰ ঘনিষ্ঠ হোৱা বাবে তেওঁৰ সহায় হৈছে তথাপি এই
ক্ষেত্ৰত আমি ক’ম যে, বিশ্বজনীন প্ৰতিভাৰে সৈতে ফেৰ মাৰিব পৰাকৈয়ে ৰীমা দাস সম্পূৰ্ণ
সফল হৈছে । অৱশ্যে ইয়াৰ বাবে চিনেমাখন
কিছু বদনামৰ ভাগীও হৈছে । ‘ঠাইতে লোৱা ৰেকৰ্ডিং’ত উচ্চ প্ৰশংসা পোৱা এই
চিনেমাখনৰ প্ৰায় প্ৰতিটো দৃশ্যতে সংলাপৰ স্পষ্টতাৰ দুৰ্বলতা ধৰা পৰিছে । চিনেমাখনৰ
দৃশ্যগ্ৰহণত যদিও ৰীমা দাসৰ কোনো প্ৰফেচনাল ডিগ্ৰী নাই তথাপি তেখেতৰ নিপুণতাৰ আভাস
ধৰা পৰিছে । কিছু ‘ৱাইড ভিউ’ৰ দৃশ্যাংশ ইমানেই কলাত্মক যে, তাত চিত্ৰকৰে ছৱি
অঁকাৰ সমল বিচাৰি পাব ।
যদিও
অতি সৰল পৰিৱেশত অতি সহজভাৱেই এখন চিনেমা ৰীমা দাসে বনাইছে বুলি কৈছো, তথাপি আমি
তেওঁ ইয়াৰ বাবে জৰুৰীভাৱে কৰা পূৰ্ব-অধ্যয়ন আৰু পৰিকল্পনাৰ কথা স্বীকাৰ কৰিবই
লাগিব । চাৰি বছৰজোৰা সময় তেওঁ যে কেৱল
শ্বুটিঙৰ বাবে অনুকূল পৰিৱেশৰ বাবে অপেক্ষাৰত হৈ আছিল, তেনে নহয় । গাঁৱৰ ককাকজনৰ
মুখেৰে কি সংলাপ দিলে শুৱাব, কোনটো সংলাপে কেনেধৰণে এটি শিশুৰ মনত ক্ৰীড়া কৰিব,
তাৰো তেওঁ নিৰ্মোহ বিশ্লেষণ কৰিহে কৰ্মত হাত দিছিল । বিচৰা বস্তু এটা যে তীব্ৰ
আকাংক্ষাৰ লগতে পৰিকল্পিত কঠোৰ কষ্টৰ মাজেৰেহে পোৱা যায় সেই কথা প্ৰতিষ্ঠিত
কৰিবলৈ তেওঁ ককাকৰ মুখত মহাভাৰতৰ নীতিবচনো দিব লগা হৈছে । এইখিনি ৰীমা দাসৰ
পূৰ্ব-প্ৰস্তুতিৰ সুন্দৰ ফলাফল ।
হয়তো পিন্ধিবলৈ কাপোৰ বিশেষ নাই, হয়তো
খাবলৈ ঘৰত খুদকণো নাই, তথাপি চিনেমাৰ নায়িকাৰ খেদ নাই, কাৰণ- তাইৰ আছে সপোন । এই
আধাৰ ধাৰণাটোকে সাৰোগত কৰি পৰিচালকে চিনেমাখনক এক সুখাবহ অনুভৱলৈ পৰিণত কৰাইছে । চিনেমাখনত
অন্য হিন্দী চিনেমাৰ দৰে নায়িক বা নায়িকাই শেষত গৈ “চূড়ান্ত সফল” হোৱাটো দেখা নাযায়। কিন্তু হঠাৎ যতি পৰা
চিনেমাখনে যেন কৈ যায় - “যাৰ সপোন আছে, তাৰ সকলো আছে।” এই কথাখিনি চিনেমাখন শেষ হোৱাৰ
পাছতহে আপোনাৰ অনুভৱ হ’ব । দৰ্শকক এনে অনুভৱ কৰোৱাব পৰাটোও খুব কম পৰিচালকৰহে গুণ ।
অন্য আৰু
এটা কথা চিনেমাখনৰ বিশেষত্ব , সি হৈছে মহিলাৰ প্ৰাধান্যতা । চিনেমাখনত বয়োজ্যষ্ঠ মতা মানুহ মাত্ৰ দুজনহে
দেখা গৈছে, তাকো অতিথি শিল্পীৰ ৰূপত মাত্ৰ কিছু সময়ৰ বাবে । ধুনুৰ মাকে তাই
পুষ্পিতা হোৱাৰ পাছত সমাজৰ বাকী মহিলাসকলৰ অনুৰোধো আওকাণ কৰি ধুনুক কৈছে – ‘তই ছোৱালী
হৈয়ে থাকিবি দে’। অতি সৰলতাৰে মাক আৰু জীয়েকৰ মৰমক চিনেমাখনত উপস্থাপন কৰাতো ৰীমা
দাস সফল হৈছে ।
“আমাৰ
দাবী মানিবই লাগিব, বানপানী বন্ধ হ’বই লাগিব, বৰষুণ বন্ধ হ’বই লাগিব” – এইকেইটা বচন
ল’ৰাহঁতৰ মুখত দিয়াৰ আঁৰত ৰীমা দাসৰ হয়তো কেইবাটাও দৃষ্টিকোণ লুকাই আছে। প্ৰথম
কথা, শিশুৰ নিৰ্বোধ বিচাৰ । দ্বিতীয় কথা- অসমৰ ‘দাবী সংস্কৃতি’ৰ প্ৰতিফলন। আৰু
তৃতীয় হ’ব পাৰে চৰকাৰৰ হেমাহিক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেৰাহিকৈ উপস্থাপন কৰা । বা
যদি চাওঁ আমি ধুনুৰ এইটো প্ৰশ্নলৈ – “মা, প্ৰত্যেক বছৰে দেখোন বানপানীয়ে আমাৰ
খেতিবোৰ নষ্ট কৰি পেলায়, তথাপিও খেতি কিয় কৰা ?” তেতিয়াও তাত ৰীমা দাসৰ তত্বগধুৰ
চিন্তাৰে জীপাল উত্তৰটি দেখিবলৈ পাওঁএ এইদৰে- “কৰ্মই আমাৰ ধৰ্ম। আমি কাম কৰিবই
লাগিব।”
এনেবোৰ চিন্তা-চৰ্চাও চলচ্চিত্ৰ নিৰ্মাণৰ একো
একোটা উদ্দেশ্য-স্বৰূপ । আপোনাক কেৱল
মনোৰঞ্জন দিয়াটোৱেই এখন চিনেমাৰ উদ্দেশ্য হোৱা উচিত নে ? বহুতেই বাৰু ক’ব, ‘নাই,
নহয়’ বুলি। চিনেমাই সামাজিক বাৰ্তাহে দিয়া উচিত। হয়, ঠিকেই । চলচ্চিত্ৰ এটি এনে মাধ্যম যি অতি সহজভাৱেই
মানুহক এটা বিষয়ত একাত্ম কৰিব পাৰে । সেই হেতুকেই বহু সমালোচক, বুদ্ধিজীৱিয়ে
চলচ্চিত্ৰৰ মাধ্যমেৰে চলচ্চিত্ৰ-নিৰ্মাতাই সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান
জনায়। নি:সন্দেহে ই সুন্দৰ কথা । কিন্তু আমাৰ বোধেৰে, এখন চলচ্চিত্ৰই যদি আপোনাৰ
সুপ্ত অনুভূতিক এবাৰ জাগৃত কৰি এটি বিষয়ত ৰোমাঞ্চিত কৰিব পাৰে, তাতোকৈ সুখানুভৱো
আৰু একো নাই! এখন চিনেমা চাই যদি এখন পেইন্টিং চোৱা বা এটি কবিতা পঢ়া যেন লাগে,
তেন্তে সেয়াও এখন ছৱিৰ অনন্য কৃতিত্ব! সেই দৃষ্টিৰে ‘ভিলেজ ৰকষ্টাৰ্ছ’ সফল হৈছে। আমি
‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ দলটিলৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছো । আশা কৰোঁ, ৰীমা দাসৰ এই
চিনেমাখনে অসমত গুণগত মানৰ চিনেমা বনোৱাৰ ক্ষেত্ৰত ধ্বজাবাহক হৈ এক নতুন যুগৰ
সূচনা কৰিব ।
অৰুণজ্যোতি দাস,
ৰজাবাৰী, বোকাখাত, গোলাঘাট- ৭৮৫৬১২ (দূৰভাষ: ৯৪৩৫১৫২৭৬৮)
No comments:
Post a Comment