লেখা অনুসন্ধান কৰক

Wednesday, June 22, 2011

নি:সংগতাৰ সতে আপুনি



মানুহৰ ব্যস্ততাৰ অন্ত নাই।আপুনি যদি সংসাৰী পুৰুষ,তেন্তে ৰাতিপু‌ৱা শুই উঠাৰ পৰা ৰাতি শো‌ৱাপাটীত পৰালৈকে সংসাৰৰৰ নানানটা ভা‌ৱনা-চিন্তাই আপোনাক এনেদৰে ব্যস্ত কৰি ৰাখে যে দিনটো কেনেদৰে পাৰ হয় আপুনি গমেই নাপায় ।আৰু যদি আপুনি এগৰাকি মাতৃ হয়, তেন্তে ল’ৰা-ছো‌ৱালীৰ ঠেঁহ-পেছ,অভিযোগ,আ‌ৱদাৰ,খো‌ৱাবো‌ৱাৰ বিভিন্ন ধৰণৰ ব্যস্ততাই আপোনাক এনেদৰে জুৰুলা কৰে যে নিজৰ যত্ন ল’বৰ বাবেও আপোনাৰ সময়ৰ অভা‌ৱে দেখা দিয়ে। কলেজীয়া ডেকা-ডেকেৰীৰো সেই একেই অৱস্থা ।ঘৰু‌ৱা পাঠগ্ৰহণ(টিউছন)ৰ পৰা আৰম্ভ কৰি আবেলিৰ আড্ডা আৰু ৰাতিৰ পঢ়া-শুনাই প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে আজিৰ শিক্ষা-ব্য‌ৱস্থাই পূৰামাত্ৰাই
ব্যস্ত কৰি ৰাখে ।থুনুক-থানাক কণমাণিজনীৰো যে কামৰপৰা আহৰিয়েই নাই !
       প্ৰকৃততে বিচাৰ কৰিবলে গ’লে এনে ব্যস্ততাপূৰ্ণ জী‌ৱন-যাত্ৰাই মানুহক কৰ্মসংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি জনজী‌ৱনৰ প্ৰগতি ক্ষীপ্ৰতৰ কৰি তুলিছে । কৰ্মহীন জী‌ৱনে এলাস্য ভা‌ৱক প্ৰশ্ৰয় দিয়ে আৰু এজন মানুহৰ সৃষ্টিমুখী প্ৰতিভাক লাহে লাহে ধূলিসাৎ কৰিবলৈ আৰম্ভ কৰে । বৰঞ্চ ই মানুহজনক ধ্বংসমুখী কাৰ্য্যকলাপতহে আত্ম-নিয়োগ কৰিবলৈ উচতনি দিয়ে ।(An Idle Brain is a Devil’s Workshop)
                প্ৰশ্ন হ’ল , এই ব্যস্ততাপূৰ্ণ জী‌ৱনৰ মাজত আপুনি আপোনাৰ অন্ত:নিহিত ‘আপুনি’ জনৰ লগত কথা পাতিব পাৰিছে নে কেতিয়াবা ? নিজৰ মন আৰু বিবেকৰ আদেশ-নিৰ্দেশবোৰ আপুনি ভৃত্যৰদৰে কে‌ৱল পালন কৰি গৈছে নে কেতিয়াবা সেইবোৰ জুকিয়াই চাবলৈ আহৰি পাইছে ? আপোনাৰ দেহাটোৰ প্ৰয়োজনীয় খাদ্যখিনি যোগান ধৰাৰ বাদে আপোনাৰ মনটোকো কেতিয়াবা তাৰ প্ৰিয় আহাৰ দি পাইছেনে ? নিজৰ আতীতৰ মধুৰ স্মৃতিবোৰ এবাৰলৈ হ’লেও আস্বাদন কৰিবলৈ আপুনি সময় পায় নে? জী‌ৱনত কৰি অহা ভুলবোৰৰপৰা উপযুক্ত শিক্ষা ল’বৰ বাবে এবাৰ নিজৰ জী‌ৱনটোক পৰ্যালোচনা কৰি পাইছেনে কেতিয়াবা ?
       ৰাতি শেতেলীত পৰি দিনটোত কৰি অহা কামবোৰৰ এটা চমু খতিয়ান লওক আৰু কাইলৈৰ দিনটোৰ বাবে কৰিবলগীয়া খিনি আগতীয়াকৈ বাচি ৰাখক । আপোনাৰ জী‌ৱনৰ লগত,কাৰ্যালয়ৰ লগত সাঙুৰ খাই থকা শ-হাজাৰজন মানুহৰ পৰা নিজকে ফালৰি কাটি উলিয়াই আনক আৰু নিজৰ দৃষ্টিৰে পৃথি‌ৱীখন অন্ত:ত এবাৰলৈ চাবলৈ শিকক । দুআষাৰ নিজৰ সতেও কথা পাতক ।
       নি:সংগ হওক । আজি চৌকাশে আপোনাৰ গুনানুকীৰ্ত্তন কৰি থকা বন্ধু-বান্ধ‌ৱ,পৰিয়াল,মিতিৰ-কুটুম্ব এই সকলোৰে লগত যে আপোনাৰ ব্যক্তিগত পৃথি‌ৱীখনৰ কোনো সম্পৰ্ক নাই , সেয়া এবাৰ উপলব্ধি কৰক ।নিজৰ ব্যক্তিত্বৰ পৰ্যালোচনা কৰক । আপুনি নজনাকৈ কেনেকৈ কিছুমান বদ-অভ্যাসৰ চিকাৰ হৈছে আপুনি তাৰ উমান লওক আৰু সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিবলৈ লওক ।নিজকে নকৈ আ‌ৱিষ্কাৰ কৰক ।
       নি:সংগ মুহূৰ্তত প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিৰ সৌন্দৰ্য উপভোগ কৰক । সূৰ্যোদয় আৰু সূৰ্যাস্ত উপভোগ কৰিবলৈ লওক –নৈৰ পাৰৰ মুকলি বতাহ লওক ,জোনাকত ভাবুক হওক । সৃষ্টিৰ ৰহস্যত আত্মবিভোৰ হওক –সৃষ্টিকৰ্তাৰ নিখুঁট ভাৰসাম্যতাৰ বুজ লওক ।
       এটা সুন্দৰ গানৰ কলি গুনগুনাওক,এখন ছবি চাওক –যিয়ে আপোনাৰ মন জুৰ পেলাব পাৰে । ইয়ে আপোনাৰ খিংখিঙীয়া স্বভা‌ৱ দূৰ কৰিব আৰু মনলৈ ধৈৰ্য,শান্তি আনিব ।
       মাহেকত এবাৰলৈ হ’লেও এটা কবিতা বা এখন গ্ৰন্থ অধ্যয়ন কৰক ।দেখিব , আপোনাৰ ব্যস্ততাপূৰ্ণ জী‌ৱনতো কিছু আজৰি সময় আপুনি গোটাব পাৰিছে ।
আপোনাৰ ভাললগা কামবোৰ কৰিবলৈ লওক । সৰুতে বা যৌ‌ৱনত আপুনি যিবোৰ কাম কৰি ভাল পাইছিল আৰু যাৰ অনুশীলন আপুনি আজিকালি নকৰা হৈছে ,সেয়া কৰিবলৈ লওক । আপোনাৰ প্ৰিয় খেল খেলিবৰ বাবেও মাহেকত এটা দিন উলিয়াই লওক ।
       চাওক,কেনেকৈ আপোনাৰ জী‌ৱনটো আপোনাৰ নতুনকৈ ভাললগা হৈ পৰিছে,ঠিক আপোনাৰ প্ৰথম প্ৰেমৰ দিনকেইটাৰ দৰেই !ভালপো‌ৱা মানুহবোৰক, আপোনজনক অধিক মৰম কৰক –দুখীয়া বা নি:কিনজনৰ প্ৰতি অধিক কৰুণাময়ী,দানী হওক । আপোনাৰ জী‌ৱনলৈ কেনেকৈ শান্তি ঘুৰি আহিছে তাক মৰ্মে মৰ্মে হ্ৰৃদয়ংগম কৰক ।
       এটা কবিতা লিখি চাওক। কোনোবা এদিন আপোনজনৰ প্ৰতি আপোনাৰ অনুভ‌ৱ কেনে সেয়া লিখি পেলাওক । নিজে এটা গানৰ সুৰ সৃষ্টি কৰিব পাৰে নেকি তাকো চেষ্টা কৰি চাওক ।
       কবি নীলমনি ফুকনৰ ভাষাত –“
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা “



কম্পিউটাৰত অসমীয়া/বাংলা কেনেকৈ লিখিব ?(How to type in Assamese/English in Computers?)

(In English----------------------

First of all, kindly install the Avro Software in your computer which
can  be downloadable from the following URL.
http://niponwave.com/download/setup_avrokeyboard_5.1.0.exe

Now download the Keyboard from the following URL ,
http://www.mediafire.com/?mwflxmz42ac6fty

And install it by Right Click and Install.
Now Close the Quit the  Avro Software (if running)
and Start it again .

Now you will see  the Floating Menu appearing in the Top of your desktop.
Click on the Left Hand side of the Floating menu where "English" is written.
Now it becomes "বাংলা" . That means you are ready to type Bangla.
But if you want to write assamese, Then just click on the Lower part
of that "বাংলা" or "English" button(Language Toggler).

You will see several Keyboards like Avro Easy/Bornona/Probhat and Arunjyoti
You can choose the Arunjyoti Keyboard.

Now if you type (in anywhere, viz Word File, Internet Browser etc.)
Assamese fonts will appear.

For guidance in writing Assamese Unicode, Please see the help-image by
clicking on the keyboard icon appearing nearby(to the Right Hand Side
of ) the Language Toggler.

Example - অসমীয়া= Shift+A,s,m,[,Shift+z,a
চিৰ চেনেহী মোৰ ভাষা জননী =c,i,r,  c,e,n,e,h,[,  m,o,r,Shift+b,a,x,a j,n,n,[
মৃন্ময় নাথ=m,Shift+.,n,/,m,Shift+Z n,a,Shift+T
Shift is used for Writing the Letters which is shown in the Upper Part
of a keypad(See the help image)
'/' is used for joining two characters like x,/,f will give ষ্ট
And Cntrl+Shift+Alt  is used for writing some special joint character like
Cntrl+Shift+Alt +k=ঙ্ক বা Cntrl+Shift+Alt +m=,ঙ্গ (Only few characters
have been mapped following this rule)
)


(অসমীয়াত----------------------
----

প্ৰথমে http://niponwave.com/download/setup_avrokeyboard_5.1.0.exe এই
সঁজুলীটো নিজৰ পৰিকলন যন্ৰ (Computer) লৈ আনি সংস্থাপন কৰক ।

ইয়াৰ পিছত  http://www.mediafire.com/?mwflxmz42ac6fty  এই ছাবিফলিখনো
সংস্থাপন কৰি লওঁক । এবাৰ অভ্ৰ সঁজুলীবিধ বন্ধ কৰি পুণৰ চালু(আৰম্ভ) কৰক
(Restart Avro Software)। এতিয়া অভ্ৰৰ শিৰোনামাৰ বাৰান্দাখনত(Avro Menu
Icons) যে আছে 'বাংলা 'বুলি তাৰ তলত টিপিলে বিভিন্ন ধৰণৰ ছাবিফলিৰ নাম
দেখা পাব যেনে 'বৰ্ণনা','প্ৰভাত','অৰুণজ্যোতি' আদি । আপুনি অৰুণজ্যোতি
ছাবিফলিখন ব্য‌ৱহাৰ কৰি চাব পাৰে । সুবিধাৰ বাবে ওচৰতে থকা ছাবিফলিৰ
ছবিখন চাই ল'ব পাৰে ।

যিকোনো যুক্তাক্ষৰ লিখিবৰ বাবে আখৰ দুটা ‘/(?)’ চিহ্নৰবাবে ব্য‌ৱহৃত
বুটামটো(Enter ৰ তলত Shiftৰ বাওঁফালে থকা) টিপি লগ লগাব পাৰিব। য়কাৰ ডালৰ
বাবে আপুনি অন্য আখৰ সংযোগ কৰাৰ দৰে 'য' আখৰটো সংযোগ কৰিব লাগিব ।যেনে
"কাৰ্য্য " লিখিবলৈ k,a,r,/(?),z,/(?),z লিখিব লাগিব ।
যুক্তাক্ষৰ=z,u,k,/(?),t,a,x,r আৰু ঙ্ক,জ্ঞ,ঙ্গ ইত্যাদিৰ বাবে
Cntrl+Shift+Alt +k বা Cntrl+Shift+Alt +m আদি লিখিব পাৰিব । দুদিন পাছত
অভ্যস্ত হৈ পৰিব বুলি আশা কৰিলো ।
)

Wednesday, June 1, 2011

“আপুনি কবিতা পঢ়েনে?”



এজন কবিয়ে কৈছিল,’পোহৰ হওঁক!’
আৰু তেতিয়াই পৃথি‌ৱীখন পোহৰ হৈছিল
শব্দময় এক মহাজাগতিক ছন্দ ।
সেই ছন্দই প্ৰাণ ।
সেই প্ৰাণৰেই প্ৰবাহ বিশ্বব্ৰহ্মান্ডৰ ৰূপ ৰস স্পৰ্শ গন্ধ গানৰ
ইন্দ্ৰধনুখনি।

মানুহ য’তেই আছে,তাতেই জী‌ৱন্ত বস্তুবোৰ আছে।
তাতেই কবিতা আছে।
জীয়াই থকাটো‌ৱেই কবিতা।
জী‌ৱনেই কবিতা ।

কে‌ৱল মানুহৰেই গান আছে ।
মানুহৰেই আছে এটা অন্ত:শীল আ‌ৱেগিক ভা‌ৱজী‌ৱন ।
এটা বৃহত্তৰ জী‌ৱন।

মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই
মানুহেই কে‌ৱল কল্পনা আৰু সৃজনী শক্তিৰ অধিকাৰী।
এই কল্পনাই জ্ঞান
আৰু সৃজনীশীল চৈতন্যই পোহৰ ।
সৃজনীশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতিয়েই
মৰণশীল মানুহৰ শৌৰ্য।

আৰু মনুষ্যত্বৰ গৌৰ‌ৱ।

এইবোৰ কাৰণতেই আজিৰ সৰ্বগ্ৰাসী ৰাজনীতি,
অৰ্থনীতি,প্ৰযুক্তিবিদ্যা ,ঔদ্যোগীকৰণ,পৰি‌ৱেশ প্ৰদূষণ,ভগ‌ৱান ,
ভয়,জিঘাংসা,উদ্বিগ্নতা,
শোষণ, নিপীড়ন,অস্তিত্ত্ব আৰু আধ্যাত্মিক
এই ঘোৰ সংকটৰ কালতো,

কবিতা লিখা ক’তো স্তব্ধ হো‌ৱা নাই ।
কবিতা পঢ়া বা শুনা ক’তো বন্ধ হৈ যো‌ৱা নাই ।।

প্ৰাণ অপ্ৰাণৰ এই মহা মিলনমেলাত
মানহেই বিচাৰি ফুৰিছে মানুহক
নিজেই নিজক
ব্যক্তিমনে বিশ্বমনক
জীয়াই থকাৰ আনন্দ
অথবা বেদনাক।

আপুনি কবিতা পঢ়েনে ?
কেতিয়াবা আপুনি পকা ধাননি পথাৰ এখনৰ ওপৰেদি
বৈ যো‌ৱা এজাক সুগন্ধি বতাহৰ সোঁ-সোঁ‌ৱনি শুনিছেনে ?
দেখিছেনে কেতিয়াবা কাৰোবাৰ চকুৰ পানীত
জুইৰদৰে জ্বলি উঠা ডালিমৰ ফুল?
জানেনে আপুনি আপোনাৰ ঘৰৰ সমুখত পৰি থকা মৰা শটো কাৰ ?
সপোনত শুনেনে কেতিয়াবা মৰা-জীয়া ল’ৰা-ছো‌ৱালীবোৰৰ উচুপনি আৰু চিঞঁৰ?
অনুভ‌ৱ কৰেনে আপুনি কেনেকৈ মাজে মাজে মৰি যায়?
বা মৰাৰপৰা জী উঠে ?
আৰু কিবা এটা শূণ্যতা,নিৰ্জনতা
য’ত একো নাই
য’ত সব আছে
য’ত একো নুশুনি
য’ত সব শুনিও?
চিনি পায়নে আপুনি সৌবোৰ জু‌ৱাচোৰ ,প্ৰতাৰক,
অত্যাচাৰী,হত্যাকাৰী?
কেতিয়াবা আপুনি লগেৰে বা অকলে মাতেনে
প্ৰেম আৰু স্বাধীনতাৰ অমোঘ মন্ত্ৰ?
যৌ‌ৱনৰ সৌন্দৰ্য লহৰী?

নৈবোৰ কেতিয়াবা শিলনি হৈ
জোনটো কেতিয়াবা তেজৰদৰে ৰঙা হৈ
পৰিব পাৰে বুলি আপোনাৰ ভয় হয় নে?
আপুনিতো জানেই,
তেতিয়াৰে পৰা পৃথি‌ৱীখন
ঘুৰি আছে,
ঘুৰি আছে,
ঘুৰি আছে ।

আঁহক,
কবিতা পঢ়ো।
কবিতাই অমৃত মণি,
অভয়।
পাৰাপাৰহীন প্ৰেমৰ মাজত ,
অনাবিল সৌন্দৰ্যৰ মাজত
নগ্ন হওঁক;
মগ্ন হওঁক;
স্তব্ধ হওঁক।
মুক্ত কৰক মন আৰু হ্ৰৃদয়ক
আৰু
আপুনি নিজেই হৈ উঠক
এটা কবিতা ।।
:: -- কবি নীলমনি ফুকন ।
----------------------
এইটো কবিতা নহয়, কিন্তু মই কিবা কবিতা কবিতা যেন পাওঁ । ইমান সুন্দৰ প্ৰকাশভংগী । ইমান সুন্দৰ ভা‌ৱ ! মোৰ গোটেইকেইটা শাৰী মুখস্থ আছে ।
কেতিয়াবা মনটো বেয়া লাগিলে নিজৰ মনতে গুনগুনাও আৰু সাহস পাওঁ কিবা এটা লেখাৰ প্ৰতি বা পঢ়াৰ প্ৰতি ।



-------------------------

Tuesday, May 31, 2011

“ভাষাত বিদেশী শব্দৰ প্ৰাদুৰ্ভা‌ৱ”



যিকোনো ভাষাতে অন্য ভাষাৰপৰা ‘ধাৰ কৰা’(আচলতে ব্য‌ৱহাৰৰ ফলত জনপ্ৰিয় হো‌ৱা) শব্দৰ যে পয়োভৰ থাকে ,সি অনস্বীকা। তাৰে কিছু শব্দ ভাষাবিদসকলে চালিজাৰি চাই (ব্য‌ৱহাৰ আৰু উৎসৰ ভিত্তিত) সেই ভাষাটোত অন্তৰ্ভুক্ত কৰে আৰু অভিধানত স্থান দি তাৰ স্থায়িত্ব প্ৰদান কৰে ।
গতিকে এনে অনা-অসমীয়া শব্দসমূহৰ বহুল প্ৰচলন আৰু জনপ্ৰিয়তা সত্ত্বেও তাৰে কিছুমান শব্দই অভিধানত স্থান নাপায় ।আমি ভা‌ৱো,যিবোৰ অনা-অসমীয়া শব্দৰ একোটা সুন্দৰ অৰ্থবহ অসমীয়া প্ৰতিশব্দ (প্ৰকৃততে পূৰ্ণাংগ,স্ব-ব্যাখ্যাকাৰী আৰু সংজ্ঞাবদ্ধ শব্দ) ইতিমধ্যেই বৰ্তীয়মান,তেনে শব্দক ন-কৈ অভিধানভুক্ত কৰি ভাষাটোৰ জটিলতা আৰু বহুৰূপিতা বৰ্ধন কৰাৰ কোনো প্ৰয়োজন নাই ।
তেনে কিছু শব্দৰ উদাহৰণ হ’ল-TV(দূৰদৰ্শন),Cable(পৰি‌ৱাহী তাঁৰ),Cup(পিয়লা),Loan(ধাৰ,ঋণ),Hall(প্ৰেক্ষাগৃহ/আহল-বহল কোঠালী),Room(কোঠা),Light(পোহৰ),Table(মেজ),Photo(আলোকচিত্ৰ),Toilet(শৌচালয়) আদি।
অন্যহাতে যিবোৰ জনপ্ৰিয় অনা-অসমীয়া শব্দৰ সৰ্বজনস্বীকৃত অসমীয়া প্ৰতিশব্দ নাই আৰু যাৰ অভিধানত স্থান দিয়াৰ প্ৰয়োজনীয়তা আছে,তেনে দুই এটা শব্দ হ’ল-Bulb,Plate,Laptop,Internet,Switch,Degree আদি।
‘কাপ’,’ফ’টো’,’টেবুল’,’ড্ৰয়াৰ’ আদি শব্দবোৰ(যাৰ অসমীয়া প্ৰতিশব্দ আছে),আজিকালি কে‌ৱল কথিত ৰূপতেই আ‌ৱদ্ধ নাথাকি বহু বাতৰি-কাকত,আলোচনী বা অন্য গল্প-উপন্যাসতো ব্য‌ৱহাৰ হো‌ৱাৰ ফলত এইবোৰ আমাৰ চিনাকী অসমীয়া শব্দ যেনেই লগা হৈছে। কিন্তু এটা কথা আপোনাস‌ৱে লক্ষ্য কৰিব যে কবিতা বা গভীৰ সাহিত্যত এনে শব্দৰ প্ৰয়োগ খুবেই কম হয় আৰু কোনো‌ৱে ব্য‌ৱহাৰ কৰিলেও সি পঢ়োতাৰ মনত সুন্দৰ ভা‌ৱাবেগৰ সৃষ্টি কৰিবলৈ সমৰ্থবান নহয়।গতিকে এই কথা স্পষ্ট হৈ পৰে যে এজন মানুহৰ নিজস্ব আবেগ-অনুভূতিক একেটা ৰূপতে আক্ষৰিক ভা‌ৱে প্ৰকাশ কৰিব পৰাৰ যি ক্ষমতা এটা ভাষাই বহন কৰে তাত এই জনপ্ৰিয় অনা-অসমীয়া শব্দসমূহে তিলমানো অৰিহণা যোগাব নো‌ৱাৰে । গতিকে অদূৰ ভ‌ৱিষ্যতে এনে শব্দসমূহৰ অবাধ প্ৰচলনে ভাষাটোৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি অসমীয়া ভাষাটোক মেৰুদন্ডহীন কৰি তুলিব বুলি আমি আশংকা প্ৰকাশ কৰিছো।আমাৰ উঠি অহা ল’ৰা-ছো‌ৱালীয়ে TV,Cup,Table এই শব্দবোৰৰ অসমীয়া প্ৰতিশব্দ নজনাকৈয়ে “খিছিৰি ভাষা”ত কথা পাতিবলৈ আৰম্ভ কৰিব,যিটো ইতিমধ্যেই মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কথা-বতৰাত উপলব্ধ হো‌ৱা দেখা গৈছে।অ‌ৱশ্যে এনে ক্ষেত্ৰত অভিভা‌ৱকৰ অমনোযোগিতাক দোষাৰোপ কৰিব পাৰি।
বিশুদ্ধ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই গোট,অন্য জালস্থান অথবা অন্য মাধ্যমৰ যোগেদি যিসকল সদাশয় ব্যক্তিয়ে যথাকিঞ্চিত হ’লেও প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেওঁলোকলৈ আমাৰ অনুৰোধ যাতে যিকোনো ধৰণৰ ভাষাভিত্তিক প্ৰশ্নোত্তৰ শিতান বা অন্য আলোচনাত অনা-অসমীয়া জনপ্ৰিয় শব্দটোতকৈ বিশুদ্ধ অসমীয়া শব্দটোৰ ব্য‌ৱহাৰতহে গুৰুত্ব আৰোপ কৰে ।
যিকোনো লোকে এনেদৰে সোধা আমাৰ চকুত নপৰে –
“ভাইটি, তুমি কোন শ্ৰেণীত পঢ়া? ”। আৰু গতিকেই ইয়াৰ উত্তৰটোও “মই সপ্তম শ্ৰেণীত পঢ়ো” বুলি সততে উচ্চাৰিত নোহো‌ৱাটো এটা স্বাভা‌ৱিক পৰিঘটনা হৈ পৰিছ।
অন্য এটা উদাহৰণ লওঁক । অশিক্ষিত সকলে সমাজত প্ৰচলিত আচাৰ-ব্য‌ৱহাৰ তথা ভাষাকো অনুকৰণ কৰি শিকি লয়,গতিকে তেওঁলোকৰ কথা সুকীয়া।কিন্তু শিক্ষিত কোনো এজন অসমীয়া লোকে এই বুলি জিজ্ঞাসা কৰা নিশ্চয় শুনা নাযায়- “অনিন্দিতা,তোমাৰ ফলাফল কেনে হ’ল?”। সেয়েহে স্বাভা‌ৱিকতে সিপক্ষৰ পৰা সঁহাৰি কাহানিও নাহে এইবুলি –“খুড়ীদেউ, ভাল খবৰ এটা আছে, মই প্ৰথম বিভাগত উত্তীৰ্ণ হ’লো!” আৰু প্ৰত্যুত্তৰত –“বা: খুব সুন্দৰ! অভিনন্দন! তোমাৰ ভ‌ৱিষ্যত জী‌ৱনলৈ মোৰ শুভকামনা আছে,সোনজনী! আগবাঢ়ি যো‌ৱা” ।(এনেকে ক’লে আজিকালিৰ সোনজনীয়ে নিশ্চয় খুড়ীয়েকৰ প্ৰতি নাক কোঁচাব !)
কিন্তু আশ্চৰ্য যে,এনে কথোপকথনৰ পটভূমি কোনো উপন্যাস-চলচ্চিত্ৰৰ নহয়, বৰঞ্চ এইবোৰ আমাৰ দৈনন্দিন জী‌ৱনত সঁচৰাচৰ উদ্ভ‌ৱ হো‌ৱা পৰিস্থিতিৰ উদাহৰণ মাত্ৰ!আপুনিও নিশ্চয় এনে পৰি‌ৱেশত ইংৰাজী মিহলি অসমীয়াত আপোনাৰ শুভাকাংক্ষীক শুভেচ্ছা জনাইছে।
স্বাভা‌ৱকতে এই লেখাত ক্ষুন্ন হৈ কোনোয়ে মন্তব্য আগবঢ়াব পাৰে যে,-“এনে ৰক্ষণশীল মনোভংগী প্ৰগতিৰ বাটত হুল স্বৰূপ। পৰি‌ৱৰ্তনক আমি মানি ল’বই লাগিব।এইবোৰ ধৰি থাকিলে নচলিব। আৰু বহু সমস্যা আছে আমাৰ আলোচনাৰ বিষয়বস্তু হিচাপে!” তাৰ উত্তৰত আমি ক’ম যে হয়,আৰু বহু সমস্যা আছে অসমীয়াৰ । কিন্তু ভাষা-সংস্কৃতি অবিহনে জাতি এটা মূৰ দাঙি উঠা সম্ভ‌ৱনে ?অসমীয়াভাষী লোকৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হো‌ৱাৰ এই দু:সময়ত যিসকলে নিজৰ দেশ,মাতৃভাষাক ভাল পাবলৈ শিকিছে, তেওঁলোকে যদি এইক্ষেত্ৰত কিঞ্চিতো চিন্তা নকৰি কে‌ৱল দুবেলা দুমুঠি খাই হাত সা‌ৱতি বহি থাকে , তেন্তে ভাষা তথা জাতিৰ বিলুপ্তি অসাধাৰণ কথা নহ’ব ।
আমি প্ৰশ্ন কৰোঁ,-“সুপ্ৰভাত” আৰু “শুভৰাত্ৰি” শব্দ দুটি শুনিবলৈ শু‌ৱলা নহয় নে ইহঁতে “Good Morning” আৰু “Good Night” কথা দুটাক প্ৰকৃতভা‌ৱে বুজাবলৈ অসমৰ্থ?
আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল এয়ে যে-“নচলাৰ কোনো কথা নাই! চলালেই চলিব!” মাথো আপোনাৰ আগ্ৰহৰ প্ৰয়োজন । সকলোতে চলিছে বুলিয়েই যে আপুনিও দূৰভাষত বাৰ্তালাপ কৰোতে প্ৰথম শব্দটি “Hello” বুলি ক’ব লাগিব ধৰণৰ বিধেয়ক আজিকোপতি উত্থাপিত হো‌ৱা নাই। আপুনি “নমস্কাৰ,হয় কওঁকচোন” বুলি কো‌ৱাত বাধা নাই !
“বিদ্যালয়”,”মহাবিদ্যালয়”,”ছাত্ৰা‌ৱাস”,”পিয়লা” আদি শব্দৰ যিদৰে ইতিমধ্যেই প্ৰায় বিলুপ্তি ঘটিছে,ঠিক একেদৰে অনা-অসমীয়া শব্দৰ প্ৰাদুৰ্ভা‌ৱে প্ৰতিটো অসমীয়া শব্দৰে স্থান অধিগ্ৰহণ কৰিব পাৰে বুলি ভ‌ৱা কথাটো অমূলক নহয়। অসমীয়াৰ মানসিকতা আৰু বৰ্তমান পৰিস্থিতি গমি-পিতি কেতিয়াবা আমাৰ ভা‌ৱ হয়- ভাষাপ্ৰেমী দুজন ব্যক্তিয়েই অনাগত দিনত বৰ্তি‌ৱ পাৰিব-এজনে ভাষাভিত্তিক গ্ৰন্থ তথা অভিধান প্ৰণয়ন আৰু গ‌ৱেষণা কৰিব; আনজনে তেওঁক ‘ডক্টৰেট’ উপাধি প্ৰদান কৰিব ।অভিধান তথা এনে ভাষাবিজ্ঞানৰ পুথিসমূহে মানুহৰ চ’ৰাকোঠা অথবা গ্ৰন্থাগাৰ শু‌ৱনী কৰিব আৰু তাৰ ভিতৰত বন্দী থাকিব সেই দুজন স্বহীদৰ স্বভাষাপ্ৰীতি!
(মতামত বাঞ্চনীয়)।

Wednesday, April 27, 2011

ৰিমিক্স,সংগীত আৰু অসমীয়া


গোলকীকৰণৰ ফলস্বৰূপে পৃথি‌ৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খো‌ৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গা‌ৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্য‌ৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বি‌ৱৰ্তনৰ সূচনা কৰিছে।
এনে হো‌ৱাৰ ফলত কিছু যে সুবিধা হো‌ৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে । মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰি‌ৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।
এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলু‌ৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ ন‌ৱ-প্ৰজন্মই আচাৰ-ব্য‌ৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃতি সকলোতে এটা নতুন কামিজ পিন্ধি উঠা-বহা কৰিবলৈ শিকিছে।
অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!
গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপো‌ৱা দুই এজন অত্যুৎসাহী যু‌ৱক-যু‌ৱতীৰ কাণত অসমীয়া থলু‌ৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ য‌োগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলু‌ৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হো‌ৱা নাই।
কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জী‌ৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কে‌ৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলো‌ৱা প্ৰভা‌ৱকহে বেছি মূল্য দিব।
সততে শুনিবলৈ পো‌ৱা যায়,”পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”।কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।
[এই লেখাৰ স্পষ্ট অনুধা‌ৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সো‌ৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰু‌ৱা)৭)অনুভ‌ৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰু‌ৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীত। লগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]
সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভা‌ৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হো‌ৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হো‌ৱাটো কি ভেলেকী-বাজিহে নেকি?’ৰক’/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?
নহয়।পুৰণী গীতত যাদু সানি থো‌ৱাৰ সাঁথৰটোও জটিল নহয়।
সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ড‌ৱ দেখি কোনো আদিম জনগ‌োষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হো‌ৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভা‌ৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যো‌ৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ‌্ কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।
যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজী‌ৱনৰ স্বাভা‌ৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গা‌ৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভ‌ৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।
পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলু‌ৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণ‌ৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনো‌ৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।
আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভ‌ৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মান‌ৱ জী‌ৱনৰ স’তে সংগ‌ীতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে। অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰ‌ৱস্থা হ’ব।জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকু‌ৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!
“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভা‌ৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হ‌ো‌ৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।
ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভা‌ৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নো‌ৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নো‌ৱাৰেনে? চেষ্টা কৰক,নিশ্চয় পাৰিব ।
[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]

Monday, April 25, 2011

মাতৃভাষা সজাগতা

বৰ্তমানৰ সমাজৰ আদ‌ৱ-কায়দাবোৰ দেখি-শুনি-বুজি অসমীয়া ভাষাটোক সকলো‌ৱেই যে বেপেৰু‌ৱা ভংগীৰে ব্য‌ৱহাৰ কৰিবলৈ লৈছে এই কথা আপোনাস‌ৱে ইতিমধ্যেই বুজি উঠিছে ।দু:খ প্ৰকাশ কৰিছো যে এই বিষয়ে হাঁ-হুমুনিয়াহ কঢ়াৰ বাদে অন্য কোনো উপায় সুধীবৃন্দই বিচাৰি পো‌ৱা নাই।
কিয়,আপোনাসবেই দেখোন সক্ৰিয় অংশগ্ৰহণ কৰি মাতৃভাষাৰ উদ্ধাৰ অভিযানত অৰিহণা যোগাব পাৰে ।
মই প্ৰস্তা‌ৱ আগবঢ়াওঁ, আমি প্ৰত্যেকেই নিজৰ মাতৃভাষাটোৰ ক্ষেত্ৰত অলপ হ’লেও সজাগ হওঁ আহক!আনৰ ভুল উচ্চাৰণ/বাক্য গাঁঠনি/অশুদ্ধ শব্দৰ ব্য‌ৱহাৰ/প্ৰলাপ ইত্যাদি দেখিলে অনতিপলমে শুধৰাই দিয়ক। যদিহে তেওঁ আপোনাৰ দৰেই স্বদেশপ্ৰেমী,তেওঁ কেতিয়াও তাৰ বাবে বেয়া নাপায়।বাতৰি-কাকত/অনাতাঁৰ/দূৰদৰ্শনত ভুল অসমীয়া দেখিলে অযথা মূৰ ঘমো‌ৱাৰ পৰি‌ৱৰ্তে সংশ্লিষ্টসকলক টেলিফোনযোগে শুধৰাবৰ বাবে অনুৰোধ কৰক ।এনেদৰে আজি আপুনি কৰিব,কাইলৈ আন এজনে যেতিয়া কৰিবলৈ ল’ব,বাতৰি-কাকত/দূৰদৰ্শনৰ বিভাগীয় কৰ্তৃপক্ষই এদিন ভা‌ৱিবলৈ বাধ্য হ’ব যে তেওঁলোকৰ আলাসতে চাউল মোকলো‌ৱাৰ দিন উকলিল,অনাগত দিনত ভাষাৰ প্ৰতি সজাগ নহ’লে তেওঁলোকৰ চাকৰি তথা ব্য‌ৱসায় চলো‌ৱাৰ ক্ষেত্ৰত হেঙাৰৰ সমুখীন হ’ব পাৰে ।
এই বিষয়ে আপুনি লিখা মেলা কৰিবলৈ আজিয়েই আৰম্ভ কৰক ।যদিহে আপুনি সাহিত্য ৰচনাৰ ক্ষেত্ৰত অনভ্যস্ত,তথাপিও আপুনি লিখিবলৈ ভয় নকৰিব,আপোনাৰ মনৰ কথা মাথো নিজৰ মাতৃভাষাত প্ৰকাশ কৰিব লাগে,যিটো আপোনাৰ বাবে তেনেই সহজ!
সামাজিক গোটবন্ধক জালস্থানৰ যদি আপুনি সদস্য,তাতো আপোনাৰ স্থিতি সবল কৰি তোলক।
এনে এটা আন্দোলন বা সজাগতা সৃষ্টি কৰাটো তেনেই সহজ,যদিহে আপুনি,কে‌ৱল আপুনি আজিয়েই সজাগ হয় ।আঁহক,আমি শুদ্ধ অসমীয়া ভাষা কওঁ,লিখো আৰু প্ৰচাৰ কৰো।

Monday, April 18, 2011

বিহুৰ দুখৰীয়া চিন্তা

“বিহুৰ অনুভ‌ৱ”
-------------------------------------
নাজানো ,কিয় এনে হৈছে । ব’হাগ বিহুত ঘৰলৈ যাব নো‌ৱাৰাৰ বাবে সিমান দুখ মোৰ লগা নাই; যিমানখিনি লাগিব বুলি ভ‌ৱা হৈছিল।বিহুৰ প্ৰতি যে মোৰ ব্যক্তিগত টান একেবাৰেই নাই ,তেনেও নহয়।সৰুতে বাঁহৰ ‘টকা’ নিজেই সাজি চুৰীয়া-গেন্জী-টঙালী পিন্ধি সমনীয়াৰ স’তে ঘৰে ঘৰে গৈ হুঁচৰি গো‌ৱা মনত পৰিলে আজিও উৎফুল্লিত হওঁ ।ঢোল পেঁপাৰ শ‌ৱদে আজিও দেহ-মন সাতখন আঠখন কৰে । বিহু‌ৱতী ডেকেৰীৰ সাজোন-কাচোন আৰু কঁকালৰ ভাঁজে আজিও মোক প্ৰথম যৌ‌ৱনৰ মিঠা ৰাগীৰ সমানেই ৰাগিয়াল কৰে ।স্বত:স্ফুৰ্তভা‌ৱে বিহুগীত এফাঁকি মুখেৰে অজানিতে ওলাই আহে ব’হাগৰ কোনো এটা দুপৰীয়া ।

কুলিৰ মাত দুই-এবাৰ শুনাৰ ভাগ্য হ’ল।বিহুগীত দুটিমানও বজাই শুনিলো।তথাপি হঠাৎ আজি এই উপলব্ধি যেন, ‘কিবা এটা নাই’! কিবা এটা নাই আজিৰ এই বিহুৰ বতৰত যিয়ে হয়তো মোৰ বিহুৰ প্ৰতি থকা আকৰ্ষণ হৰি নিছে ।কি এই ‘কিবা’টো?

“হুঁচৰি”
-------------------------------------
আজিৰ ডেকা-গাভৰু একগোট হৈ হুঁচৰি নাগায় ।বিহুৰ বাবে এমাহ আগৰে পৰা হুঁচৰিৰ অনুশীলনো নকৰে ।জেতুকা গঁগণা গোটাবৰ বাবে মন উদ্বাউলো নহয় কাৰো ।জীয়েকক হুঁচৰি গো‌ৱাৰ মানা কৰি কাঢ়া নিৰ্দেশ জাৰী কৰে অভিভা‌ৱকে ।(নিদিবই বা কিয়,বিহুতে যদি কিবা এটা অঘটন ঘটে!কোনে জানে?) হু্ঁচৰি বাকী থাকিলগৈ কণ কণ পেন্দুকণাকেইটাৰ বাবে আৰু গা‌ৱঁৰ বুঢ়া ভকতকেইজনৰ বাবে ।

কিয়, বিহুকতো কো‌ৱা হয যৌ‌ৱনৰ উৎস‌ৱ বুলিহে?মানুহৰ দেহ-মন ৰঙীয়াল কৰা এই বসন্তৰ সুমধুৰ প্ৰকৃতিৰ মাজত বিহু‌ৱে আমাৰ প্ৰত্যেকৰে মনত প্ৰেম-ভালপো‌ৱাৰ বীজ সিঁচি জী‌ৱনটোক নকৈ গঢ়াৰ বাবেহে উৎসাহিত কৰিব পাৰিব লাগিছিল।

অৱশ্যে,আজিৰ অসমীয়া ডেকা-গাভৰু‌ৱে বিহু উদযাপন নকৰে বুলি ক’লে ভুল কো‌ৱা হ’ব ।গা‌ৱঁৰ ডেকাসকলে একগোট হৈ হুঁচৰিও গায়।পিছে সেয়া সন্ধ্যাৰ পাছত বিহু-বিশেষ পানীটুপি গলধ:কৰণ কৰি বিহুৰ ৰাগীৰে মতলীয়া জীনছ্ –টিচাৰ্ট পৰিহিত বিহু‌ৱা হৈহে !তেওঁলোকৰ সন্মিলিত প্ৰচেষ্টাত বিহুগীতেও হিন্দীগীতৰ সুৰ নতুবা কোনো পেৰদী গীতৰ সুৰ হৈ ওলাবলৈ কুন্ঠাবোধ নকৰে।এনে হু্ঁচৰিত উঠা বলপূৰ্বক দান-বৰঙণীয়ে বিলাতী সুৰাৰ দোকানীসকলক তেওঁলোকৰ ঘৰৰ বিহু বজাৰখন সুকলমে কৰাত ভাল অৰিহণা যোগাই আহিছে ।

“বিহুৰ ভিচিডি”
-------------------------------------
ভিচিডিৰ বিহু কাহিনী-চিত্ৰ-গীতবোৰে দুটা ভাল কাম কৰিছে –
ক)মৃত্যুৰ আগে আগে অসমীয়া সমাজৰ ৰীতি-নীতি আদ‌ৱ-কায়দা আৰু প্ৰচলিত প্ৰথা(দেখা যায়নে বিশেষ?)বোৰক অন্ত:ত এটা কালজয়ী ‘ডিজিটেল’ৰূপত বাণীবন্ধিত কৰিছে ।
খ)ন‌ৱপ্ৰজন্মক বিহুনাচ শিকি(চাই চাই!) অভিনেতা-অভিনেত্ৰী হ’বলৈ প্ৰেৰণা দিছে ‌।
আৰু এটা ভাল কাম অৱ্শ্যেই কৰিছে,এই মহঙা দিনত ঘৰতে বহি “অসমীয়া বিহু আৰু কাহিনীচিত্ৰ” দূৰদৰ্শনৰ পৰ্দাত ভিচিডি চাই চাই বিহুৰ দিনকেইটাৰ অৱৰসৰ বিনোদনৰ খোৰাক জগাইছে ।

“মঞ্চৰ বিহু”
-------------------------------------
মঞ্চৰ বিহু‌ৱে বিহুক যিমান আধুনিকীকৰণ কৰি জনপ্ৰিয় কৰিছে,তাতোকৈ বেছি ক্ষতিসাধন কৰিছে ইয়াৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি।ই অসমীয়া সমাজত একপ্ৰকাৰৰ শ্ৰেনীবিভাজনৰ সৃষ্টি কৰিছে।বিহু হৈ পৰিছে সমাজৰ উচ্চ বা উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ বাবে এক আভিজাত্যৰ চিন ।
বিহু-প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে দুমাহ আগৰে পৰা ঢুলীয়া-তালিয়া সহ বিহু‌ৱাসকলক আপুনি উচিত মাননি আৰু আপ্যায়ন সহিত অনুশীলন কৰিব লাগিব ।লগতে ইখনৰ পৰা সিখন প্ৰতিযোগিতালৈ যাবৰ বাবে এখন গাড়ীৰ বন্দোবস্ত কৰিব লাগিব ;অংশগ্ৰহণৰ মাচুল ভৰিব লাগিব ।সাজ-পাৰৰ দামৰ কথা নকলো‌ৱেই বা!দুখীয়া প্ৰতিভাশালী বিহু‌ৱা বা বিহু‌ৱতীয়ে এনে মঞ্চৰ বিহুত অংশ ল’বলৈ সাহস কৰিব পাৰিবনে?
অন্যহাতে দেখা গৈছে-দুখীয়াসকলেহে মাথো বিহুৰ পিঠা-পনা বা জলপান তৈয়াৰ কৰে,ধনীসকলে তাক কিনি বিহু পাতে ।

“বিহুববীয়া প্ৰস্তা‌ৱ’
-------------------------------------
১)আগতে মইনা-পাৰিজাত বোৰে বিহুৰ হুঁচৰি উলিয়াইছিল ।তেওঁলোকৰ প্ৰশিক্ষণ আৰু হুঁচৰি বেছ ভাল হৈছিল । এতিয়া আগ্ৰহী স্বেচ্ছাসে‌ৱকৰ অভা‌ৱত এই অনুষ্ঠানবোৰ মৰি গৈছে ।পুনৰ্জ্জী‌ৱিতকৰণৰ ব্য‌ৱস্থা নোলাবনে?
২)বিদ্যালয় স্তৰত অসমত ‘Performing Art’ বিষয়টো বাধ্যতামূলক কৰিব লাগে ।যাৰ প্ৰশ্নকাকতত আহিব “বিলতে হালিছে শীৰ্ষক ৰাভাসঙ্গীতটো গো‌ৱা”,”ঝুমুৰা নাচা”,”এটা পদ গো‌ৱা”,”লোকগীত এটা গো‌ৱা”,”ঢোলৰ ছেও এটা বজো‌ৱা” আদি ।
৩)অসমীয়া পিঠা-পনা আৰু জলপানৰ ইমানেই ভিন্নতা আছে যে সতকাই তালিকাভুক্ত কৰাটো কঠিনেই ।এনে অৱ স্থাতো, আমাৰ বহুতেই আৰু অনা-অসমীয়া প্ৰায়সংখ্যকেই বিহুৰ পিঠা-পনা তথা জলপান খাই সিমান এটা ভাল নাপায় ।এইটো এটা অপ্ৰিয় সত্য ।
মই ভা‌ৱো,বিহুৰ জনপ্ৰিয়তা বঢ়াবলৈ,এই খাদ্যসম্ভাৰৰো কিছু প্ৰস্তুত-প্ৰণালীৰ সালসলনি কৰি সো‌ৱাদভৰা কৰিবলৈ প্ৰচেষ্টা এটা চলাব লাগে ।প্ৰয়োজন হ’লে আমাৰ ভাষা-সাহিত্যৰ গ‌ৱেষকসকলে ইতিহাসতকৈ এনে বিষয়বস্তুত অধিক মনোনিবেশ কৰক ।

Wednesday, November 5, 2008

স্বাগতম !

স্বাগতম বন্ধু!

মোৰ ব্লগৰ জৰিয়তে প্ৰকাশ কৰা মনৰ অনুভূতিবোৰ পঢ়ি চাবলৈ সময় উলিও‌ৱাৰ বাবে আপোনালৈ ধন্যবাদ ।


আশাকৰোঁ, লিখিত বিষয়-বস্তুবোৰৰ ওপৰত মতামত দি ধন্য কৰিব ।


-অৰুণজ্যোতি দাস

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...