লেখা অনুসন্ধান কৰক

Tuesday, April 21, 2015

‘সংগঠন’ কৰাৰ মানসিকতা -- কোন দিশে অসমীয়া ?



            বৰ্তমান অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক পৰি‌ৱেশ ইমানেই কলুষিত হৈ পৰিছে যে সাধাৰণ জনসাধাৰণেও ন্যাৰ্য প্ৰাপ্যটো পাবৰ বাবে হয় অনিশ্চিত অপেক্ষা কৰিব লাগিব নহ’লে তাক টানি-আজুৰি কাঢ়ি আনিব লাগিব । বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চৰকাৰৰ সমাজমুখিতা ক্ৰমান্বয়ে হ্ৰাস পাইছে । মন্ত্ৰীসকলে নিজ নিজ বিভাগৰ অনুমোদিত ধনসমূহ ব্য‌ৱহাৰ নকৰাকৈয়ে সকলো‌ৱে কাগজ-কলমে হিচাপ-নিকাচ মিলাই আত্মসাৎ কৰাত ব্য‌স্ত হৈছে । সেইদৰে কেৰাণী-পিয়নৰপৰা আৰম্ভ কৰি বৰবাবু-সৰুবাবুসকলে খোজতে খোজ মিলাই তলৰ স্তৰৰপৰাই সৰু-ডাঙৰ অংকবোৰ মিলো‌ৱাত লাগিছে দলপতি বা নেতা সকলে আঁচনি তৈয়াৰ কৰে কে‌ৱল ভোটৰ আশাত– মানুহক আঁভু‌ৱা ভাৰিবলৈহে । ফলত মৰণ মিলিছে মূলত: দেশৰ খাঁটি খো‌ৱা সাধাৰণ  মানুহখিনিৰ বহু শিক্ষিত আঢ্য‌ৱন্তই কিবা সকামত যদি কোনো কাৰ্যালয়লৈ যাবলগীয়া হয়, তেন্তে সাধাৰণতেই কামটোৰ বাবে প্ৰয়োজনীয় সময়খিনিলৈ অপেক্ষা নকৰাকৈ বা অনুমোদিত পদ্ধতিটো অনুসৰণ নকৰাকৈ অন্য কোনো উপায়েৰে নিজৰ কামফেৰা কৰাই আনে । গতিকেই যাৰ হাতত টকা নাথাকে, তেনে দুখীয়া নিচলা মানুহবোৰৰ হৈ চিন্তা কৰিবলৈহে কোনো নাথাকে । এনেকি তেওঁলোকৰ প্ৰাপ্যৰ অংশক লৈও খো‌ৱা-কামোৰা হয় অন্য বিষয়া-কৰ্মচাৰীৰ মাজতনিজৰ দৰমহাৰ টকাৰে কাহানিও নোজোৰা এইসকল লোকৰ বাবেই যুঁজিব লগা হয় বহুতেই । দেখা যায় যে যিকোনো এটা কামতেই আপুনি যদি বাৰে বাৰে খাতি নাথাকে আৰু ওপৰ‌ৱালাৰ সতে মুখামুখি হৈ কথা নাপাতে তেন্তে সৰু হ’লেও কোনো এটা কামেই হৈ নুঠেগৈ । সেয়া লাগিলে পেঞ্চনৰ কাম-কাজেই হওঁক, মাটিৰ পট্টাই হওঁক, এনৰেগাৰ টকাকেইটাই হওঁক নতুবা আপোনাৰ ল’ৰা-ছো‌ৱালীহঁতৰ স্কুলত দিয়া চাউলকেইমুঠিয়েই হওঁক । ছাত্ৰ-ছাত্ৰীৰ জলপানী, নামভৰ্তি, আসন সংৰক্ষণ – এইবোৰৰ কথাতো বাদেই, ঘুৰাই পাবলগীয়া টকাটোও নুখুজিলে ওভোটাই নিদিয়ে বাচৰ কণ্ডাক্টৰে আজিকালি । এয়াই হৈছে আজিৰ অসম দেশৰ বিষম পৰিস্থিতি
         
 এই কথা আমাৰ বহুতেই ইতিমধ্যেই বুজি উঠিছে যে অন্যায়ৰ বিৰুদ্ধে আপুনি যদি অকলেই মাত মাতি থাকে, তেন্তে তাৰ পৰা কাহানিও কোনো ভাল ফলাফল বা পৰি‌ৱৰ্তন হো‌ৱাৰ আশা কৰিব নো‌ৱাৰিৰন্ধন গেছৰ ক্ষেত্ৰতে হওঁক বা বেংকৰ লেন-দেনৰ ক্ষেত্ৰতে হওঁক, কোনোবা এজনে শাৰীৰ আগত নীতিবহিৰ্ভূতভা‌ৱে গৈ যদি সুযোগ ল’ব বিচাৰিছে, এনেকি তেওঁকো আপুনি অকলে কৈ সৈ মনাব নো‌ৱাৰে যে এঘন্টা আগৰে পৰা আপুনি সেই শাৰীটোত থিয় হৈ আছে বুলি । উপস্থিত গোটেইখিনি মানুহে সমোচ্চৰে টেটুঁ ফালিলেহে যদি তেখেত লাইনৰ পাছলৈ আহিবলৈ বাধ্য হয় । গতিকেই ৰাজ্যখনৰ বৰ্তমানৰ কৰ্মসংস্কৃতিৰ ৰেহ-ৰূপ দেখি-শুনি-বুজি আমাৰ ৰাইজে নিশ্চয় বুজি উঠিছে যে সংগঠন খুলি ঐক্যবদ্ধ হৈ মাত নামাতিলে  আমাৰ গত্যোন্তৰ নাই । নিজৰ নিজৰ জাতিভিত্তিক, অঞ্চলভিত্তিক বা সে‌ৱাভিত্তিক দাবীসমূহ উৰ্ধতম মহলৰ ওচৰত উত্থাপন কৰিবৰ বাবে সংগঠন খোলাৰ বাদে বিকল্প নাই । সেয়েহে অসমত বৰ্তমানে ধুম উঠিছে সংগঠন খোলাৰ – পদপথৰ দোকানীৰ পৰা আৰম্ভ কৰি গৰিয়া-মৰিয়া,অনুসূচিত জাতি-জনজাতি,সাধাৰণ জাতি, টেট শিক্ষক, নাপিত সন্থা, কলেজ শিক্ষক, ড্ৰাইভাৰ সংস্থা, ছাত্ৰ পৰিষদ, জাতীয়তাবাদী, মৌলবাদী সকলো‌ৱেই আজি নিজা নিজা সংগঠন এটাৰেহে যেন সুৰক্ষিত অনুভ‌ৱ কৰিছে
        
বহু ডেকাল’ৰাৰ বাবে জনপ্ৰিয় সংগঠনত যোগদান কৰা বা নতুনকৈ এটা সংগঠন খুলি তাৰ বিষয়ববীয়া হো‌ৱাটোও একপ্ৰকাৰৰ উচ্চাকাংক্ষা দেখা যায়, শিক্ষিতই হওঁক বা নিৰক্ষৰেই হওঁক - এটা সংগঠনৰ সদস্য বা মূৰব্বী হ’বলৈ মানুহবোৰৰ কিমান যে হাবিয়াস ! সংগঠনৰ কাম-কাজৰ মাজেৰে নিজৰ স্থিতি(!) সমাজত দাঙি ধৰিব পাৰিব আৰু নিউজ-চেনেলে তাত ঘিঁউ ঢালি তিলটোকে তাল কৰিব পাৰিব –এইবোৰৰ বাবেই বহুজনে এতিয়া উঠিপৰি লাগিছে । (আমাৰ বহু অভিভা‌ৱকে আকৌ দূৰদৰ্শনত ওলাই থকা ডেকাটোলৈহে জীয়েকক বিয়া দিবলৈ বিচাৰে ।) মহাবিদ্যালয়, বিশ্ববিদ্যালয়তো ডেকাসকলে ছোৱালীৰ অন্তৰ জিকিবলৈও সক্ষম হয় এই সংগঠন ‘খেলা’ৰ জৰিয়তেই । সেইবাবেই আজি বহু নিবনু‌ৱা যু‌ৱকৰ বাবে ‘সংগঠন’ৰ সক্ৰিয় সদস্য বা ৰাজ্যিক পৰ্যায়ৰ পদবী লাভ কৰাটো হেনো ‘এইম ইন লাইফে’ই হৈ পৰিছে ইয়াৰ কাৰণ হৈছে, বৰ্তমানে এটা সংগঠনে এটা বৃহত্তৰ জনসমষ্টিৰ দা‌ৱীসমূহৰ হকে যুঁজাতকৈ বেছিকৈ যুঁজিব পাৰে বিষয়-ববীয়াসকলৰ ব্যক্তিগত স্বাৰ্থসিদ্ধি বা অৰ্থ উপাৰ্জনৰ বাবেহে । সংগঠনৰ নাম লৈ চান্দা তোলাটো আজিকালিৰ সক্ৰিয় ডেকাল’ৰা এজনৰ স্বভা‌ৱজাত প্ৰবৃত্তিলৈ পৰ্যবেসিত হৈছে । এনেকি সমগ্ৰ অসমীয়া জাতিটোৰ হৈ মাত মাতি অহা কেইবাটাও ঐতিহ্যপূৰ্ণ সংগঠনৰ বহু শাখা সমিতিবোৰেও অসমৰ নানান ঠাইত অনা-অসমীয়াসকল, ব্য‌ৱসায়ীসকল বা সমাজৰ আঢ্য‌ৱন্তসকলকে লক্ষ্য হিচাপে লৈ বছৰৰ পিছত বছৰ বিভিন্ন অজুহাতেৰে শকত পৰিমাণৰ চান্দা উঠাই হাৰাশাস্তি কৰি আহিছে ।  এইধৰণৰ অৰ্থ সংগ্ৰহৰ কোনো হিচাপ-নিকাচ ৰাজহু‌ৱা কৰা নহয় আৰু বিনা দ্বিধাৰে ক’ব পাৰি যে এনে বৃহৎ পূঁজিৰ অধিকাংশই কে‌ৱল বিষয়-ববীয়াসকলে আত্মসাৎ কৰে । গতিকেই আমাৰ এলেহু‌ৱা ডেকাসকলৰ বাবে এইটো এটা “কম কষ্টৰেই সোনকালে ধনী হ’বপৰা” এটা সহজতম উপায়
         
 বহু শিক্ষিত ডেকাই নিজৰ বাবে চাকৰি এটাৰ ‘যোগাৰ’ কৰিবৰ বাবে সংগঠনৰ পথ গ্ৰহণ কৰে । উচ্চতম কৰ্তৃপক্ষৰ লগত পোনপটীয়া সংযোগ স্থাপন কৰি আৰু জাতিগত সংৰক্ষণ ,স্থানীয় নিবণু‌ৱাক প্ৰাধান্য দিয়া অথবা অন্য স্পৰ্শকাতৰ বিষয় উত্থাপন কৰি নিজৰ বা আত্মীয়-স্বজনৰ চাকৰিটো সুনিশ্চিত কৰাৰ পাছত আন দহোজনকো চাকৰি দিয়াবলৈ ঠিকা লাভ কৰে । এইসকল শিক্ষিত যু‌ৱকে অধিকাৰ সাব্যস্ত কৰাৰ নামত যে সমাজত দুৰ্নীতিৰ পাশা খেলিছে, সেয়া নিশ্চিত ।
         
 আন বহুতো যু‌ৱ-সংগঠনে আকৌ ৰাজনৈতিক দলসমূহৰ পোনপটিয়া দালাল হিচাপে কাম কৰা দেখা যায়। এনে যু‌ৱ-সংগঠনসমূহে মহাবিদ্যালয়ৰ নিৰ্বাচনত নিজা প্ৰাৰ্থীক অৰ্থসাহাৰ্য দান কৰাৰ লগতে শাৰিৰীক বলপ্ৰয়োগেৰেও প্ৰভুত্ব দেখু‌ৱাবলৈ যো‌ৱা পৰিলক্ষিত হয় । সেইদৰে দেখা পো‌ৱা গৈছে যে অসমৰে বহু নামী-দামী বিশ্ববিদ্যালয়ত নিজা ৰাজনৈতিক কূটকৌশল প্ৰয়োগ কৰি বহুকেইটা সংগঠনে বিভিন্ন পাঠ্যক্ৰম তথা ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসৰ আসন নিজৰ দখলত ৰাখে । এনে সংৰক্ষিত আসনসমূহৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংগঠনসমূহে বহু লাখটকাৰ ব্য‌ৱসায় চলাই থাকে বুলি গম পো‌ৱা যায়  এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠানত এইধৰণে ৰাজনীতি আৰু দুৰ্নীতিৰ বিষবাস্প বিয়পো‌ৱা কাৰ্য অতিকেই গৰিহণাযোগ্য । আমাৰ ছাত্ৰ-নেতাসকলে এনেধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰত থাকিব পাৰিলেহে নিকা আৰু সৎভা‌ৱে ছাত্ৰসমাজৰ সে‌ৱা আগবঢ়াব পাৰিব ।
      
 সংগঠিত হো‌ৱাটো নি:সন্দেহে এটা ভাল কথা । একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবৰ বাবে এটা সংগঠনৰ প্ৰয়োজনীয়তাক নুই কৰিব নো‌ৱাৰি । কিন্তু সংগঠনৰ নামত কে‌ৱল দুই-চাৰিজন বিপুলভা‌ৱে উপকৃত হো‌ৱা আৰু হাজাৰজনক অন্য প্ৰকাৰে নিস্পেষিত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য ধাৰণা নহয় । সংগঠনকেই নিজৰ পেট-মোকলো‌ৱাৰ আহিলা বা জী‌ৱনৰ পেছা হিচাপে লো‌ৱাটো এটা অতি লজ্জাকৰ কাৰ্য চাকৰি নাপাই অ‌ৱশেষত সংগঠনত যোগ দিয়াটো তাতোকৈ পুতৌলগা কাম । চাকৰি এটা নহ’লেও নিজৰ জী‌ৱনটো সুন্দৰভা‌ৱে গঢ়ি তুলিবলৈ আৰু আন বহু পন্থা আছে যিবোৰৰ বিষয়ে আমাৰ ডেকা-গাভৰু‌ৱে এতিয়াও অনুসন্ধান কৰিবলৈ ইচ্ছুক হো‌ৱা নাই । প্ৰকৃত সমাজ-সে‌ৱাৰ উদ্দেশ্য কাহানিও ব্যক্তিগত মুনাফা লাভ হ’ব নো‌ৱাৰে ।
     
 শিপা নোহো‌ৱা জাতি এটাৰ দৰে বৰ্তমানে অঞ্চলভিত্তিত বা সম্প্ৰদায়ভিত্তিত ছিন্ন-বিচ্ছিন্ন হৈ আমি নিজা নিজা দা‌বীৰে বড়োলেণ্ড, কমতাপুৰ বিচৰাৰ সলনি যদি একেখনি অসম ভূমিতে  সমিলমিলেৰে বসবাস কৰি বৃহত্তৰ অসমীয়া জাতি এটা গঢ়ি তুলিব পাৰো, তাতোকৈ সুখৰ মূহুৰ্ত আৰু কি হ’ব পাৰে? তাৰ বাবেহে আমি সংগঠিত হো‌ৱা উচিত । অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিটো সমস্যাৰ বাবে আমি একগোট হৈ মাত মতা উচিত । বানপানী, গৰাখহনীয়া, সন্ত্ৰাসবাদ, বন্যপ্ৰাণী হত্যা, ডাইনী হত্যা, ধৰ্ষণ, অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা- এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈহে বৰ্তমানে আমাক এটা অনানুষ্ঠানিক সংগঠনৰ দৰকাৰ, য’ত প্ৰতিজন অসমীয়াই হ’ব সক্ৰিয় সদস্য আৰু প্ৰতিজনেই হ’ব বিষয়ববীয়া -- যিয়ে আমাক দহোজনৰ দুখত সমভাগী হ’বলৈ শিকাব আৰু দুৰ্নীতি, অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে থিয় হ’বলৈ সাহস দিব ।
                                  -------------------০০০------------------

Thursday, April 9, 2015

বিহু শিল্পী, শিল্পীৰ বিহু আৰু আয়োজক


বিহুক অসমীয়াৰ জাতীয় গৌৰ‌ৱ তথা বাপতি-সাহোন বুলি কো‌ৱা হয় । কো‌ৱা হয় যে অসমীয়াৰ ধমনীৰ কোষে কোষে হেনো বিহুৰ অনুভূতি প্ৰ‌ৱাহমান । অ‌ৱশ্যেই এটা জাতীয় উৎস‌ৱ হিচাপে এনে বিভূষণক কোনোপধ্যেই অত্যুক্তি বুলি ক’ব নো‌ৱাৰি । কিন্তু বৰ্তমান সময়ত অসমীয়া ডেকা-ডেকেৰীৰ গাত নিজৰ অতিকেই আপোন এই উছ‌ৱটিৰ প্ৰতি অলপো উছাহ-উদ্দীপনা জাগি উঠা পৰিলক্ষিত হয় নে ? প্ৰকৃতিয়ে এই ন ৰূপ লো‌ৱাৰ সময়ত আমাৰ কিশোৰ-কিশোৰী, ডেকা-গাভৰুৰ মুখেৰে নিজে নজনাকৈয়ে এফাঁকি বিহুনাম ওলাই আহে নে ? তাঁতশালৰ সলনি পঢ়া-মেজ, দূৰদৰ্শন অথবা মোবাইল-কম্পিউটাৰ লৈ ব্যস্ত  থকা আমাৰ সোণজনীকো জানো ঢোলৰ ছে‌ৱে দেহ-মন উতলাব পাৰে নে আজিকালি ?
       আধুনিকতাৰ পৰশ পাই বৰ্তমানে যে পূৰ্বৰ সেই মুকলি বিহুও নাই আৰু বিহু‌ৱে দেহত তোলা পিৰপিৰনিও নাই, সেই কথা আমি অবাঞ্চিত হ’লেও স্বীকাৰ কৰিবই লাগিব । আৰু এনে ৰূপান্তৰণৰ লগতে খাপ খো‌ৱায়েই উছ‌ৱটিক অনাগত সময়ৰ বাবে আমাৰ ন-প্ৰজন্মৰ হাতত তুলি দিব লাগিব। এই মূহুৰ্ততো আমাৰ বহু কৃষ্টিপ্ৰেমী শিল্পীয়ে থলু‌ৱা লোক-বাদ্য যেনে ঢোল,তাল,পেঁপা,গগণা,সুতুলীক জীয়াই ৰাখি তাৰ চৰ্চা কৰি জনপ্ৰিয় কৰাৰ স্বাৰ্থত কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন কৰি যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেখেতসকলক সঁচাই শলাগ ল’ব লাগিব । ইয়াৰ মাজতে বহু প্ৰচাৰবিমুখ থলু‌ৱা শিল্পীয়ে তেখেতসকলৰ জন্মগত প্ৰতিভা ন-প্ৰজন্মৰ হাতত গতাই দিবলৈ নৌপাওঁতেই হয়তো এই সংসাৰৰপৰা মেলানি মাগিছে । তদুপৰি আজিকালিৰ তথাকথিত বহু ‘বিহু-কুঁৱৰী’, ‘বিহু-সম্ৰাজ্ঞী’তকৈ হাজাৰগুণে নিখুঁত আৰু স্বকীয় থলু‌ৱা বিহু নাচ জনা বিহু‌ৱতী হয়তো আমাৰ গা‌ৱেঁ-ভূঞেঁ ওলাব, যিসকলে গ্লেমাৰ বা অৰ্থৰ অভা‌ৱত মঞ্চ নতুবা দূৰদৰ্শনৰ পৰ্দা কঁপাবলৈ সুযোগ পো‌ৱা নাই । আমি কিন্তু তেনে বিহু‌ৱা বা বিহু‌ৱতীকহে প্ৰকৃত বিহু শিল্পী বুলিবলৈ সাহ কৰিম ।
       মঞ্চৰ বিহু‌ৱে নি:সন্দেহে উৎস‌ৱটিক ‘গ্লেমাৰ’মুখী কৰিছে আৰু ন-প্ৰজন্মৰ কাষ চপাইছে । কিন্তু বিহুৰ প্ৰাকৃতিক মাদকতা আৰু স্বয়ংক্ৰিয় এক উৎস‌ৱমুখৰ পৰি‌ৱেশ গঢ়ি তোলাত আজিও কিন্তু আমাৰ বিহু সন্মিলনী বা বিহু উদযাপন সমিতিসমূহ সফল হো‌ৱা নাই । শ্ৰেষ্ঠ হুঁচৰি দল, বৰ বিহু‌ৱা,সৰু বিহু‌ৱা,বৰ বিহু‌ৱতী,সৰু বিহু‌ৱতী, শ্ৰেষ্ঠ বিহু দল, শ্ৰেষ্ঠ বিহু‌ৱতী আদি নানা শিৰোনামাৰে অলেখ-অজস্ৰ প্ৰতিযোগিতা আমি পাতিছো সঁচা; কিন্তু ঢোল-পেঁপাৰ ছে‌ৱত এপাক নাচিবলৈ কিমানজন কিশোৰ-কিশোৰীৰ দেহ-মনক উদ্বুদ্ধ কৰিব পাৰিছো তাৰ জানো কিবা খেয়াল আমি ৰাখিছো ? চাদৰ-মেখেলা বা গামোছা-টঙালি ব’বলৈ আৰু লাড়ু-পিঠা বনাবলৈ আমাৰ কেইজনী ছো‌ৱালীক আমি উৎসাহিত কৰিছো, সেয়াও এক ভা‌ৱি চাবলগীয়া বিষয় । শুনিবলৈ পো‌ৱা যায় যে মঞ্চত বিহু নাচি ‘বিহু‌ৱতী’ বুলি পুৰস্কৃত হ’বলৈও বোলে বৰ্তমানে বহু শকত পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় । এনে দৃষ্টিৰে চাবলৈ গ’লে বিহু পতা, বিহুত নচা, বিহুৰ বিচাৰক হো‌ৱা এই সকলো কথাতে দেখোন কুটনীতিৰ জটিল পাক সোমাই আছে । আৰু যদি সঁচাই সেয়া হৈ আছে, তেন্তে আজিৰ বিহু গৈ যে এদিন কে‌ৱল ‘আঢ্য‌ৱন্ত সকলৰ ফেছন’ হিচাপেহে পৰিগণিত হ’বগৈ, সেয়া নিশ্চিত ।
       বিহুৰ আয়োজকসকলে, স্বেচ্চাসে‌ৱী গোটসমূহে অথ‌ৱা হুঁচৰি দলসমূহে আমাৰ প্ৰতিঘৰতে থকা ল’ৰা-ছো‌ৱালীবোৰক আঁকো‌ৱালি লৈ বিহুৰ অনুশীলন কৰিবলৈ দিয়া উচিত । বিহু উদযাপনত আগৰণু‌ৱাসকলে সমাজৰ প্ৰতিজন মানুহকে যদি বিহুৰ স্বাভা‌ৱিক ৰীতি-নীতি আৰু  পৰম্পৰাখিনিৰ লগত চিনা-পৰিচয় কৰাই অনুশীলন কৰিবলৈ অনুপ্ৰাণিত কৰাব পাৰে, তেতিয়াহে কিন্তু অসমীয়াৰ এই বাপতি-সাহোন বিহুটিয়ে আমাৰ প্ৰত্যেকৰে অন্তৰত স্থান ল’ব পাৰিব । সমিতিসকলে অঞ্চলৰ প্ৰ‌ৱীণ বিহু‌ৱা বা বিহু‌ৱতীসকলক এই কাৰ্যসূচীবোৰৰ অংশীদাৰ কৰি ল’লে তেওঁলোকৰ পৰা বহুখিনি শিকিবও পাৰিব ।
       যিসময়ত বিহুৰ স্বকীয়তা বজাই ৰাখি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বঢ়ো‌ৱাৰ বাবে বিহু উদযাপন কৰা সন্মিলনীসমূহৰ ওপৰত আমি আশা আৰু ভৰসা কৰিব বিচাৰোঁ, সেইসময়ত কিন্তু এনে সমিতিসমূহৰ কিছুমান কথা-কাণ্ডই আমাক হতভম্ব কৰিছে । সস্তীয়া জনপ্ৰিয়তা আৰু ব্যক্তিগত মুনাফা লাভৰ অৰ্থে আজিকালি প্ৰায় সকলোবোৰ সমিতিয়েই মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি ব্য‌ৱসায়িক লাভালাভাক লৈ অংক কৰাহে দেখা যায । দা‌ৱী-ধমকিৰে শকত পৰিমাণৰ চান্দা উঠাই এই সমিতিবোৰে বৰ্তমানে ভদ্ৰ ডকাইতৰ ৰূপ লৈছে । কোনে কিমান নামী-দামী তাৰকা-শিল্পীক নিমন্ত্ৰণ জনাই নিউজ-চেনেলৰ চৰ্চাৰ বিষয় হ’ব পাৰি অথবা ‘লাইভ-টেলিকাষ্ট’ কৰাব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে, এনে অনুভ‌ৱ হয় । সেইবাবেই আজিকালি বিহু উদযাপনৰ ক্ষেত্ৰত মুখ্য আকৰ্ষণ বিহু নহয়, হয়গৈ কোনো এজন গায়ক বা গায়িকাহে । বৰ বৰ পোষ্টাৰ-হোৰ্ডিঙত আজিকালি বিহু কঢ়িয়াই আনে জুবিন-পাপন বা দীক্ষু-জুবলীয়েহে । আৰু এই শকত –পাৰিতোষিকেৰে বন্দো‌ৱস্ত হো‌ৱা আমাৰ মৰমৰ শিল্পীসকলে উছ‌ৱৰ নিশা আমাক শুনায় ড্ৰাম,গীটাৰ, ঢুলুকীৰে অলংকৃত হো‌ৱা আধুনিক বিহুগীত ।
       আমাৰ অনুৰোধ, সংশ্লিষ্ট সকলো‌ৱে যেন বিহুৰ নামত ব্য‌ৱসায় কৰা বন্ধ কৰি এজন প্ৰকৃত অসমীয়া হিচাপে নিজকে চিনাকী দিয়ক আৰু আৰ্থ-সামাজিক নানান সমস্যাৰে জৰ্জৰিত এই সংকট মূহুৰ্তত বিহুৰ জৰিয়তেই সমাজত একতা স্থাপন কৰি এক বৃহত্তৰ সুৰুচীসম্পন্ন সংস্কৃতি‌বান জাতি গঠন প্ৰক্ৰিয়াত প্ৰত্যেকেই অহিৰণা যোগাওক।
  -------------------------------------০০০--------------------------------------

Thursday, April 2, 2015

মন্ত্ৰীসকলৰ জনমুখিতা





        উদাত্ত কণ্ঠেৰে আৱেগ-বিহ্বল ভাষাৰে এজন জননেতাই আমি দৈনন্দিন জী‌ৱনত ভুগি থকা যাতনা বা বঞ্চনাৰ বিৰুদ্ধে যেতিয়া মাত মাতে, দূৰদৰ্শনৰ পৰ্দাতেই হওঁক অথবা মুকলি মঞ্চতেই হওঁক, সেয়া দেখি আমাৰ মনৰ কোনো একোণত সেই নেতাৰ প্ৰতি সহৃদয় ভা‌ৱ জাগি উঠে । আমি এইবুলি ভা‌ৱিবলৈ লওঁ যে – হয়, কোনেও নুবুজিলেও, কোনেও নুযুঁজিলেও অন্ত:ত সেই নেতাজনেই আমাৰ দুখ-কষ্টৰ কথা বুজিছে । আমাৰ সকলোৰে হৈ তেওঁকেই আগু‌ৱাই দিলে আমি অন্যায়ৰ বিৰুদ্ধে হো‌ৱা যুঁজত জিকিম আৰু ন্যায়েৰে আমাৰ প্ৰাপ্যখিনি আদায় কৰিব পাৰিম । কিন্তু আজিৰ সময়ত অৰ্থসৰ্বস্ব আৰু স্বাৰ্থজড়িত এই ৰাজনীতিত  আমি সম্পূৰ্ণ ভৰসা কৰা আমাৰ নেতাজনে সঁচাকৈয়ে আমাৰ আশা পূৰণ কৰিব পাৰিছে নে ? ৰাইজৰ সেই প‌ৱিত্ৰ আকাংক্ষাৰ প্ৰতি তেখেতৰ নিষ্ঠাপূ্ৰ্ণ সহযোগিতা দূৰদৰ্শনৰ কেমেৰা বা মঞ্চৰ মাইক্ৰোফোনৰ পৰা নিলগত ব্যক্তিগত স্বভা‌ৱ-চৰিত্ৰ বা আচৰণ-বিধিত আমি প্ৰতিফলিত হো‌ৱা দেখিছো নে ? বৰ্তমানে সেই প্ৰশ্নৰ উত্তৰ ৰাইজে চালিজাৰি চো‌ৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।




জাগীৰোডত অ‌ৱস্থিত নগাওঁ কাগজ কলে বহু বছৰধৰি লোকচানৰ সমুখীন হৈ থকা বাবে সংস্থাটোৰ পৃষ্ঠপোষকতাত চলি থকা কেন্দ্ৰীয় বিদ্যালয়খনি বন্ধ কৰি দিয়াৰ প্ৰস্তা‌ৱ উত্থাপিত হৈছে যিহেতু বিদ্যালয়খনৰ লগত বহু ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীৰ ভ‌ৱিষ্যৎ জড়িত হৈ আছে আৰু কেন্দ্ৰীয় বিদ্যালয় এখনে অঞ্চল এটাৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত ভালেখিনি অ‌ৱদান আগবঢ়ায়, গতিকেই স্থানীয় ৰাইজে বিচাৰিছে যে সেই বিদ্যালয়খনি সুকলমে চলি থাকক কিন্তু ইয়াৰ বাবে কেন্দ্ৰীয় মান‌ৱ-সম্পদ বিকাশ মন্ত্ৰালয়ৰ সতে যোগাযোগ কৰি সংশ্লিষ্ট মন্ত্ৰীৰ ওচৰত আৱেদন দাখিল কৰা আৰু আলোচনাত বহা কামটো অতিকেই জৰুৰী । এনে এটা গুৰুত্বপূৰ্ণ কামৰ বাবে আমাৰ স্থানীয় অনভিজ্ঞ ৰাইজে ৰাজধানীলৈ নিজে যো‌ৱাৰ আগতে দিল্লীৰ লগত সদায় উঠা-বহা কৰি থকা স্থানীয় সাংসদ এগৰাকীকে সূত্ৰধাৰ হিচাপে ল’বলৈ আলচ কৰিলে আৰু সেইমৰ্মে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ প্ৰ‌ৱীণ সাংসদজনৰ বাসভ‌ৱনত আগতীয়াকৈ সাক্ষাৎকাৰৰ সময়-সূচী থিৰাং কৰি যথাসময়ত বিদ্যালয়ৰ মূৰব্বী প্ৰমুখ্যে পাঁচ-ছয়জনমান মুখিয়াল ব্যক্তি উপস্থিত হ’ল । কিন্তু দাৰো‌ৱান তথা ব্যক্তিগত সহায়কাৰীয়ে তেওঁলোকক জনালে যে সাংসদ আজি ঘৰত নাই ! পূৰ্বে-নিৰ্ধাৰিত সময়তে উপস্থিত হৈয়ো জনপ্ৰতিনিধিজনক লগ কৰিবলৈ নাপাই আটাইকেইজনেই হা-হুমুনিয়াহ কাঢ়িলে । আধাঘন্টামান সময় বাহিৰৰ ফুলনিতে ঠিয় হৈ কি কৰিব কি নকৰিব তাৰে গুণা-গঁঠা কৰি থাকোতেই সাংসদৰ ঘৰত উপস্থিত হ’ল  তেখেতৰ ঘনিষ্ঠ কোনো অতিথিৰ দল। মুহুৰ্ততে ঘৰৰ ভিতৰৰ পৰা সাংসদ ওলাই আহিল আৰু অতিথিক উষ্ম আদৰণি জনাই আথে-বেথে ভিতৰলৈ লৈ গ’ল বিদ্যালয়ৰ দলটিক দেখা পাই সাংসদে ধমকি দি ক’লে- “হেৰৌ গাধহঁত, তহঁতক মই আগেয়েই আহিবলৈ কৈছিলো, নাহিলি। এতিয়া কাৰ লাওখোলাটো কৰিবলৈ আহিছ? এতিয়া মোৰ সময় নাই ”ইয়াৰ আগতে এবাৰো লগ নোহো‌ৱাকৈয়ে তেখেতে কেতিয়ানো আগতীয়াকৈ আহিবলৈ কৈছিল সেই কথা ভা‌ৱি দলটি অপ্ৰস্তুত হ’ল ।  তথাপি সুযোগ উলিয়াই এজনে জনালে যে তেখেতক শুভেচ্ছা জনাবৰ বাবে গামোচা আৰু শৰাই অনা হৈছিল, অন্ত:ত সেয়া যদি তেওঁ গ্ৰহণ কৰে, তেন্তে দলটি নথৈ আনন্দিত হ’ব । কিন্তু হাজাৰ হাজাৰ গামোচা উপহাৰ হিচাপে পো‌ৱা সাংসদজনৰ বাবে বিনা শ্ৰোতা-দৰ্শকেৰে ছজন মানুহে নিজৰ ঘৰতে এখন গামোচা বা শৰাই যঁচা কাৰ্যটো আছিল যেন এক অপমানৰ সমান । গতিকেই মঞ্চ আৰু কেমেৰাত ৰাইজৰ সুখ-দুখৰ হিচাপ লো‌ৱা জননেতাগৰাকীয়ে এইবাৰ নিজ ব্যক্তিত্বৰ ফোঁপোলা স্বৰূপ উদঙাই যি বাক্যবাণেৰে দলটিক থকা-সৰকা কৰিলে, তাৰ পাছত আৰু এবাৰো নেতাৰ কথাত বিশ্বাস নকৰিবলৈ পণ লৈ দলটি বিফল মনোৰথে ঘুৰি আহিবলৈ বাধ্য হ’ল । কোনো ব্যক্তিগত স্বাৰ্থ নথকা, এক পইচাৰো ইফাল-সিফাল কৰিব নো‌ৱাৰা, এটা সামাজিক কামৰ বাবে এজন জননেতাক লগ কৰিবলৈ যো‌ৱা কথাটো নিতান্তই স্বাভা‌ৱিক আৰু প্ৰয়োজনীয় আছিল, য’ত আমাৰ অহংকাৰী নেতাই সহায়ৰ হাত আগবঢ়ো‌ৱাৰ সলনি দি পঠালে দাবী-ধমকি এই সঁচা ঘটনাটোৰ দৰে অনুৰূপ উদাহৰণ এয়াই একমাত্ৰ নহয় নেতাৰ পাছে পাছে দৌৰি নুফুৰা, সমাজত ৰাজনৈতিক দলৰ প্ৰচাৰ আৰু প্ৰসাৰ চলো‌ৱাত অংশগ্ৰহণ নকৰা, আঁচনিৰ কামত কমিছনৰ অংকৰ লগত জড়িত নোহো‌ৱা আৰু ভোটবেংকৰ সন্ধান দিব নো‌ৱাৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে আমাৰ দেশৰ প্ৰতিজন নেতাৰে এনেধৰণৰ হেমাহি তথা অ‌ৱজ্ঞা দেখা পো‌ৱা যায় । কাৰণ , নেতাৰ দৃষ্টিত তেনে এজন মানুহ তেওঁৰ ‘কুচ্ছ কাম’ৰে মানুহ নহয় । আচৰিত হ’বলগীয়া কথাটো এয়ে যে সেই একেজন নেতাই কিন্তু আন বহুজনৰ বাবে হয়তো ভগ‌ৱানতকৈ এখোপ ওপৰৰ স্তৰৰ ত্ৰাণকৰ্তা হিচাপে ৰূপ ধাৰণ কৰিব পাৰে

       
         অতি দুখৰ কথা যে আমাৰ দেশৰ প্ৰায় নব্বৈ  শতাংশতকৈয়ো অধিক নাগৰিকক নিৰ্বাচনৰ আগে আগে  নিজৰ চল-চাতুৰি,বাক-পটুতা বা লেপ-কম্বলেৰে প্ৰভা‌ৱান্বিত কৰি এইসকল নেতাই ভোট সৰকাবলৈ  সক্ষম হয় এনেকি বহু বিবেকবান মানুহো নেতাৰ এই অভিনয়বোৰত ভোল যো‌ৱা দেখা যায় যদিওবা কোনো কোনো নেতা এটা সময়ত সঁচা অৰ্থত সৰ্বসাধাৰণৰ বন্ধু বা সুহৃদ হ’ব পাৰিছিল, এবাৰ মাত্ৰ নিৰ্বাচনত জয়ী হো‌ৱাৰ পাছতে তেখেতৰো আ‌ৱাস-চৌহদৰ চাৰিবেৰৰ উচ্চতা বাঢ়ে ; ঘৰ গৈ প্ৰাসাদোপম অট্টালিকাত পৰিণত হয় গতিকেই কিজানি  বহু প্ৰাৰ্থী বা নেতাই গা‌ৱেঁ-ভূঞেঁ খেতিয়কৰ লগত কৃষিকৰ্ম কৰি, বিহু‌ৱাৰ লগত বিহু নাচি, খেলু‌ৱৈৰ লগত খেল খেলি বা সাহিত্য সম্বন্ধীয় মেল-মিটিঙতো তত্ত্বগধুৰ বক্তৃতা দি ৰাইজক নিজৰ সমাজমুখিতাৰ প্ৰমাণ দেখু‌ৱাবলৈ তৎপৰ হয় । কাহানিও নিজৰ ঘৰত ঘৰু‌ৱা কাম এটা কৰি নোপো‌ৱা নেতাজনেও নিজকে মাটিৰ মানুহ বুলি বুজাবৰ বাবেই কেমেৰাৰ আগত দুই মিনিটৰ বাবে হাতত ঝাৰু তুলি লো‌ৱা দেখা যায়।

       
         প্ৰশ্ন হয়, নিজকে ৰাইজৰ বন্ধু বুলি দাবী কৰা আমাৰ দেশৰ নেতা পালিনেতাসকলে বিলাসী গাড়ী বা বাতানুকুল ঘৰৰ ভিতৰত বহি কিদৰে সৰ্বসাধাৰণৰ দুখ-কষ্ট বুজিবলৈ সক্ষম হয় ? আমি কাহানিও দাবী কৰিব নো‌ৱাৰো যে মন্ত্ৰী-বিধায়কে সা-সম্পত্তিৰ পাহাৰ গঢ়িব নো‌ৱাৰিব বুলি । আৰু আমি এই দা‌ৱীও কৰা নাই যে আমাৰ নেতাজনে আমি সদায় খো‌ৱাৰ দৰে শাকে-পিতিকাৰেই ভাত খাব লাগিব, আমাৰ দৰেই উৰুখা পঁজাত থাকি আমাৰ বাবে যুঁজিব লাগিব । এইটোও নিবিচাৰো যে, মন্ত্ৰী-বিধায়কে নিজৰ পকেটৰপৰা টকা খৰছ কৰি আমাক উদ্ধাৰ কৰকহি । কিন্তু আমি কামনা কৰো, খাতি খো‌ৱা ৰাইজৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া প্ৰতিটো সুবিধা যাতে প্ৰতিজন উপযুক্ত নাগৰিকে পাওঁক, চৰকাৰী ধনৰ উচিত ব্য‌ৱহাৰ হওঁক আৰু বিনামূলীয়া কোনো আঁচনিৰ বাবে যাতে উপভোক্তাই এটা টকাও খৰছ নকৰাকৈ উপকৃত হওঁক ।

       
         মৰিগাওঁ, নগাওঁ, জাগীৰোডৰ দৰে গু‌ৱাহাটীৰ দাঁতিকাষৰীয়া ঠাইলৈও বিভিন্ন সকামত যাবলগীয়া হ’লে  বৰ্তমান অসমৰ মুখ্য মন্ত্ৰীজনে যাতায়তৰ বাবে চৰকাৰী উৰাজাহাজ ব্য‌ৱহাৰ কৰে ।
ওপৰে ওপৰে চাবলৈ গ’লে, এখন ৰাজ্যৰ মুখ্য  মন্ত্ৰী এজনে এনে সুবিধা লো‌ৱাত কাৰো আপত্তি থাকিব নালাগিছিল । কিন্তু যিটো কামৰ বাবে মাত্ৰ এঘন্টা-দেৰঘন্টা সময় বচাই ৰাজকোষৰপৰা লাখ টকাৰ (অপ)ব্য‌ৱহাৰ কৰা হৈছে, সেই কামটো‌ৱে নিকাভা‌ৱে জনতাৰ চোতাল ছুব গৈ  পাৰিছে নে নাই সেয়া মুখ্য মন্ত্ৰী মহোদয়ে এবাৰ ভা‌ৱি চায় নে ? এই সৰু উদাহৰণটো‌ৱেই নিশ্চয় মন্ত্ৰীসকলৰ জনমুখিতাৰ প্ৰমাণ দিয়ে । যাৰ হৃদয়ত খাতি খো‌ৱা দৰিদ্ৰজনৰ ক্ষুধাৰ অনুৰণন ঘটে, যিয়ে এটোপাল বৰষুণৰ বাবে অপেক্ষাৰত কৃষকৰ হাহাঁকাৰ চিত্তৰ কৰুণ বিননি শুনে, যিয়ে সেই লুন্ঠিত আৰু নিৰ্যাতিত অবলা নাৰীৰ ক্ৰন্দনত দুখী হয়, লুইতৰ বুকুত জাহ যো‌ৱা ঘৰ-বাৰীৰে শূন্য হো‌ৱাজনৰ বুকুৰ ধপধপনিয়ে যাৰ মনত বেজাৰ দিব পাৰে, --তেনে এজন প্ৰকৃত জননেতাই কিন্তু কাহানিও আলাস-বিলাসৰ এই আড়ম্বৰপূৰ্ণ ৰাজকীয় জী‌ৱন কটো‌ৱাৰ পক্ষপাতিতা নকৰিব । বৰ্তমান ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰধান প্ৰাৰ্থক্যটো এইখিনিতেই । প্ৰায় সমান কাৰ্যকালত বহি থকা এই দুজন মুখ্য মন্ত্ৰীৰ এজনে মন্ত্ৰীসকলৰ দৰমহা দেশৰ ভিতৰতে অভিলেখকাৰী হাৰত বৃদ্ধি কৰিছে আৰু আন এজনে নিজৰ প্ৰাপ্য দৰমহাৰ সকলোখিনি ৰাইজৰ কামত লগো‌ৱাৰ উদ্দেশ্যে দলক দান কৰি আহিছে ।

       
           এতিয়া নিৰ্বাচনৰ আগে আগে পুণৰ ঢৌ উঠিছে, যো‌ৱা ১৪ টা বছৰে কিমান খিনি ‘ৰাইজৰ কাম’ চৰকাৰখনে ৰূপায়িত কৰিলে তাৰ হিচাপ সমাজৰ আগত দাঙি ধৰাৰ । বাতৰি-কাকত, নিউজ-চেনেল সকলোতে এনে সফল কাম কাজৰ খতিয়ানবোৰ চালে এনে লাগে যেন অসমৰ কোনো এটা অঞ্চলেই কাহানিও কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই । পিছে সেই আঁচনিবোৰ কাগজৰ হিচাপমতেই সফল আৰু দুৰ্নীতিমুক্ত হৈছে নে ? আমাৰ বোধেৰে, নিত্য নতুন আঁচনিৰ ঘোষণা বা চলি থকা আঁচনিৰ সংখ্যাগত তথ্য প্ৰচাৰৰদ্বাৰা অসমৰ ৰাইজক পুণৰ এবাৰ মিছা আশা দিয়াৰ পৰি‌ৱৰ্তে জনপ্ৰতিনিধিসকলে যদি ৰাইজৰ কাষলৈ গৈ মুকলিমূৰীয়াকৈ তেওঁলোকৰ অভিযোগ-আপত্তি শুনিবলৈ আৰু নেতাৰ দৃষ্টিত তেনেই সাধাৰণ যেন লগা সেই ৰাজহু‌ৱা অসুবিধাসমূহ যদি যথাসাধ্য অতি সোনকালে আঁতৰাবলৈ চেষ্টা কৰে, তেতিয়াহে তেনে এখন চৰকাৰ ৰাইজৰ প্ৰিয়ভাজন হ’ব পাৰিব ।

Wednesday, March 25, 2015

গু‌ৱাহাটী বিশ্ববিদ্যালয়ত সঁচাই শৈক্ষিক পৰি‌ৱেশ আছে নে?



গু‌ৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ প্ৰায় এবছৰ পাছতো বৰ্তমানেও ছাত্ৰা‌ৱাস আৰু ছাত্ৰীনি‌ৱাসসমূহত কৰ্তৃপক্ষৰ দৃষ্টিৰ পৰা আঁতৰত পৰোক্ষভা‌ৱে ‘ৰেগিং’ চলি থকা কাৰ্যটো‌ৱে অভিভা‌ৱকৰ লগতে সচেতনমহলৰো চকু কপালত তুলিছে । ইতিমধ্যে একাধিক ভুক্তভোগী ছাত্ৰই সৎসাহসেৰে সংবাদ মাধ্যমযোগে এই কথা স্বীকাৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে। ছাত্ৰকেইজনৰ স্বীকাৰোক্তি কে‌ৱল ছাত্ৰা‌ৱাসৰ ক্ষেত্ৰতহে যে প্ৰযোজ্য তেনে নহয়, ছাত্ৰী-নি‌ৱাসতো ‘যু‌ৱ-মহোৎস‌ৱ’ আৰু ‘বিশ্ববিদ্যালয়-সপ্তাহ’ৰ নাম দোহাৰি ন‌ৱাগত সকলক শাৰিৰীকভা‌ৱে অতিৰিক্ত বোজা দিয়াৰ লগতে মানসিকভা‌ৱেও হেঁচা প্ৰয়োগ কৰা হৈছে । অনুশীলনৰ নামত যদি ঠাণ্ডাৰ দিনত পু‌ৱা ৪ বজাতে উঠি খেলাৰ অভ্যাস নথকা ছাত্ৰীগৰাকীকো খেলিবৰ বাবে বাধ্য কৰো‌ৱা হয়, পাঠগ্ৰহণ কৰি অহাৰ পাছৰে পৰা যদি ৰাতি এঘাৰ বজালৈকে নাচ-গানৰ অনুশীলন কৰো‌ৱা হয়, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পঢ়া-শুনা কৰিবলৈ সময় পাব কেতিয়া ? ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসত থকা বহু ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ পাঠদানত মনোযোগ দিয়াৰ সলনি ভাগৰত টোপনি যো‌ৱাহে পৰিলক্ষিত হয় । তেনে অ‌ৱস্থাত সন্দেহ হো‌ৱাটো স্বাভা‌ৱিক, কিদৰে গু‌ৱাহাটী বিশ্ববিদ্যালয়ে এটা সুন্দৰ শৈক্ষিক পৰি‌ৱেশ ছাত্ৰ-ছাত্ৰীক দিবলৈ সমৰ্থ‌ৱান হ’ব ?

          কটন মহাবিদ্যালয় আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দৰে সুনামধাৰী মহাবিদ্যালয়ৰ ছাত্ৰা‌ৱাসতো কিদৰে ৰেগিং চলে সেয়া নিজ অভিজ্ঞতাৰে আমি দেখি আহিছো । ৰেগিং যদিও বৰ্তমান সময়ত এক অপৰাধ হিচাপে গণ্য কৰা হয়, তথাপি ৰেগিং কৰা জ্যেষ্ঠ আ‌ৱাসীকেইজনৰ লগতেই ঘনিষ্ঠতা গঢ়ি উঠাৰ দৰে মধুৰ অভিজ্ঞতা নোপো‌ৱাজনে হয়তো বুজিব নো‌ৱাৰে । ইয়াৰ বাবে জ্যেষ্ঠসকলৰ মনত যি মিলা-প্ৰীতিৰ ভা‌ৱ (হোষ্টেল ছেন্টিমেন্ট) থাকিব লাগিছিল, সেই ভা‌ৱৰ যেন গু‌ৱাহাটী-বিশ্ববিদ্যালয়ৰ ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসত অভা‌ৱ ঘটিছে, আমি তেনে অনুমান কৰিছো । চিনাকী-পৰ্ব বা ফুৰ্তি-তামাচাৰ বাবে যিসময়ত মাত্ৰ এমাহ সময়েই যথেষ্ঠ হ’ব লাগিছিল, সেইসময়ত সম্পূৰ্ণ এবছৰ ধৰি এনে নিপীড়ন চলা কাৰ্য সঁচাই গৰিহণাযোগ্য ।

          আমাৰ সম্বন্ধীয় ভন্টি দুগৰাকীমানৰ ক্ষেত্ৰত লক্ষ্য কৰিছো, স্নাতক পৰ্যায়ত সুফলাফল লাভ কৰিও তেওঁলোকে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম দুটি ষান্মাষিকৰ ফলাফল সন্তোসজনক নহ’ব বুলি নিশ্চিতভা‌ৱে পতিয়ন গৈছে । ইয়াৰ বাবে আমি এতিয়া কাক দায়ী কৰিম ? ‘এন্টি-ৰেগিং কমিটি’য়ে যদিও ছাত্ৰা‌ৱাস বা ছাত্ৰীনিবাসত মেল-মিটিং অনুষ্ঠিত কৰি ৰেগিঙৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰা দেখা গৈছে, তথাপি তেনে সভাত ভোক্তভোগীসকলে মুকলিমুৰীয়াকৈ নিজৰ ব্যক্তব্য প্ৰকাশ কৰিব নো‌ৱাৰাকৈ জ্যেষ্ঠ আ‌ৱাসীসকলে সু-বন্দো‌ৱস্ত কৰাৰ কথা গম পো‌ৱা গৈছে । সৎসাহসী আৰু নিৰ্ভীক কেইজন মান ছাত্ৰ বা ছাত্ৰীয়ে যদি ৰেগিঙৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰিবলৈ যায় , তেন্তে তেনে ছাত্ৰ-ছাত্ৰীক নিজৰ লগৰীয়া কেইজনেই সহযোগিতা আগবঢ়াবলৈ অপাৰগ হৈ পৰে । কাৰণ, প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়েই নিজৰ কেৰিয়াৰত বা ব্যক্তিগত জী‌ৱনত যাতে কোনো চেকা নালাগে , সেই স্বাৰ্থতে মানসিকভা‌ৱে ভাগি পৰিলেও ভৃত্যৰদৰে সকলো সহ্য কৰি যাবলৈ বাধ্য হয় ।
          আমাৰ বোধেৰে ভুক্তভোগীসকলে এনে অন্যায়ৰ বিৰুদ্ধে একগোট হৈ সম্পূৰ্ণ প্ৰমাণ সহকাৰে উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবাদ জনো‌ৱাৰ লগতে প্ৰয়োজন হ’লে আইনৰ সহায় লো‌ৱা উচিত । ন‌ৱাগতসকলে নিজে জ্যেষ্ঠ আ‌ৱাসী হো‌ৱাৰ সময়ত এনেধৰণৰ অমান‌ৱীয় কাৰ্য-কলাপৰপৰা বিৰত থাকিব পাৰিলেহে বিশ্ববিদ্যালয়খনিত এক সুস্থ শৈক্ষিক পৰি‌ৱেশ ঘুৰি আহিব আৰু অভিভা‌ৱকসকলে বিনাদ্বিধাই নিজৰ সন্তানক গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসত ৰাখি পঢ়ু‌ৱাবৰ বাবে মন মেলিব পাৰিব।  (অসমীয়া খ‌ৱৰ, ২৫ মাৰ্চ,২০১৫ ত প্ৰকাশিত)

Tuesday, March 24, 2015

‘উৎকোচ নিদিয়াকৈয়ো চাকৰি পাব পাৰি’ সন্দৰ্ভত দুআষাৰ (সম্পাদকলৈ চিঠি)

প্ৰসংগ: আমাৰ অসম কাকতত ২৩ মাৰ্চ,২০১৫ তাৰিখে প্ৰকাশিত এখন চিঠি


প্ৰতি,

সম্পাদক মহোদয়, 
'আমাৰ অসম' কাকত ।
 
বৰপেটাৰ দে‌ৱজিৎ নাথে যো‌ৱা ২৩ মাৰ্চ তাৰিখে এই কাকতযোগে প্ৰকাশ কৰা বক্তব্যখিনিয়ে অসম লোকসে‌ৱা আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত বৰ্তমান সময়ত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মনত যি কলুষিত ভা‌ৱমূৰ্তি বিৰাজ কৰিছে, তাক আকৌ এবাৰ চালি-জাৰি চাবলৈ বাধ্য কৰালে । নাথৰ অকপট স্বীকাৰোক্তিত প্ৰতীয়মান হয় যে, অধিকাংশ লোকেই বিশ্বাস কৰাৰ দৰে আয়োগৰ প্ৰতিটো পদবীৰ নিযুক্তিতে টকা-পইচাৰ লেন-দেন হো‌ৱা কথাটো এশ শতাংশ শুদ্ধ ধাৰণা নহয় । সততা আৰু একাগ্ৰতাৰে নিজৰ মেধাৰ ভিত্তিত উপযুক্ত চাকৰি প্ৰত্যাশীসকলৰ বাবে নি:সন্দেহে  ই এটা সুখ‌ৱৰ যিয়ে তেওঁলোকক আৰু দুগুণ উৎসাহেৰে এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হ’বলৈ প্ৰেৰণা যোগাব ।

        কিন্তু এনে সুখ‌ৱৰৰ মাজতো দুখ লগা আৰু চিন্তা কৰিবলগীয়া কথাটো হৈছে এয়ে যে উপযুক্ত প্ৰাৰ্থী হিচাপে নিযুক্ত হো‌ৱাৰ পাছতো নাথে নিজকে পদবীটোৰ বাবে ‘মিছফিট’ বুলি কিয় ভা‌ৱিছে বা তেওঁৰ লগৰ কেইবাজনো নিৰ্বাচিত প্ৰাৰ্থীয়ে অসম চৰকাৰৰ এনে ‘লোভনীয়’ পদ স্বেচ্ছাই কিয় এৰি দিলে । এই বিষয়টো‌ৱেই অসমৰ বৰ্তমান সামাজিক প্ৰেক্ষাপটৰ সামগ্ৰিক ছ‌ৱি এখন আমাৰ মাজত উদঙাই দিছে । সহজ কথাত ক’বলৈ গ’লে অসমৰ প্ৰতিজন মানুহৰ মানসিকতাৰ এনে স্খলন ঘটিছে যে আমি দৈনন্দিন জী‌ৱনৰ প্ৰতিটো কাম-কাজতে সাংঘাটিকভা‌ৱে এটা বিকল্প চুটী বাটৰ সন্ধান কৰিবলৈ লৈছো যিয়েই আমাৰ সমাজত উৎকোচ লো‌ৱা আৰু দিয়া দুয়োটাকে সমানেই আগবঢ়াই নিয়াত তীব্ৰভা‌ৱে ইন্ধন যোগাইছে । ইয়াৰ ফলত সৎ আৰু আদৰ্শবাদী মানুহবোৰৰ হয় মৰণ মিলিছে নহ’লে তেৰাসকলো নৈতিক স্খলনৰ এই যাত্ৰাত চামিল হৈছে ।

        আমাৰ বোধৰে ‘কথা-বাৰ্তা’ অনুষ্ঠানত বৰগোহাঞিদে‌ৱে কৰা প্ৰশ্নত লেশমানো ভুল নাই । অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক বা বৌদ্ধিক সকলো ক্ষেত্ৰতে কেইবাদশকৰো অভিজ্ঞতা সম্বলিত অনুভুতিৰে বৰগোহাঞিয়ে এই অনুষ্ঠানত খুব শান্তভা‌ৱে আৰু পূৰ্বপৰিকল্পিতভা‌ৱেই অতিথিজনক এনে প্ৰশ্নৰ অ‌ৱতাৰণা কৰে । কাৰণ বৰগোহাঞিদে‌ৱে ভালকৈয়ে জানে যে, আচম্বিতে এটা অপ্ৰত্যাশিত প্ৰশ্নৰ সমুখীন হৈ দিয়া তাৰ উত্তৰতেই লুকাই থাকে সেই মানুহজনৰ প্ৰকৃত ভা‌ৱানুভূতি, তেওঁৰ অন্তৰৰ ভাষা। গতিকেই সংবাদ-মাধ্যমৰ সমুখত, মুকলিমূৰীযাকৈ এনে এক স্পৰ্শকাতৰ বিষয়ক প্ৰশ্ন উত্থাপন কৰি সত্য অন্বেষণৰ চেষ্টা কৰিবলৈ যো‌ৱা বৰগোহাঞিদে‌ৱ প্ৰকৃততে ধন্যবাদৰহে পাত্ৰ ।

        আমি নিজেও সৰ্বভাৰতীয় পৰ্যায়ত লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাত অ‌ৱতীৰ্ণ হৈ কেন্দ্ৰীয় চৰকাৰৰ এজন ৰাজপত্ৰিত বিষয়া হিচাপে কৰ্মনিৰ্বাহ কৰি আছো । যিসময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় সকলোখিনি নিযুক্তিয়েই স্বচ্ছভা‌ৱে মেধাৰ ভিত্তিত হো‌ৱা দেখা যায়, সেইসময়ত আমাৰ ৰাজ্যত নিযুক্তিৰ নামত চলা এনে অনিয়ম আৰু দুৰ্নীতি দেখি আমি মৰ্মাহত হওঁ । লোকসে‌ৱা আয়োগে পৰিচালনা কৰা নিযুক্তিসমূহ বাদ দি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰা আৰম্ভ কৰি অন্য বিষয়া পদবীৰ চাকৰিসমূহৰ নিযুক্তি সংক্ৰান্তীয় সকলো কাম-কাজ পৰিচালনা কৰে সংশ্লিষ্ট বিভাগটো বা জিলাধিপতিয়ে । এই পৰ্যায়ত মকৰল হওঁতে কিন্তু মন্ত্ৰী-আমোলাৰ পৰা আৰম্ভ কৰি ঠিকাভিত্তিত কাম কৰা পিয়নজনলৈকে সকলোৰে যে অদৃশ্য হাতৰ কৰ্তৃত্ব আৰু দুৰ্নীতি চলে সেয়া আমি বহু ওচৰৰপৰা দেখি আহিছো । গতিকে ক’ব পাৰি যে, অসমত বৰ্তমানে উৎকোচ নিদিয়াকৈ চাকৰি পাব পৰা কথাটোত বহুকেইটা আপেক্ষিক ধাৰণা অন্তৰ্নিহিত হৈ আছে ।

        নিজে উৎকোচ দিয়েই বা নিদিয়াকেই যিদৰেই আমি চাকৰি নাপাওঁ কিয়, আমাৰ নতুন প্ৰজন্মৰপৰা যদি আমি এটা সিকিও নোলো‌ৱাকৈ সিহঁতক মেধাৰ ভিত্তিতে চাকৰি দিব পাৰোঁ, তেন্তে সিয়েই হ’ব দুৰ্নীতিবিহীন এখন অসম গঢ়াৰ মূল আধাৰস্বৰূপ যাউতিযুগীয়া উপহাৰ ।

Friday, March 20, 2015

“ভ্ৰাম্যমাণ থিয়েটাৰৰ পছো‌ৱা কোন দিশে বলিছে?”


এটা সময় আছিল যেতিয়া ডেকাচামৰ ওপৰিও আমাৰ দেউতা,খুড়া,ককাদেউতাহঁতেও ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শনী বুলিলেই  দহ-পোন্ধৰ কি.মি. বাট চাইকেল চলাই গৈ নাট উপভোগ কৰিছিল বা কৰিব বিচাৰিছিল । কাৰণ তেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰেই অসমত নাটকৰ স্বকীয় ৰূপ বজাই ৰাখি দৰ্শকৰ বৌদ্ধিক চেতনাক জাগ্ৰত কৰিব পাৰিছিল আৰু অভিনয়ৰ জৰিয়তেই প্ৰকৃত কলা প্ৰদৰ্শনেৰে মানুহৰ অন্তৰাত্মা জিনিব পাৰিছিল । ড০ ভ‌ৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা আদি নাট্যকাৰৰদ্বাৰা ৰচিত নাটকৰ কাহিনী আৰু সুদক্ষ অভিনয় তথা উপস্থাপন শৈলীয়ে অসমৰ থলু‌ৱা নাট্যপ্ৰেমীক বাৰুকৈয়ে আকৃষ্ট কৰিব পাৰিছিল ।  ইয়াৰে ফলস্বৰূপে অসমৰ ৰাইজে ভ্ৰাম্যমাণ থিয়েটাৰৰ এই জয়যাত্ৰাৰ প্ৰতি অন্তৰৰ পৰা পূৰ্ণ সমৰ্থনো জনাইছিল । কিন্তু এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰে কলাপ্ৰেমী ৰাইজৰ আস্থা আৰু ভৰসা যিদৰে আদায় কৰিব পাৰিছিল, সেই অনুপাতে বৰ্তমান সময়ত তেৰাসকলে অসমৰ ৰাইজক সঁচাকৈয়ে সুস্থ ধাৰাৰ চিত্তোকৰ্ষক ৰাষ্ট্ৰীয় মানৰ নাটক উপহাৰ দিব পাৰিছে নে ?

       অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে এক বৰ্ণিল ইতিহাস বহন কৰি আহিছে । ১৯২১ চনতে ব্ৰজনাথ শৰ্মাই ‘শিলা কালিকা অপেৰা পাৰ্টী’ গঠন কৰি বাণিজ্যিক ‘যাত্ৰা দল’ৰ সূচনা কৰিছিল । যদিও বোলছৱি আৰু কলিকতীয়া থিয়েটাৰৰ প্ৰচলন তথা অন্য আৰ্থ-সামাজিক কাৰণত শৰ্মাই এই ন‌ৱতম ধাৰণা চেকা-চোৰোকাকৈ বজাই ৰাখি এসময়ত বিফল হৈ সম্পূৰ্ণভা‌ৱে বাদ দিব লগা হ’ল, তথাপি তেখেতৰ প্ৰচেষ্টাই নাট্যসাধনা কৰা উদ্যমীসকলক এক প্ৰেৰণাৰ জো‌ৱাৰ আনি নিলে যাৰ বলতেই ১৯৩৬ চনত ফনী শৰ্মাই আৰম্ভ কৰিলে ‘অসম ষ্টাৰ থিয়েটাৰ পাৰ্টী’ ৷ কিন্তু এই পাৰ্টীও বৰ বেছি দিন নচলিল । কেইবাবছৰৰ পাছত পাঠশালাৰ সদা লহকৰে প্ৰযোজনা কৰিবলৈ লয় নটৰাজ অপেৰা ইং. ১৯৬৩ চনত সদা লহকৰৰ ভ্ৰাতৃ  অচ্যুত লহকৰে এই অপৰা দলকে কিছু পৰীক্ষা-নিৰীক্ষাৰে নিজাববীয়া ধ্যান-ধাৰণাৰে নতুনকৈ নামকৰণ কৰিলে  ‘নটৰাজ থিয়েটাৰ আৰু সৃষ্টি হ’ল বিশ্বৰ  ভিতৰতে উল্লেখনীয় এটি নাম –অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ।  (উৎস:-কটনিয়ান, ৮১ সংখ্যা, অনুৰাগ শইকীয়াৰ লেখা আৰু বাবুল দাস ‘জীৱন নাটৰ ভাৱৰীয়া’) ।ইয়াৰ পাছৰে পৰাই অসমত কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হ’ল যাৰ ফলতেই বৰ্তমানে ই এক থলু‌ৱা উদ্যোগলৈ পৰিণত হৈছে ।

যতীন বৰা, পূৰ‌ৱী শৰ্মাৰ দৰে বলিষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে ভ্ৰাম্যমানতেই নিজৰ কেৰিয়াৰ গঢ়িবলৈ সুযোগ পায় । অসমৰ চলচ্চিত্ৰ উদ্যোগে যেতিয়া সমান্তৰালভা‌ৱে ফেৰ মাৰি ভ্ৰাম্যমাণতকৈ বেছি সফল আৰু জনপ্ৰিয় হ’বলৈ ধৰিলে তেনে সময়তে ভ্ৰাম্যমাণৰ হেৰু‌ৱা জনপ্ৰিয়তা ঘুৰাই আনিবলৈ ১৯৮০ চনত কহিনুৰ থিয়েটাৰে মঞ্চলৈ আমন্ত্ৰণ কৰিলে চলচ্চিত্ৰ জগতৰ শীৰ্ষৰ তাৰকা নিপন গোস্বামীক । অসীমত যাৰ হেৰাল সীমাউপন্যাসখনিৰ নাট্যৰূপে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে । ঠিক সেইদৰেই, লাহে লাহে দৰ্শকক চমক লগাবৰ বাবেই আৰম্ভ হ’ল ‘দস্যুৰাণী ফুলনদে‌ৱী’, ‘বীৰাপ্পান’ৰ দৰে বহু চৰ্চিত বিষয়ৰ নাট্যৰূপ প্ৰদৰ্শনৰ। অন্যহাতে, গা‌ৱেঁ-ভূঞেঁ প্ৰদৰ্শিত হো‌ৱা এই ভ্ৰাম্যমাণ দলসমূহে সাধাৰণ মানুহক বেছি আকৰ্ষিক কৰিবৰ বাবেই সংযোজন কৰিবলৈ ল’লে মঞ্চত বিশেষ কাৰিকৰী কলা-কৌশলৰ । ‘টাইটানিক’, ‘হাইজেক’ আদি নাটকে ভ‌ৱামতেই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিলে আৰু সেই সফলতাকে সাৰোগত কৰি বৰ্তমানে প্ৰায় আটাইবোৰ থিয়েটাৰেই কোনোবা নহয় কোনোবা বছৰ তেনে আশ্চৰ্যময় প্ৰযুক্তিগত কাৰুকাৰ্য ব্য‌ৱহৃত নাটক মঞ্চস্থ কৰিবলৈ ধৰিলে  এই  প্ৰৱণতাই ভ্ৰাম্যমাণৰ নাটকবোৰক প্ৰকৃতাৰ্থত কাৰুকাৰ্যসৰ্বস্ব কৰি পেলালে এনে ধাৰা প্ৰ‌ৱৰ্তনৰ ফলত নাট্যগোষ্ঠীসমূহ আৰ্থিকভা‌ৱে লাভান্বিত হৈছে সঁচা, কিন্তু তাৰ বিনিময়ত কাহিনী, অভিনয় বা অন্য সকলো দিশতে নাটসমূহৰ সামগ্ৰিক মান অতি নিম্ন হৈ পৰিল ।

জনপ্ৰিয়তা অৰ্জন আৰু বাণিজ্যিক মুনাফা লাভৰ দৌৰত বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰসমূহত দেখা পো‌ৱা আৰু এটি ধাৰা হৈছে দেহ-মন ৰোমাঞ্চিত কৰিব পৰা উদ্দাম নৃত্যৰ প্ৰচলন । হিন্দী চলচ্চিত্ৰৰ পৰা অনুকৰণ কৰা এনে ‘আইটেম চঙ’ৰ প্ৰ‌ৱৰ্তনৰপৰা প্ৰযোজকসকলে নাটক এখন ‘হিট’ কৰাব পাৰিব বুলি আশা কৰিছে আৰু নিশ্চয় এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছে । কিছুবছৰ আগলৈকে ভ্ৰাম্যমাণ থিয়েটাৰত বিশেষ ৰস নো‌পো‌ৱা আমাৰ উঠি অহা নতুন ডেকা চামো আজিকালি ভ্ৰাম্যমাণ থিয়েটাৰত তিৎকাৰী মাৰিবলৈ যো‌ৱা হৈছে কে‌ৱল এনে ‘আইটেম চঙ’ৰ প্ৰচলনত কোবতেই । এনে নৃত্যৰতা যু‌ৱতীৰ দেহৰ ভংগীমা বৰ্তমানে মঞ্চৰ বাহিৰত দৰ্শকৰ কিছু সমুখলৈ আনি চকু জিলমিলাই ধৰা পোহৰেৰে সৈতে প্ৰদৰ্শন কৰাৰ ব্য‌ৱস্থা কৰা হৈছে । টকা অৰ্জনৰ অন্ধ অভিলাসত মগ্ন আজিৰ চলচ্চিত্ৰ জগতৰ তাৰকা অভিনেত্ৰীয়েও এনে নগ্নতাক গ্লেমাৰ বা ফেছন নাম দি বিনাদ্বিধাৰে আঁকো‌ৱালি লৈছে । আমাৰ শংকা হয়, এনে গ্লেমাৰৰ বশ‌ৱৰ্তী হৈ ভ্ৰাম্যমাণ থিয়েটাৰে পশ্চিমীয়া আদৰ্শৰে অনুপ্ৰাণিত হৈ অনাগত সময়ত যু‌ৱতী অভিনেত্ৰীক দৰ্শকৰ মাজত অৰ্ধনগ্ন কৰি বেল্লী ডান্স বা প’ল ডান্স কৰাবলৈ যাতে উদ্যত নহয় ।

এনে গ্লেমাৰমুখী বাণিজ্যিক মনোভা‌ৱৰ বাবেই ভ্ৰাম্যমাণে সাম্প্ৰতিক সময়ত যদিও চেঙেলীয়া আৰু অশিক্ষিত খাটিখো‌ৱা দৰ্শকক মন ভুলাব পৰিছে, তথাপি কিন্তু অসমৰ নিৰ্বাচিত নাট্যপ্ৰেমীৰ মাজত  পূ্ৰ্বৰ তুলনাত জনপ্ৰিয়তা বহু পৰিমাণে হেৰু‌ৱাইছে । একাংশ দৰ্শকৰপৰা ক্ৰম:শ আস্থা হেৰু‌ৱাবলৈ হো‌ৱা অ‌ৱস্থাটো যিকোনো এটা উদ্য‌োগ বা কৰ্ম-সংস্কৃতিৰে কোনো এক ভাল লক্ষণ বুলি ক’ব নো‌ৱাৰি । গতিকে আমি আশা কৰোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমূহে ক্ষন্তেকীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ স্বাৰ্থত নাটকৰ মান নিম্ন কৰি, চমক দেখু‌ৱাই অসমীয়া সংস্কৃতিত কালিমা লগো‌ৱা কাণ্ড কৰি টকা অৰ্জন কৰাতকৈ নাটকৰ দৰে এটা সমাজমুখী প্ৰত্যক্ষ আহিলাক কিদৰে সমাজৰ ভালৰ বাবে ব্য‌ৱহাৰ কৰিব পাৰি, কিদৰে মানুহৰ মনত সুস্থ মান‌ৱতাবাদী এক পৰি‌ৱেশ গঢ়ি তুলিব পাৰি অথ‌ৱা সুস্থ কলা-সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰি তাৰহে চিন্তা-চৰ্চাত মনোনি‌ৱেশ কৰা উচিত ।

Monday, March 2, 2015

বিচাৰিলেই বাইক কিনি নিদিব

দুদিন আই.চি.ইউ.ত ভেন্টিলেশ্যনত থকাৰ পিছত ল’ৰাটো‌ৱে এই ইহ-সংসাৰৰপৰা মেলানি মাগিলে । ন‌ৱম শ্ৰেণীত পঢ়িছিল সি -জাগীৰোড কাগজ কল কেন্দ্ৰীয় বিদ্যালয়ত । যেতিয়া পৃথি‌ৱীৰ সকলো সুখ-দুখৰ সতে পৰিচয় হো‌ৱাৰ সময় হৈছিল, যৌ‌ৱনৰ আটাইতকৈ ধুনীয়া আৰু ৰঙীন  স্বপ্নময় জগত এখনৰ সতে মিতিৰালি পতাৰ কথা আছিল, সেই সময়তে সি এই ধৰা এৰি গুছি গ’ল বহু দূৰলৈ । মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল সি ।

       লগৰ সকলোৰে ঘৰে ঘৰে বাইক হৈছে । টিউছন কৰিবলৈ যাবলৈও বাইক এখন লাগে । বহুদিনৰে পৰা ল’ৰাটো‌ৱে বাপেকক বাইক এখন কিনি দিবৰ বাবে কুটুৰি আছিল । কেইবাদিনো ঘৰত সৰু-সুৰা কাজিয়া কৰি ভাত নোখো‌ৱাকৈ আছিল । এইবোৰ দেখি শুনিয়েই দেউতাকে বেংকৰ ঋণ এটা লৈ তাক বাইক এখন কিনি দিছিল । বাইকখন পাই সি পঢ়া-শুনাতো মন দিছিল। সেয়েই হ’বলা দেওবাৰে আবেলি বাইকখন লৈ লগৰ কোনোবা এটাৰ ঘৰলৈ যাবলৈ মন কৰিলেও মাকে বিশেষ বাধা নিদিছিল । কিন্তু তেওঁলোকে জনা নাছিল কাহানিও যে সেই বাইকখনেই আজি বাবুলৰ বাবে যম-দূত স্বৰূপ হ’ব।
ঘটনাটো মাত্ৰ তিনিদিন আগৰ । তেনেকেই এদিন ৰক্তিমহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ সি ওলাই গৈছিল । তাৰ দুঘন্টাৰ পিছতে দেউতাকে ফোনত খবৰটো পালে সিহঁতৰ দুৰ্ঘটনাটোৰ বিষয়ে । দেউতাকে দেখা মুহুৰ্তত বাবুলক ইতিমধ্যেই কাগজ-কলৰ চিকিৎসালয়ত ভৰ্তি কৰো‌ৱা হৈছিল । তাৰ যন্ত্ৰণাকাতৰ মুখখনলৈ মাকজনীয়ে চাই হু-হু‌ৱাই কান্দি দিছিল । লগৰীয়া আৰু দুজনো আঘাটপ্ৰাপ্ত হৈছিল ।
তেওঁলোকে গম পাইছিল, বাবুলে হেনো সমনীয়াৰ সতে বাইক-ৰে’চ পাতিছিল । ১২০ কিমি. প্ৰতি ঘন্টা বেগত যো‌ৱা বাবুলে লগৰটো কিমান দূৰ আহি পাইছে বুলি পিছলৈ ঘুৰি চাইছিল আৰু খুণ্ডা মাৰিছিল ফোৰ-লে’ন ঘাইপথৰ দাঁতিত থকা ডিভাইদাৰটোত । লগে লগে চেতনাহীন হৈছিল সি ।
উচুপি থকা ৰক্তিমক বাবুলৰ দেউতাকে সুধিলে-‘তোমালোক কাৰ ঘৰলৈ গৈছিলা?’ । ৰক্তিমে কান্দি কান্দিয়েই ক’লে যে সিঁহতে বোলে বাইক-ৰে’চ পাতিছিল আৰু যিয়ে হাৰিব, সিয়ে সোনাপুৰত থকা ধা‌ৱাত মাল-পাৰ্টী খু‌ৱাব লাগিব বুলি কথা হৈছিল । তাৰ হাতত পইচা নাছিল বাবে সি ৰে’চত জিকিবলৈ চেষ্টা কৰিছিল ।
এইটো এটা সঁচা ঘটনা । বহু শলঠেকত পৰি আমাৰ বহু অভিভা‌ৱকেই ল’ৰাবোৰক অতি কম বয়সতে বাইক কিনি দিয়ে । চিনেমাৰ প্ৰভা‌ৱেই হওঁক অথবা বয়সৰ ছাপৰ বাবেই হওঁক, চেঙেলীয়াসকলে কিন্তু এই বাইকখনৰ মূল্য বুজি নাপায় । বাইকখন হৈ পৰে তেওঁলোকৰ বাবে এটা ফেশ্যন । বাইক থাকিলেহে বোলে সুন্দৰী যু‌ৱতীয়ে প্ৰেমত পৰে । গতিকে এনে কিছুমান ধ্যান-ধাৰণাক অভিভা‌ৱকে পৃষ্ঠপোষকতা কৰাটো উচিত নহয়, যাৰ ফলত  হয়তো আমাৰ নতুন চেঙেলীয়া ডেকা-ল’ৰা বিপথে যো‌ৱাই নহয়, জী‌ৱন পৰ্যন্ত হেৰু‌ৱাব লগীয়া হ’ব পাৰে ।

প্ৰযুক্তিৰ পৃথি‌ৱীয়ে আমাক কি দিছে, কি নিছে...




হয়, মোৰ বন্ধুৰ তালিকাখন বিৰাটেই দীঘলীয়া । মোৰ বৰ্তমানে ১৫৬৮ জন বন্ধু আছে আৰু এই সংখ্যা দৈনিক বাঢ়ি আছে । কিন্তু তথাপিও মই অকলশৰীয়া মই তেওঁলোকৰ লগত সদায়েই সময় কটাওঁ, সদায়েই গল্প-গুজ‌ৱ কৰোঁ, মোৰ সুখ-দুখৰ মুহুৰ্তবোৰ বিলাওঁ; কিন্তু কোনো এজনেও মোক বুজি নাপায়” –এয়া বৰ্তমান সময়ৰ প্ৰতিজন ডেকা-গাভৰুৰ যেন এক স্বগতোক্তি । ফে’চবুক-হো‌ৱাটছআপৰ দৰে বিশ্বব্যাপি জনপ্ৰিয় আহিলাই অসমত গা‌ওঁ-ভূঁই পৰ্যন্ত বৰ্তমানে খলকনি লগাইছেছাত্ৰ-ছাত্ৰীয়েই হওঁক অথবা শিক্ষক, দোকানীয়েই হওঁক অথবা গ্ৰাহক, ৰিক্সা‌ৱালাই হওঁক অথবা ৰাজনীতিবিদ -- সকলো‌ৱেই আজি চ’ছিয়েল-মেডিয়াত নিজৰ নিজৰ ‘একাউন্ট’ খোলাত ব্যস্ত । কোনো সন্দেহ নাই, কালিলৈকে যিটো কথা আমাৰ সপোনৰো অগোচৰ আছিল, এই ধৰক- পৃথি‌ৱীৰ এটা মূৰত ঘটি থকা ঘটনাৰাজীৰ চলচ্চিত্ৰ অথবা আলোকচিত্ৰ মুহুৰ্তৰ ভিতৰতে আহি আপোনাৰ হাতৰ মুঠিত পাব পৰা হো‌ৱা ব্য‌ৱস্থাটো-- সেই অসম্ভ‌ৱকো যেন সম্ভ‌ৱ কৰি তুলিছে আজিৰ এই প্ৰযুক্তি প্ৰদত্ত আহিলাবোৰেই ।  বিজ্ঞান-প্ৰযুক্তিৰ এনেহেন জয়জয়-ময়ময় বিজয়-যাত্ৰাত আমি সকলো‌ৱেই চামিল হৈ আমাৰ জী‌ৱন-ধাৰণৰ মান কিছু হ’লেও যে উন্নীত কৰিব পৰিছো, তাত নিশ্চয় কাৰো দ্বিমত নাই কোনো‌ৱে লিপষ্টিকৰ বোলেৰে যদি উন্নয়ণৰ মাপ জুখিব পাৰে, তেন্তে আমিও ক’ব পাৰো যে হাতে হাতে মোবাইল ফোন হো‌ৱা মানেই ‘অসম আকৌ উন্নতিৰ পথত’ ধা‌ৱমান ! এটা মাথো স্পৰ্শতেই ব্ৰহ্মাণ্ডৰ  নানানটা ৰঙীন খবৰে আহি আপোনাৰ চোতালত হেন্দোলদোপ-দোলদোপ কৰেহি আজিৰ এই প্ৰযুক্তিৰ জৰিয়তেই কিন্তু সেই একেটা সময়তে একেবিধ প্ৰযুক্তিয়েই আমাৰ পৰা কি কি কাঢ়ি নিছে তাৰ খেয়াল ৰখাটোও আজি অতিকেই প্ৰয়োজনীয় বুলি বিবেচিত হৈ পৰিছে  
মোৰ হেৰু‌ৱা বন্ধুজনক আজি মই বিচাৰি পাওঁ চ’ছিয়েল-মেডিয়াৰ যোগেদি অচিনাকীজনকো সোধো-‘তুমি মোৰ বন্ধু হ’বা নেকি?’ বন্ধু বিচৰাৰ এই অন্বেষণৰ বাবে আমি মুকলিলৈ দৌৰি নাযাওঁ, বৰঞ্চ আমি লেপটপ বা মোবাইল লৈ সোমাই যাওঁ আমাৰ বন্ধ কোঠালীলৈহে আমি সকলো বন্ধুৰ সতে কথা পাতোঁ, গল্প কৰো, আনন্দ-উল্লাস কৰো  কে‌ৱল আমাৰ বন্ধ কুঠৰীত, য’ত নিজৰ বাদে আন কোনো পাৰ্থি‌ৱ প্ৰাণীৰ অস্তিত্বই নাই । আৰু এনেদৰেই আমি এখন কাল্পনিক পৃথি‌ৱীৰ সতে উঠা-বহা কৰিবলৈ লওঁ । আজিৰ সময়ত এই অনুভ‌ৱ হৈছে যেন-  ‘ভোক লাগিছে, মোক খাবলৈ দিয়া’- বুলি মানুহৰ নিতান্তই স্বাভা‌ৱিক এই মুখৰ মাতষাৰো আমি কম্পিউটাৰ, লেপটপ বা মোবাইলৰ কিবা এটা ‘কামাণ্ড’ অথবা বাৰ্তাৰে ক’বলৈ পো‌ৱাহ’লেহে কিজানি ভাল পালোহেঁতেন ! আমি চ’ছিয়েল-মেডিয়াৰ প্ৰতি ইমানেই নিচাসক্ত যে ৰাতিপু‌ৱা শুই উঠিয়েই অথবা ৰাতি শো‌ৱাৰ সময়তো আমি কে‌ৱল তাকেহে বিচাৰো ।
আচলতে, আমাৰ কাষতে থকা যেন অনুভূত হো‌ৱা এই সকলো প্ৰকাৰৰ ছিয়েল-মেডিয়াবোৰ হৈছে একপ্ৰকাৰৰ  Illusion’ বা মৰিচীকাহে । মোবাইলৰ স্ক্ৰীণত দেখা পো‌ৱা কাৰোবাৰ স্বীকাৰোক্তি, আ‌ৱেগ, অনুভুতি, দুখ-শোক, হতাশা, আনন্দোল্লাস –এই সকলোবোৰ প্ৰকৃততে ভু‌ৱা । যেতিয়া লেখোতাজনৰে কোনো প্ৰকৃত পৰিচয় নাথাকে, তেন্তে তেনে লিখা-মেলাৰ কি বাস্ত‌ৱ মূল্য থাকিব পাৰে ? বিভিন্ন সময়ত বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চ’ছিয়েল-মেডিয়া হৈছে ছদ্মবেশী ঠগ দগাবাজ আৰু কূটাঘাটকাৰীৰ কু-মন্ত্ৰণা ৰচাৰ ঘাটি । অপৰাধী, নিপীড়ণকাৰীয়ে পাতি থো‌ৱা ফান্দত পৰি বহু যু‌ৱতীয়ে ককবকাই ছটফটো‌ৱা খ‌ৱৰবোৰ বহুদিনৰেপৰা প্ৰতিখন বাতৰি-কাকতৰে শিৰোনামা হৈ আহিছে । কিন্তু ইয়াৰ পাছতো আমি প্ৰতিদিনে স্বপ্নৰ দৰে মৰীচীকা খেদি ঘুৰ্মুটিয়াই ফুৰোঁ, ডিজিটেল  ফটোৰ প্ৰেমতে হাবু-ডুবু খাওঁ ।
যিজন বন্ধু‌ৱে আপোনাক কৈছে যে তেওঁ চলচ্চিত্ৰ জগতৰ তাৰকা, মেট্ৰ’ চহৰত তেওঁৰ ফ্লেট আছে, আছে বিলাসী গাড়ী – তেওঁ হয়তো আপোনাৰ গলিটোৰেই ভিক্ষা খুজি খো‌ৱা মগনীয়াজনো হ’ব পাৰে । কাৰণ প্ৰকৃত-অপ্ৰকৃত যিকোনো ফটোকে সালসলনি কৰি অন্য ৰূপ দিয়াটো আজিকালি অলপ–অচৰপ কম্পিউটাৰ জনা সকলো মানুহৰে বাবে ‘বাওঁহাতৰ খেলা’ । এনেহে নালাগে, তেনে চফ্ট‌ৱেৰ আজিকালি মোবাইল ফোনতো উপলব্ধ হ’ল । “ভাৰ্ছু‌ৱেল মে’কঅভাৰ”ৰ দ্বাৰা আজি বান্দৰীও সুন্দৰী হ’ব পৰা হ’ল । ঠিক একেদৰেই যি বন্ধু‌ৱে ফে’চবুকত আজি নিজকে আটাইতকৈ সুখী বুলি ঘোষণা কৰিছে, ‌ৱাস্ত‌ৱত হয়তো তেওঁৰে আজি চৰম দুৰ্দশাৰ দিন হ’ব পাৰে এনে লাগে, প্ৰত্যেকেই প্ৰত্যেকক আভুঁৱা ভৰাবলে যেন অঘোষিত প্ৰতিযোগিতাতহে নামিছে ! সঁচাকৈয়ে বহু জটিল হৈ পৰিছে জগতখন দুখনকৈ পৃথি‌ৱীত বাস কৰে আজিৰ প্ৰতিজন মানুহেই- ‌বাস্ত‌ৱ আৰু অ‌‌বাস্ত‌ৱ  
আমি বিশ্বাস কৰিবলৈ লৈছো যে, আমাৰ কাষত নথকাকৈয়ে কোনোবাই আমাৰ কথা শুনিছে, আৰু আমি সুখী হৈছে তেনেকৈয়ে কিন্তু  সেই মৰিচীকাৰ পৃথি‌ৱীৰপৰা ওলাই আহি যদি চাওঁ, তেন্তে দেখিম যে মোৰ কাষত কে‌ৱল মইহে আছো, আন কোনো‌ৱেই নাই যেতিয়া সেই মায়াবী ছন্দপতন ঘট, দিবাস্বপ্ন যি সময়ত ভংগ হয় আৰু বাস্ত‌ৱ পৃথি‌ৱীত যি মূহুৰ্তত আমি খোজ পেলাওঁ, তেতিয়া কিন্তু সেই ক্ষণিকৰ সুখানুভূতিৰো হৰলুকি ঘটেবাস্ত‌ৱৰ সতে মুখামুখি হো‌ৱাৰ ভয়তেই কিজানি, যেতিয়া আমি মানুহৰ মাজত থাকো, সমাজত থাকো, মেল-মিটিঙত থাকো, তেতিয়াও আমি আমাৰ হাতেৰে সেই অদৃশ্য বন্ধুসকলক খেপিয়াই থাকিব বিচাৰো ! মায়ানগৰীৰ আকুল আহ্বানত যেন আমি দিশহাৰা হৈ দিক‌্-বিদিগ্ বিচাৰি নাপাওঁ ! আমাৰ কাষত থকাজনে কি কৰিছে বা ভা‌ৱিছে সেয়া লক্ষ্য কৰাতকৈ, আমি বিচাৰ কৰিবলৈ লওঁ সেই অদৃশ্য হৈ থকাজনে কি ভা‌ৱিছে, তাকহে সোঁশৰীৰে উপস্থিত থকাজনৰ অস্তিত্বও কোনো কোনো সময়ত আমি পাহৰি পেলাবলৈ লৈছোকোনখন পৃথি‌ৱীলৈ তেন্তে গৈ আছো আমি? কেনে এখন সমাজ বিচাৰিছো আমি? নিজৰ মাতৃ, পত্নী অথবা অতিকেই আপোনজনৰো উপস্থিতি আমাৰ বাবে মোহনীয় নহয় কিয়? এনে কি দিছে সেই মায়ানগৰীয়ে যাৰ ৰূপত আমি তন্দ্ৰাছন্ন ? যিদৰে আমাৰ কাষত বাজি থকা বেহেলা বা পেঁপাটিৰ সুৰ কাণত নুসুমু‌ৱা হৈছে, সেইদৰে কাণত নপৰা হৈছে হতভগা নাৰীগৰাকী অথবা শিশুটিৰ হিয়াভগা কান্দোনৰ ৰোল নাইবা আঘাটপ্ৰাপ্ত পুৰুষজনৰ কাতৰ চিৎকাৰ । আমি প্ৰিয়তমৰ চকুলৈ চাবলৈ পাহৰি গৈছো কাহানিবাই তাৰ সলনি চাওঁ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণলৈ চকুৰ ভাষা কি ফুটি উঠিব পাৰে নে কাহানিবা যন্ত্ৰবৎ এখনি পৰ্দাত ?
আজিৰ দিনত এটি শিশুক মোবাইল ফোনটো গুজি দিলেহে সি কন্দা বন্ধ কৰে । এই পৃথি‌ৱীত ইয়াৰ আগতেও কৌটি কৌটিটা মান‌ৱ-শিশুৰ জন্ম হৈছিল যাৰ সতে অনুৰূপ ঘটনা দেখা নগৈছিল । এনেকি মাত্ৰ আঠ-দহ বছৰ আগেয়ে জন্ম লো‌ৱা শিশু এটাইও মাকৰ নিচুকণীতেই খেলিবলৈ শিকিছিল । গতিকে ইয়াৰ অৰ্থ এয়ে যে, প্ৰযুক্তিয়ে আমাৰ জী‌ৱনলৈ আনি দিয়া কিছুমান পাৰ্থি‌ৱ সামগ্ৰীৰ মোহত বন্দী হৈ আমি আমাৰ ন-প্ৰজন্মৰ হাততো একেটা ভা‌ৱাদৰ্শকেই তুলি দিছো- জন্মৰ একেবাৰে পাছমুহূৰ্তৰপৰাই সিহঁতকো আমাৰ দৰে যন্ত্ৰৰ পাছত দৌৰা একো একোটা যন্ত্ৰ কৰি তুলিবলৈ আমি উঠি-পৰি লাগিছো । আজিৰ কিশোৰে খেল খেলিবলৈ ভালকৈয়ে শিকিছে, কিন্তু সেয়া শাৰিৰীক পৰিশ্ৰম হো‌ৱা খেল নহয় । মানসিক বিনোদনৰ খেলতহে সি সিদ্ধহস্ত হৈছে । আইপদ, মোবাইল ফোন, ভিডিঅ’ গেমত ব্যস্ত শিশুটিৰ অপেক্ষাত আজি বাহিৰৰ ঝুলনাৰ ৰচীকেইডাল অকলেই দুলি থাকে বতাহত ।
প্ৰযুক্তিয়ে আনি দিয়া সৰঞ্জামবোৰ আমি যে ব্য‌ৱহাৰ কৰিব নালাগিব, এনে নহয় । সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সিবোৰ আমাৰ জী‌ৱন ধাৰণৰ অত্যা‌ৱশ্যকীয় আহিলা হৈ পৰাটোও কোনো নতুন কথা নহয় । আমি ভা‌ৱোঁ, সৰঞ্জামবোৰে কৰি দিয়া সুবিধাকণ উপভোগ কৰোতে এবাৰলৈ মন দিয়া উচিত তাৰ বেয়া গুণটোকো আমি আয়ত্ব কৰিবলৈ লৈছো নেকি । আমি ‘এডিক্টেড’ হৈ পৰিছো নেকি তাৰ প্ৰেমত ? অথবা সি আমাৰ ব্যক্তিগত জী‌ৱনৰ অনুভূতিক ব্যঘাট কৰিছে নেকি ?সেইদৰে চ’ছিয়েল-মেডিয়াকো আমি তাৰ যথোপযুক্ততাৰেই ব্য‌ৱহাৰ কৰিবলৈ শিকা উচিত । তাক ব্য‌ৱহাৰ কৰা উচিত কোনো খবৰ বিয়পাবলৈ, কোনো মোহনীয় বিজ্ঞাপন দিবলৈ, তথ্যৰ আদান-প্ৰদান কৰিবলৈ অথবা কোনো গঠনমূলক সমালোচনাৰ বাবে । কিন্তু সেই একেটা আহিলাকেই যদি সময় নষ্ট কৰিবলৈ ব্য‌ৱহাৰ কৰা হয়, যদি তাৰ ব্য‌ৱহাৰ পথ-দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে, যদি সি পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰিব পাৰে অথবা আপোনাৰ জী‌ৱনলৈ দুৰ্ঘোৰ অমানিশা নমো‌ৱাৰ কাৰণ হ’ব পাৰে , তেন্তে তেনে অসুবিধাজড়িত সুবিধাকণৰপৰা বঞ্চিত হৈ থকাই শ্ৰেয় । কে‌ৱল উচিত ব্য‌ৱহাৰ নজনাৰ বাবেই এনে বহু বিজ্ঞান-প্ৰদত্ত সা-সুবিধাই আমাক এতিয়াও প্ৰকৃতাৰ্থত লাভান্বিত কৰিব পৰা নাই ।
আমি এতিয়া এক দুৰ্বোধ যুগত বাস কৰিছো য’ত ‘স্মাৰ্ট’ হৈছে যন্ত্ৰবোৰ আৰু মুকবধিৰ হৈছে মানুহ । আহক, এবাৰ মুকলি আকাশৰ তললৈ যাওঁ– দুবাহু মেলি গোন্ধ লওঁক সেউজীয়া ঘাঁহনিজো‌পাৰ, কাষৰ ফুলথুপিৰ । ভালপো‌ৱা আপোনজনৰ সংগসুখ কিমান প্ৰেৰণাময় হ’ব পাৰে তাৰ এবাৰ উমান লওঁক । বতাহত শুনি চাওঁক জুৰিটিৰ কুলু-কুলু ধ্বনি, এনেকি সংগীত হ’ব পাৰে হেনো মেঘৰ গাজনি !
  -----------------------------------------০০০---------------------------------------
n অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২ (দূৰভাষ-৯৪৩৫১৫২৭৬৮)

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...