‘আমাৰ অসম’ কাকতে প্ৰথম পৃষ্ঠাত আলোকপাত কৰা ইলাচী বসুমতাৰী নামৰ দুৰ্ভগীয়া
মহিলাগৰাকীৰ জীৱনগাঁথাৰ কথা জানিব পাৰি লখিমপুৰ জিলা প্ৰশাসনে অতি তৎপৰতাৰে
চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে বুলি গম পাই অতি আনন্দিত হৈছো । ইয়াৰ বাবে বৰ্তমানে
প্ৰচলিত চমক লগোৱা হালধীয়া সাংবাদিকতাৰ বিপৰীতে নিৰলে সত্যনিষ্ঠ সংবাদ সেৱনৰ
প্ৰতি উৎসৰ্গিত কাকতখনৰ এনে দায়িত্ববোধৰ শলাগ লৈছো আৰু প্ৰশাসনৰ সংশ্লিষ্ট
বিষয়ববীয়াসকলক ধন্যবাদ জনাইছো । এতিয়া কথা হৈছে, এইখন অসমত বৰ্তমানে এনে ইলাচী
বসুমতাৰী কেৱল এগৰাকীয়েই আছে নে? প্ৰশাসনৰ দায়িত্ব ইমানতেই যতি পৰিল নে? নিশ্চয়
নাইপৰা । কাৰণ, অসমৰ গাৱেঁ-ভূঞেঁ চুকে-কোণে আজিও হাজাৰজন দৰিদ্ৰই দুবেলা-দুসাজ
নোখোৱাকৈ থাকি হয়তো আপাতত: গৃহহীন হৈয়েই জীৱন কটাইছে । খাদ্য-সুৰক্ষা,আৱাস–যোঁজনাৰ
কথা কোৱা চৰকাৰখনে কাগজে-কলমে সকলো দৰিদ্ৰকে উদ্ধাৰ কৰিছে ঠিকেই, কিন্তু বাস্তৱক্ষেত্ৰত
এই সা-সুবিধাবোৰ কোনে কেনেকৈ পাইছে বা নাই পোৱা তাৰ জৰীপ কৰি চোৱা উচিত ।
হিতাধিকাৰীয়ে সেইবোৰ পোৱাৰ পথত কিমান
টকাৰ ভেটি কোনে ক’ত আত্মসাৎ কৰিছে তাৰো হিচাপ হোৱা উচিত । ঠিকাদাৰে আমোলা-বিষয়াৰ
পৰা চহীৰে টকা উলিয়াই কাম-কাজ নো কিমান কৰিছে, তাৰ তদন্ত হোৱা উচিত । কেৱল
জনপ্ৰতিনিধিয়ে কিয়, বিষয়াসকলেও শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰত কি ঘটি আছে তাৰ
বুজ লোৱাটো অতি প্ৰয়োজন ।
দেখা যায়, বাতৰি-কাকত বা
দূৰদৰ্শনৰ নিউজ-চেনেলে কিবা এটা কথাক বলিষ্ঠৰূপত প্ৰকাশ কৰাৰ পাছতহে বিষয়া-আমোলাই
অলপ-অচৰপ চকু মেলি তাৰ অধ্যয়ন কৰে বা কাহানিবা দুই-এক পদক্ষেপ গ্ৰহণ কৰে । কিন্তু
প্ৰকৃতাৰ্থত হ’ব লাগিছিল তাৰ ওলোটাটোহে ! অৰ্থাৎ, প্ৰশাসনে কিবা বিষয়ত লোৱা
পদক্ষেপকহে সংবাদ মাধ্যমে এটা ‘খবৰ’ হিচাপে প্ৰকাশ কৰিব লাগিছিল । বুজিব পৰা সকলে
নিশ্চয় অনুমান কৰিব পাৰিছে যে অসমৰ প্ৰশাসন কোন দিশেৰে কেনেদৰে চলি আছে । ঘোঁচ
নিদিয়াৰ বাবে কাৰ্যালয়লৈ মাহৰ পাছত মাহ অহা-যোৱা কৰা ভুক্তভোগীসকলেহে বিষয়া-কৰ্মচাৰীৰ
কৰ্ম-সংস্কৃতিৰ বিষয়ে গম পায় ।
জিলা ঘোষণা কৰাৰ ২৫ বছৰৰ পাছতো মৰিগাঁৱৰ সদৰ সংলগ্ন কোনো এটা ৰাষ্টা আজিকোপতি
ভাল হৈ নুঠিল । জিলাখনত অত বছৰে যে কোনো উপায়ুক্ত, চক্ৰ বিষয়া নিযুক্ত হোৱা নাই
তেনেও নহয় । প্ৰতি নিৰ্বাচনতে বিধায়ক, লোকসভাৰ সদস্য জয়ী হৈয়েই আছে । ৰহা-বাৰপূজীয়া
সংলগ্ন সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অতিক্ৰম কৰিবলৈ আজিও আধাঘন্টাৰ ওপৰত সময় লাগে
কেৱল ৰাষ্টাৰ দুৰৱস্থাৰ বাবেই । অথচ, তেনেস্থলত যোৱা চাৰিমাহমান আগতে জিলাখনলৈ
ৰাজ্যপালে ভ্ৰমণ কাৰ্যসূচী হাতত লোৱা বাবেহে তেলাহি-দলবাৰী সংলগ্ন ৰাষ্টাটো
পকীকৰণ কৰা হয় যিটো বৰ্তমানে জিলাখনৰ একমাত্ৰ ঘাইপথ-সংযোগী ৰাষ্টা হিচাপে পৰিগণিত হৈছে । এদিনৰ
ভিতৰতে নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰা আৰু প্ৰস্থেৰে মাত্ৰ এখন গাড়ীহে যাব পৰা এই
ৰাষ্টাটোৰো স্থায়িত্ব কিমান দিনৰ হয় সেয়া মৰিগঞাঁ ৰাইজৰ বাবে কৌতুহলৰ বিষয় হৈ
পৰিছে ।
সেইদৰে নিৰ্বাচনৰ কিছু পূৰ্বে নগাৱঁলৈ মুখ্যমন্ত্ৰীৰ অহাৰ কথা জানিব পাৰি
প্ৰশাসনে ওচৰৰ বাট-পথবোৰ চিকুণাই ৰাতিটোৰ ভিতৰতে এলেকাটোৰ ন-ৰূপ এটা দিবলৈ সমৰ্থবান
হৈছিল । ‘নাক’ নামৰ উই.জি.চি.ৰ দল এটাই আমাৰ অসমৰ মহাবিদ্যালয়সমূহ পৰিভ্ৰমণ কৰি
প্ৰতিবেদন যুগুতাবলৈ বিচাৰিলেও মহাবিদ্যালয়ৰ চৌহদবোৰ দুই-চাৰি বছৰেকৰ মূৰত একোবাৰ ফলে-ফুলে
জাতিষ্কাৰ হৈ পৰা আমি দেখি আহিছো । এইধৰণৰ
তৎপৰতা দেখি আমাৰ ল’ৰালিৰ দিনলৈ মনত পৰে । আমি পঢ়ামেজৰ আগফালে এখন আইনা ৰাখি
থৈছিলো যাতে পঢ়াৰ সময়ত পাছফালৰপৰা মা-দেউতা আহিলে আগতীয়াকৈ দেখিব পাৰো । আৰু তেনে
কোনো পৰ্যবেক্ষকৰ আগমণিৰ বতৰা পালেই আমি টিংকল পঢ়া বা অন্য চখৰ কাম বাদ দি
পাঠ্যপুথি হাতত তুলি লৈছিলো ।
আমি আশা কৰোঁ, প্ৰশাসনিক তৎপৰতা কেৱল প্ৰদৰ্শনীৰ বাবে হোৱা উচিত নহয় ।
যিসময়ত যাৰ যি দায়িত্ব সেয়া সঠিকভাৱে কৰি গ’লেহে আমাৰ সমাজে এক সুস্থ প্ৰগতিৰ
সোপোন ৰচিব পাৰিব ।
No comments:
Post a Comment