লেখা অনুসন্ধান কৰক

Thursday, October 29, 2015

ভাল লগা মানুহবোৰ ...

অফিচত নতুনকৈ ডেকা ইঞ্জিনীয়াৰ এজনে যোগদান কৰিছে । এই স্ফুৰ্তিবাজ ল’ৰাজনৰ বাইকত উঠিয়েই কালি অফিচলৈ যাবলগীয়া হ’ল । এঘন্টীয়া ৰাস্তাৰ গোটেই যাত্ৰাটোতে সি তাৰ নিজৰ কাহিনীবোৰ শুনাই গ’ল আৰু মই একান্ত বাধ্য ছাত্ৰৰদৰে শুনি গ’লো । অৱশ্যে দুই-এষাৰ কথা নপতাকৈ বাইকত বহি যো‌ৱাটোও মহা অশান্তিদায়ক কাম ! ফ’ৰ-লেন ৰাষ্টা পাই বেটাই অলপ ভাল বেগতেই বাইক চলাইছিল । তেনেতে এটা কুকুৰে ভুৰুংকৈ ৰাষ্টাৰ মাজেৰে দৌৰ মাৰিলে । কথাৰ মাজত ব্যস্ত হৈ থকাৰ বাবেই চাগে’ থৰ-কাচুতি হেৰু‌ৱাই যেনেতেনে খুণ্ডা নমৰাকৈ কুকুৰটোক বচালে যেনিবা। তেতিয়া সি ক’লে- ‘বুজিছে ছাৰ, ৰাষ্টাৰ মাজলৈ গৰু ছাগলী এৰি দিয়াটোত আমাৰ মানুহৰো ভুল আছে, তথাপি এই ড্ৰাইভাৰ জাতিটোলৈ কেতিয়াবা খঙেই উঠে।’ মই সুধিলো,- ‘কিয়?’
-‘ড্ৰাইভাৰবোৰে জানেই যে গৰু-ছাগলীয়ে গাড়ী কি বস্তু, ক’ৰপৰা কিমান স্পীডত আহিছে একো বুজি নাপায়, তথাপি সিঁহতে নিজৰ ব্ৰেকত ভৰি নিদিয়ে । যিমান হ’লেও সিহঁতো এটা জী‌ৱ ; নহয় জানো?’
-‘ওমম..’ । মই বিশেষ নক’লো, কাৰণ গাড়ী চলো‌ৱাৰ অভিজ্ঞতা মোৰ নাই ।
-‘এবাৰ বুজিছে নে, গু‌ৱাহাটীলৈ যাওঁতে সোনাপুৰৰ ওচৰতে, অলপ সময়ৰ আগতে গাড়ী এখনে গৰু এটা মাৰি থৈ গ’ল, আমি দুটা বাইকত গৈ আছিলো ; মানে দেখি একদম মন-চন বেয়া লাগি গ’ল ।’
-‘কিয়?’
-‘ওচৰতে থকা তিনিটামান গৰু আহি মৰা গৰুটোক ঘেৰি লৈ ৰৈ আছেহি । মৰা দমৰাটোৰ চাগে মাক-বাপেক পেহিয়েক-মাহীয়েক হ’ব । গৰুকেইটাৰ চকুকেইটা ইমান শান্ত আৰু মুখকেইখন ইমান নী‌ৰ‌ৱ যে মানে ভা‌ৱি কিবা লাগি গ’ল –সিহঁতেতো একো কৰিবও নো‌ৱাৰে ন!’
-‘এৰা , হয় দিয়া ।’

মই দুআষাৰমান সন্মতিসূচক কথা ক’লো । বাইক গৈ থাকিল । ৰহা পালো । তাতে সি দুটামান দৰ‌ৱ কিনিব বোলে । দৰ‌ৱকেইটা কুকুৰৰ ওকণি মৰা ঔষধ । তাৰ ঘৰত থকা কুকুৰটোৰ ওকণি হৈছে, কালি চেম্পুৰে গা-ধো‌ৱাই ফনিয়াই দিওঁতে হেনো বহুত ওকণি সৰিল । তাৰোপৰি তাৰ কিবা-কিবি বেমাৰো হৈছে হেনো । সি আৰু কৈ গ’ল-
‘কুকুৰটোৰ বয়স এতিয়া ১২ বছৰ । ডাক্টৰে কৈছে এই প্ৰজাতিটোৰ কুকুৰ ইমান বছৰ জী‌য়ায়েই নাথাকে বোলে । তাৰ নখবোৰ বুঢ়া হৈ টান হৈ গৈছে । ভালদৰে দৌৰিব নো‌ৱাৰি পকা মজিয়াত কেতিয়াবা চুঁচৰিয়ে যায় । আগতে শৌচ-প্ৰস্বা‌ৱ সদায় বাহিৰত কৰিছিল, কিন্তু আজিকালি য’তে ত’তে প্ৰস্বা‌ৱ কৰি মাক দিগদাৰহে দিয়ে ।’
বন কৰা মানুহ নথকা ঘৰখনত কুকুৰটোক চো‌ৱা-চিতা কৰিবলৈ বয়সিয়াল মাকে আমনি পাই এদিন হেনো কুকুৰটোক বেলেগ কাৰোবাক দি দিবলৈ কৈছিল। তেতিয়া সি বোলে ক’লে- ‘চো‌ৱা মা, সি এতিয়া বুঢ়া হৈছে বাবেহে তেনেকু‌ৱাখন কৰিছে । তাৰ শৰীৰে পৰা নাই বাবেহে সি আমাক একো চাৰ্ভিছ দিব পৰা নাই । কিন্তু মনত পেলো‌ৱাচোন সেই দিনকেইটাৰ কথা, তুমি যে অকলশৰীয়া হৈ থকাৰ সময়তো সিয়েই তোমাৰ লগৰী নাছিল ? ৰাতিখন গ্ৰিল টানি কষ্ট পাবা বুলি ভা‌ৱিয়েই সি আবেলিতেই তাৰ নিত্য-নৈমত্তিক কামফেৰা বাহিৰত কৰি নাহিছিল নে? ঘৰৰ সমুখত অচিনাকী মানুহৰ গোন্ধ পালেই ভুকি ভুকি গোটেই ৰাতিটো আমাৰ ঘৰখন পহৰা দিয়া নাছিল নে? তোমালোক বুঢ়া-বুঢ়ী হৈছা বুলি কালিলৈ মই তোমালোকক নি কোনোবা বৃদ্ধাশ্ৰমত থৈ আহিলে তোমালোকৰ কেনেকু‌ৱা লাগিব?’

মই তাৰ কথাত হয়ভৰ দিলো । মন কৰিছিলো, দুদিনমানৰ আগৰেপৰা আমাৰ অফিচৰ দৰ্জাখনৰ ওচৰতো কুকুৰ দুটামান আহি বহি থাকেহি । দেখিবলৈ ভাল নালাগে বাবে এদিন গালি এটা পাৰি মইয়ে খেদি দিছিলো । তাতে আকৌ ৰাষ্টাত ঘুৰি ফুৰা সেই ভতু‌ৱা ফাঁপৰে ধৰা কুকুৰ । পাছত চকীদাৰজনক সুধি গম পালো, আমাৰ ডেকাল’ৰায়েই বোলে সিঁহতক চল দিছে আহিবলৈ । সেই লেতেৰা কুকুৰকেইটাক সদায় বিস্কুট আৰু নিজৰ ভাগৰ টিফিন খাবলৈ দিয়াৰ বাবে তাৰ সহকৰ্মী আন এজনে তাক উপহাস কৰি হাঁহোতে সি কো‌ৱা কথাষাৰ মোৰ এতিয়াও মনত আছে- ‘ফঁপৰা কুকুৰ হ’ল কি হ’ল, সি তাৰ ডিউটি ঠিকমতেই কৰিব জানে । এতিয়া তই বিদেশী কুকুৰ এটা চাৰি-পাঁচ হাজাৰ দি কিনি আনিছ, তাক নিতৌ মাছ-মঙহ খু‌ৱাইছ বাবে সি তোৰ আদৰৰ । কিন্তু ইয়াক যদি তই ভালদৰে চাবুন-চেম্পু দি ধু‌ৱাই মেলি ভালদৰে ৰাখ, ইও দেখিবলৈ ধুনীয়া হ’ব । ’
কম্পিউটাৰ ইঞ্জিনীয়াৰ এই ল’ৰাজনে তেওঁৰ লগত আহি থাকোতে মোক বৰ ভাল লগা কথা এষাৰ ক’লে- ‘বুজিছে ছাৰ, খাবলৈ নোপো‌ৱা সৌ ৰাষ্টাৰ কুকুৰটোক আপুনি ঘৰলৈ আনি ভালদৰে খাবলৈ দিয়ক, সি আপোনাক কেতিয়াও নাকামুৰে । কিন্তু মানুহ এজনৰপৰা সেই একে কৃতজ্ঞতাবোধ আপুনি আশা কৰিব নোৱাৰে ।’
তেনেতে আমি আহি অফিচ পাইছিলোহি । বাইকৰ হৰ্ণৰ শব্দ শুনিয়েই দুটা ভতু‌ৱা কুকুৰ ক’ৰপৰা জানো দৌৰি আহি আমাৰ কাষ পালেহি । চালক ল’ৰাজনে পকেটৰপৰা বিস্কুটৰ পেকেটটো খুলি সিঁহতক খাবলৈ দিলে । নাজানো কিয়বা মোৰ মনটো হঠাৎ কিবা এটা ভাল লাগি গ’ল !

(নিয়মীয়া বাৰ্তা, ২৯/১০/২০১৫ ত প্ৰকাশিত)

Wednesday, September 16, 2015

"বুকুত পকা বিলাহী আৰু ভুকুতে কল পকো‌ৱা শিল্পী"


ভন্টীৰ সতে নগা‌ৱঁৰপৰা গু‌ৱাহাটীলৈ যাবলৈ ট্ৰেভেলাৰ এখনত উঠিলো । গাড়ী চলাৰ লগে লগে ড্ৰাইভাৰৰ পাছফালে সংস্থাপন কৰা এল.চি.ডি. টিভিত কণ্ডাক্টৰে গান লগাই দিলে । দুই-চাৰিটা ভিচিডিৰ বিহুগীত, পেডেল মৰা গীত, ৰাজস্থানলৈ পলাই যো‌ৱা গীত, মঙল গ্ৰহত মাটিৰ পট্টা ম্যাদী কৰা গীত আৰু তাৰ পাছতে বাজিবলৈ ল’লে বুকুত পকা বিলাহীৰ গীত । পকা বিলাহীৰ গানটো ভিডিঅ’ নেদেখাকৈ অকল বোলে শুনিবলৈহে পাইছো, তেতিয়াও কোনো কথা নাছিল। কিন্তু বিলাহীৰ মাজতো মৰম বিচাৰি পো‌ৱা সেই গানটোৰ দৃশ্যায়ণৰ নামত যিখিনি অংগীভংগীৰে দৰ্শকক আমোদ যোগো‌ৱা হ’ল, তাৰ মাধ্যমেৰে অন্য শ্ৰোতা-দৰ্শকে কিমান মনোৰঞ্জন বিচাৰি পালে নাজানো, মোৰ ক্ষেত্ৰত কিন্তু গোটেই যাত্ৰাটোত লজ্জানত হৈ ভন্টিৰ মুখলৈ চাব নো‌ৱাৰা অৱস্থা এটাৰ সৃষ্টি হ’ল । এতিয়া কথা হ’ল এনে কি আছিল বা নাছিল সেই ‘বিলাহী বিলাহী’ গানটোত, যিয়ে আমাক ৰাইজৰ আগত দুকলম লিখিবলৈ বাধ্য কৰালে ।

জুবিন গাৰ্গে আগু‌ৱাই লৈ অনা অসমৰ আধুনিক সংগীত জগতখনত যো‌ৱা কেইটিমান দশকতে কেইবাজনো ন-শিল্পীয়ে ভুমুকি মাৰি অসমীয়া মানুহৰ অন্তৰত সৰু-বৰ হ’লেও সুকীয়া একোখনকৈ স্থান দখল কৰিবলৈ সক্ষম হৈছে । এইসকল গায়ক-গায়িকাই নতুন কোনো ধাৰাৰ সৃষ্টি কৰিব নো‌ৱাৰিলেও চেকা-চোৰোগাকৈ কিছু ভিন্নসুৰীয়া অসমীয়া গীত ৰাইজক উপহাৰ দি আহিছে । সেইসকল ন‌ৱাগত শিল্পীৰ ভিতৰত দীক্ষু,জুবলি,সীমান্ত শেখৰ, বিদ্যাসাগৰ, মানস-ৰবিন, অনিন্দিতা পাল, প্ৰিয়ংকা ভৰালী, বাবু আদিৰ নাম উল্লেখ কৰিব পাৰি । অন্য অৰ্থত ক’বলৈ গ’লে অসমত বৰ্তমানে ‘শিল্পী’ হৈ ধন আৰু মান অৰ্জন কৰাৰ এক শীতল প্ৰতিযোগিতা চলি আছে । বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত যোগ্য জনেহে বৰ্তি থাকিব পাৰিব সেইটো কথাও ঠিক । আৰু সেয়েহে প্ৰতিযোগিতাৰ অৱবতাৰণা হো‌ৱা এই ঘটনাটোত কোনো অস্বাভা‌ৱিকতা আমি দেখা নাপাওঁ । কিন্তু কলা-সংস্কৃতিৰ চৰ্চা বা উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত প্ৰতিযোগিতাত নমাৰ কথাটো‌ৱে প্ৰতিযোগীগৰাকী যে প্ৰকৃততে এগৰাকী ‘শিল্পী’ নহয় তাকেহে প্ৰমাণিত কৰে । কাৰণ, গায়নেই হওঁক বা বায়নেই, চিত্ৰকলাই হওঁক বা ভাষ্কৰ্যই, নৃত্যই হওঁক বা অভিনয়েই, মানুহৰ ৰুচী-অভিৰুচীৰপৰা সৃষ্টি হো‌ৱা এই কলাসমূহৰ চৰ্চাকাৰীসকলৰ বাবে সেয়া হো‌ৱা উচিত এক আৰাধনা বা সাধনাস্বৰূপ । সেই কলাৰ সম্ভাব্য সকলো পৰিসীমা স্পৰ্শ কৰিব পৰাটো এজন চৰ্চাকাৰীৰ বাবে মহৎ উদ্দেশ্য হো‌ৱা উচিত আৰু তাৰ সাধনাত ব্ৰতি হৈ নিতৌ ন ন অনুশীলনেৰে নিজকে অধিক অভিজ্ঞ আৰু পাকৈত কৰিব পৰা হো‌ৱাটো‌ৱেই হ’ব লাগে তেওঁৰ বাবে চূড়ান্ত সফলতা । কিন্তু সফলতাৰ এই সংজ্ঞাক আজিৰ তথাকথিত শিল্পীয়ে অন্য ৰূপ দি যশস্যা আৰু ধন অৰ্জনৰ পথ হিচাপে ভা‌ৱিবলৈ লো‌ৱাটো বৰ্তমান সময়ৰে এক দুৰ্ভাগ্যজনক পৰিস্থিতি বুলি ক’ব লাগিব ।

আজিৰ ডিজিটেল যুগত সংগীত উপভোগ কৰাৰ ক্ষেত্ৰতো বহুতো নিত্য-নতুন পৰিবৰ্তনে গা কৰি উঠিছে । পুৰণা কেছেট ৰেকৰ্ডাৰৰ সলনি প্ৰতিজনেই লগত কঢ়িয়াই নিব পৰা মোবাইল-ফোন/আইপড বা এম.পি.৩-প্লেয়াৰ উপলব্ধ হ’ল । প্ৰযুক্তিৰ উত্থানে আগৰ শ্ৰাব্য মাধ্যমৰ লগত বৰ্তমানে দৃশ্য-মাধ্যমকো সংলগ্ন কৰি একত্ৰিত কৰি পেলালে । সেয়েহে বজাৰত সংগীতৰ ‘চিডি’ নিৰ্মাণকাৰী ব্যক্তিসকলে গীতৰ লগতে দৃশ্যায়নৰ ব্য‌ৱস্থাও কৰিবলৈ একপ্ৰকাৰৰ বাধ্য হ’ল । কাৰণ, প্ৰযুক্তি-পাগল আমাৰ বহু অসমীয়া মানুহেও আজিকালি গান এটা মন দি শুনাৰ সলনি গানটো চাবলৈ পালেহে হেনো বেছি ভালপো‌ৱা হ’ল । ভিচিডিৰ ব্য‌ৱসায়ে আমাৰ মানুহৰ এই স্বভা‌ৱটোক অধিক গাঢ় কৰি পেলালে । তাৰেই পৰিণতিত আজিৰ সংগীত প্ৰযোজকে গীত এটা কে‌ৱল বাণীবদ্ধ কৰাতেই ক্ষান্ত নাথাকি সমান্তৰালভা‌ৱে তাৰ দৃশ্যায়নৰ বাবেও ভা‌ৱিবলগীয়াত পৰিছে । ষ্টুডিঅ’ত গীতটো বাণীবদ্ধ কৰাটো যিমান সহজ কাম, সিমান সহজ নহয় গীতটোৰ বাবে ভিডিঅ’ এটা প্ৰস্তুত কৰাটো । যিমানেই দুখৰ কৰুণ গীত নহওঁক কিয়, তাতো যদি কোনো নাচ-গান নাথাকে, তেন্তে সেই গীতে যে ফ্লপ মাৰিব সেইটো খাটাং! গতিকেই নাচ-গানৰ তত্বা‌ৱধায়ক বুলিবলৈও কিবা বোলে “কৰিঅ’গ্ৰাফাৰ” এজনৰো আজিকালি বৰকৈ প্ৰয়োজন হ’ল । তাৰ পাছত আহিল আপোনাৰ নায়িকা অভিনেত্ৰী গৰাকী । এই নায়িকা গৰাকী নিৰ্বাচন কৰোতে প্ৰযোজকে মন দিয়ে এই কথাটোত যে তেওঁ কে‌ৱল সুদক্ষ অভিনয় কৰিব পাৰিলেই নহ’ব, পটুত নাচনী, সুগঢ়ী আৰু দেখাত সুশ্ৰীও হ’ব লাগিব । সেইদৰে অভিনেতাজনো অলপ নামী-দামী হ’লে ভাল হয় । অন্যহাতে যদি সেয়া কোনো ৰোমান্টিক গীতৰ ভিডিঅ’ হয়, তেনেহ’লেতো আৰু কথাই নাই ! চাৰি-পাচঁযোৰ সাজ সলাই সলাই কেইবাটাও ল’কেশ্যনত গৈ দৃশ্যগ্ৰহণ কৰিবলগীয়া হয় । আধুনিক বিহুসুৰীয়া গীতবোৰতো বিহুৰ মুদ্ৰাৰ সতে ‘ফিউজন’ কৰা নাচ নাচিবলৈ নায়ক-নায়িকাক শিকাই লো‌ৱা হয় । নায়িকাই যিমানেই পৰম্পৰাগত অসমীয়া সাজ নিপিন্ধক কিয়, নায়কে কে‌ৱল জিনছ-পেন্ট পিন্ধি গগলছ এযোৰ আঁৰি ল’লেই হ’ব । (কাৰণ প্ৰযোজকসকলে বাৰুকৈয়ে জানে যে মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নায়ক নহয়; নায়িকাৰ লয়-লাস নাচোন, অংগীভংগী আৰু সাজোন-কাচোনহে! ) এইদৰে আমাৰ সংস্কৃতিত আজিৰ এই শিল্পীসকলে সকলো কলা একাকাৰ কৰি আমাৰ জীা‌ৱন-যাত্ৰাত এক ন‌ৱজাগৰণৰ সৃষ্টি কৰিছে ।

ইয়াৰ মাজতে দুই-একোজনে আকৌ হিন্দী চিনেমাৰ ফৰ্মূলা ব্য‌ৱহাৰ কৰি কিছু গীতৰ ‘প্ৰডাক্ট’ পোনপটীয়াভা‌ৱে ‘মাৰ্কেটিং’ কৰাৰ বাবে উঠিপৰি লাগিছে । তাৰেই উদাহৰণ হৈছে এই ‘বিলাহী বিলাহী’ গানটো । মছালাযুক্ত উপাদান ঢালি গান এটাকো যেতিয়া ‘চিলি-চিকেন’ৰ দৰে উপস্থাপন কৰা হয়, তেতিয়া সি ‘হিট’ হো‌ৱাৰ সম্ভা‌ৱনা যে প্ৰ‌ৱল, এই কথা ইতিমধ্যেই বহু গীত-নিৰ্মাতা কাৰীকৰে ভালদৰে বুজি উঠিছে । তেনে এটা গীত ‘বনাব’ৰ বাবে প্ৰথমে লাগিব ‘ধিনচিকো-ধিনচিকো’ কৰা ‘মিউজিক’ যিয়ে নেকি শুই থকা বেমাৰী এজনকো তালে তালে নাচিবলৈ উদ্বুদ্ধ কৰাব পাৰে । গীতৰ কথাংশৰ বাবে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই । তথাপি প্ৰেম-পিৰীতিৰ নামত ‘প্ৰথম দেখাৰ সেই মিঠা লগন’ বুলি কো‌ৱাতকৈ চিধাই ‘তোমাক দেখিলো সা‌ৱতি ধৰিলো’ বুলি কো‌ৱাই ভাল । ইয়াতকৈ কিছু আগু‌ৱাই গৈ ছো‌ৱালীৰ দেহ-যৌ‌ৱনৰ লগতে যৌনতাৰ গোন্ধ থকা কথা হ’লেতো বেছ ‘ফাটাফাটি’য়েই হয় । তাৰ পাছত আহিব নায়িকাগৰাকী । হট-পেন্ট হওঁক অথবা মিনি-স্কাৰ্ট হওঁক, যিমান পাৰি কম বস্ত্ৰৰে তেখেতক অলংকৃত কৰি গীতৰ তালে তালে নাচিবলৈ লগাই দিয়ক । আৰু নায়িকাই যে সকলো আকৰ্ষণৰ মূল সেই কথাটো বুজাবলৈ তেখেতৰ কাষে কাষে মৌ-মাখি, ভেনা-মাখিৰদৰে পৰি থকাকৈ এগালমান উতনু‌ৱা মানুহৰ অনিয়ন্ত্ৰিত নৃত্যৰ সংযোজন কৰক । বাটে-পথে মদ-ভাং খাই পৰি থকা ঠেলা‌ৱালা-ৰিক্সা‌ৱালাসকলৰ বাবেও যে আপুনি চিন্তা কৰিছে আৰু তেওঁলোকেও যে কোনো ডাঙৰ ‘বাৰ’ বা ‘ডিস্কো’লৈ নোযো‌ৱাকৈয়ে সমান উত্তেজনাৰে গানটো বিনাদ্বিধাৰে উপভোগ কৰিব পাৰিব সেয়া বুজাবলৈ গেঞ্জী-লুঙি পিন্ধা মানুহক গগলছ-মাফলাৰ পিন্ধাই অলপ আচহু‌ৱা যেন লগা অৱয়ব এটা সাজি নাচিবলৈ এৰি দিয়ক । পাৰিলে নায়িকাই নাচ থকা সকলো পুৰুষকে কিছু কিছু যৌন ক্ষুধা পূৰণ কৰিবলৈ সক্ষম হো‌ৱাৰ দৰে ভা‌ৱ এটা যদি সৃষ্টি কৰিব পাৰি, তেন্তে গান একেবাৰে ‘চুপাৰ-দুপাৰ হিট’ হ'বই হ'ব । ডেকা-বুঢ়া-কিশোৰ সকলো বয়সৰ দৰ্শকেই যে এনে গীত লুকাই চুৰকৈ হ’লেও শুনিব আৰু চাব, সেয়া একেবাৰে এশ শতাংশই নিশ্চিত । গতিকেই আগতে গান গো‌ৱাৰ অভিজ্ঞতা থাককেই বা নাথাকক, এনে হিট গানে আপোনাক যে ৰাতিটোৰ ভিতৰতে বিখ্যাত কৰি তুলিব সেয়াও ঠিক । ক’বলৈ গ’লে, বেপাৰটো কৰিবলৈ জানিলে ধন আৰু যশ অৰ্জনৰ বাবে এইটো হৈছে একেবাৰে চুটি আৰু চিধা ৰাস্তা ।

কিন্তু আমি এবাৰ ভা‌ৱি চাইছো নে, আমাৰ উঠি অহা নতুন প্ৰতিভা‌ৱান যু‌ৱক বা যু‌ৱতীসকলে এইদৰে চৰ্ট-কাটেৰে বাট বুলিবলৈ লো‌ৱাটো কিমান সমীচীন হৈছে ? সংগীতৰ নামত কে‌ৱল ক্ষণিকৰ আনন্দ দিয়া মনোৰঞ্জনে আমাৰ সুস্থ মানসিকতাক দুষিত কৰাৰ লগতে দৰ্শক আৰু গায়ক উভয়ৰে সৃষ্টিশীলতাক বিনষ্ট কৰিছে । সংগীতৰ বিশালতা আৰু মাহাত্ম্যক উপলব্ধি কৰিবলৈ সুযোগ নিদিয়া এইধৰণৰ উত্তেজক গীত-মাতে আজিৰ উচ্ছৃংখল যু‌ৱ-সমাজত মানুহৰ মন-প্ৰাণক আৰু অধিক অস্থিৰ কৰি সামাজিক আৱহা‌ৱাক বিনষ্ট কৰাৰ বাদে আন কিবা কৰা আমাৰ দৃষ্টিত পৰিলক্ষিত হো‌ৱা নাই। আমাৰ আহ্বান, ন-প্ৰজন্মই সংগীতৰ সাধনা কৰিবলৈ অধিক আগ্ৰহী হওঁক । পৃথি‌ৱীৰ বুৰঞ্জীত অসমীয়া ডেকা-গাভৰু‌ৱে এনে সংগীত সৃষ্টি কৰাৰ উদাহৰণ আছে যিয়ে ইতিমধ্যেই সমগ্ৰ বিশ্বতে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ বিনন্দীয়া প্ৰকৃতি আৰু সামাজিক অৱস্থিতিয়েও যে সংগীত-শিল্পীসকলক অনুপ্ৰাণিত কৰিব কৰাকৈ ঔষধ হিচাপে কাম কৰিব পাৰে, সেই কথা নিজকে ফাঁকি নিদিয়া যিকোনো ব্যক্তিয়েই নিজমুখে স্বীকাৰ কৰিব । তদুপৰি কোনবোৰ গুণৰ বাবে আজিৰ হিন্দীছ‌ৱিৰ হিট গীত এটাতকৈ, সৌ তাহানিৰ দিনৰ পুৰণি গীতবোৰেহে মানুহৰ মনত সংগীতৰ মৃদু-মধুৰ লহৰ তুলি শ শ বছৰ ধৰি চিৰসেউজ হৈ থাকিব পাৰিছে এই যুক্তি-যুক্ততাখিনি শিল্পী হ’ব খোজা প্ৰতিজন গায়ক-গায়িকাই নিজা বিচাৰ-বুদ্ধিৰে চালি-জাৰি চো‌ৱা উচিত। আমাৰ বহুতেই যদি জুবিন-পাপনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁলোকৰ দৰে হ’ব খুজিছে, তেন্তে তেৰাসকলেও এই কথাটো জনা দৰকাৰ যে, জুবিন-পাপনেও ৰাতিটোৰ ভিতৰতে খ্যাতি অৰ্জা নাই ; তেওঁলোকেও কঠোৰ অনুশীলন আৰু সংগীত-সাধনাৰ বলতহে আজিৰ এই স্থান পাব পাৰিছে ।

আপোনাৰ বাহিৰা ইনকাম কিমান?

বন্ধুৰ বাবে ছো‌ৱালী চাবলৈ গৈছো । বন্ধু‌ৱে স্নাতকোত্তৰ সামৰাৰ পাছত দুই-তিনিবছৰ চাকৰি বিচাৰি ‘ভাল চাকৰি’ নাপাই স্থায়ী পদৰ কেৰাণী পদবী এটাতে কাম কৰি আছে । চাহৰ পৰ্বটি হৈ যো‌ৱাৰ পাছত ভাত খো‌ৱাবৰ বাবে যো-জা কৰিছে । মই বন্ধুৰ খাতিৰতে গৈছো যদিও লগত যো‌ৱাৰ অন্য এটা কাৰণো আছিল এই খানাটো । নক’লেও হ’ব যে ছো‌ৱালী চাবলৈ যো‌ৱা মানুহক মাছে-মঙহে ভালদৰে খুও‌ৱাৰ আয়োজন চলেই । আৰু ভাল খানা পো‌ৱা ঠাইলৈ এই অমুকা নোযো‌ৱাৰ কথাই নুঠে ! সকলো ঠিকেই আছিল, আশা পালি বহি থকা সময়কণো আহি পাইছিলহি । পিছে ছো‌ৱালীৰ দেউতাকৰ মাত্ৰ এটা প্ৰশ্নই সকলো ওলট-পালট কৰি দিলে । পি. ডব্লিউ. ডি.ত জুনিয়ৰ ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত মানুহজনে সোধা সেই আহুকলীয়া প্ৰশ্নটো আছিল –‘তোমাৰ দৰমহাৰ হিচাপ-নিকাচ বাৰু মই জানিলো, পিছে বাহিৰা পইচা-পাতি কিমান মান পো‌ৱা ?’ । বন্ধুৰ হৃদয়ত থুপ খাই থকা এশ-এবুৰি ক্ষোভ ওলাই আহিবলৈ যেন এই মানুহজনে ৰুদ্ধ দু‌ৱাৰখন খুলি দিলে । ভিতৰত নি:শব্দে ভাতৰ কাঁহি সজাই থকা মাক-জীয়েক আৰু খুড়ীয়েকহঁত আহি চ’ৰা-কোঠা পালেহি । বন্ধুৰ মাত উচ্চৰপৰা উচ্চতৰ হৈ পৰিল আৰু মই থৰপৰা কপৌটো হৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো । শেষত যেনিবা একমাত্ৰ মধ্যস্থতাকাৰীহিচাপে ময়েই বিষয়টো শাম কটাই দায়-দোষ মৰিষণ কৰিব বুলি ক্ষমা ভিক্ষা কৰি খালী পেটেৰেই আহি ঘৰ পালোহি ।

সিদিনাখন ৰাতি ঘটি যো‌ৱা ঘটনাটোৰ পৰ্যালোচনা কৰি মাথো দুটা কথাই মই ভা‌ৱি পালো । তাৰে প্ৰথমটি হ’ল এই যে, আজিৰ সময়ত মানুহে কে‌ৱল টকা থকাজনকহে সন্মান কৰিবলৈ শিকিছে, লাগিলে তেওঁৰ সেই উপাৰ্জন কোনো অসৎ পন্থাৰে অৰ্জন কৰাই হওঁক ! আৰু দ্বিতীয় কথাটি হ’ল সংখ্যাত অতি তাকৰ হ’লেও, কে‌ৱল সৎ ভা‌ৱে উপাৰ্জন কৰা আৰু নিজৰ সততাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰখা মানুহো বৰ্তমানে এই পৃথি‌ৱীত জীয়াই আছে । ফলত দুয়োটা কথাই মিলি মোক যিমান পৰিমাণে হতাশিত আৰু উদ্বিগ্ন কৰিলে, সমান পৰিমাণে আশাবাদীও কৰিলে । আৰু শেষত এইটো কথাই উপলব্ধি কৰিলো যে, দুয়োটাই যেতিয়া পৰস্পৰ-বিৰোধী নীতি, গতিকে বৰ্তমানে আমি যিটোৰ সমৰ্থনতে নিজৰ সঁহাৰি আগবঢ়াম, সেইটো‌ৱেই এসময়ত সমাজত আধিপাত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ব । এনে এক পৰিপেক্ষিতত সততাৰপ্ৰতি মানুহৰ আত্মীয়তাবোধ বৃদ্ধি পো‌ৱাটো অত্যন্তই প্ৰয়োজনীয় বুলি বিবেচনা কৰিছো ।

কিন্তু বস্তুবাদিতাৰ এই পৃথি‌ৱীত বৰ্তমানে মানুহে ৰাতিটোৰ ভিতৰতে ধনী হ’ব পৰা চুটি আৰু সহজ পথটোৰ প্ৰতিহে বেছি আকৃষ্ট । যিসকলৰ নিয়মিত উপাৰ্জন নাই সেইসকলৰ কথা বাদেই, উপাৰ্জন কৰি থকাসকলেও কেনেকৈ কিবা এটা কৰি নিজৰ আৰ্জন দুগুণ-তিনিগুণ কৰিব পাৰি তাৰেইহে চিন্তাত মগ্ন হো‌ৱা দেখা যায় । ফলস্বৰূপেই ভোগৰ প্ৰতি মানুহৰ লালসা দিনক দিনে বাঢ়ি আহিছে আৰু অসৎ উপায়বোৰো মানুহে অতি সহজভা‌ৱে আয়ত্ব কৰিবলৈ শিকিছে । মোৰ কৰ্মথলীৰ কাষতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু তাৰ ওচৰতে এখনি সৰু দোকানত মই দৈনিক ৰুটি-চাহ খাবলৈ যাওঁ । আৰক্ষী বিভাগটোত কাম কৰা ভিন্ন পদবীৰ লোকে তাত আদ্দা মাৰোতে পতা কথাবোৰ শুনি আচৰিত হওঁ । তেওঁলোকে কয় কিদৰে সৌ‌ৱা অমুক থানাৰ অ.চি.য়ে মহানগৰৰ দুই-তিনিঠাইত অট্টালিকা সাজিছে, কোনজন বিষয়াই কাৰপৰা কেনেদৰে ঘোঁচ লৈ গাড়ী কিনিছে ইত্যাদি । আৰু আচৰিত কথা, তেওঁলোকৰ ভা‌ৱ-ভাষাত মূৰ্তমান হয়, এইবোৰ যেন অতি সাধাৰণ কথা । এনে কাম-কাজ কৰিবপৰাসকলহে যেন গুণী-জ্ঞানী পুৰুষ যিসকলক অনুকৰণ নকৰিলে তেওঁলোকৰ যেন নিস্তাৰ নাই ! দুজনমান ট্ৰেফিক কনিষ্টবলে কথা পতা শুনো, তেওঁলোকে হেনো নিজৰ ঘৰৰ ওচৰলৈ বদলি হো‌ৱাতকৈ অলপ দূৰৰ জিলা এখনলৈ বদলি হো‌ৱাটোহে ভাল পায় । যিসময়ত প্ৰায় সকলো মানুহেই নিজৰ ঘৰখনৰপৰাই কৰ্মথলীলৈ যাব বিচাৰে, তেনেস্থলত তেওঁলোকৰ এই আচৰিত আকাংক্ষাৰ কাৰণ সুধি জানিলো, ঘৰৰ ওচৰতে ‘ডিউটি’ হ’লে হেনো চিনাকী মানুহ বহুত হয়, গতিকে কোনো এজনো মানুহকে আগুছি ধৰি টকা-সিকি এটা সৰকাব নো‌ৱাৰে । অচিনাকী ঠাইত বোলে সেই অসুবিধাটো নাই । কথাটো ভা‌ৱি চালো, হয়। মই নিজেই দেখোন ১৪ আগষ্টৰ দিনা ট্ৰেফিক আৰক্ষীক দুশ টকা দিবলগীয়া হ’ল । বাইকৰ ৰেজিষ্ট্ৰেছন, চালনাৰ অনুজ্ঞাপত্ৰ, হেলমেট, জোতা - এই সকলোখিনি থকাৰ পাছতো বীমা নোহো‌ৱাৰ অজুহাতত সিদিনা চালান এখন দি চাৰিটা ট্ৰেফিক পুলিছে মোৰপৰাও টকা লুটিলে । পাছত ইজনক সিজনক সুধি গম পালো যে বীমা কৰো‌ৱাটো বা নকৰো‌ৱাটো হেনো চালকজনৰ নিজস্ব স্বাধীনতা, তাৰ কোনো বাধ্য-বাধকতা নাই! ঠিকে একেদৰেই এই ১৫ আগষ্টৰ আগে আগে অন্য এদিন গু‌ৱাহাটীৰপৰা নগা‌ৱঁলৈ ট্ৰেভেলাৰত আহোঁতে নগাওঁ কলেজৰ সমুখত মানুহ নামিবলগীয়া আছিল বাবে গাড়ীখন ৰখালে । পাছফালৰপৰা জীপ এখনত ট্ৰেফিক–পুলিছ কেইটামান আহি গাড়ীৰ কাগজ-পাতি তেওঁলোকৰ জীপগাড়ীৰ ওচৰলৈ লৈ আনিবলৈ নিৰ্দেশ দিলে (তেওঁলোকে আকৌ অন্য মানুহৰ গাড়ীৰ ওচৰলৈ নিজে আহি পৰীক্ষা নকৰে, ড্ৰাইভাৰ-হেন্দিমেনেহে জীপৰ ওচৰলৈ গৈ দেখু‌ৱাব লাগে!) পাঁচ মিনিটমান উচ্চস্বৰত গালি পৰাৰদৰে শুনিলো । অ‌ৱশেষত ড্ৰাইভাৰ-হেন্দিমেন ঘুৰি আহিল । মই সুধিলো, “কাগজ-পত্ৰ ঠিকে নাই নেকি তোমালোকৰ?” । তেওঁলোকে ক’লে – “কি ক’ব দাদা, কাগজ-পাতি সকলো একেবাৰে আপ-টু-দেট আছে।পলিউছন-ইঞ্চিউৰেন্সলৈকে । কিন্তু একোতে উলিয়াব নো‌ৱাৰি এনেই দম দি এই জাগাত গাড়ী ৰখো‌ৱাৰ বাবেই দুশ টকা ফাইন ল’লে ।” মই ক’লো, -“এই ঠাইত দেখোন সকলো গাড়ীয়েই ৰখায় ।” ড্ৰাইভাৰজনে মাথো মুখেৰে ভোৰভোৰাই পুলিছকেইটাক মৃত্যুৰ অভিশাপ দিয়াৰ বাদে মোক একো নক’লে । গম পালো, প্ৰতি ১৫ আগষ্টৰ আগে আগে তেন্তে পুলিছসকলৰ এনে ‘বাহিৰা পইচা’ অৰ্জন কৰাৰ উজান উঠে ।

নিজৰ জীয়ৰীক বিয়া দিবৰ পাবে যোগ্যতা বিচাৰি যেতিয়া ‘বাহিৰা পইচা’ আৰ্জনকে মানদণ্ড হিচাপে গণ্য কৰা হয় , তেন্তে এই সমাজত তেনে অতিৰিক্ত অৰ্জন নকৰাসকলৰ স্থান কি ? ভাল ঘৰ এটা, গাড়ী ,নামী-দামী টিভি,‌ৱাশ্চিং-মেছিন, এ.চি. – এইবোৰ নহ’লে তাৰমানে আজিৰ সমাজত কোনো এজন ব্যক্তিৰ স্থান নাই নেকি ?এনে মানসিকতাৰ অভ্যুত্থানে আমাৰ সমাজক কোন দিশে আগু‌ৱাই নিছে ? এই প্ৰশ্নবোৰ নিজকে নিজে সুধি প্ৰতিজনেই নিজকে শুধৰণি কৰাৰ সময় সমাগত ।

পঢ়া-শুনা কৰিও এজন মেধা‌ৱী ছাত্ৰই যদি চাকৰিৰ বাবে ঘোঁচ দিব লগা হয়, তেন্তে সেই ল’ৰাজনেই চাকৰিৰ নামত তেওঁ খৰছ কৰা সমুদায় ধনখিনি সেই চাকৰিটোৰপৰাই উলিয়াই ল’বলৈ নিবিচাৰিব নে? আৰু এই অতিৰিক্ত ধনখিনি ক’ৰপৰা আহিব ? হয় সি চৰকাৰী ধন আত্মসাৎ কৰিব , নহ’লে জনসাধাৰণৰপৰাই সেয়া উঠাই ল’ব বিচাৰিব । এনেকেই আমি আমাৰ সমাজত দুৰ্নীতিৰ বিষবাস্প সিঁচি নতুন চামক প্ৰদূষিত কৰা নাই নে? অনাগত হাজাৰ হাজাৰ বছৰলৈ দাগ বহাই দিব পৰা এই নৈতিক স্খলনৰ বাবে দায়ী প্ৰকৃততে কোন ? আমি নিজেই নহয় নে? আহক, এখন সুস্থ সুৰুচীপূৰ্ণ সমাজ গঢ়াৰ স্বাৰ্থত আমি আমাৰ অতিৰিক্ত ভোগৰ লালসাক বিসৰ্জন দিওঁ । সপ্তাহত এবাৰকৈ হ’লেও আমি মাছে-মঙহে খাবলৈ পাইছো‌ৱেই, কিয়নো আমি আমাৰ এসাজ মঙহৰ মূল্যৰে একেবাৰে খাবলৈ নোপ‌ো‌ৱা পেটত গামোছা বান্ধি থকা এজনক চাউল কিনি নিদিওঁ ?

নৰ-বলি

নিয়ম মতে আজিৰেপৰাই, এই মুহুৰ্তৰপৰাই আপুনি এই যে পকী ঘৰ এটা সাজি বিজুলী-বাতি,বিজুলী-পাংখাৰ আৰাম লৈ লৈ টিভিত দেশ-দুনীয়াৰ খবৰ পাগুলি এটা আৰামী জী‌ৱন কটাই আছে, সেয়া তৎমূহুৰ্ততে পৰিহাৰ কৰি গুছি যো‌ৱা উচিত ঘন অৰণ্যলৈ । বাঘ-হাতীৰ সতে সহবাস কৰি আপুনি নঙঠা হৈ উদ্দাম নৃত্য কৰা উচিত । কাৰণ, আপুনি সেই সমাজৰে অংশীদাৰ,য’ত আপোনাৰদৰে আন এজনে তেনে এক আদিমতাকে আজিও আঁকো‌ৱালি আছে । মোবাইল ফোনত কথা পতা মানেই পৃথি‌ৱীৰ যিকোনো প্ৰান্ততে থকা এটা নৰ-মনিচে বু-বু বা-বা কৰি বতাহত কিছু তৰংগৰ জোৱাৰ এৰি দিয়া আৰু আপোনাৰ এটা স্পীকাৰে অনুৰূপ তৰংগৰ পুণৰ সৃষ্টি কৰি আপোনাৰ কাণৰ কাষতে মানুহটো‌ৱে কথা কো‌ৱাৰ নিচিনা এটা অনুভ‌ৱ কৰাই দিয়া । ঠিক সেইদৰে দূৰদৰ্শনৰ পৰ্দাত ওলো‌ৱা ঘটনাৰাজী আমি ঘৰতে বহি দেখিবৰ আৰু শুনিবৰ বাবে ঘটনাটো ঘটি থকা নিৰ্দিষ্ট ঠাইত গৈ কেমেৰা-মাইক্ৰফোনৰ সহায়েৰে দৃশ্য তথা শ্ৰব্য অংশসমূহে একেলগে গ্ৰহণ কৰাৰ পাছত কোনো দূৰদৰ্শন কেন্দ্ৰৰপৰা কৃত্ৰিম উপগ্ৰহলৈ পঠিওৱািৰ ব্য‌ৱস্থা কৰা হয় আৰু আপোনাৰ ঘৰত থকা সেই চেট-টপ বাকছটো‌ৱে পৃথি‌ৱীৰপৰা কত যোজন দূৰৰ আকাশত থকা এটা যন্ত্ৰৰপৰা একেখিনি সংকেত টানি আনি আমাক মূহুৰ্তৰ ভিতৰতে মনোৰঞ্জন প্ৰদান কৰিব পাৰে । আমি যদি বিজ্ঞানৰ ইমান এটা কঠিন কাৰ্য-কলাপৰ মাথা-মুণ্ড একো বুজি নোপো‌ৱাকৈয়ে সুবিধাটো লৈ থাকি আজি আৰামৰ জী‌ৱন এটা কটাই নিজকে আধুনিক যুগৰ মানুহ বুলি বুকু ফিন্দাই ক’ব বিচাৰো, তেন্তে আমি আমাৰ অযুক্তিকৰ আওপুৰণি চিন্তা-ভা‌ৱনাবোৰ আৰু আদিম মান‌ৱীয় ধ্যান-ধাৰণাবোৰক বিসৰ্জন দিবই লাগিব । যিবোৰে ৰীতি-নীতি বা বিশ্বাসে কাহানিও সভ্যতাৰ উন্নয়নত কিবা প্ৰকাৰে অৰিহণা যোগাই প্ৰতিষ্ঠিত বুলি প্ৰমাণিত হ’ব নো‌ৱাৰিলে,সেইবোৰ বিশ্বাসক বৰ্তমানেও আঁকো‌ৱালি ধৰি থকাৰ কোনো যুক্তি নাই । সভ্যতাৰ বিকাশৰ লগে লগে পৃথি‌ৱীত ন ন সূত্ৰ চিন্তাবিদ আৰু বিজ্ঞানীসকলে দাঙি আহিছে আৰু সেইবোৰৰ সত্যসত্যতা বিচাৰ কৰি সফল তথা প্ৰমাণিত ধাৰণাবোৰহে আজি আমাৰ বাবে আধাৰস্বৰূপ হৈছে যিবোৰৰ ওপৰতে গ‌ৱেষণা বা অধিক অধ্যয়ন কৰি আমি অন্য এটা সত্য উদ্ঘাটন কৰিবৰ বাবে সাহ কৰিব পাৰিম । গতিকে আজিৰ সময়ত তেনে এটা বিশ্বাসৰ স্থান নাই, যিয়ে কোটি কোটি বছৰৰ সময় পো‌ৱাৰ পাছতো নিজকে সত্য বুলি প্ৰমাণিত কৰিব নো‌ৱাৰিলে । ভেকুলিৰ বিয়া পাতি পৃথি‌ৱীৰ কোনো ঠাইতে কোনো এবাৰৰ বাবেও বৰষুণ হো‌ৱাব পৰা হো‌ৱা নাই । যদি হৈছে সেয়া স্বাভা‌ৱিকভা‌ৱেই হৈছে । নহ’লে খৰাং বতৰত কোনো খেতিয়কে আত্মহত্যা কৰিব লগীয়া পৰিস্থিতি এটাৰ সৃষ্টি নহ’লেহেঁতেন কাৰণ বিয়া পাতিবৰ বাবে এতিয়াও ভেকুলীৰ অভা‌ৱ হো‌ৱা নাই । আৰু আমি যদি আজিৰ এই একৈশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তিৰ জয়জয়-ময়ময় হো‌ৱা সময়তো আমাৰ আওপুৰণি অন্ধবিশ্বাসসমূহক এৰিব পৰা নাই, তেন্তে আমি এইখন সমাজত এটা ভদ্ৰ সামাজিক জী‌ৱন কটো‌ৱাৰ কোনো অধিকাৰ নাই । আমি ঘুৰি যো‌ৱা উচিত হ’ব সেই আদিম সমাজলৈ য’ত মানুহেই মানুহক কাটি মাৰি খাবলৈও কোনোধৰণৰ কুন্ঠাবোধ নাথাকিব ।
তিনিচুকীয়াৰ চাহকৰ্মীৰ সেই গাঁওখনত যি নৰবলিৰ ঘটনা সংঘটিত হৈ আহিছে, সেয়া শুনি উন্নত ৰাষ্ট্ৰৰ নাগৰিক বাদেই ভাৰতৰে অন্য প্ৰান্তৰ মানুহে আপোনাক প্ৰশ্ন নকৰিব নে, “আপুনিও অসম নামৰ হাবিখনৰে আদিম মানুহ নেকি” বুলি ? তেতিয়া কি উত্তৰ দিব আপুনি ?

উপাধিবিহীন নাম

কালি এজন আচৰিত ধৰণৰ মানুহ লগ পালো । তেওঁ জাগীৰোডৰ কাগজ কলত কাম কৰে । মই আগতে লগ নোপোৱা এই মানুহজন আমাৰ অফিচলৈ আহিছিল ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকা বিচাৰি । তেওঁৰ হাতত ইতিমধ্যেই ১৯৫১চনৰ এন. আৰ. চি.ৰ নথি আৰু লিগেছি কোড আছিলেই । গতিকে মই সুধিলো ভোটাৰ তালিকা কিয় লাগে বুলি । তেওঁ ক’লে যে পাছপোৰ্টৰ বাবে লাগে , তাত হেনো ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি হ’লেহে হ’ব । পাছপোৰ্ট কাৰ বাবে লাগে বুলি সোধাত ক’লে যে তেওঁৰ জীয়েকৰ বাবে লাগে । স্বাভা‌ৱিকতেই সুধি পেলালো তেওঁৰ ছো‌ৱালীয়ে কি কৰি আছে বা ক’ত আছে । দুগৰাকী ছো‌ৱালীৰ এজনীয়ে এন. আই. টি.ত এম. টেক. কৰি আছে আৰু এজনীয়ে মেডিকেল পঢ়ি আছে । এম. টেক. কৰি থকা গৰাকীয়ে ক’ৰপৰা পঢ়া-শুনা কৰিছিল বুলি সোধাত ক’লে যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত বি. ই. পঢ়িছিল । যিহেতু মইও তাতেই পঢ়িছিলো,গতিকে নামটো জানিবলৈ বিচাৰিলো । নামটো ‘কাকলি’। চিনি পাব পাৰো নেকি ভা‌ৱি সুধিলো, ‘কাকলি’ কি লিখে ? তেওঁ ক’লে যে কাকলি কাকলিয়েই । উপাধি নাই । জী‌ৱনত প্ৰথমবাৰ এই উপাধিবিহীন নাম শুনিলো । তেতিয়া মই সুধিলো, কিয় আপুনি তেনে নাম ৰাখিছে ? তেওঁ ক’লে-
“মই আচলতে উপাধি দাস লিখো। মোৰ ঘৰ বৰপেটাত । সৰুৰে পৰাই মা-দেউতাহঁতক সুধিছিলো,আমি এই ‘দাস’টো কিয় লিখো? মাঁহতে কৈছিল যে আমি সকলো‌ৱেই হেনো ঈশ্বৰৰ দাস। মই প্ৰশ্ন কৰিছিলো, তেন্তে সকলো‌ৱে কিয় উপাধিটো দাস বুলি নিলিখে? তাৰ উত্তৰ মাঁহঁতে সঠিকভা‌ৱে দিবপৰা নাছিল । কিন্তু ডাঙৰ হৈ যেতিয়া বুজিলো, তেতিয়া ভা‌ৱি পালো যে এই দাস উপাধিটো‌ৱে মোক লটি-ঘটি কৰিছে বা কৰিব পাৰে । বাস্ত‌ৱিকতে মই কাৰো দাস নহয় যেতিয়া Why should I be a দাস ? আমাৰ সমাজত এই উপাধিটো লৈয়ে মানুহে মানুহক শ্ৰেণীবিভাজিত কৰে , যিবোৰৰ কোনো প্ৰয়োজন নাই । অথচ সেইবোৰে সমাজত বহুতো সামাজিক-মানসিক বিভ্ৰান্তি আৰু অসুবিধাৰহে সৃষ্টি কৰিছে । গতিকে মই সিদ্ধান্ত ল’লো যে মোৰ ন-প্ৰজন্মক এই সাতামপুৰুষীয়া বদনামৰ ভাগী হ’বলৈ কাহানিও নিদিওঁ। ”
ইয়াৰ পাছত তেওঁক মই দুটা প্ৰশ্ন আকৌ কৰিলোঁ । এটা হ’ল,-“নাথ,কলিতা,শইকীয়া বা আন কিবা উপাধি হো‌ৱাহেঁতেন আপুনি তেতিয়াও এনে কৰিলেহেঁতেন নে?” তেওঁ ক’লে –“ তেতিয়া চাগে নকৰিলোহেঁতেন”। আৰু দ্বিতীয়টো প্ৰশ্ন আছিল- “উপাধিবিহীন হৈ কিবা অসুবিধা পাইছে নেকি ছোৱালীকেইজনীয়ে?” । তেওঁ জনালে যে অসমত অলপ অচৰপ হৈছে, যেনে শুদ্ধভা‌ৱে লিখি দিয়াৰ পাছতো মানুহবোৰে উপাধিটো থাকি গ’ল বুলি ভা‌ৱি নিজে নিজেই লগাই দিয়ে, কিন্তু অসমৰ বাহিৰত ক’তো তেনেকু‌ৱা হো‌ৱা নাই ।
তেখেকত মোৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলো । কিন্তু মানুহজনৰ কৰ্ম-কাণ্ডই মোক অলপ ভা‌ৱিবলৈ বাধ্য কৰালে ।(সম্পূৰ্ণ সঁচা ঘটনা)

ভাল লগা মানুহবোৰ..

অফিচত নতুনকৈ ডেকা ইঞ্জিনীয়াৰ এজনে যোগদান কৰিছে । এই স্ফুৰ্তিবাজ ল’ৰাজনৰ বাইকত উঠিয়েই কালি অফিচলৈ যাবলগীয়া হ’ল । এঘন্টীয়া ৰাস্তাৰ গোটেই যাত্ৰাটোতে সি তাৰ নিজৰ কাহিনীবোৰ শুনাই গ’ল আৰু মই একান্ত বাধ্য ছাত্ৰৰদৰে শুনি গ’লো । অৱশ্যে দুই-এষাৰ কথা নপতাকৈ বাইকত বহি যো‌ৱাটোও মহা অশান্তিদায়ক কাম ! ফ’ৰ-লেন ৰাষ্টা পাই বেটাই অলপ ভাল বেগতেই বাইক চলাইছিল । তেনেতে এটা কুকুৰে ভুৰুংকৈ ৰাষ্টাৰ মাজেৰে দৌৰ মাৰিলে । কথাৰ মাজত ব্যস্ত হৈ থকাৰ বাবেই চাগে’ থৰ-কাচুতি হেৰু‌ৱাই যেনেতেনে খুণ্ডা নমৰাকৈ কুকুৰটোক বচালে যেনিবা। তেতিয়া সি ক’লে- ‘বুজিছে ছাৰ, ৰাষ্টাৰ মাজলৈ গৰু ছাগলী এৰি দিয়াটোত আমাৰ মানুহৰো ভুল আছে, তথাপি এই ড্ৰাইভাৰ জাতিটোলৈ কেতিয়াবা খঙেই উঠে।’ মই সুধিলো,- ‘কিয়?’
-‘ড্ৰাইভাৰবোৰে জানেই যে গৰু-ছাগলীয়ে গাড়ী কি বস্তু, ক’ৰপৰা কিমান স্পীডত আহিছে একো বুজি নাপায়, তথাপি সিঁহতে নিজৰ ব্ৰেকত ভৰি নিদিয়ে । যিমান হ’লেও সিহঁতো এটা জী‌ৱ ; নহয় জানো?’
-‘ওমম..’ । মই বিশেষ নক’লো, কাৰণ গাড়ী চলো‌ৱাৰ অভিজ্ঞতা মোৰ নাই ।
-‘এবাৰ বুজিছে নে, গু‌ৱাহাটীলৈ যাওঁতে সোনাপুৰৰ ওচৰতে, অলপ সময়ৰ আগতে গাড়ী এখনে গৰু এটা মাৰি থৈ গ’ল, আমি দুটা বাইকত গৈ আছিলো ; মানে দেখি একদম মন-চন বেয়া লাগি গ’ল ।’
-‘কিয়?’
-‘ওচৰতে থকা তিনিটামান গৰু আহি মৰা গৰুটোক ঘেৰি লৈ ৰৈ আছেহি । মৰা দমৰাটোৰ চাগে মাক-বাপেক পেহিয়েক-মাহীয়েক হ’ব । গৰুকেইটাৰ চকুকেইটা ইমান শান্ত আৰু মুখকেইখন ইমান নী‌ৰ‌ৱ যে মানে ভা‌ৱি কিবা লাগি গ’ল –সিহঁতেতো একো কৰিবও নো‌ৱাৰে ন!’
-‘এৰা , হয় দিয়া ।’

মই দুআষাৰমান সন্মতিসূচক কথা ক’লো । বাইক গৈ থাকিল । ৰহা পালো । তাতে সি দুটামান দৰ‌ৱ কিনিব বোলে । দৰ‌ৱকেইটা কুকুৰৰ ওকণি মৰা ঔষধ । তাৰ ঘৰত থকা কুকুৰটোৰ ওকণি হৈছে, কালি চেম্পুৰে গা-ধো‌ৱাই ফনিয়াই দিওঁতে হেনো বহুত ওকণি সৰিল । তাৰোপৰি তাৰ কিবা-কিবি বেমাৰো হৈছে হেনো । সি আৰু কৈ গ’ল-
‘কুকুৰটোৰ বয়স এতিয়া ১২ বছৰ । ডাক্টৰে কৈছে এই প্ৰজাতিটোৰ কুকুৰ ইমান বছৰ জী‌য়ায়েই নাথাকে বোলে । তাৰ নখবোৰ বুঢ়া হৈ টান হৈ গৈছে । ভালদৰে দৌৰিব নো‌ৱাৰি পকা মজিয়াত কেতিয়াবা চুঁচৰিয়ে যায় । আগতে শৌচ-প্ৰস্বা‌ৱ সদায় বাহিৰত কৰিছিল, কিন্তু আজিকালি য’তে ত’তে প্ৰস্বা‌ৱ কৰি মাক দিগদাৰহে দিয়ে ।’
বন কৰা মানুহ নথকা ঘৰখনত কুকুৰটোক চো‌ৱা-চিতা কৰিবলৈ বয়সিয়াল মাকে আমনি পাই এদিন হেনো কুকুৰটোক বেলেগ কাৰোবাক দি দিবলৈ কৈছিল। তেতিয়া সি বোলে ক’লে- ‘চো‌ৱা মা, সি এতিয়া বুঢ়া হৈছে বাবেহে তেনেকু‌ৱাখন কৰিছে । তাৰ শৰীৰে পৰা নাই বাবেহে সি আমাক একো চাৰ্ভিছ দিব পৰা নাই । কিন্তু মনত পেলো‌ৱাচোন সেই দিনকেইটাৰ কথা, তুমি যে অকলশৰীয়া হৈ থকাৰ সময়তো সিয়েই তোমাৰ লগৰী নাছিল ? ৰাতিখন গ্ৰিল টানি কষ্ট পাবা বুলি ভা‌ৱিয়েই সি আবেলিতেই তাৰ নিত্য-নৈমত্তিক কামফেৰা বাহিৰত কৰি নাহিছিল নে? ঘৰৰ সমুখত অচিনাকী মানুহৰ গোন্ধ পালেই ভুকি ভুকি গোটেই ৰাতিটো আমাৰ ঘৰখন পহৰা দিয়া নাছিল নে? তোমালোক বুঢ়া-বুঢ়ী হৈছা বুলি কালিলৈ মই তোমালোকক নি কোনোবা বৃদ্ধাশ্ৰমত থৈ আহিলে তোমালোকৰ কেনেকু‌ৱা লাগিব?’
মই তাৰ কথাত হয়ভৰ দিলো । মন কৰিছিলো, দুদিনমানৰ আগৰেপৰা আমাৰ অফিচৰ দৰ্জাখনৰ ওচৰতো কুকুৰ দুটামান আহি বহি থাকেহি । দেখিবলৈ ভাল নালাগে বাবে এদিন গালি এটা পাৰি মইয়ে খেদি দিছিলো । তাতে আকৌ ৰাষ্টাত ঘুৰি ফুৰা সেই ভতু‌ৱা ফাঁপৰে ধৰা কুকুৰ । পাছত চকীদাৰজনক সুধি গম পালো, আমাৰ ডেকাল’ৰায়েই বোলে সিঁহতক চল দিছে আহিবলৈ । সেই লেতেৰা কুকুৰকেইটাক সদায় বিস্কুট আৰু নিজৰ ভাগৰ টিফিন খাবলৈ দিয়াৰ বাবে তাৰ সহকৰ্মী আন এজনে তাক উপহাস কৰি হাঁহোতে সি কো‌ৱা কথাষাৰ মোৰ এতিয়াও মনত আছে- ‘ফঁপৰা কুকুৰ হ’ল কি হ’ল, সি তাৰ ডিউটি ঠিকমতেই কৰিব জানে । এতিয়া তই বিদেশী কুকুৰ এটা চাৰি-পাঁচ হাজাৰ দি কিনি আনিছ, তাক নিতৌ মাছ-মঙহ খু‌ৱাইছ বাবে সি তোৰ আদৰৰ । কিন্তু ইয়াক যদি তই ভালদৰে চাবুন-চেম্পু দি ধু‌ৱাই মেলি ভালদৰে ৰাখ, ইও দেখিবলৈ ধুনীয়া হ’ব । ’
কম্পিউটাৰ ইঞ্জিনীয়াৰ এই ল’ৰাজনে তেওঁৰ লগত আহি থাকোতে মোক বৰ ভাল লগা কথা এষাৰ ক’লে- ‘বুজিছে ছাৰ, খাবলৈ নোপো‌ৱা সৌ ৰাষ্টাৰ কুকুৰটোক আপুনি ঘৰলৈ আনি ভালদৰে খাবলৈ দিয়ক, সি আপোনাক কেতিয়াও নাকামুৰে । কিন্তু মানুহ এজনৰপৰা সেই একে কৃতজ্ঞতাবোধ আপুনি আশা কৰিব নোৱাৰে ।’
তেনেতে আমি আহি অফিচ পাইছিলোহি । বাইকৰ হৰ্ণৰ শব্দ শুনিয়েই দুটা ভতু‌ৱা কুকুৰ ক’ৰপৰা জানো দৌৰি আহি আমাৰ কাষ পালেহি । চালক ল’ৰাজনে পকেটৰপৰা বিস্কুটৰ পেকেটটো খুলি সিঁহতক খাবলৈ দিলে । নাজানো কিয়বা মোৰ মনটো হঠাৎ কিবা এটা ভাল লাগি গ’ল !

Wednesday, July 29, 2015

ধৰ্ষণৰ সংখ্যা বাঢ়িছে কিয় ?





চলিত বৰ্ষৰ ২৩ মাৰ্চ তাৰিখে বিধানসভাৰ বাজেট অধি‌ৱেশনত বিধায়িকা গুল আখটাৰা বেগমৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হৈ তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে সদনত যো‌ৱা দহবছৰত ৰাজ্যখনত হো‌ৱা নাৰী নিৰ্যাতনৰ ঘটনাসমূহৰ এক খতিয়ান দাঙি ধৰে । উক্ত তথ্যমতে, ইং ২০০৫ বৰ্ষৰ পৰা ২০১৪ লৈকে বিগত দহ বছৰত অসমত নিৰ্যাতিত হো‌ৱা মহিলাৰ সংখ্যা হৈছে  ৬৮,৩২৯ । ইয়াৰ ভিতৰত ধৰ্ষণৰ বলি হো‌ৱা মহিলাৰ সংখ্যা হৈছে ১৫,৯৩১ গৰাকী আৰু ধৰ্ষণৰ বলি হৈ মৃত্যুবৰণ কৰা নাৰীৰ সংখ্যা হৈছে ৭৮ গৰাকী । স‌ৱিশেষ তথ্য তলৰ তালিকাত দাঙি ধৰা হ’ল ।
চন
ধৰ্ষণৰ বলি
ধৰ্ষণৰ বলি হৈ মৃত্যু
২০০৫
১২১৭
২০০৬
১২০৩
২০০৭
১৩১০
২০০৮
১৪১৯
২০০৯
১৬৩১
২০১০
১৭২১
২০১১
১৭০৭
সুনিৰ্দিষ্ট তথ্য নাই
২০১২
১৭১৬
১৫
২০১৩
১৯৬০
১৪
২০১৪
২০৪৭
১৩

এই তালিকাত দেখু‌ওৱা সংখ্যাবোৰ হৈছে চৰকাৰী প্ৰতিবেদনমতে প্ৰাপ্ত তথ্যৰ ভিত্তিত বেচৰকাৰী পৰিসংখ্যাত হয়তো এই তালিকাৰ সংখ্যাতকৈ দুগুণ বা ততোধিক মহিলা ধৰ্ষণৰ বলি হ’ব পাৰে । সেয়া যিয়েই নহওঁক, এটা কথা সত্য যে দিনক দিনে, বছৰে বছৰে অসমত ধৰ্ষণৰ বলি হো‌ৱা মহিলাৰ সংখ্যা অতি ভয়ংকৰভা‌ৱে বাঢ়িবলৈ ধৰিছে । ই এটা অতি উদ্বিগ্নতাৰ বিষয়; কিয়নো আমাৰ বোধেৰে, স্বদেশত জন্ম হৈ সততা আৰু নিষ্ঠাৰ বলত জী‌ৱনত যিমানেই সফলতা অৰ্জন নকৰো কিয়, সেই গৌৰ‌ৱ দৰ্পচূৰ্ণ হৈ সদায়ে আমি লজ্জানত হৈ থাকিব লাগিব যদিহে আমি আমাৰ জন্মদাত্ৰী জননীক সুৰক্ষা দিবলৈ অপাৰগ হওঁ । আৰু দেশৰ আজিৰ পৰিস্থিতি হৈছে তেনে এক বিপন্ন সময় ।


        সমাজৰ উন্নয়ণ আৰু প্ৰগতিৰ মাপকাঠি হ’ল সভ্যতা (Civilization)এই সভ্যতা বুলিলে আমি ডাঙৰ ডাঙৰ অট্টালিকা,কল-কাৰখানা,প্ৰযুক্তি, অ‌ৱসৰ-বিনোদন - এইবোৰক নুবুজো । বৰঞ্চ আমি বুজা উচিত কিদৰে মানুহৰ অন্তৰাত্মাৰ ব্যাপ্তি আৰু মান‌ৱীয়তাৰ প্ৰসাৰে জাতি এটাক একত্ৰিত কৰি সু্স্থ চিন্তাৰে উচিত কামকাজেৰে এক সৰ্বতোপ্ৰকাৰে সুষম আৰু সমতুল সামাজিক বাতাবৰণ গঢ়ি তুলিব পাৰি-সেই ধাৰণাটোকহে এটা সভ্য জাতি হ’ব পাৰে এখন দেশৰ বাবে এক মূল্য‌ৱান সম্পদ ।  আৰু সেইদৰে এটা অসভ্য জাতি দেশ এখনৰ প্ৰগতিৰ বাবে অভিশাপস্বৰূপ হ’ব পাৰে । যিবোৰ সামাজিক ব্যাধিয়ে এটা জাতিক অনুন্নত আৰু অসভ্য বুলি পৰিগণিত কৰাব পাৰে, তাৰে ভিতৰত গুৰুতৰ এটি হৈছে ধৰ্ষণ । 

        পৃথি‌ৱীৰ সকলো সমাজ-বিজ্ঞানী আৰু মনোস্তত্ববিদে একে আষাৰে ক’ব- নিৰক্ষৰতা হৈছে ধৰ্ষণৰ এটি প্ৰধান কাৰক । ইয়াৰ অৰ্থ এইটো নহয় যে, শিক্ষিত বা পঢ়া-শুনা কৰা মানুহৰ মাজত ধৰ্ষণকাৰী নাথাকে । কিন্তু বিজ্ঞসকলে পাইছে যে শিক্ষা হৈছে এনে এটা শক্তি যি মানুহৰ স্বাভিমানক জাগৃত কৰি এজন ব্যক্তিক সমাজমুখী হো‌ৱা আৰু শুভ চিন্তাৰে জাতিষ্কাৰ হো‌ৱাত সহায় কৰে । এইখন দেশে শিক্ষাৰ নামত স্মাৰ্ট ক্লাছৰুম, অনলাইন পাঠ্যক্ৰম, মুক্ত বিদ্যালয়, দূৰসংযোগী শিক্ষক, ই-বুক,ই-লাইব্ৰেৰী সকলো গঢ়ি তুলিছে সঁচা; কিন্তু শিক্ষাৰ এই প্ৰসাৰতাই ফুটপাথ,গলি বা বস্তি আৰু চৰ-চাপৰিত বাস কৰা কোটি কোটি ভাৰতীয়ক আজিও চুবগৈ পৰা নাই । আৰু সমাজৰ অ‌ৱহেলিত এই শিশুসকলক শিক্ষাৰ পোহৰ দিব পৰাকৈ যদিও চৰকাৰ আৰু বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্বেচ্ছাসে‌ৱী সংগঠনে কাগজে-কলমে কাম-কাজ কৰি আছে, বাস্ত‌ৱ অৰ্থত সেয়া এপাচি শাকত এটা জলকীয়াৰ সমান বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । অশিক্ষিত এটি শিশু আজিৰ এই আধুনিক জী‌ৱন-যাত্ৰাৰ অংশীদাৰ হৈ ডাঙৰ-দীঘল হ’লেও  তাৰ জ্ঞানশূন্যতাই তাক আদিম মান‌ৱৰ শাৰীতে ৰাখিব । আৰু এনে আদিমতাৰ অজুহাততে তেনে এজন যু‌ৱকে ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰি পেলো‌ৱাটো একো অস্বাভা‌ৱিক কথা হ’ব নো‌ৱাৰে
 
            প্ৰতিজন মানুহৰে অ‌ৱচেতন মনত সুপ্ত হৈ থকা অপৰাধপ্ৰ‌ৱণতাক জগাই দি যিকোনো দুষ্কাৰ্যৰ প্ৰতি উচতনি দিবৰ বাবে অনুঘটক হিচাপে কাম কৰে মাদক-দ্ৰব্য বা নিচাযুক্ত দ্ৰ‌ৱ্য সে‌ৱনে । এনে দ্ৰ‌ৱ্যই শৰীৰৰ স্নায়ুতন্ত্ৰত বিশেষ চাপৰ সৃষ্টি কৰি মানুহজনক বেপৰুৱা কৰি তোলে যাৰ ফলতে কিজানি জেউৰা-খুটিহেন লোক এজনেও গাত হাতীৰ সমান বল থকা বুলি অনুভ‌ৱ কৰে । আৰু ‘জোৰ যাৰ মুলুক তাৰ’ কথাষাৰি দোহাৰি এইবোৰ মানুহে সমুখত থকা যিকোনো লোককে নিজতকৈ কম শক্তিবান বুলি ভা‌ৱি সকলো প্ৰকাৰৰ বাহুবল প্ৰদৰ্শন কৰিবলৈ উদ্যত হয় । আমি ব্যক্তিগতভা‌ৱে এনে মদপী লোকো দেখা পাইছো যি নিজৰ পৰিয়ালৰ মানুহৰ সমুখতে হিতাহিত জ্ঞান হেৰু‌ৱাই অভদ্ৰ আৰু অশিষ্ট আচৰণ কৰিবলৈ ধৰে । এনে মানুহক যদি মুক্তভা‌ৱে চলাফুৰা কৰিবলৈ এৰি দিয়া হয়,তেন্তে তেওঁ মদৰ নিচাতে কি কি যে নকৰিব তাৰ কোনো ঠিকনা নাই । গতিকে যি দেশত চৰকাৰে দেশী-বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি  ঘৰৰ সমুখতে মদ নামৰ সমাজ ধ্বংসকাৰী এই উপাদানবিধ পাব পৰাৰ ব্য‌ৱস্থা কৰিছে, সেই দেশত বলাৎকাৰীৰ সংখ্যা নবঢ়াৰ কোনো যুক্তিয়েই নাই । ৰাইজে নিজে ওলাই আহি মদৰ ঘাটি উচ্ছেদ নকৰিলে বা ৰাগিয়াল-দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ত জনসচেতনতা বৃদ্ধি নকৰিলে চৰকাৰে সেই কামটো কৰিব বুলি ভ‌ৱাটো ভুল হ’ব – কাৰণ ৰাজহ  সংগ্ৰহৰ নাম দি নিজৰ পকেট গৰম কৰা কাৰবাৰটো বন্ধ কৰিবলৈ কোনো প্ৰশাসনেই কাহানিও ইমান বুৰ্বক নহ’ব কিজানি !

        বিপৰীত লিংগৰ প্ৰতি থকা যৌন ক্ষুধা প্ৰতিটো প্ৰাণীৰেই এক প্ৰকৃতিপ্ৰদত্ত স্বাভা‌ৱিক প্ৰবৃত্তি ।  কিন্তু যেতিয়াৰপৰাই মানুহে সমাজ পাতি বসবাস কৰিবলৈ ল’লে তেতিয়াৰপৰাই অনিয়ন্ত্ৰিত আৰু বিশৃংখল যৌনতাক নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধ কৰি মানুহে অইন ইতৰ প্ৰাণীৰপৰা পৃথক হৈ বেছ বুদ্ধিমান আৰু উন্নত বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ’ল । এই শৃংখলাবদ্ধতাৰ বাবেই মানুহে ‘বিবাহ’ নামৰ পৰম্পৰাটো আৰু সংগমৰ কিছুমান সামাজিক ৰীতি-নীতিৰ সূচনা কৰিলে যিবোৰে আজিও মানুহক ‘মানুহ’ হিচাপে স্বীকৃতি দিয়াত সহায়ক হৈ আহিছে । ইয়াৰ উপৰিও যিটো মান‌ৱীয় গুণে সমাজত এটি সুস্থ বাতাবৰণ গঢ় দিয়াত আটাইতকৈ বেছি অৰিহণা দি আহিছে সি হৈছে –‘নৈতিকতা’ । কিন্তু দুৰ্ভাগ্যৰ বিষয়, এই বিংশ শতিকাটোতে আমাৰ সমাজখনত নৈতিকতাৰ অ‌ৱক্ষয় ইমানেই ঘটিছে যে নীতি-শিক্ষাৰ কথা মাত্ৰ এষাৰো যদি আপুনি কয়, তেন্তে নিজৰ সন্তানেই আজি আপোনাক ‘আউট-দেটেড’ বুলি উপহাস কৰিব । শিশুক নৈতিকতাৰ পাঠ দিয়াৰ সলনি  আজিকালি আমি সিঁহতক দিবলৈ লৈছো কম্পিউটাৰ যন্ত্ৰৰ শিক্ষা

        এনে নৈতিকতাবিহীন সমাজত আজিৰ ডেকাই এগৰাকী কিশোৰী,গাভৰু বা নাৰীক  একে তেজ-মঙহেৰে গঠিত সমপৰ্যায়ৰ মানুহ হিচাপে মৰ্যাদা দিয়াতকৈ গণ্য কৰে ভোগৰ সামগ্ৰী আৰু যৌন ক্ষুধা নি‌ৱাৰণৰ আহিলা হিচাপেহে । আচৰিত হ’বলগীয়া কথা, এনে সংকীৰ্ণ মনৰ মানুহৰ সংখ্যা এই পৃথি‌ৱীত যে তেনেই কম, তেনে নহয় । বৰঞ্চ এনে মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছেহে। অসমত বহিৰাগত প্ৰব্ৰজনকাৰীয়ে এই ক্ষেত্ৰত কিছু প্ৰভা‌ৱ পেলাইছে । যিসকল মানুহে কে‌ৱল দিনটোৰ খো‌ৱাৰ যা-যোগাৰৰ বাবেহে কাম কৰে, সেইসকল লোকৰ মনত অনবৰত ক্ৰীয়া কৰি থকা অন্য এটা ‘ধান্দা’ হৈছে তেওঁলোকৰ যৌন ক্ষুধা। তাতে আকৌ অনুঘটক হিচাপে যোগ দিয়ে মদ, ভাং, ড্ৰাগছ বা অন্য নিচাজাতীয় দ্ৰব্যই । সহজতে অধিক উপাৰ্জন কৰিব পৰা নাৰী-দেহৰ ব্য‌ৱসায়তো বহুতে হাত উজান দিয়ে। গতিকে এইসকল লোকৰ বাবে ধৰ্ষণৰ দৰে জঘন্য অপৰাধ এটা সংঘটিত কৰাটো বাওঁ হাতৰ খেলাৰ দৰে হৈ পৰে । কাগজে-পত্ৰই,ৰেডিঅ’ই-টিভিত  প্ৰকাশ হো‌ৱা বলাৎকাৰৰ ঘটনাসমূহ অধ্যয়ন কৰি এইটো কথা ক’ব পাৰি যে এনে বহু প্ৰব্ৰজনকাৰী নিকৃষ্ট মানসিকতাৰ অশিক্ষিত মানুহৰ সংগদোষত পৰি বৰ্তমানে অসমৰ বহু থলু‌ৱা লোকো ধৰ্ষণৰ দৰে অপৰাধত লিপ্ত হৈ পৰিছেআমি অতি শীঘ্ৰে এনে অপৰাধকাৰীৰ সংখ্যা কমো‌ৱাত গুৰুত্ব নিদিলে অসমীয়া জীয়ৰী-বো‌ৱাৰীৰ বাবে ঘৰৰপৰা বাহিৰলৈ ওলাবকেই নো‌ৱাৰা এটা সময়ো আহি পৰিব পাৰে বুলি আশংকা কৰিব পাৰি    

        ‘টাইটানিক’ নামৰ অস্কাৰ বঁটা বিজয়ী আৰু বিশ্বজুৰি সমাদৃত চলচ্চিত্ৰখন কিছুবছৰ আগতে ভাৰতৰ ছ‌ৱিগৃহসমূহতো খুব সফলভা‌ৱে প্ৰদৰ্শিত হৈছিল । সেই ছ‌ৱিখনত মহাসাগৰৰ মাজত এখন জাহাজত চিনাকী হৈ প্ৰেমত পৰা এহাল যু‌ৱক-যু‌ৱতীৰ অতুলনীয় অমৰ প্ৰেম-কাহিনীক দাঙি ধৰা হৈছে । ছ‌ৱিখনৰ কোনোবা এটা মুহুৰ্তত নায়কে নায়িকাৰ উলংগ শৰীৰ চাই চাই অনুৰূপ প্ৰতিকৃতি এখন অংকন কৰা দেখু‌ৱায় । ৯০% ভাৰতীয় দৰ্শকে চিত্ৰগৃহ ভিৰ কৰাৰ উদ্দেশ্য হেনো ছ‌ৱিখন উপভোগ কৰা নাছিল, আছিল কে‌ৱল মোহময়ী নায়িকাৰ উন্মুক্ত দেহ প্ৰদৰ্শিত হো‌ৱা সেই বিশেষ ক্ষণকেইটাৰ সো‌ৱাদ লো‌ৱাহে প্ৰেমৰ বাবে জী‌ৱন দান কৰাৰ দৰে মহৎ অৰ্থক অনুধা‌ৱন কৰিব পৰাৰ সলনি ভাৰতীয় দৰ্শকৰ মানসিকতা কিমান লঘু আৰু গভীৰতাবিহীন হ’ব পাৰে এই ঘটনাই তাৰ স্পষ্ট প্ৰমাণ । অ‌ৱশ্যে ভাৰতীয় মানুহৰ মানসিকতা গঢ় দিয়াত ইয়াৰ প্ৰচলিত ধৰ্মীয় পৰম্পৰা আৰু গণ-সংযোগ মাধ্যমসমূহৰ ভূমিকাৰ ওপৰতো বহুখিনি প্ৰশ্নবোধকৰ প্ৰয়োজনীয়তা আছে । 

        বিদেশত চিত্ৰকলাৰ অংশ হিচাপে জ‌ী‌ৱন্ত নাৰীদেহক ‘মডেল’ হিচাপে লৈ ছ‌ৱি অংকন কৰাৰ উদাহৰণ পো‌ৱা যায়। এইবোৰত কোনো মোহময়ী যু‌ৱতীয়ে বন্ধ কোঠাৰ ভিতৰত মাত্ৰ এজন পুৰুষৰ আগত দুই-তিনি ঘন্টা সময়ৰ বাবে সম্পূৰ্ণ নাঙঠ হৈ থাকিলেও কোনো ধৰ্ষণৰ ঘটনা হো‌ৱা শুনা নাযায়। ইয়াৰ কাৰণ হৈছে বুজাপৰা,নাৰী-পুৰুষৰ বন্ধুত্ব আৰু মানসিকতাৰ উত্তৰণকিন্তু আমাৰ দেশত তেনে এক পৰিস্থিতি আমি কল্পনা কৰিব পাৰো নে? নাৰী-পুৰুষৰ সৌহাৰ্দ্যপূৰ্ণ বন্ধুত্বক যৌনতা বাদ দি এক অনন্য সম্বন্ধৰে পৰিচয় দিব পৰাকৈ আৰু চিনাকীয়েই হওঁক বা অচিনাকীয়েই হওঁক, যিকোনো নাৰীকে সন্মান আৰু সমমৰ্যাদাৰে স্থান দিবলৈ আমাৰ ভাৰতীয় মানসিকতাই আৰু বহু দূৰ আগু‌ৱাবলৈ বাকী আছে

            নৈতিক অ‌ৱক্ষয়ৰ এই দুৰ্যোগক ত্বৰান্বিত কৰিবলৈ ভাৰতবৰ্ষত উপাদানৰ অভা‌ৱ হো‌ৱা নাই। দেশৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোককে সামৰি লো‌ৱা বৃহৎ চলচ্চিত্ৰ উদ্যোগটো‌ৱে এইক্ষেত্ৰত যি আগভাগ লৈ সমাজ-সংস্কাৰমুখী ধাৰণাসমূহ চিনেমাৰ মাধ্যমেৰে ৰাইজক অ‌ৱগত কৰিব পাৰিব লাগিছিল, তাৰ সম্পূৰ্ণ ওলোটাটোহে বৰ্তমানে বাস্ত‌ৱত দেখা পো‌ৱা গৈছে। যিসময়ত হলীউদৰ ছ‌ৱিত ‘হিৰো’ হিচাপে প্ৰদৰ্শন কৰি শাৰিৰীক শক্তিৰে নাৰীও কোনোগুণেই কম নহয় বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে; সেইসময়ত ভাৰতীয় চিনেমাত নাৰীক কে‌ৱল লাঞ্চিতা-বঞ্চিতা আৰু সহিষ্ণুতাৰ প্ৰতীক হিচাপেই দেখু‌ৱাই অহা হৈছে । তদুপৰি,  আগৰ তুলনাত আজিকালি হিন্দী ছ‌ৱিয়েই হওঁক বা স্থানীয় ভাষাৰ ছ‌ৱিয়েই হওঁক যৌনতাক আগভাগ দি মছলা জাতীয় নৃত্য-গীতেৰে কাহিনীত বক্ৰতা নানিলে ছ‌ৱিবোৰ যেন অসম্পূৰ্ণ হৈ ৰ’ব, তেনে অনুভ‌ৱ কৰা হৈছে পৰিচালকে । তাৰে ফলস্বৰূপে চলচ্চিত্ৰ নিৰ্মাতাসকলে নায়িকাক স্বল্পবস্ত্ৰৰে অংগ প্ৰদৰ্শন কৰাই দৰ্শকৰ মনত যৌন উত্তেজনাৰ ভা‌ৱ সঞ্চাৰ কৰাত উঠিপৰি লাগিছে । কে‌ৱল যৌনতাক বিষয় হিচাপে লৈও মাজে সময়ে চিনেমা নিৰ্মাণৰো ধূম উঠা দেখা যায় । চানী লিয়নীক নিজৰ ধন অৰ্জনৰ ব্য‌ৱসায়ত ব্য‌ৱহাৰ কৰা মানেই মুক্ত যৌনতাক স্বীকৃতি দি সমাজৰ এচাম মানুহক যৌনতাৰ প্ৰতি প্ৰৰোচিত কৰা নহয় নে?      

        পূঁজিপতি আৰু বহুজাতিক কোম্পানীৰ ব্য‌ৱসায়িক লাভালাভৰ বাবেই দূৰৰ ছ‌ৱিগৃহৰ পৰা যৌনতাক আনি ঘৰৰ ভিতৰৰ দূৰদৰ্শনৰ পৰ্দাত উপস্থাপনৰ ব্য‌ৱস্থাও কৰা হৈছে। তেৰাসকলৰ কুবুদ্ধিৰ প্ৰকোপত আমাৰ নিজা অসমীয়া নিউজ-চেনেলেও আপোনাক পৰিয়ালৰ সকলোৰে লগত একেলগে বহি কিবা এটা চাব নো‌ৱাৰা অ‌ৱস্থাৰ সৃষ্টি কৰিছেহি । দেহ-মন খলকনি লগো‌ৱা হাজাৰটা বিজ্ঞাপনৰ জৰিয়তে নাৰীক কে‌ৱল উপভোগ্য সামগ্ৰী হিচাপে উদঙাই দিয়া হৈছে। মটৰ-চাইকেল অথবা শ্বেভিং-ক্ৰীমৰ বিজ্ঞাপনতো এগৰাকী যু‌ৱতীয়ে আপোনাৰ মন পিছলাব নো‌ৱাৰালৈকে যেন সেই সামগ্ৰীবিধৰ কোনো কালে বিক্ৰি নহ’ব, তেনে এটা ধাৰণাৰ সৃষ্টি কৰা হৈছে । ডাঙৰ ডাঙৰ হোৰ্ডিং-বেনাৰত আঁৰি দিয়া হৈছে পণ্য সামগ্ৰী হিচাপে নাৰীৰ উদং শৰীৰ । এনে এটা পৰি‌ৱেশত পুৰুষৰ মনত নাৰীক উপভোগ কৰা বা আক্ৰমণ কৰাৰ দৰে নেতিবাচক চিন্তা-ভা‌ৱনাই অনবৰত ঠাই পো‌ৱাটো স্বাভা‌ৱিক কথা হৈ পৰা নাই নে ?

        প্ৰযুক্তিৰ প্ৰসাৰতাই আমাক যিমানে উপকাৰ কৰিছে, প্ৰায় সমানেই বা ততোধিকভা‌ৱে অপকাৰোযে আমাক সাধিছে সেই কথা নিশ্চিত । ঘৰে ঘৰে কম্পিউটাৰ,লেপটপ আৰু হাতে হাতে মোবাইল-ফোন হো‌ৱাৰ ফলত অসমৰ গা‌ৱেঁ-ভূঞেঁও  ব্লু-ফিল্মৰ অবাধ প্ৰচলন যে হ’বলৈ ধৰিছে, সেই কথা এতিয়া আৰু গুপুত হৈ থকা নাই । মনোবিজ্ঞানীৰ মতে এনে যৌনগন্ধী চলচ্চিত্ৰ বা আলোকচিত্ৰই এজন কিশোৰ বা পুৰুষক শাৰিৰীকভা‌ৱে দুৰ্বলী কৰাৰ লগতে ব্যক্তিত্বৰো হানিসাধন কৰে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটি হৈছে, ধৰ্ষণৰ ঘটনা বাঢ়িবলৈ লো‌ৱাৰ ই এটা মুখ্য কাৰণ । এই দিশত আমাৰ অভিভা‌ৱকসকলে নিজৰ ল’ৰা-ছো‌ৱালীৰ কৰ্ম-কাণ্ডৰ প্ৰতি সজাগ দৃষ্টি ৰখাটো বৰ্তমানে জৰুৰী হৈ পৰিছে । 

         আমাৰ বোধৰে, নাৰী আৰু পুৰুষৰ মিলন হৈছে এক বিৰল সুখানুভূতি আৰু জন্মৰ ৰহস্যজড়িত এক  স্বৰ্গীয় পৰিঘটনা । প্ৰতিজন মানুহেই এই কথাটো অনুধা‌ৱন কৰাটো প্ৰয়োজন যে, তেওঁৰ জী‌ৱনলৈ মিলনৰ এনে মূহুৰ্ত যথাসময়ত আহিবই । ইয়াৰ বাবে ব্যাকুল হৈ কোনো অসামাজিক কাৰ্যত নিজকে নিয়োগ কৰাৰ কোনো প্ৰয়োজন নাই । আৰু মিলনৰ সময়তো, পুৰুষ-মহিলা দুয়োগৰাকীৰে ইচ্ছা অনিচ্ছাৰ বুজাপৰা থকাটোৰ অত্যন্ত দৰকাৰ । অনিচ্ছাকৃত মিলনেই হৈছে ধৰ্ষণ । স্বামীয়েও স্ত্ৰীক ধৰ্ষণ কৰিছে বুলি ক’ব পাৰি, যদিহে এই মিলন স্ত্ৰীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে হয় বা অপ্ৰাকৃতিক যৌন সম্ভোগ হয় । ক’ব পাৰি, যৌন সম্ভোগক পাৰস্পৰিক বুজাপৰাৰ যোগেদি বহু উচ্চ স্তৰীয় এক অনুভূতিলৈ ৰূপান্তৰিত কৰিব পাৰি, যি অনুভূতিৰদ্বাৰা হয়তো পুৰুষ আৰু মহিলা দুয়োগৰাকীয়ে মানসিকভা‌ৱে পূৰ্ণতা প্ৰাপ্তি কৰি ইজন সিজনৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হ’ব পাৰে।

        পৃথি‌ৱীত শাৰিৰীক শক্তিৰ প্ৰদৰ্শন আৰু তাৰ প্ৰয়োগেৰে দুৰ্বলীসকলক শোষণ-নিপীড়ণ কৰাৰ পৰম্পৰা যুগ-যুগান্তৰৰপৰা চলি আহিছে । তাৰ প্ৰভা‌ৱতেই নে কি নাজানো, প্ৰকৃতিয়ে দান দিয়া শক্তিৰ প্ৰদৰ্শন কৰিবলৈ যেন পুৰুষসকল অনবৰত উদ্যত হৈ থাকে । গতিকে যিমানেই শিক্ষা-দীক্ষাৰে শিক্ষিত নহওঁক কিয়, যিমানেই উচ্চপদস্থ চৰকাৰী-বেচৰকাৰী চাকৰি নকৰক কিয়, আমাৰ বহু পুৰুষৰ হাততে কৰ্মক্ষেত্ৰত নাৰীয়ে নানাধৰণৰ নিৰ্যাতন সহ্য কৰি থাকিবলগীয় হয় । বন কৰা ছো‌ৱালীজনীয়েই হওঁক বা কোম্পেনীৰ ‘বছ’ৰ চেক্ৰেটাৰীগৰাকীয়েই হওঁক, ভাবুকি নাইবা চাকৰিৰ টোপ দি অসহায় মহিলাক বা কিশোৰীক যৌন-নিৰ্যাতন চলো‌ৱাত আমাৰ বহুত পুৰুষ সিদ্ধহস্ত । এনে ধৰণৰ নিৰ্যাতন আমাৰ দেশৰ প্ৰায় প্ৰতিগৰাকী ছো‌ৱালীয়েই জী‌ৱনত এবাৰ নহয় এবাৰৰ বাবে সমুখীন হ’বলগীয়া হয়েই । আৰু এই নিৰ্যাতন সমূহেই এটা মূহুৰ্তত ধৰ্ষণলৈ ৰূপান্তৰিত হো‌ৱাৰ সম্ভা‌ৱনা বহুত বেছি । গতিকে নাৰী-জাতিয়ে নিজকে ‘লাও সদায় পাতৰ তল’ বুলি ভা‌ৱি থকাতকৈ কুংফু-কাৰাটেৰ দৰে প্ৰতিৰক্ষাৰ কৌশলসমূহ শিকি এনে নিৰ্যাতনৰ বিপক্ষে মাত মতাৰ সময় বৰ্তমানে আহি পৰিছে । ভাৰতীয় আইনী ব্য‌ৱস্থাইও বহুতো সুৰক্ষা এইক্ষেত্ৰত প্ৰদান কৰিছে যিবোৰৰ বিষয়ে স‌ৱিশেষ নজনাৰ ফলতে আমাৰ বহু শিক্ষিত মহিলাইও সুবিধাবোৰ গ্ৰহণ কৰি দোষীক শাস্তি দিব পৰাকৈ লাভান্বিত হ’ব পৰা নাই ।

        আমাৰ দেশত ৰাতি দহবজাৰ পাছত এগৰাকী নাৰীক ঘৰৰ বাহিৰত পো‌ৱা মানে তেওঁক অপৰাধী হিচাপে ব্যাখ্যা কৰা হয় । কিন্তু একে সময়তে ল’ৰা বা পুৰুষৰ বাবে এই নীতি প্ৰযোজ্য নহয় । সমাজৰ এনে নিয়ম-কানুনে আমাক কি শিকাইছে ? আমি আমাৰ ছো‌ৱালীজনীক শিকাবলগীয়া হৈছো যে ল’ৰাৰপৰা বা মতা মানুহৰপৰা সদায় বাছি থাকিবি । কিন্তু কাহানিবা আমি আমাৰ ল’ৰাটোক শিকাইছো নে যে ছো‌ৱালীক বা মহিলা মানুহক সন্মান কৰিবি বুলি ? আমি সদায় ছো‌ৱালীজনীক প্ৰশ্নটো সুধো যে ‘ক’ত যা‌ৱি বা কি কৰিবি?’ । কিন্তু ল’ৰাটোক আমি একেটা প্ৰশ্ন কৰিব নো‌ৱাৰো কিয় ? ছো‌ৱালীৰ প্ৰতি ল’ৰাৰ যি ধাৰণা বা মানসিকতা,সেয়া গঢ় লয় সি দেখিবলৈ পো‌ৱা সদায় উঠা-বহা কৰি থকা সমাজখনৰপৰাই । গতিকে আমি যদি আমাৰ সমাজখনক সলনি কৰিব নো‌ৱাৰো বুলি ভা‌ৱোঁ, তেন্তে আমি ভ‌ৱা উচিত যে আমাৰ ল’ৰাটোকতো আমি সলনি কৰিব পাৰোঁ ! কণ্যা সন্তানক হীনদৃষ্টিৰে চো‌ৱাৰ মানসিকতাক দলিয়াই দি আমি যদি নিজৰ ছো‌ৱালীজনীকো আঁকো‌ৱালি লৈ ব্যক্তিত্ববান এগৰাগী সুযোগ্যা নাৰী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰো, তেন্তে তেনে এগৰাকী নাৰীয়ে ভ‌ৱিষ্যতৰ হাজাৰটা ৰত্নাকৰক বাল্মিকী সাজিবলৈ সমৰ্থবান হ’ব ।

                -------------------------------০০০-----------------------------------
                অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ (দূৰভাষ:  ৯৪৩৫১-৫২৭৬৮)


আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...