লেখা অনুসন্ধান কৰক

Wednesday, October 20, 2021

‘বসুন্ধৰা’ক লৈ ৰাইজৰ আশা-প্ৰত্যাশা

 


ক’বলৈ গ’লে কিছুদিনৰ আগলৈকে মাটি-বাৰী সম্বন্ধীয় কিবা চৰকাৰী কাৰ্যালয়ৰ কাম বুলি ক’লেই মনলৈ এটা ভয় ভা‌ৱ আহিছিল- এতিয়া বা কোনজন দালালক লগ ধৰিব লাগিব, মণ্ডলে বা কিমান ল’ব, কাৰ্যালয়ত বা আৰু কিমান যাব ইত্যাদি। আচলতে কে‌ৱল মোৰেই নহয়, সকলো মানুহৰেই মনত এই একেই ভা‌ৱ । আৰু এই ভা‌ৱনাবোৰ প্ৰকৃততে  আমি নাগৰিকবোৰে নিজে নিজে সাজি লো‌ৱা একোটা চিন্তা কাহানিও নহয় । এইবোৰ হৈছে আজি অত বছৰে আমি দেখি শুনি চলি থকা বস্তু । অৰ্থাৎ আমি সকলো‌ৱেই পাকে-প্ৰকাৰন্তে জানো‌ৱেই যে চক্ৰ-বিষয়াৰ কাৰ্যালয়ত টেবুলৰ এইফালে নহ’লে সেইফালে হ’লেও টকাৰ আদান-প্ৰদান চলেই । আমি এইটোও জানো যে সৰুৰ পৰা ডাঙৰলৈকে,  কে‌ৱল সকলো পদবীৰ চৰকাৰী কৰ্মচাৰীয়েই নহয়, কাৰ্যালয়ৰ বাহিৰৰ সেই দোকানীটোৰ পৰা আৰম্ভ কৰি দালালটোলৈকে আটায়েই এটা অঘোষিত অথচ প্ৰতিষ্ঠিত প্ৰণালীৰে প্ৰতিটো কামৰ বাবে টকা লো‌ৱাৰ এটা সুন্দৰ ব্য‌ৱস্থা চলাই ৰাখিছে । নহ’লে অতি সামান্য দৰমহা পো‌ৱা মণ্ডল একোজনে বিলাসী গাড়ী কিনিবলৈ বা চহৰত দুই তিনিটা অট্টালিকা সাজিবলৈ ধন ক’ৰপৰা পায় সেয়া নিশ্চয় অনুমেয় ।

        কিন্তু কথাটো একপক্ষীয়ভা‌ৱে চো‌ৱাও অনুচিত । আজি মই যেনেকৈ সেই কাৰ্যালয়টোলৈ যাবলৈ হ’লেই ‘কিবা’ এটা হাতত লৈ যাব লাগিব বুলি ভা‌ৱিছো, তেনেকে নিশ্চয় আপুনিও ভা‌ৱিছে । আৰু তেনেকৈ আমি সকলো‌ৱেই ভা‌ৱিছো । এইটো‌ৱেই হৈছে আমাৰ ভুলটো । আমি যদি কোনো এজনেও কাহানিও এটা ফুটা কড়ি ঘোঁচ হিচাপে নিদিওঁ, তেতিয়া তেওঁলোকে ল’ব পাৰিবনো কেনেকৈ ? আৰু যদিহে আমি মাত্ৰ এজন মানুহে কোনো এদিন ‘কিবা’ এটা ঘোঁচ হিচাপে দিয়া আৰম্ভ কৰি দিলো, তেন্তে সেইদিনাৰ পৰাই তেওঁলোকে অন্য সকলোকে সেই ‘কিবা’টোৰ বাবে হাত পাতিব । গতিকে তেওঁলোকে আমাক শুহি শুহি খ‌ো‌ৱাৰ বাবে দোষটো আমাৰেই । কাৰণ – আমিয়েইতো তেওঁলোকৰ তেনে লুতুৰা স্বভা‌ৱটোৰ সৃষ্টি কৰিছো । এতিয়া এনেকি এনে হৈছে, আমি ভা‌ৱিবলৈ বাধ্য হৈছো যে, মই যদি টকা নিদিওঁ, তেন্তে মোৰ কামটো কাহানিও নহ’ব - কিন্তু টকা দি অন্য মানুহে একেটা কাম সোনকালে কৰাই লৈ যাব ! আমি কিয় ভা‌ৱিব ন‌ো‌ৱাৰোঁ যে , টকা নিদিয়াকৈয়ে তেওঁলোকে আমাৰ কামটো কৰিব লাগিব। কাৰণ, তেওঁলোক কৰিবলৈ বাধ্য । এজন চৰকাৰী চাকৰিয়ালে চৰকাৰী কাম বছৰৰ পাছত বছৰ পেলাই থ’ব নো‌ৱাৰে। আৰু কামৰ বিনিময়ত টকা বিচাৰিলে আমি তেওঁলোকৰ বিপক্ষে গোচৰ তৰিম বা অভিযোগ কৰিম ।

        আগেয়ে এনেকে আমি ভা‌ৱিব পৰাটোও অসম্ভ‌ৱ আছিল । কিন্তু আজিৰ তাৰিখত অনুভ‌ৱ হয় যে, এনেকৈয়ে আমি ভা‌ৱিব পাৰো দেখোন  ! কিয়নো, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বৰ্তমানে এই শোষণ ব্য‌ৱস্থাটোত নাকী লগাবলৈ যত্ন কৰা দেখা গৈছে । তেখেতে দালালসকলক কৰায়ত্ত কৰি অন্য জী‌ৱিকাৰ প্ৰতি আকৰ্ষিত হ’বলৈ বাধ্য কৰাইছে আৰু চক্ৰ-বিষয়াসকলকো অতি নিষ্ঠাৰে , সততাৰে কাম কৰিবলৈ বিনম্ৰ গোহাৰি (তথা একপ্ৰকাৰৰ ধমক!) জনাইছে । ই সঁচাই অতি শলাগিবলগীয়া পদক্ষেপ । মুখ্যমন্ত্ৰীৰ এনে সদিচ্চাৰে এটি বহিৰ্প্ৰকাশ হৈছে মিছন বসুন্ধৰা । এই প্ৰকল্পৰ জৰিয়তে এটা ‌ৱে‌ৱ পৰ্টেল জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে য’ত নাগৰিকে নিজেই ঘৰত বহি মাটি সম্বন্ধীয় ৯ টা বিশেষ সে‌ৱা ( নামজাৰি, বাটো‌ৱাৰা, ম্যাদিকৰণ ইত্যাদি)ৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব আৰু পৰ্যায়ক্ৰমে চৰকাৰী বিষয়াই সেই আবেদনসমূহ নিষ্পত্তি কৰিব। ইয়াৰ বাবে নিৰ্দিষ্ট সময়-সীমাও চৰকাৰে বান্ধি দিছে । এনেহেন সুবিধা আগেয়ে কেতিয়াবা হৈছিল বুলি আমাৰ শুনা মনত নপৰে । গতিকে চৰকাৰে দিয়া এনে সুবিধাবোৰ আমাৰ নাগৰিকে লো‌ৱা উচিত আৰু এক পইচাৰো ঘোঁচ দিয়াৰ পৰা বিৰত থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ চৰকাৰক সহযোগিতা কৰা উচিত ।

        এই আপাহতে জনাওঁ যে, চৰকাৰখনে অসম লোকসে‌ৱা অধিকাৰ আইন(২০১৯- সংশোধনী)ৰ অধীনত যিকেইটা অতি ফলপ্ৰসু সে‌ৱা ৰাইজলৈ আগবঢ়াই দিছে সেয়াও অতি চমকপ্ৰদ আৰু কাৰ্যকৰী ।  নিয়োগ বিনিময় কেন্দ্ৰত অনলাইনযোগে পঞ্জীয়ন বা ন‌ৱীকৰণ কৰা ,সম্পত্তিৰ বেচা-কিনাৰ আপত্তীহীনতাৰ প্ৰমানপত্ৰ, সম্পত্তিৰ   পঞ্জীয়ন , বিবাহ পঞ্জীয়ন , জ্যেষ্ঠ নাগৰিকৰ প্ৰমাণপত্ৰ, পৰিবহন বিভাগৰ অধীনৰ ভিন্ন ৰকমৰ পঞ্জীয়ন আৰু যোগ্যতা –পত্ৰৰ আবেদন আদি কেইটাবাও সুবিধা অনলাইন পোৰ্টেল https://rtps.assam.gov.in ৰ জৰিয়তে অসমৰ নাগৰিকে বৰ্তমানে লাভ কৰিব পাৰিছে । তথ্য-প্ৰযুক্তিৰ উপযুক্ত ব্য‌ৱহাৰেৰে অসম চৰকাৰে এনে অভূতপূৰ্ব সা-সুবিধা অসমৰ জনসাধাৰণলৈ আগবঢ়াই দিয়াৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট চৰকাৰী বিষয়াসকল নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ । লগতে আমি গৌৰ‌ৱবোধ কৰিছো যে , এনে পোৰ্টেল সমূহ কোনো ব্যক্তিগত খণ্ডৰ ফাৰ্ম বা কোম্পেনীৰ দ্বাৰা খন্তেকতে প্ৰস্তুত নকৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ‘ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰ’ বা চমুকৈ NIC ৰ সহায়তহে সম্পূৰ্ণ পূৰ্ব-প্ৰস্তুতি আৰু পৰ্যালোচনাৰে সৈতে প্ৰস্তুত কৰিছে । ইয়াৰ বাবে আমি  NICৰ অসম ৰাজ্যিক কেন্দ্ৰৰ কৰ্মকৰ্তাসমূহলৈও ধন্যবাদ আৰু অভিনন্দন জনাইছো ।

        আশা কৰোঁ চৰকাৰে এনেধৰণে ন ন প্ৰযুক্তিৰ ব্য‌ৱহাৰেৰে জনসাধাৰণৰ সুবিধাৰ বাবে কাম কৰি যাব।

Wednesday, April 29, 2020

জী‌ৱন- জী‌ৱন বৰ অনুপম

হয়তো এনেকৈয়ে মইয়ো এদিন গুছি যাম! কোনে জানে, আপুনিও গুছি যাব পাৰে । এই লেখাটো পঢ়িও চাগে' মানুহে হুমুনিয়াহ কাঢ়িব । এয়াই জী‌ৱন । সুস্থ মানুহ এজনো নিমিষতে কিদৰে হেৰাই যাব পাৰে, সেয়া আপুনি নিজেই দেখিছে, বা জানে । আমি যো‌ৱাৰ পাছত আমি ব্য‌ৱহাৰ কৰি ভাল পো‌ৱা মোবাইলটো, টিভিটো বা অন্য পাৰ্থি‌ৱ বস্তুবোৰ হয়তো অইন এজনে ব্য‌ৱহাৰ কৰিব, নতুবা দলিয়াই পেলো‌ৱা হ'ব । তথাপিও আমি ভা‌ৱো, লকডাউন খুলিলে ভাল মোবাইল এটা ল'ম , দোকানে দোকানে ঘুৰি ভালৰ ভাল বস্তু কেইটামান ল'ম । হিচাপ কৰিম এই মাহত মোৰ বেংক একাউন্টত কিমান টকা সোমাল , বা আৰু কিমান পাবলগীয়া আছে । ভাল খো‌ৱা বস্তু কোন ৰেস্তোঁৰাত পায় তাৰ সন্ধান কৰিম, অথবা শ্ৰীমতীক অমুকটো বনাবা, তমুকটো বনাবা কৈ আবদাৰ কৰিম ।

পৃথি‌ৱীত আজিৰ দিনটোৰ ২,৯১,০০০ টা শিশু‌ৱে জন্ম লাভ কৰিছে । আৰু আজিৰ দিনটোতে ১,২২,০০০ জনে এই পৃথি‌ৱীৰপৰা মেলানি মাগিছে ।(উৎস: https://www.worldometers.info) আমি কোনেও এই সংখ্যাবোৰলৈ মন কাণ নকৰোঁ আৰু কৰাৰ দৰকাৰো অনুভ‌ৱ নকৰোঁ । মই বা আপুনি নাইকীয়া হৈ গ'লেও সেই সংখ্যাটোৰ বিশেষ ইফাল -সিফাল নহয় । কিন্তু আপুনি বিচাৰে নে , যে আপোনাৰ জী‌ৱনটোও ইমান মূল্যহীন হ'ব পাৰে বুলি ? ‌
ৱাৰেন বাফেট বোলা এজন ধনী লোকে কৈছে যে 'বস্তু এটা আমি যি দি কিনো, সেয়া হৈছে টকা(Price), আৰু কিনাৰ ফলত যি পাওঁ সেয়া হৈছে বস্তুটোৰ মূল্য(Value) বা মান' ।  আমাৰ জী‌ৱনটো বাৰু আমি কিনিবলগীয়া হো‌ৱা নাই, তেৰাই সেয়া আমাক উপহাৰ হিচাপে  দিছে । কিন্তু আমি সেই উপহাৰৰ মূল্য গোটাব পাৰিছো নে ?

আপুনি নাইকীয়া হৈ যো‌ৱাৰ পাছত আপোনাক কোনোবাই সোঁ‌ৱৰিব নে ? আপোনাৰ কোনখিনি কাৰ্যই আনৰ মনত প্ৰভা‌ৱ পেলাইছে আপুনি ক'ব পাৰিব নে ? আপোনাৰ জী‌ৱনটো কিমান বছৰীয়া  ? - ১৬ বছৰ, ২৭ বছৰ, ৫৪ বছৰ অথবা ৯৮ বছৰ । - এই সংখ্যাবোৰেৰে আপুনি ডাঙৰ হ'ব পাৰে নে ? আপোনাতকৈ মোতকৈ বহুত সৰু সৰু ল'ৰা বা ছো‌ৱালীয়েই দেখোন বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে ! উদাহৰণ বিচাৰিলে অজস্ৰ পাব ।  প্ৰশ্নটো হৈছে 'আপুনি কি কৰিছে'? 

ইৰফান খান নামৰ ব্যক্তিজনক আপুনি কাহানিও চাগে' লগ পো‌ৱা নাই । মইও পো‌ৱা নাই । তথাপি সেই মানুহজন বৰ অকালতে গুছি গ'ল বুলি আপুনি শোক প্ৰকাশ কৰিছে । কাৰণ, তেওঁৰ কৰ্মৰাজীয়ে আপোনাক, আপোনাৰ অনুভ‌ৱক, সত্তাক চুব পাৰিছে । কথাটো ইমানেই ।

আজি মই 'মেছিন লাৰ্নিং' শিকিছো, প্ৰগ্ৰামিং কৰিছো, অথবা গান এটা গুনগুনাইছো । চাকৰি কৰি পৰিয়াল চলাইছো বুলি হয়তো ফিতাহি মাৰিছো, নহ'লে 'এইবোৰ কৰি থাকোতেই জী‌ৱনটো যাব' বুলি উষ্মা প্ৰকাশ কৰিছো ।  এইবোৰে কেতিয়াবা কাহানিবা কামত আহিব বুলি মই সন্দেহ প্ৰকাশ কৰিছো । তেনে নকৰিব। চাকৰিৰ বাবেই হওঁক , অথবা নিজৰ ইচ্ছাতেই হওঁক, আপুনি যি কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰক । আপুনি নিশ্চিত হওঁক, সেই কাম, সৰু হওঁক বা ডাঙৰ,  সেয়া আপুনি যিমান ভালদৰে অথবা নিখুট ভা‌ৱে কৰিব পাৰিছে বা পাৰিব, সেয়া হয়তো আন এজনে নো‌ৱাৰিব বা নো‌ৱাৰে । গতিকে আপোনাৰ কামক আপুনি ভাল পাবলৈ লওঁক । কে‌ৱল টকা ঘটিবলৈ বুলি নহয়, কামটোৰে বহুত কিবা কিবা কৰিব পাৰি বুলি ভা‌ৱি কাম কৰিবলৈ লওঁক । আপুনি যদি ব্যবসায়ী, আপোনাৰ ব্য‌ৱসায়ে আনৰ বাবে হয়তো ভাগ্যৰ দু‌ৱাৰ খুলি দিব পাৰে বুলি বিশ্বাস কৰক। আপুনি যদি খেতিয়ক , তেন্তে আপোনাৰ খেতিৰ ফচলক মান‌ৱ জাতিয়ে আজিৰ সভ্যতাত উপনীত হৈ পৃথি‌ৱীত আধিপাত্য বিস্তাৰ কৰাৰ আৰু নিজে বৰ্তি থকাৰ অন্যতম উপাদানস্বৰূপ বুলি গণ্য কৰি গৰ্বিত হওঁক । দহোজনক এই গৌৰ‌ৱৰ অংশীদাৰ কৰক আৰু নিজেই উদাহৰণ দেখু‌ৱাওক ।

মাৰ্টিন লুথাৰে কৈছিল- 'যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলো‌ৱে অংকন কৰা এটি সুন্দৰ  চিত্ৰকৰ্ম হে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীত ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন!  তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল " । লুথাৰৰ কথাত যদিওবা কাব্যিক উপমা আছে তথাপি , তেওঁৰ ভা‌ৱ-ধাৰাই আমাক আমাৰ নিজৰ দায়িত্বৰ প্ৰতি, কৰ্তব্যৰ নিষ্ঠা‌ৱান হ'বলৈ প্ৰেৰণা যোগায় ।
মোৰ  দেউতাই কয়, কামৰ কোনো সৰু-বৰ নাই । কাম কৰিবলৈ বোলে লাজ কৰিবও নালাগে। কামেইহে মানুহৰ মূল্য বঢ়ায় । নাজানো সঁছা নে মিছা । কিন্তু 'মূল্য' বোলোতে আজিকালি বহুতেই ইয়াক 'টকা'ৰ লগতহে তুলনা কৰে । মানুহৰ জী‌ৱনত 'টকা'ৰ নিশ্চয় মূল্য আছে , কিন্তু জী‌ৱনৰ 'মূল্য'  গঢ়াত টকাৰ সঁচাকৈয়ে জানো কাম আছে ? মহাত্মা গান্ধী, মাদাৰ টেৰেজা , নেলচন মাণ্ডেলা বা আমাৰ গুৰু শংকৰদে‌ৱ - এওঁলোক হ'বলা টকাৰে ধনী আছিল ? তেওঁলোক ধনী আছিল, নিজৰ আদৰ্শত, নিজৰ কামত । এওঁলোক এই পৃথি‌ৱীৰপৰা হেৰাই যো‌ৱা আজি বছৰ বছৰ হো‌ৱাৰ পাছতো জী‌য়াই আছে আমাৰ মনত মাজত , জী‌য়াই আছে প্ৰত্যেকৰে হৃদয়ত । তেন্তে কি কৰিছিল নো তেওঁলোকে ? তেওঁলোকে সেয়াই কৰিছিল, যি সমাজ গঢ়াৰ বাবে, সমাজ সংস্কাৰৰ  বাবে কৰা উচিত আছিল । 
তেনেকৈ আমাৰ বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেনদাই তেওঁলোকৰ কৰ্মৰ জৰিয়তে আমাক প্ৰভা‌ৱান্বিত কৰিছে । তেওঁলোকৰ জী‌ৱন আজি ধন্য । তেওঁলোকে যি কৰিছিল, সেয়া বিখ্যাত হ'বলৈ কৰা নাছিল , কৰিছিল মনৰ তাগিদাত । অ‌ৱশ্যে  তেনে কোনো কথা নাই যে কলা-সংস্কৃতিৰ দিশত কিবা অৰিহণা যোগালেহে এজন মানুহ আমি কো‌ৱাৰ দৰে 'মূল্যবান' হ'ব পাৰিব । খেল-জগত, ৰাজনীতি, অভিনয়, বিজ্ঞান বা প্ৰযুক্তি যি ক্ষেত্ৰই নহওঁক কিয়,  যদি আপোনাৰ কাম-কাজে অন্য হাজাৰজনক ন‌ৱদৃষ্টি দিব পাৰিছে, আপুনি এজন আদৰ্শ হৈ ধৰা দিব পাৰিছে , তেন্তে আমি ক'ম যে আপো‌নাৰ জী‌ৱন সফল হৈছে । 

আমাৰ জী‌ৱনটো বৰ সৰু ।  কৰিবলগীয়া কাম বহুত আছে । গ্ৰহ নক্ষত্ৰৰ অ‌ৱস্থান, বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰহস্য এইবোৰ অধ্যয়ন কৰিবলৈ চাগে' আমাৰ জী‌ৱনত সময়েই নাই । তথাপি আমি যিবোৰ কৰিব পাৰোঁ , সেইবোৰ কৰিবলৈকে আমাক বহুত সময় লাগে। শিকিবলৈ সময় লাগে। শিকাখিনি কৰ্ষণ কৰিবলৈ, অনুশীলন কৰিবলৈ সময় লাগে । সেইবোৰ আনক শিকাবলৈও সময় লাগে । পাকৈত হ'বলৈ, পণ্ডিত হ'বলৈও সময় লাগে । কিন্তু সময় আছে ক'ত ? গতিকে এইযে আমি এলাহতে গা-ঘেলাই অবাবত সময় নষ্ট কৰোঁ, চুপতি মাৰি, আড্ডা দি 'টাইম পাছ' কৰোঁ, প্ৰয়োজনতকৈ অধিক সময় শুই শুই কটাই ভাল পাওঁ, এইবোৰে বাৰু আমাৰপৰা আমাৰ সেই 'অতি কম সময়'ৰে অধিকাংশ কাঢ়ি নিয়া নাই নে?
 
গতিকে, ৰৈ নাথকিব। প্ৰতিটো মূহুৰ্ততে জী‌ৱনটো উদযাপন কৰক । নিজকে আ‌ৱিষ্কাৰ কৰক । নতুন প্ৰেৰণাৰে কামত লাগক । আপোনাৰ জী‌ৱনটোক 'মূল্য‌ৱান' কৰি তোলক । আপুনি বহুত কিবা-কিবি কৰিব পাৰে, আপোনাৰ প্ৰতিভাবোৰ মৰহি যাবলৈ নিদিব । সেইবোৰত সাৰ-পানী দিয়ক । ঠন ধৰি উঠক আপোনাৰ জী‌ৱন । শুভেচ্ছাৰে,
অৰুণজ্যোতি ।
২৯/০৪/২০২০

Monday, October 1, 2018

‘ভিলেজ ৰকষ্টাৰ’ত আছে কি?



‘ভিলেজ ৰকষ্টাৰ’ত আছে কি?
চিনেমাখনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন সমালোচকে কৈছে –“ই অতি আচৰিতধৰণে সহজ-সৰল আৰু এই সৰলতাখিনিয়েই অতি আশ্চৰ্যময় সুন্দৰ !(amazingly simple and simply amazing)”। ঠিক একেদৰে আমিও ক’ম- চিনেমাখনত কোনো কাহিনী নাই, কিন্তু ই অফুৰন্ত কাহিনীৰ উৎস! হয়, ৰীমা দাসৰ এই চিনেমাখনে আপোনাকো নিশ্চয় আচৰিতেই কৰাব । আৰু এনে আচৰিত কৰাব পৰা চিনেমা এখন বনো‌ৱাটো সিমান সহজ কথা নহয়, যিটো ৰীমা দাসে হয়তো অতি সহজভা‌ৱেই কৰি পেলাব পাৰিছে । কেনেকৈ অতি সহজে কৰিছে বুলি কৈছো, সেই বিষয়ে কিছু পাছত বৰ্ণনা কৰিম। তাৰ আগতে চিনেমাখনত কি আছে, যিয়ে দেশে-বিদেশে ৪৪ টা পদক অৰ্জন কৰাত সহায় কৰিলে আৰু যিয়ে ভাৰতৰপৰা অস্কাৰলৈ ‘বিদেশী ভাষাৰ শ্ৰেষ্ঠ চিনেমা’ শিতানত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে পঠো‌ৱা চিনেমাখন হো‌ৱাত সফল কৰিলে সেই বিষয়ে কিছু বুজি লওঁ।
        মই ন দি ক’ব পাৰোঁ, এই চিনেমাখন যদি দেশে-বিদেশে সন্মানিত হৈ খ্যাতি অৰ্জন নকৰিলেহেঁতেন, তেন্তে অসমৰ ছ‌ৱিগৃহবোৰ আজিৰ দৰে ‘হাউছফুল’ হো‌ৱাৰ সলনি অন্য অসমীয়া ছ‌ৱিতকৈও অতি শোচনীয় অ‌ৱস্থাৰে কেইজনমান ৰুচিবোধক দৰ্শকেহে উপভোগ কৰিলেহেঁতেন। আৰু এতিয়াও হয়তো বহু ডেকা-ডেকেৰীয়ে ছ‌ৱিগৃহৰপৰ ওলাই আহিয়ে ভোৰভোৰাই আছে-‘এহ্ কিনো চিনেমা বনাইছে, একো এটা নাই’!  হয়, এখন চিনেমা চাই আমাৰ মন-প্ৰাণ ভাল লাগি যো‌ৱা যিবোৰ উপাদান, সেইবোৰৰ দৰে বহুতো কিবাকিবি চিনেমাখনত নাই । (ক’বলৈ গ’লে আ‌ৱহ সংগীতেই নাই!) কিন্তু চিনেমাখনত যি আছে, সেয়া হয়তো আন বহুততে নাই । আৰু সেইবাবেই ‘ভিলেজ ৰকষ্টাৰ’ আজি ‘ষ্টাৰ’ হ’ব পাৰিছে । শূণ্যৰ পৰা কিবা এটা সৃষ্টি কৰিব পৰাতেই সৃষ্টিকৰ্তাৰ আনন্দ! আৰু সেয়া যদি কেমেৰাৰ লেন্সেৰে হ’ব পাৰে, তেন্তে সি চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে নিশ্চিতভা‌ৱে এক গৌৰ‌ৱৰ বিষয়। এই ক্ষেত্ৰত আমি ক’ম, অকলেই কেমেৰা চলাই, সম্পাদনা কৰি, চিত্ৰনাট্য লিখি, পৰিচালনা আৰু প্ৰযোজন কৰি ৰীমা দাস এই সকলো গৌৰ‌ৱৰ উৰ্ধত । ৰীমা দাসে তেওঁ বিচৰা ধাৰণাটোৰে চিনেমাখন বনো‌ৱাৰ বাবে কোনো তথাকথিত উচ্চ সমাজ বা আধুনিক সমাজ বাচি লো‌ৱা নাই, লৈছে তেওঁৰ চিনাকী গা‌ৱঁৰে সেই চিনাকী দুখীয়-নিচলা ঘৰ এখন, পথাৰ এখন, ঘাঁহনি এডৰা, খেতি-বাতি আৰু নদীৰ গড়া । চিনেমাৰ বিষয়বস্তুও অতি সৰল - দেউতাক নথকা এজনী দুখীয়া ছো‌ৱালী আৰু তাইৰ সপোন । চাই এনে লাগিল যেন সেইখন এখন চিনেমা নহয়, সেইখন আমাৰ নিজা গাওঁ, নিজা কাহিনী – আমাৰ নিজৰেই সেয়া খেলা-ধূলা । অসমৰ এখন গাঁৱৰ সঁচা প্ৰতিচ্ছ‌ৱি ছ‌ৱিখনৰ আঁহে আঁহে ভাঁহি উঠিছে । ফুটি উঠিছে- শিশু-কিশোৰৰ নিৰ্ভেজাল মনস্তাত্বিক জগতখন। এইখিনি দেখু‌ৱাবলৈ যাওঁতে নায়িকাক পৰিচালকে তাইৰ ছালৰ স্বাভা‌ৱিক ৰঙেৰেই কেমেৰাত তুলি ধৰিছে । ক’লা বৰণীয়া ছো‌ৱালীজনীক মেক-আপ কৰি কোনো কাৰণতেই বগা ৰং দিব খোজা নাই ছ‌ৱি-নিৰ্দেশকে। ( ক’বলৈ গ’লে এনেবোৰ চিন্তাতে ৰীমা দাস তথাকথিত আমাৰ চলচ্চিত্ৰ নিৰ্মাতা সকলৰ চিন্তাৰ উৰ্ধত । ) আৰু আটাইতকৈ ডাঙৰ কৃতিত্ব, যাৰ বাবে দাসে সকলোৰে দৃষ্টি কাঢ়িব পাৰিছে, সেয়া হৈছে – অভিনয়-শিল্পীয়ে কোনো কেমেৰাৰ আগত অভিনয় কৰিছে বুলি নজনাকৈয়ে অভিনয় কৰি যো‌ৱাটো ।  বিশ্বৰ নামী-দামী চলচ্চিত্ৰ-পৰিচালকৰ এইটো‌ৱেই হৈছে অতি অতুলনীয় ব্যক্তিত্ব –অভিনয়বিহীন অভিনয় কৰো‌ৱাটো। যদিও সকলো অভিনয়-শিল্পীয়েই দাসৰ পৰিয়ালৰ ঘনিষ্ঠ হো‌ৱা বাবে তেওঁৰ সহায় হৈছে তথাপি এই ক্ষেত্ৰত আমি ক’ম যে, বিশ্বজনীন প্ৰতিভাৰে সৈতে ফেৰ মাৰিব পৰাকৈয়ে ৰীমা দাস সম্পূৰ্ণ সফল হৈছে ।  অ‌ৱশ্যে ইয়াৰ বাবে চিনেমাখন কিছু বদনামৰ ভাগীও হৈছে । ‘ঠাইতে লো‌ৱা ৰেকৰ্ডিং’ত উচ্চ প্ৰশংসা পো‌ৱা এই চিনেমাখনৰ প্ৰায় প্ৰতিটো দৃশ্যতে সংলাপৰ স্পষ্টতাৰ দুৰ্বলতা ধৰা পৰিছে । চিনেমাখনৰ দৃশ্যগ্ৰহণত যদিও ৰীমা দাসৰ কোনো প্ৰফেচনাল ডিগ্ৰী নাই তথাপি তেখেতৰ নিপুণতাৰ আভাস ধৰা পৰিছে । কিছু ‘‌ৱাইড ভিউ’ৰ দৃশ্যাংশ ইমানেই কলাত্মক যে, তাত চিত্ৰকৰে ছ‌ৱি অঁকাৰ সমল বিচাৰি পাব ।  
        যদিও অতি সৰল পৰি‌ৱেশত অতি সহজভা‌ৱেই এখন চিনেমা ৰীমা দাসে বনাইছে বুলি কৈছো, তথাপি আমি তেওঁ ইয়াৰ বাবে জৰুৰীভা‌ৱে কৰা পূৰ্ব-অধ্যয়ন আৰু পৰিকল্পনাৰ কথা স্বীকাৰ কৰিবই লাগিব ।  চাৰি বছৰজো‌ৰা সময় তেওঁ যে কে‌ৱল শ্বুটিঙৰ বাবে অনুকূল পৰি‌ৱেশৰ বাবে অপেক্ষাৰত হৈ আছিল, তেনে নহয় । গাঁৱৰ ককাকজনৰ মুখেৰে কি সংলাপ দিলে শু‌ৱাব, কোনটো সংলাপে কেনেধৰণে এটি শিশুৰ মনত ক্ৰীড়া কৰিব, তাৰো তেওঁ নিৰ্মোহ বিশ্লেষণ কৰিহে কৰ্মত হাত দিছিল । বিচৰা বস্তু এটা যে তীব্ৰ আকাংক্ষাৰ লগতে পৰিকল্পিত কঠোৰ কষ্টৰ মাজেৰেহে পো‌ৱা যায় সেই কথা প্ৰতিষ্ঠিত কৰিবলৈ তেওঁ ককাকৰ মুখত মহাভাৰতৰ নীতিবচনো দিব লগা হৈছে । এইখিনি ৰীমা দাসৰ পূৰ্ব-প্ৰস্তুতিৰ সুন্দৰ ফলাফল ।
        হয়তো পিন্ধিবলৈ কাপোৰ বিশেষ নাই, হয়তো খাবলৈ ঘৰত খুদকণো নাই, তথাপি চিনেমাৰ নায়িকাৰ খেদ নাই, কাৰণ- তাইৰ আছে সপোন । এই আধাৰ ধাৰণাটোকে সাৰোগত কৰি পৰিচালকে চিনেমাখনক এক সুখাবহ অনুভ‌ৱলৈ পৰিণত কৰাইছে । চিনেমাখনত অন্য হিন্দী চিনেমাৰ দৰে নায়িক বা নায়িকাই শেষত গৈ “চূড়ান্ত সফল”  হো‌ৱাটো দেখা নাযায়। কিন্তু হঠাৎ যতি পৰা চিনেমাখনে যেন কৈ যায় - “যাৰ সপোন আছে, তাৰ সকলো আছে।” এই কথাখিনি চিনেমাখন শেষ হো‌ৱাৰ পাছতহে আপোনাৰ অনুভ‌ৱ হ’ব । দৰ্শকক এনে অনুভ‌ৱ  কৰো‌ৱাব পৰাটোও খুব কম পৰিচালকৰহে গুণ ।
অন্য আৰু এটা কথা চিনেমাখনৰ বিশেষত্ব , সি হৈছে মহিলাৰ প্ৰাধান্যতা ।  চিনেমাখনত বয়োজ্যষ্ঠ মতা মানুহ মাত্ৰ দুজনহে দেখা গৈছে, তাকো অতিথি শিল্পীৰ ৰূপত মাত্ৰ কিছু সময়ৰ বাবে । ধুনুৰ মাকে তাই পুষ্পিতা হো‌ৱাৰ পাছত সমাজৰ বাকী মহিলাসকলৰ অনুৰোধো আওকাণ কৰি ধুনুক কৈছে – ‘তই ছো‌ৱালী হৈয়ে থাকিবি দে’। অতি সৰলতাৰে মাক আৰু জী‌য়েকৰ মৰমক চিনেমাখনত উপস্থাপন কৰাতো ৰীমা দাস সফল হৈছে ।


        “আমাৰ দাবী মানিবই লাগিব, বানপানী বন্ধ হ’বই লাগিব, বৰষুণ বন্ধ হ’বই লাগিব” – এইকেইটা বচন ল’ৰাহঁতৰ মুখত দিয়াৰ আঁৰত ৰীমা দাসৰ হয়তো কেইবাটাও দৃষ্টিকোণ লুকাই আছে। প্ৰথম কথা, শিশুৰ নিৰ্বোধ বিচাৰ । দ্বিতীয় কথা- অসমৰ ‘দাবী সংস্কৃতি’ৰ প্ৰতিফলন। আৰু তৃতীয় হ’ব পাৰে চৰকাৰৰ হেমাহিক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কেৰাহিকৈ উপস্থাপন কৰা । বা যদি চাওঁ আমি ধুনুৰ এইটো প্ৰশ্নলৈ – “মা, প্ৰত্যেক বছৰে দেখোন বানপানীয়ে আমাৰ খেতিবোৰ নষ্ট কৰি পেলায়, তথাপিও খেতি কিয় কৰা ?” তেতিয়াও তাত ৰীমা দাসৰ তত্বগধুৰ চিন্তাৰে জীপাল উত্তৰটি দেখিবলৈ পাওঁএ এইদৰে- “কৰ্মই আমাৰ ধৰ্ম। আমি কাম কৰিবই লাগিব।”
 এনেবোৰ চিন্তা-চৰ্চাও চলচ্চিত্ৰ নিৰ্মাণৰ একো একোটা উদ্দেশ্য-স্বৰূপ ।  আপোনাক কে‌ৱল মনোৰঞ্জন দিয়াটো‌ৱেই এখন চিনেমাৰ উদ্দেশ্য হো‌ৱা উচিত নে ? বহুতেই বাৰু ক’ব, ‘নাই, নহয়’ বুলি। চিনেমাই সামাজিক বাৰ্তাহে দিয়া উচিত। হয়, ঠিকেই ।  চলচ্চিত্ৰ এটি এনে মাধ্যম যি অতি সহজভা‌ৱেই মানুহক এটা বিষয়ত একাত্ম কৰিব পাৰে । সেই হেতুকেই বহু সমালোচক, বুদ্ধিজী‌ৱিয়ে চলচ্চিত্ৰৰ মাধ্যমেৰে চলচ্চিত্ৰ-নিৰ্মাতাই সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। নি:সন্দেহে ই সুন্দৰ কথা । কিন্তু আমাৰ বোধেৰে, এখন চলচ্চিত্ৰই যদি আপোনাৰ সুপ্ত অনুভূতিক এবাৰ জাগৃত কৰি এটি বিষয়ত ৰোমাঞ্চিত কৰিব পাৰে, তাতোকৈ সুখানুভ‌ৱো আৰু একো নাই! এখন চিনেমা চাই যদি এখন পেইন্টিং চো‌ৱা বা এটি কবিতা পঢ়া যেন লাগে, তেন্তে সেয়াও এখন ছ‌ৱিৰ অনন্য কৃতিত্ব! সেই দৃষ্টিৰে ‘ভিলেজ ৰকষ্টাৰ্ছ’ সফল হৈছে। আমি ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ দলটিলৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছো । আশা কৰোঁ, ৰীমা দাসৰ এই চিনেমাখনে অসমত গুণগত মানৰ চিনেমা বনো‌ৱাৰ ক্ষেত্ৰত ধ্বজাবাহক হৈ এক নতুন যুগৰ সূচনা কৰিব ।
অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত, গোলাঘাট- ৭৮৫৬১২ (দূৰভাষ: ৯৪৩৫১৫২৭৬৮)
 

Tuesday, December 5, 2017

--গল্প নহয়—


ৰঞ্জনৰ এনেয়ে অফিচলৈ দেৰি হৈছে আজি । তাতে আকৌ এওঁক আজি স্কুলত থৈ যাব লাগিব । কাপোৰ পিন্ধি জোতাযোৰ পিন্ধিবলৈ লওঁতেই এওঁক দেখি ৰঞ্জনৰ মাথা গৰম হৈ গ’ল। তাৰ মুখেৰে নিজে নজনাকৈয়ে ওলাই গ’ল- “মই গা ধুবলৈ যাওঁতেই দেখোন তুমি কাপোৰ উলিয়াবলৈ লৈছিলা! এতিয়ালৈকে মূৰ আঁচুৰিয়েই হো‌ৱা নাই তোমাৰ ?”

যিষাৰ মাতে তাক মনে মনে বাইকখন চলাই যাবলৈ বাধ্য কৰালে সেইষাৰ আছিল-“মই কি ইমান দেৰি বহি আছিলো?”

Saturday, September 16, 2017

এইবেলি পূজা আমি কেনেদৰে পাতিম?



এইবেলি পূজা আমি কেনেদৰে পাতিম?
যদিওবা ভাৰতৰ বিভিন্ন ঠাইত এই পূজাৰ আয়োজন হয়, তথাপি ‘দূৰ্গা পূজা’ বুলি ক’লেই ভাৰতৰ যিকোনো লোকে যিখন ৰাজ্যৰ নাম সাউতকৈ লয়, সেয়া হ’ল পশ্চিম-বংগ। বংগৰ থলু‌ৱা হিন্দু বাঙালীসকলে পৰম্পৰাগতভা‌ৱে আৰু অতি অন্ত:কৰণেৰে বিশাল আয়োজনেৰে সৈতে দূৰ্গাপূজা উদযাপন কৰা দেখা যায়। সেই অনুপাতে কিন্তু দূৰ্গাপূজাৰ প্ৰচলন অসমত আগেয়ে অতি কম আছিল যদিও বৰ্তমানে ইয়াৰ স্থান পশ্চিম-বংগৰ ঠিক পাছতেই  বুলি ক’ব পৰা যায় । অসমত দুৰ্গা পূজাৰ এই বৰ্ধিত জনপ্ৰিয়তা খুব বেছি সময়ৰ নহয়। হয়তো পোন্ধৰ-বিশ বছৰৰপৰাহে অসমৰ প্ৰতিখন গা‌ৱেঁ-ভূঞেঁ এই পূজা ধুমধামেৰে পাতিবলৈ লো‌ৱা হৈছে ।
       এটা ধৰ্মীয় মাংগলিক অনুষ্ঠান হিচাপে ইয়াৰ প্ৰসাৰতা বৃদ্ধিৰ কাৰণ হ’ব লাগিছিল দে‌ৱী-উপাসকৰ সংখ্যাবৃদ্ধি । কিন্তু অতি আচৰিত কথা যে, অসমত এই দে‌ৱী-পূজা জনপ্ৰিয়তাৰ কাৰণ তেনে কোনো ধৰ্মীয় সংখ্যাগৰিষ্ঠতা সমূলি নহয় ! তেন্তে কি হ’ব পাৰে এই কাৰণ, যাৰ ফলত আজি অসমৰ প্ৰতিটো অলিয়ে-গলিয়ে এই দূৰ্গা-পূজা অতি জাকজমকতাৰে পাতিবলৈ লো‌ৱা হৈছে? শেহতীয়াকৈ বহু নগৰত এক কিমি. ব্যাসাৰ্ধৰ ভিতৰতে পঞ্চাছখন পূজা মণ্ডপে গিজগিজাই থকাও পৰিলক্ষিত হৈছে । (নগাওঁ চহৰৰ হয়বৰগাওঁ ৰেলষ্টেছনৰ সমীপতে যো‌ৱাবেলি হয়তো ২০খন মান পূজা-মণ্ডপ দেখা গ’ল।) কিছু সুক্ষ্ম পৰ্যবেক্ষণেৰে অসমীয়া মানুহৰ এই অস্বাভা‌ৱিক উদযাপন-প্ৰীতিৰ মাজত আমি তেৰাসকলৰ প্ৰদৰ্শনধৰ্মী মনো‌ভা‌ৱ, বিকল্প পথেৰে ধন অৰ্জনৰ প্ৰতি আকৰ্ষণ আৰু অন্ধ অনুকৰণৰ স্বভা‌ৱ দেখিবলৈ পাওঁ । ইতিমধ্যেই এলেহু‌ৱা বুলি সুনাম(!) থকা জাতিটোৰ এনে পৰি‌ৱৰ্তিত ৰেহৰূপ কোনো সুভ‌ৱিষ্যতৰ ধ্বজাবাহক হ’ব পাৰে বুলি আমাৰ মনে নধৰে ।  
       অসমীয়া মানুহে এই যে দূৰ্গাপূজা ভাগ পাতে, প্ৰকৃততে কিমান মানুহে প্ৰকৃত উপাসনাৰে দূৰ্গা(মা)ক বন্দনা কৰে বাৰু ? সঁচা কথা ক’বলৈ গ’লে, আমাৰ মানুহে পূজা ‘চাবলৈ’হে যায়, পূজা কৰিবলৈ নাযায় ! অ‌ৱশ্যে ক’ব পাৰি যে আয়োজকসকলক ধৰি হয়তো ১০-১৫ শতাংশ মানুহে মাংগলিক অনুষ্ঠানত ভাগ লয় । এতিয়া কথা হৈছে, এনেদৰে মানুহে যেতিয়া পূজা ‘চাবলৈকে’ যায়, গতিকে নিশ্চয় তাত কিবা চাবলগীয়া বস্তুবিশেষ থাকিব লাগিব ।  আৰু এই যুক্তিটোৰ আঁত ধৰিয়েই অসমত দূৰ্গাপূজা এক বিশাল অংকৰ ব্য‌ৱসায়, বিয়াগোম প্ৰদৰ্শনী, মানুহৰ বাহ্যিক চৌখিনতাৰ বহি:প্ৰকাশ আৰু মুৰ্খৰ দৰে অবাবত টকা উৰু‌ৱাৰ উৎস‌ৱ হিচাপে পৰিগণিত হৈ আহিছে । পূজা মণ্ডপৰ কথাই ভা‌ৱকচোন- এখন নগৰৰ সকলো মানুহকে একত্ৰিত কৰিব পৰাকৈ, যান-জঁটৰ সংখ্যা সৰ্বনিম্ন কৰিব পৰাকৈ যেতিয়া আমি এখন মাত্ৰ পূজা-মণ্ডপেৰেই যি কাম কৰিব পাৰোঁ, সেই কাম আমি শ-শ খন পূজা সমিতিৰে আয়োজন কৰাৰ  প্ৰয়োজনীয়তাই বা ক’ত ?  হাজাৰৰ ওপৰৰ মানুহ গোট খো‌ৱা আন অনুষ্ঠান যেনে সাহিত্য সভাৰ অধি‌ৱেশন দেখোন আমি তেনেদৰে আহল-বহল আয়োজনেৰেই পাতি আহিছো । তেন্তে পূজা পাতিব নো‌ৱাৰো কিয়? আচলতে, আমি প্ৰত্যেকেই আজি টিভি চেনেলৰ টিআৰপিৰ দৰেই নিজৰ নিজৰ চাহিদা, নিজৰ নিজৰ মান বঢ়ো‌ৱাৰ দৌৰত দৌৰিছো । কি আয়োজক, কি দৰ্শনাৰ্থী - সকলো একে ! দুজনমানে মিলি যদি সিফালে এটা অনুষ্ঠান পাতে, তেতিয়া আমাৰ গা জ্বলে । গতিকে আমিও এইফালে আন এটা অনুষ্ঠান পাতিবলৈ যোঁ-জা কৰোহঁক । আমি বিচাৰোঁ যে, সিহঁততকৈ আমাৰ অনুষ্ঠানটো বেছি ডাঙৰ হওঁক, বেছি জাকজমকীয়া হওঁক – আমাৰ বিষয়ে মানুহে অধিক জানক, সিহঁত নিপাতে যাওঁক । আৰু এই প্ৰক্ৰিয়াটো‌ৱেই নিউক্লীয় ফিছন বিক্ৰিয়াৰ দৰেই এটা পাৰমাণ‌ৱিক বোমাৰ ৰূপ লয়গৈ । অৰ্থাৎ, আগেয়ে যি উৎস‌ৱক একতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল, বৰ্তমানে সেই উৎস‌ৱ পাতিবৰ বাবেই একেখন সমাজতে খণ্ড-বিখণ্ডিত হৈ আমি আমাৰ বিভেদ-ভা‌ৱৰ পৰিচয় দিওহঁক ।
       চান্দা তোলাৰপৰা আৰম্ভ কৰি দে‌ৱী বিসৰ্জন দিয়ালৈকে, আজিৰ অসমীয়া পূজা উদযাপানৰ এই সকলো আদ‌ৱ-কায়দাতে আমি কে‌ৱল আমাৰ মানুহৰ নিকৃষ্টতম মানসিকতাৰ প্ৰতিফলন ঘটাকেই দেখা পাওঁ । পূজাৰ চান্দা তোলা অভিযানত আজিকালি দোকান-পোহাৰৰপৰা আৰম্ভ কৰি গাড়ী-মটৰলৈকে কোনো সাৰি নাযায় । কাৰণ টকা সৰকো‌ৱাৰ ইয়েই এটা প্ৰাৰম্ভিক অস্ত্ৰ । তাতে আকৌ ‘পূজা’ নামৰ বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ বাবে--  য’ত আমি পূজা নমনা হিন্দু বা অহিন্দু সকলকো জোৰ-জবৰদস্তিৰে বৰঙণি দিবলৈ বাধ্য কৰিব পাৰোঁ । আৰু আজিৰ অসমীয়া ডেকাই ইয়াৰে সুবিধা ল’ব জানে বাৰুকৈয়ে- অহিন্দু‌ৱে চান্দা নিদিলে সাম্প্ৰদায়িক সংঘৰ্ষৰো হুংকাৰ দিব পাৰে ! বেচ্, লাচিতৰ তেজ থকা অসমীয়া ডেকা, তুমি নিজৰ শক্তিক ভালদৰেই চিনিছা । স্বয়ম্ভু সভাপতি-সম্পাদকে পূজা শেষ হো‌ৱাৰ পাছত চান্দা দিয়াসকলক খৰছৰ খতিয়ান দিয়াটো দূৰৰে কথা, ধন্যবাদ এষাৰি দিবলৈও পাহৰি যায় – কাৰণ তেতিয়া তেওঁলোক ব্যস্ত হৈ পৰে কাৰ পকেটত কিমান টকা সোমাল তাৰ অংককলৈহে! কোনে ক’ব, অসমীয়াই টকা ঘটিব নাজানে ?
       ভা‌ৱক- লাইট, জেনেৰেটৰ, মূৰ্তি, প্ৰসাদ, পেণ্ডেলেৰে কমখিনি আয়োজন নে? তাকো আকৌ অনুষ্টুপীয়াকৈ হ’লেও নহ’ব- লাইটে চকু চাঁট মাৰি ধৰিব লাগিব, মূৰ্তি-পেণ্ডেলৰ কাৰু-কাৰ্যই টিভি-চেনেল, খবৰ কাকতৰ মানুহক আকৃষ্ট কৰিব পাৰিব লাগিব ! আমি কো‌ৱাৰ দৰে এখন মাত্ৰ পূজা পাতিব পৰা হ’লে বাকী শ-শ পূজা সমিতিৰ এই সকলো আয়োজনত খৰছ হো‌ৱা লক্ষ লক্ষ টকা ৰাহি নহ’লহেঁতেন নে বাৰু ? এনে বিশাল পৰিমাণৰ টকাৰে প্ৰতিটো অঞ্চলৰ সমূহীয়া  উন্নতি সাধিনী বহুতো পদক্ষেপ হাতত ল’ব পৰা গ’লহেঁতেন নিশ্চয় । ৰাষ্টা-পদূলীৰ বাবেই আমি বছৰৰ পাছত বছৰ ধৰি চৰকাৰৰ মুখলৈ আশা পালি বহি থাকো। ৰাইজৰ বৰঙণিৰ এনে টকাৰে আমি নিজৰ এলেকাৰ বাট-পথবোৰ ঠিক কৰি ল’ব নো‌ৱাৰো নে?
       কণমাণিটোৰ হাতত তুলি দিয়া পিস্তলটো‌ৱে কি সূচায়- কেতিয়াবা ভা‌ৱি চাইছো নে ? আজিকালি সি ডাঙৰতকৈও ডাঙৰ ৰাইফলটোহে ল’বলৈ ভালপো‌ৱা হৈছে । আৰু তাকে চাই আমি ৰং লৈছো। কাহানিবা ভা‌ৱি চাওঁ নে যে এনে কাণ্ড-কাৰখানাই তাৰ সেই অকণমানি মনটোত কিমান বেয়া প্ৰভা‌ৱ পেলাব পাৰে ? আৰু পূজা বুলিলেই এতিয়া ধনী হওঁক দুখীয়া হওঁক কে‌ৱল খৰছ আৰু খৰছ । দিন-হাজিৰা কৰা সাধাৰণ লোকজনেও উপায়ন্তৰ হৈ দেখাক-দেখি টকাকেইটা পানীত পেলাব লগা হৈছে । গাৰ ঘামৰ প্ৰতিটো বিন্দু খৰছ কৰি অৰ্জা শিকিকেইটা পুতলা পিস্তলৰ মাত্ৰ কেইটামান ধূম-ধাম শব্দৰ মাজত হেৰাই যায় । দে‌ৱী বিসৰ্জনৰ নামতো অযথা কিছুমান হুলস্থুল-বিশৃংখলতা । পূজা উদযাপনৰ নামত উন্মত্ত হো‌ৱা কিছুমান মানুহৰ দলে বাকী সকলোৰে খা‌ৱন-শো‌ৱন হৰে । আৰু এই যান-জঁট,কোৰ্হালৰ সুবিধা লৈ কিছুমান মানুহে জু‌ৱা-খেল,তীৰ-খেল,মদৰ ঘাটিৰে গাওঁ-চহৰৰ গলিবোৰ বিপন্ন কৰি তোলে । ইয়াৰ মাজতো সুবিধাবাদী পুলিছ-ট্ৰেফিকে নিজৰ নিজৰ ধান্দা চলাই যায় । আমি এনেকৈয়ে দূৰ্গা-পূজা  পালন কৰি আহিছো।
       আহক- এইবেলি পূজাভাগ আমি প্ৰদূষিত হ’বলৈ নিদিওঁ । শুদ্ধ অন্তৰেৰে ভক্তি ভা‌ৱেৰে দূৰ্গতিনাশিনীৰ চৰণত প্ৰণিপাত জনাওঁ । আয়োজনৰ নামত আমি বাহ-বাহ ল’বলৈ নাযাওঁ। আমাৰ অঞ্চলত কেইবাখনো পূজাৰ সলনি মাত্ৰ এখন পূজা হ’বলৈ মানুহক উদ্বুদ্ধ কৰোহঁক। দান-বৰঙণি যদি তোলা হয়, তেন্তে তাৰে অন্ত:ত এটা সমাজৰ হকে ভাল কাম কৰোঁ। আৰু মুঠৰ ওপৰত আমাৰ নতুন-প্ৰজন্মক এটা আদৰ্শ দেখু‌ৱাওঁ। আহকচোন- ৰাইজে নখ জোকাৰিলে হেনো নৈ বয় ।
===================================০০০===================================
n  অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ (দূৰভাষ:৯৪৩৫১৫২৭৬৮)

Tuesday, June 7, 2016

"ডাস্তবিনত পৰি ৰো‌ৱা, হাজাৰ টকাত বিক্ৰী হো‌ৱা আমাৰ দেশৰ ভ‌ৱিষ্যৎ"



কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃ বা পিতৃয়ে নিজৰ শৰীৰৰে অংগসম এটি সন্তানক ভূমিষ্ঠ হো‌ৱাৰ পাছত আন ক’ৰবালৈ দলিয়াই দিব পাৰে ? কিমান মায়া-মমতাৰে আবৃত্ত হ’ব পাৰে সেই মাতৃৰ হৃদয় ? জী‌ৱনটোৰ প্ৰতি থকা আমাৰ ভালপো‌ৱা, আকৰ্ষণতকৈ এনে কি দুৰ্ভাগ্য‌ৱান পৰিস্থিতি থাকে, যিয়ে এটা ন-জী‌ৱনক বিতাড়িত কৰিবলৈ আমাক বাধ্য কৰায়? অতি পৰিতাপৰ কথা, খবৰ-কাকতত নিতৌ কোনোবা এটা ডাস্তবিনত মৃত বা জী‌ৱিত অ‌ৱস্থাত দে‌ৱশিশু উদ্ধাৰ কৰাৰ বাতৰি আহিয়েই আছে। বৰপেটাৰ ৩৫ বছৰীয়া আকবৰ আলিৰ দৰে ব্যক্তিয়ে আজি পেটৰ তাড়নাত সন্তানক বিক্ৰী কৰিবৰ বাবেও কুন্ঠাবোধ কৰা নাই । একেদৰে দিনক দিনে বাঢ়িবলৈ ধৰিছে ঢেকীয়াজুলীৰ সেই কিশোৰীগৰাকীৰ সংখ্যা, যি ফুলকুমলীয়া বয়সতে মাতৃত্বৰ বোজা কঢ়িয়াব নো‌ৱাৰি দুই যমজ সন্তানক মাথো হাজাৰ-পোন্ধৰশ টকাত বিক্ৰী কৰিছে । আমাৰ বোধৰে এইবোৰ অতি চিন্তনীয় বিষয় ।

আমি প্ৰশ্ন কৰোঁ, প্ৰতিটো শিশুৰ সু-স্বাস্থ্য, সু-শিক্ষাৰ কথা কো‌ৱা সেই মান‌ৱতাবাদী মান‌ৱাধিকাৰ কৰ্মীসকল, প্ৰতিবাদী নাৰীৰ সংস্থাসমূহ, দেশীয় বা আন্তৰ্দেশীয় বেচৰকাৰী সন্থাসমূহে এইক্ষেত্ৰত কি পদক্ষেপ হাতত লৈছে ? যাক ‘দেশৰ ভ‌ৱিষ্যৎ’ আখ্যা দিয়া হয়, যাৰ প্ৰতি থাকে আমাৰ অগাধ বিশ্বাস, আশা আৰু ভৰসা- সেইসকলৰ ভ‌ৱিষ্যৎ আমি এনেকৈয়ে সুৰক্ষিত কৰিছো নে? আমাৰ বোধেৰে অনাকাংক্ষিত মাতৃত্বৰে কাৰোবাৰ জী‌ৱন ধ্বংস কৰাটো কোনো এজন পুৰুষৰে কৰ্তব্য হো‌ৱা উচিত নহয়, লাগিলে তেওঁলোক বিবাহিতই বা অবিবাহিতই হওঁক । অন্যহাতে সন্তান বেচা-কিনাৰ বজাৰখন কেনে আৰু এইবোৰৰ ন্যায়িক বৈধতা কিমান, সেয়াও কিছু গমি-পিতি চো‌ৱা উচিত। গতিকে এই বিষয়তো আমাৰ স্বেচ্ছাস‌ে‌ৱকসকলে কিছু জৰীপ আৰু অধ্যয়ন কৰি সমাজৰপৰা এনে ব্যাধি কিদৰে আঁতৰাব পাৰি সেইবিষয়ত নিজা পদক্ষেপৰ লগতে চৰকাৰৰ লগতো আলোচনা কৰিব পাৰে ।

মুঠৰ ওপৰত, এইখন অসমতে এনে এটা দিন কাহানিও নাহক যাতে বাপেকে মদ খাবলৈয়ে হওঁক বা ঘৰ চলাবলৈকে হওঁক, সন্তান বেচি টকা পাবলৈ বুলিয়ে এগৰাকী নাৰীক অৰ্ধাংগিনী স্ত্ৰীৰ সলনি ‘কেঁচু‌ৱা জন্ম দিয়া যন্ত্ৰ’লৈ পৰি‌ৱৰ্তিত নকৰে যেন ।

===========================000==============================

সুৰাপায়ীৰ কান্ধত সভ্যতাৰ বোজা


যু‌ৱ শক্তি হৈছে এনে এক চালিকা শক্তি, যাৰ ওপৰত নিৰ্ভৰ কৰি কে‌ৱল এটা জাতিয়েই নহয়, এটা পূৰ্ণ-বিকশিত সভ্যতাই নিজৰ অস্তিত্ব ৰক্ষা, ক্ৰমবি‌ৱৰ্তন অথবা ক্ৰমবিকাশৰ পথ পোহৰাব পাৰে । সমাজখনক বৰ্তমানৰ ৰূপ দিয়া অগ্ৰজ ব্যক্তিসকল শাৰিৰীক-মানসিকভা‌ৱে দুৰ্বলী হৈ এসময়ত যেতিয়া বৃদ্ধা‌ৱস্থালৈ গতি কৰে, তেতিয়া এটা জাতিক সঠিক দিশেৰে আগু‌ৱাই নিব পৰা একামাত্ৰ চালক হৈছে এই যু‌ৱশক্তি। (যু‌ৱশক্তি বোলোতে আমি যু‌ৱতীসমাজকো সামৰি লৈছো ।) সেই হিচাপত চাবলৈ গ’লে আমি আমাৰ যু‌ৱক-যু‌ৱতীসকলক শিশু বা কৈশোৰা‌ৱস্থাৰপৰাই আমাৰ গৌৰ‌ৱান্বিত ঐতিহ্যৰ অধ্যয়নেৰে শিপা চিনাই, সু-শিক্ষাৰে শিক্ষিত কৰি সুসংস্কাৰেৰে জাতিষ্মান কৰাই ভ‌ৱিষ্যতৰ গুৰি বঁঠা ধৰোঁতা হিচাপে গঢ়ি তোলাটো এক নৈতিক কৰ্তব্য হো‌ৱা উচিত । এই দায়িত্ব পালন কৰোতে আমি অভিভা‌ৱকসকল আজি কিমান সফল হৈছো সেয়া হয়তো এক আলোচ্য বিষয় । কিন্তু আন নহ’লেও যু‌ৱক-যু‌ৱতীসকলে তেওঁলোকৰ নিজা দায়িত্ব তথা কৰ্তব্যক হৃদয়ংগম কৰিব পৰা এটা পাৰিপাৰ্শ্বিকতা আমি যদি গঢ় দিব পাৰোঁ, তেন্তে সেয়াই হয়তো এই ক্ষেত্ৰত সফলতাৰ চাবি-কাঠি হ’ব বুলি ধৰি ল’ব পাৰি ।
       পাছে অতি পৰিতাপ আৰু শংকাৰ বিষয় হৈছে এয়ে যে, বৰ্তমান অসমৰ যু‌ৱসমাজ মান‌ৱতাৰ নৈতিক শিক্ষাৰে উজ্জী‌ৱিত হো‌ৱাৰ সলনি বিশ্বায়নৰ পাকচক্ৰত পৰি নিজেই বিপথে পৰিচালিত হো‌ৱাহে পৰিলক্ষিত হৈছে । বৰ্তমান অসমত এনে মানসিকতাৰ যু‌ৱক-যু‌ৱতীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে, যিয়ে সমুখত সংঘটিত হো‌ৱা দুৰ্ঘটনাটোত আৰ্তনাদ কৰি থকা আহতজনক তাৎক্ষণিক সহায়ৰ হাত আগবঢ়ো‌ৱাৰ সলনি মোবাইলত ফটো তুলি চ’চিয়েল মেডিয়াত হাস্যৰসৰ যোগান ধৰিবলৈহে তৎপৰ হয় । এই ধৰণৰ আচৰিত মনোবৃত্তি অসমীয়া ডেকা-ডেকেৰীৰ মনত গঢ় লো‌ৱাৰ কাৰক হিচাপে বহু কেইটা বিষয় সমালোচকসকলে দাঙি ধৰিব পাৰে । এনে বহু কাৰণ, যিবোৰে আমাৰ ডেকা-সমাজক আমি আশা কৰামতে প্ৰক্ষেপিত নকৰি অন্য দিশেৰেহে ঠেলি পঠাইছে, তাৰ ভিতৰত অন্যতম এটি হৈছে সুৰাপান । এই কথা ডাঠি ক’ব পাৰি যে অসমত আজি উচ্চ-শিক্ষা গ্ৰহণ কৰা ল’ৰা-ছো‌ৱালীৰ সংখ্যা যিমানেই বাঢ়িছে প্ৰায় সমান সংখ্যাৰেই বাঢ়িবলৈ লৈছে সুৰাপায়ীৰ সংখ্যা । আজিৰ শিক্ষা-ব্য‌ৱস্থাই আমাক প্ৰতিবছৰে শ শ ডাক্তৰ-ইঞ্জিনীয়াৰ-প্ৰ‌ৱক্তা জন্ম দিব পাৰিছে সঁচা, কিন্তু তেৰাসকলক মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে কাহানিও পতিয়ন নিয়াব পৰা নাই । ফলত আমাৰ সমাজত অশিক্ষিত আৰু দিন-হাজিৰা কৰি ঘৰ চলো‌ৱা মানুহে সংসাৰৰ জ্বালা সহিব নো‌ৱাৰাৰ অজুহাতত দুটুপি চুলাই মদ গলাধ:কৰণ কৰাৰ সংখ্যা যিমান আছে, চাকৰি পো‌ৱা বা পৰীক্ষাৰ ফলাফল ভাল হো‌ৱাৰ আনন্দতো মঙহেৰে সৈতে নিজৰ লগতে আন দহোজনকো ৰঙীণ পানীয়ৰে আপ্যায়ন কৰা মানুহৰ সংখ্যা বৰ্তমানে তাতোকৈ বহুগুণে বেছি আছে । গতিকে ক’ব পাৰি, হয়তো আমাৰ সমাজৰ অৰ্ধেক সংখ্যক মানুহেই বৰ্তমানে সুৰাৰ ৰাগীৰে ৰাগিয়াল । এনে প্ৰেক্ষাপটত উচ্চ-পদস্থ হৈও আমাৰ ডেকাই সুস্থ মানসিকতাৰ পৰিচয় দিবলৈ সমৰ্থ নহ’ব পাৰে ।  সুৰাপায়ী বিষয়া একোজনে  যিমানেই নিজকে নিয়ন্ত্ৰণ নকৰক কিয়, হয়তো কোনো কোনো সময়ত শুদ্ধ বিচাৰ বা পদক্ষেপ লো‌ৱাত তেওঁ বিফল হ’ব পাৰে । আৰু ইয়াৰ কুফল গোটেই সমাজে ভোগ কৰিবলগীয়া হয়।
পূৰ্বতে আমি কে‌ৱল নগৰাঞ্চলত সুৰাৰ পয়োভৰ বেছি বুলি ধাৰণা কৰিছিলো। কিয়নো গ্ৰামাঞ্চলসমূহত আঙুলিৰ মূৰত লেখিব পৰাকৈ ‘লেবেল’ থকা কেইটামান মদাহীৰ বাদে মদ খাই আবোল-তাবোল বকা বা তলং-ভটং কৰি থকা ডেকা ল’ৰা আগতে প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি । কিন্তু সম্প্ৰতি পৰিলক্ষিত হৈছে যে সময় সলনি হো‌ৱাৰ লগে লগে অসমৰ চুকে-কোণে ডেকা-ডেকেৰী তথা কিশোৰ-কিশোৰীৰ মাজতো কিছুমান আচহু‌ৱা তথা সমাজৰ অহিত সাধন কৰিব পৰা কিছুমান অভ্যাস গঢ় লৈ উঠি পৰম্পৰাৰ ৰূপ ল’বলৈ ধা‌ৱমান হৈছে । অশ্লীল কথা-বাৰ্তা, নাৰীক পণ্য সামগ্ৰী হিচাপে গণ্য কৰাৰ মানসিকতা, ডাঙৰক সন্মান কৰিবলৈ নজনা, সুন্দৰভা‌ৱে সমাজত এটা বিষয় উপস্থাপন কৰিব নজনা, ব্য‌ৱহাৰ-পাতিত ভদ্ৰতা আৰু শিষ্টাচাৰ নজনা ইত্যাদি এশ-এবুৰি কু-অভ্যাসৰ কিন্তু এটা মূল কাৰক হৈছে মাদক-দ্ৰব্য সে‌ৱন ।
আজিৰ ডেকাচামে সমাজৰ ভিন্ন অনুষ্ঠান,উৎস‌ৱ-পাৰ্বণ আদিত অংশ লো‌ৱাটো নিসন্দেহে এক অতি শুভ লক্ষণ । কাৰণ ইয়াৰ যোগেদি তেওঁলোকে আমাৰ প্ৰচলিত পৰম্পৰা আৰু সংস্কৃতিৰ সতে মিলামিছা হো‌ৱাৰ এক প্ৰত্যক্ষ সুযোগ পায় । প্ৰকৃতাৰ্থত যু‌ৱসমাজৰ সক্ৰিয় অংশগ্ৰহণে এটা উৎস‌ৱক দীৰ্ঘস্থায়ী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেইদৰে বিষ্ণুৰাভা দি‌ৱস,শিল্পী-দি‌ৱস,শিশু-দি‌ৱস,বিহু উদযাপন আদি সামাজিক কাম-কাজৰ প্ৰতি ডেকা-ডেকেৰীৰ উৎসাহ নিতান্তই আদৰণীয় কথা । কিন্তু সম্প্ৰতি দেখা গৈছে যে, বিহু পাতো বুলিয়েই হওঁক বা শি‌ৱ-ৰাত্ৰি পাতো বুলিয়েই হওঁক, ডেকাচামে চান্দা তোলাৰপৰা বৰভোজ খো‌ৱালৈকে সমগ্ৰ কাণ্ডটোতে মদ-ভাঙৰ দৰে নিচাজাতীয় দ্ৰব্য সে‌ৱনকো কাৰ্যসূচীৰে এটা অংশ কৰি তুলি সকলোখিনি নষ্ট কৰি পেলাইছে । বৰ্তমানে বিয়াসমূহত এই প্ৰ‌ৱণতা অতি বেছি প্ৰকট হৈ পৰিছে । দৰাৰ লগত যো‌ৱা অধিকাংশ ডেকাই বা দৰাঘৰীয়াক আদৰিবলৈ(?) আগবঢ়া অধিকাংশ ডেকাই সুৰাৰ ৰাগীৰে মতলীয়া হৈ বিয়াৰ দৰে পবিত্ৰ এটি মাংগলিক অনুষ্ঠানতো অশুভ পৰিস্থিতিৰ সৃষ্টি কৰা আমি নিজ চকুৰে দেখি আহিছো । খুবাই-খুবুনীৰ ভোজলৈও যেতিয়া সুৰাসক্ত হৈ ডেকাল’ৰা আহিবলৈ লয়, তেতিয়া বিয়াখনত তেওঁলোকৰ কিবা অৰিহণা থাকিলেও তাক স্বীকাৰ কৰি ধন্যবাদ জনাবলৈ কাৰো মন নাযায় ।
       মুক্তভা‌ৱে সুৰাপানৰ মান্যতা অসমৰ সমাজত যদিও বৰ্তমানে নাই, তথাপি আমাৰ অনুমান হয় তেনে এটা দিনো হয়তো অনাগত সময়ত অতি শীঘ্ৰেই আহি পৰিব পাৰে  । এনে নহয় যে, পূৰ্বতে সুৰাপায়ীৰ সংখ্যা একেবাৰেই কম আছিল অসমত ।  খো‌ৱাসকল তেতিয়াও আছিল, এতিয়াও আছে । কিন্তু এটা কথা ডাঠি ক’ব পৰা হৈছে, সেয়া হ’ল এয়ে যে আগেয়ে হয়তো কাহানিও অগ্ৰজৰ লগত অনুজে মদ বা আন মাদক দ্ৰব্য খো‌ৱাৰ দৃশ্য দেখা পো‌ৱা নগৈছিল ,যিটো বৰ্তমানে অতি সুলভ হৈ পৰিছে। আগেয়ে কোনো কোনো‌ৱে চিগাৰেট-মদ খালেও লোকচক্ষুৰ আঁৰত, জ্যেষ্ঠজনক সমীহ কৰিহে খাব পাৰিছিল । কিন্তু এতিয়া কিশোৰ-কিশোৰীয়ে নিজৰ মাজতে খো‌ৱাৰ ওপৰিও ডেকা-বুঢ়াই একেলগে এনে মৌজ-মস্তিত ভাগ লো‌ৱা দেখা যায় । এয়া হয়তো অতি-মুক্ত আদৰ্শবাদৰ অন্ধ অনুকৰণৰ প্ৰভা‌ৱো হ’ব পাৰে নতুবা আমাৰ জ্যেষ্ঠসকলৰ ভুল নিৰ্দেশনাৰ ফলো হ’ব পাৰে।
       নিজৰ ঘৰতে, মাক-দেউতাকৰ চকুৰ আগতে চিখৰ-গোটখা খাব পৰাৰ মানসিকতা এটা গঢ় লো‌ৱা ল’ৰা-ছো‌ৱালীয়ে কাইলৈ লগৰীয়াৰ লগত মদ-ভাং খাবলৈ লো‌ৱাটো একো অস্বাভা‌ৱিক কথা হ’ব নো‌ৱাৰে । খাব পাৰে । কাৰণ আজিকালি অসামাজিক কিবা এটা কামত নিজকে নিয়োজিত কৰিবলৈ হাজাৰটা উপাদান আপোনাৰ ল’ৰাৰ(বা ছো‌ৱালীৰ) সোঁৱে-বাঁ‌‌‌ৱে বিৰাজমান । আজি ষষ্ঠ-সপ্তম শ্ৰেণীৰ ল’ৰাই বিদ্যালয়ৰ প্ৰস্বা‌ৱগাৰ বা হোটেলৰ চুকত বিড়ি-চিগাৰেট টনাটো অতি সুলভ হৈ পৰিছে । সৌ সিদিনা মধ্য-অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ দুজনমান ল’ৰাক বিদ্যালয়তে জ্যেষ্ঠ ছাত্ৰক সুৰাৰ বটল উপঢৌকন হিচাপে দিয়া আৰু মদ্যপান কৰাৰ অপৰাধত প্ৰধান-শিক্ষকে বিদ্যালয়ৰপৰা নাম কৰ্তন কৰিছিল । এইবোৰৰ কাৰণ চিনেমা-দূৰদৰ্শনৰ প্ৰভা‌ৱৰ উপৰিও সংগদোষ হ’ব পাৰে । কিন্তু সংগদোষ বুলি নিৰ্দিষ্টকৈ আজিকালি কোনো এটা সংজ্ঞাবদ্ধ পৰি‌ৱেশ নাই, যাৰপৰা আপুনি আপোনাৰ ল’ৰাক আঁতৰাই আনিব পাৰে । প্ৰকৃততে বৰ্তমানৰ ‘ট্ৰেণ্ড’ বা ঢংটো‌ৱেই হৈছে এনেকু‌ৱা বেপৰু‌ৱা । আজিৰ ল’ৰাই মনৰ খুছিত কাম কৰিব বিচাৰে, মাক-দেউতাকৰ ইচ্ছামতে নহয় । আৰু তাকে কৰিবলৈ গৈ সমাজত যিটো চলি থকা দেখে তাকেই অনুকৰণ কৰিবলৈ শিকে ।
       ল’ৰা-ছো‌ৱালীয়ে আপুনাআপুনিকৈ শিকি লো‌ৱা মাদক–দ্ৰ‌ব্যৰ প্ৰতি হো‌ৱা এই আকৰ্ষণে এক অন্য ৰূপ পায় যেতিয়ে সিহঁতে বিদ্যালয়ৰ দেউনা পাৰ হৈ কলেজৰ দু‌ৱাৰদলিত থিয় হয় । আজিকালি প্ৰায়ভাগ অভিভা‌ৱকেই নিজৰ সন্তানক বিভিন্ন কাৰণত ছাত্ৰাবাস বা ছাত্ৰীনিবাসত থৈ পঢ়ু‌ৱাবলৈ ভাল পায় । এনে ছাত্ৰা‌ৱাসবোৰত সাধাৰণতে ল’ৰাই অতদিনে কটাই অহা বান্ধোনৰ সময়খিনিৰ পৰি‌ৱৰ্তে কিছু মুক্ত জী‌ৱনশৈলী এটা কটাবলৈ সুবিধা পায় । ইয়াত তেঁওলোকৰ কাণ্ড-কাৰখানাৰ তত্বাবধান কৰিবলৈ ক’বলৈ গ’লে কোনো‌ৱেই নাথাকে । বিশেষকৈ ব্যক্তিগত জী‌ৱনৰ কাম-কাজসমূহ । তাৰোপৰি ইয়াৰ লগত ৰজিতা খু‌ৱাই অনুকূলীয় পৰি‌ৱেশ এটাৰ অভা‌ৱ হোষ্টেলীয়া জী‌ৱনত কাহানিও নহয় । গতিকে দেখাক-দেখি বুলিয়েই কো‌ৱা যাওঁক বা কাৰোবাৰ প্ৰৰোচনাৰ বলতেই হওঁক, ছাত্ৰা‌ৱাসত  থকা প্ৰায় প্ৰতিজন আ‌ৱাসীয়েই ৰঙীন পানীয়ৰ অন্ধ ভক্ত হো‌ৱা দেখা যায় । অভিযান্ত্ৰিক মহাবিদ্যলয় আৰু চিকিৎসা মহাবিদ্যালয়বোৰত এই সুৰাপানৰ প্ৰথাটো অতি বেছিকৈ যে জনপ্ৰিয় হয় সেই কথাটো হাজাৰ শতাংশই শুদ্ধ । এনে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰতে কোনো বিশেষ পাৰ্টী বা উৎ‌স‌ৱ উদযাপনৰ মূল অৰ্থই হৈছে দামী দামী দেশী-বিদেশী ৰঙীণ পানীয়ৰ সমাহাৰত নিজকে বিলীন কৰি দিয়া । অ‌ৱশ্যে সকলো ল’ৰাই মদ্যাপান কৰে বুলি ক’লেও ভুল হ’ব । কিন্তু আমি এনে বহু সতীৰ্থকো লগ পাইছো যি এপেগ মদ সে‌ৱন নকৰাকৈ ভালদৰে পঢ়া-শুনা কৰিব নো‌ৱাৰে । আৰু তেনে বহু ল’ৰাই বহু ভাল ভাল ফলাফলেৰে বৰ্তমানে শকত দৰমহা-পাতিৰে নামী-দামী প্ৰতিষ্ঠানত কাম কৰি আছে ।  
প্ৰতিষ্ঠানৰ কথা কওঁতে আৰু এটা কথা মনত পৰিল । বহুতো সৰ্বভাৰতীয়া বা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পেনীত চাকৰি কৰাসকলৰ আকৌ সুৰাপান হৈছে এটা ‘ষ্টেটাছ চিম্বল’ । এই ‘ষ্টেটাচ মেইন্টেইন’ৰ অজুহাতত বহু আমোলা-বিষয়াই পত্নী বা পৰিয়ালৰ অনুমোদন লৈ সুৰাপান কৰে । আৰ্মীত যো‌ৱাসকলৰ কথা নক’লো‌ৱেই । পুলিচত চাকৰি কৰাসকল আৰু চৰা। ৰাতি-বিয়লি সময়ত অসমৰ কোনো থানালৈ আপুনি যাব নো‌ৱাৰে । আপোনাক ভালদৰে চিনি পো‌‌ৱা পুলিচজনেও ৰাতি হ’লে আপোনাক কাহানিও চিনি নাপায়। বৰ্তমানে পুলিচত বহুতো ডেকা ল’ৰা মকৰল হৈছে । আমি আশা কৰোঁ, সেই সকলো আকৌ মদাহী অভদ্ৰ পুলিচ নহয় যাতে।  
       আমি কো‌ৱা নাই যে, মদ খালেই মানুহ নষ্ট হয় । মদ খাই বহু সাহিত্যিকে মহৎ সাহিত্য ৰচনাৰ প্ৰেৰণা পায়, গায়কে গায়কীত নতুনত্ব পায় অথবা কোনো কোনোজনে প্ৰেয়সী বা পত্নীক নতুন ৰূপত আ‌‌ৱিষ্কাৰ কৰিবও পাৰে । কিন্তু সতৰ্ক হ’বলগীয়া কথাটো হৈছে-  মদৰ ৰাগী এনে নিচাদায়ক যে আজি অলপ,কালি অলপকৈ এজন মানুহে ইয়াৰ নিচাৰ সো‌ৱাদ ক্ৰমে বেছিকৈ ল’বলৈ উত্তা‌ৱল হয় যাৰ বিষয়ে তেওঁ কাহানিও গমেই নাপায় । আৰু নক’লেও হ’ব অতিমাত্ৰা মদ্যপানৰ পৰিণতি অতি হৃদয়বিদাৰক । আমি নিজ বংশ-পৰিয়ালতে একো একোটা সুন্দৰ পৰিয়াল কে‌ৱল গৃহস্থৰ মদ্যপানৰ বাবেই সৰ্বনাশ হৈ পৰা দেখি আহিছো । ল’ৰা-ছো‌ৱালীৰ পঢ়া-শুনাতেই নহয়, সিঁহতৰ মানসিক তথা বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰতো ই হেঙাৰ হৈ পৰে ।
       আমি আশা কৰোঁ, প্ৰতিজন অভিভা‌ৱকেই নিজৰ সন্তানক নিচাসক্ত হো‌ৱাৰ পৰা মুক্ত কৰক , সিঁহতৰ প্ৰতিটো খোজতে চোকা নজৰ ৰাখক । প্ৰতিজন আমোলা-বিষয়া, কৰ্মচাৰীয়ে কৰ্তব্যৰ সময়ত ৰাগীয়াল নোহো‌ৱাকৈ থাকি সমাজলৈ সু-সে‌ৱা  আগবঢ়াওঁক । অন্ত:ত আন দেশৰ মানুহ অসমলৈ ফুৰিবলৈ আহি এজন ভদ্ৰ আৰু নিকা অসমীয়াক লগ পাওঁক । একে এষাৰে ক’বলৈ গ’লে আজিৰ সময়ত এখন সুস্থ প্ৰগতিশীল সমাজ গঢ়িবলৈ হ’লে আমি কানীয়া বা মদপী হৈ টলং-ভটং কৰি থাকিলে কাহানিও নহ’ব, আৰু বহু বিষয় আছে যিবোৰত আমি ভা‌ৱি-চিন্তি মাত মাতিব পৰা বা হাতে-কামে কৰিব পৰা হ’ব লাগিব ।(নিয়মীয়া বাৰ্তা, ০৬/০৬/২০১৬ ত প্ৰকাশিত)

Thursday, April 28, 2016

নিৰ্বাচনী প্ৰচাৰত অপব্য‌ৱহৃত টকাৰ সদ্ব্য‌ৱহাৰ


আজিকালি দেখা যায় যে, নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলেই হওঁক বা ব্যক্তিবিশেষেই হওঁক, ভোটাৰক আকৃষ্ট কৰিবৰ বাবে বেনাৰ-পোষ্টাৰৰপৰা আৰম্ভ কৰি বৈদ্যুতিন মাধ্যম, চ’চিয়েল মেডিয়া, ছপা মাধ্যম ইত্যাদি সকলো মাধ্যমেৰেই নিজৰ নিজৰ গুণ-গান বখানি প্ৰচাৰ চলাবলৈ উঠি-পৰি লাগি যায় । কোনো এটা দলে যদি বাতৰি-কাকতত পৃষ্ঠাজোৰা বিজ্ঞাপন দিয়ে, তেন্তে আন এটা দলে দূৰদৰ্শনত দীঘলীয়া বক্তব্য ৰাখে । এটা দলে যদি নিজৰ সুকীৰ্তিৰ কথা দোহাৰে, আন এটা দলে সিটো দলৰ দোষ খোঁচৰে । আৰু এইখিনি কৰিবৰ বাবেই চহৰে-নগৰে গাঁ‌ৱেঁ-ভূঞেঁ বিয়াগোম আকাৰৰ হোৰ্ডিং অঁৰা হয় । হেলিকপ্তাৰত উঠি হ’লেও আগেয়ে কাহানিও গৈ নো‌পো‌ৱা ঠাইলৈ গৈ ভোট ভিক্ষা কৰা হয় । একো-একোজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবৰ বাবে নামী-দামী ‘ষ্টাৰ কেম্পেইনাৰ’ বা ‘চিলেব্ৰিটী’ক নিমন্ত্ৰণ জনাই ৰাজহু‌ৱা সভা পতা হয় । এই সভাবোৰ আয়োজন কৰোতে কোটিৰ ওপৰত টকা খৰছ কৰা হয়, যিবোৰৰ দৰ্শক-শ্ৰোতাসকলকো দিনটোৰ হাজিৰা আৰু অহা-যো‌ৱাৰ খৰছ তথা খো‌ৱা-বো‌ৱা দি ‘হায়াৰ’ কৰি অনা হয় । সুকীৰ্তিৰ গুণগান কৰা সম্প্ৰচাৰ সকলোখিনিৰ কিন্তু ভোটদানৰ আগে আগেই সামৰণি পৰে । ইয়াৰ অৰ্থ এয়ে যে কে‌ৱল ভোট পো‌ৱাৰ স্বাৰ্থতে সকলো দল বা প্ৰাৰ্থীয়ে এনে বৰশীত দিয়া টোপৰ দৰে সৰ্বসাধাৰণক অধিক প্ৰাপ্তিৰ স্বপ্ন দান কৰে ।
      এই টোপ দিয়াৰ নামতো এক বিশাল অংকৰ টকা-পইছা খৰছ কৰা হয় । কাৰণ, বৰ্তমানে ৰাজনীতিত নমা প্ৰতিজন প্ৰাৰ্থীয়ে অন্ত:কৰণে বিশ্বাস কৰে যে সাধাৰণ ভোটাৰক উপৰিউক্ত সকলো প্ৰকাৰৰ প্ৰচাৰ অভিযানেৰে মোহিব নো‌ৱাৰিলেও এটা অস্ত্ৰই নিশ্চিতভা‌ৱে মোহিব পাৰে, সেয়া হ’ল :-  মদ-সূতা-কম্বল-আঁঠু‌ৱা আৰু টকা । এইকেইটা প্ৰাথমিক(!) প্ৰয়োজন পূৰণ হ’লে আমাৰ বহুতো অশিক্ষিত(তথা শিক্ষিত) ভোটাৰ যথেষ্ট পৰিমাণে সন্তুষ্টও যে হয়, সেই কথাটো অ‌ৱশ্যে একেবাৰে অস্বীকাৰ কৰিব নো‌ৱাৰি । কিন্তু ৰাজনীতিবিদসকলে জানি আমোদ পাব যে, আজিকালিৰ সৰ্বসাধাৰণ অশিক্ষিত ভোটাৰো সেই পুৰণিকলীয়া নদাই-ভদাই হৈ থকা নাই যে আপোনাৰপৰা টকা-কম্বল লৈ ভোটটি আপোনাকেই দিব । এনে সুবিধাবাদী ভোটাৰে আজিকালি প্ৰতিজন প্ৰাৰ্থীৰপৰাই এনেদৰে টকা বা উৎকোচ লৈ নিৰ্বাচনৰ আগেয়েই চহকী হৈ লয় । তাৰ পাছত ভোটটো কাক দিয়ে সেয়া কে‌ৱল বেলট-বাকচেহে জানে । অসমৰ মানুহ পূৰ্বতে কাহানিও এই ধৰণৰ সুবিধাবাদী চৰিত্ৰৰ নাছিল । এনে এটা পৰি‌ৱেশ ৰাজ্যখনত সৃষ্টি কৰাৰ বাবে প্ৰকৃততে দায়ী উৎকোচ দিবলৈ আগবাঢ়ি অহা সেই চতুৰ ৰাজনীতিবিদসকলেই ।
      আমাৰ প্ৰশ্ন হৈছে, যিবোৰ সভা-সমিতি পাতিবলৈ কোটিৰ ঘৰত টকা খৰছ কৰা হৈছে আৰু যিবোৰ ভাষণৰ সাৰ-মৰ্ম উপস্থিত থকা কোনো এজন শ্ৰোতা-দৰ্শকেও হৃদয়েৰে বুজিবলৈ কাহানিও চেষ্টাই নকৰে, তেনে আয়োজনৰ প্ৰয়োজনেই বা কি ? কোনো এটা আঁচনিৰ বাবে যদি এটা দলে কৃতিত্ব ল’ব খোজে,  তেন্তে সিটো দলে আকৌ জনতাক পতিয়ন নিয়াব খোজে যে আচলতে সফলতাৰ দাবীদাৰ তেওঁলোকহে ! গতিকেই একেখন ফটো, একেখিনি কথাকে ভিন্ন দৃষ্টিকোণেৰে ভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ মতেৰে ৰাইজৰ আগত প্ৰকাশ কৰে। এনে ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে কোনো সিদ্ধান্ত ল’ব নো‌ৱাৰা এটা বাতাবৰণৰহে সৃষ্টি হয় । গতিকে ক’ব পাৰি যে, বৰ বৰ হৰফেৰে ঢাক-ঢোল বজো‌ৱা বিজ্ঞাপনসমূহেও সাধাৰণ মানুহৰ বিচাৰ-বুদ্ধি বা জ্ঞানৰ কোনো ধৰণৰ পৰিবৰ্ধন বা পৰিবৰ্তন কৰিব পৰা নাই । সেই হেতুকেই আমাৰ এনে অনুভ‌ৱ হয় যে,এই প্ৰচাৰ অভিযানৰ নামত উৰু‌ওৱা টকাখিনিয়ে প্ৰকৃতাৰ্থত দলৰ বাদেই, আন কোনো এজন সাধাৰণ মানুহকে লাভান্বিত কৰিব পৰা নাই । ভা‌ৱি আচৰিত লাগে, এঘন্টাত ষাঠি-সত্তৰ হাজাৰ টকা ভাড়া দি হেলিকপ্তাৰত উঠি ঘুৰি ফুৰিব পৰা কোটিপতি এজনে ব্যক্তিগতভা‌ৱে হয়তো ৰাইজৰ নামত ফুটা কড়ি এটাও খৰছ কৰি নাপায়, অথচ তেওঁ ৰাইজৰ সে‌ৱাৰ বাবেই মন্ত্ৰী,বিধায়ক হ’ব খোজে। কিমান নিৰ্ল্লজ্জ ৰাজনীতি! আমি ক’ব খোজো যে যিসময়ত অসমত নিৰ্বাচনী-প্ৰচাৰৰ নামত আজি কোটি কোটি টকা প্ৰাৰ্থীসকলে খৰছ কৰি আছে আৰু যিবোৰ টকাৰ খৰছেৰে কোনো সামগ্ৰিক বা সামাজিক উন্নয়ণ আজিকোপতি হো‌ৱা নাই, তেনে ক্ষেত্ৰত সেই টকাৰ উচিত ব্যৱহাৰেৰে সমাজৰ বহুখিনি উন্নতি কৰিব পাৰি । কোনো কোনোজনৰ পকেট গৰম হো‌ৱাৰ সলনি যদি কিবা প্ৰকাৰে টকাখিনি ৰাইজৰ সমূহীয়া উন্নয়ণৰ বাবে খটু‌ৱাব পৰা যায়, তেন্তে প্ৰতি নিৰ্বাচনৰ আগে আগে অসমৰ চেহেৰাই সলনি হৈ থাকিব । যদি কোনো ধনী সে‌ৱকৰ ইমানেই জনসে‌ৱা কৰিবলৈ মন আছে, তেন্তে তেওঁ নিৰ্বাচনৰ বাবে সাঁচতীয়া টকাখিনিৰে নিজৰ অঞ্চলত  সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাষ্টা-ঘাট, বজাৰ-সমাৰ, দলং,দমকল, সমূহীয়া ভ‌ৱন, গ‌ৱেষণাগাৰ, পুথিভঁৰাল ইত্যাদি স্থাপন তথা মেৰামতিৰ বাবে চিন্তা কৰিব পাৰে । আৰু এনে সমাজসে‌ৱাৰ উদাহৰণ স্বচক্ষে প্ৰত্যক্ষ কৰিলে সমাজৰ প্ৰতিজনেই তেখেতক ভোট দি জিকাবৰ বাবে স্বয়ংক্ৰিয়ভা‌ৱে সচেতন হ’ব ।
      আৰু এটা অতি কম-খৰছী তথা দৰকাৰী প্ৰচাৰ অভিযান হৈছে একেখন মঞ্চতে সকলো প্ৰাৰ্থীয়ে একেলগে ভাষণ ৰখা কামটো । এই প্ৰথাৰে নিৰ্বাচনী-প্ৰচাৰ চলো‌ৱাটো প্ৰায় সকলো উন্নত গণতান্ত্ৰিক দেশতে দেখা যায় । এনে অনুষ্ঠানত জনসাধাৰণে প্ৰতিজন প্ৰাৰ্থীকে মুখামুখিকৈ প্ৰশ্ন কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলেও জনতাৰ প্ৰকৃত দুখ-কষ্ট বা প্ৰয়োজনসমূহৰ বুজ ল’ব পাৰিব । গতিকে, ইয়ে জনসাধাৰণক প্ৰাৰ্থীৰ প্ৰকৃত যোগ্যতা নিৰূপণ কৰিবলৈ সুযোগ দিয়ে আৰু প্ৰাৰ্থীসকলক এক প্ৰকাৰে সৎ তথা সমাজসে‌ৱী হ’বলৈ বাধ্য কৰায় । আমাৰ দেশতো ভোটাৰ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰি আমি এইদৰে দুই-এটা মিতব্যয়ী পদ্ধতিৰ সদ্ব‌্য‌ৱহাৰ কৰিব জানিলে আজিৰ ৰাজিনীতিবিদসকলে ভ‌ৱাৰ দৰে “ৰাজনীতি এক ব্য‌ৱসায়, য’ত লাখৰ ঘৰত বিনিয়োগ কৰিলে কোটিৰ ঘৰত আয় কৰিব পাৰি”- এই ধৰণৰ কু-সংস্কাৰ উফৰাই পেলাই সমাজত প্ৰকৃত গণতন্ত্ৰৰ ভেঁটি স্থাপন কৰিব পৰা যাব ।
----------------------------------------০০০------------------------------------

নাৰী-নিৰ্যাতন ৰোধৰ উপায় সন্দৰ্ভত দুআষাৰ


যো‌ৱা ২২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ ‘ধৰিত্ৰী’ শিতানত ঊষাকান্তি দাস ডাঙৰীয়াই অতি সুন্দৰভা‌ৱে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰত তথা অসমৰ তথ্যভিত্তিক পৰ্যবেক্ষণ আৰু মতামত আগবঢ়ালে ।  লেখাটোত বিষয়টো সন্দৰ্ভত তেখেতে মূলত: চৰকাৰৰ ব্যৰ্থতাৰ কথা দোহাৰিলে আৰু কেইটিমান পৰামৰ্শ আগবঢ়ালে । কিন্তু তেখেতৰ সকলো পৰামৰ্শ আমাৰ বোধেৰে সম্পূৰ্ণভা‌ৱে গ্ৰহণযোগ্য হ’ব নো‌ৱাৰে । তেখেতে সাজ-পোছাকৰ ক্ষেত্ৰত মহিলাসকল সা‌ৱধান হ’লে যৌন নিৰ্যাতন ৬০% পৰ্যন্ত কমাব পাৰি বুলি কৈছে । কিন্তু আমাৰ প্ৰশ্ন হয়, কে‌ৱল উত্তেজক সাজ-পোছাকৰ বাবেই এগৰাকী নাৰী বা ছো‌ৱালী সঁচাকৈয়ে নিৰ্যাতিত হয় জানো ? বহু বলাৎকাৰৰ ঘটনা মাৰ্জিত সাজ-পাৰ পিন্ধা বিবাহিত মহিলা, নান, বোৰ্খা পিন্ধা মুছলিম মহিলা বা কম বয়সীয়া ছো‌ৱালীৰ ক্ষেত্ৰতে দেখোন এইখন অসমতে হৈ আছে! ইয়াৰ অৰ্থ এয়ে যে, যিসকল লোকৰ এনে অপৰাধপ্ৰ‌ৱণতা বেছি, তেওঁলোকক মাৰ্জিত সাজ-পাৰেও একো প্ৰভা‌ৱ পেলাব নো‌ৱাৰ । প্ৰভা‌ৱ পেলাব পৰা অস্ত্ৰটো হৈছে মানসিক উত্তৰণ বা জ্ঞান । শিক্ষাই এই মানসিকতা গঢ় দিয়াত সহায় কৰিব পাৰে, কিন্তু কে‌ৱল শিক্ষালাভেই এনে বৌদ্ধিক জ্ঞানৰ উদয় নকৰাবও পাৰে । (বহুতো উচ্চশিক্ষিত পুৰুষ আজিও নাৰী নিৰ্যাতনৰ বাবে দায়ী নতুবা প্ৰত্যক্ষ্যভা‌ৱে অপৰাধী।) ইয়াৰ বাবে সামাজিক জাগৰণৰো প্ৰয়োজন আছে । আমাৰ দেশত কে‌ৱল মহিলাই নিজৰ সুৰক্ষাৰ বাবে যৎকিঞ্চিত মাত মতা দেখা যায়, কিন্তু কোনো এজন পুৰুষে এই বিষয়ত ‘টু’ এটাও শব্দ নকৰে । এনে পৰি‌ৱেশত সামাজিক সংস্কাৰ অসম্ভ‌ৱ ।
        ইয়াৰোপৰি লেখকে কৈছে যে মহিলা বা ছো‌ৱালীসকলে ‘যিমান সম্ভ‌ৱ নিশা অকলে ভ্ৰমণ কৰা উচিত নহয় আৰু নিশাৰ আগতেই নিজৰ নিজৰ ঘৰলৈ উভতিবলৈ চেষ্টা কৰা উচিত ।’ দাস ডাঙৰীয়াই নাৰী-নিৰ্যাতন ৰোধৰ বাবেই এনে এষাৰ সতৰ্কবাণী শুনাইছে যে, সেই কথা আমি হৃদয়ংগম কৰিব পাৰিছো; তথাপি তেওঁ বিচাৰ-বিবেচনা কৰি চো‌ৱা উচিত যে তেনে মন্তব্যৰে তেওঁ নাৰীৰ স্বাধীনতা আৰু অধিকাৰ খৰ্ব কৰিছে । আজিৰ এই একবিংশ শতিকাৰ বিশ্বায়ণৰ যুগত মানুহৰ কাম-কাজ কে‌ৱল দিনতহে হ’ব পাৰিব বুলি ভ‌ৱা কথাটো ভুল ধৰাণা। আমাৰ গু‌ৱাহাটীতেই দেখোন কত কিমান ‘কল-চেন্টাৰ’, ‘অফশ্ব’ৰ চফ্ট‌ৱেৰ ডেভেলপমেন্ট’ ইত্যাদি বিষয়ৰ কাৰ্যালয় স্থাপিত হৈছে তেওঁ নাজানে নেকি? সিবোৰত ক‌ে‌ৱল ল’ৰামানুহেইযে কাম কৰিব পাৰিব, তেনেতো কোনো নীতি-নিয়ম নাই !
        আমাৰ দেশত ৰাতি দহবজাৰ পাছত এগৰাকী নাৰীক ঘৰৰ বাহিৰত পো‌ৱা মানেই তেওঁক অপৰাধী হিচাপে ব্যাখ্যা কৰা হয় । কিন্তু একে সময়তে ল’ৰা বা পুৰুষৰ বাবে এই নীতি প্ৰযোজ্য নহয় । সমাজৰ এনে নিয়ম-কানুনে আমাক কি শিকাইছে ? আমি আমাৰ ছো‌ৱালীজনীক শিকাবলগীয়া হৈছো যে ল’ৰাৰপৰা বা মতা মানুহৰপৰা সদায় বাছি থাকিবি । কিন্তু কাহানিবা আমি আমাৰ ল’ৰাটোক শিকাইছো নে যে ছো‌ৱালীক বা মহিলা মানুহক সন্মান কৰিবি বুলি ? আমি সদায় ছো‌ৱালীজনীক প্ৰশ্নটো সুধো যে ‘ক’ত যা‌ৱি বা কি কৰিবি?’ । কিন্তু ল’ৰাটোক আমি একেটা প্ৰশ্ন কৰিব নো‌ৱাৰো কিয় ? ছো‌ৱালীৰ প্ৰতি ল’ৰাৰ যি ধাৰণা বা মানসিকতা,সেয়া গঢ় লয় সি দেখিবলৈ পো‌ৱা সদায় উঠা-বহা কৰি থকা সমাজখনৰপৰাই । গতিকে আমি যদি আমাৰ সমাজখনক সলনি কৰিব নো‌ৱাৰো বুলি ভা‌ৱোঁ, তেন্তে আমি ভ‌ৱা উচিত যে আমাৰ ল’ৰাটোকতো আমি সলনি কৰিব পাৰোঁ ! কণ্যা সন্তানক হীনদৃষ্টিৰে চো‌ৱাৰ মানসিকতাক দলিয়াই দি আমি যদি নিজৰ ছো‌ৱালীজনীকো আঁকো‌ৱালি লৈ ব্যক্তিত্ববান এগৰাগী সুযোগ্যা নাৰী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰো, তেন্তে তেনে এগৰাকী নাৰীয়ে ভ‌ৱিষ্যতৰ হাজাৰটা ৰত্নাকৰক বাল্মিকী সাজিবলৈ সমৰ্থবান হ’ব ।

প্ৰশাসনৰ তৎপৰতা

‘আমাৰ অসম’ কাকতে প্ৰথম পৃষ্ঠাত আলোকপাত কৰা ইলাচী বসুমতাৰী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ জী‌ৱনগাঁথাৰ কথা জানিব পাৰি লখিমপুৰ জিলা প্ৰশাসনে অতি তৎপৰতাৰে চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে বুলি গম পাই অতি আনন্দিত হৈছো । ইয়াৰ বাবে বৰ্তমানে প্ৰচলিত চমক লগো‌ৱা হালধীয়া সাংবাদিকতাৰ বিপৰীতে নিৰলে সত্যনিষ্ঠ সংবাদ সে‌ৱনৰ প্ৰতি উৎসৰ্গিত কাকতখনৰ এনে দায়িত্ববোধৰ শলাগ লৈছো আৰু প্ৰশাসনৰ সংশ্লিষ্ট বিষয়ববীয়াসকলক ধন্যবাদ জনাইছো । এতিয়া কথা হৈছে, এইখন অসমত বৰ্তমানে এনে ইলাচী বসুমতাৰী কে‌ৱল এগৰাকীয়েই আছে নে? প্ৰশাসনৰ দায়িত্ব ইমানতেই যতি পৰিল নে? নিশ্চয় নাইপৰা । কাৰণ, অসমৰ গা‌ৱেঁ-ভূঞেঁ চুকে-কোণে আজিও হাজাৰজন দৰিদ্ৰই দুবেলা-দুসাজ নোখো‌ৱা‌কৈ থাকি হয়তো আপাতত: গৃহহীন হৈয়েই জী‌ৱন কটাইছে । খাদ্য-সুৰক্ষা,আ‌ৱাস–যোঁজনাৰ কথা কো‌ৱা চৰকাৰখনে কাগজে-কলমে সকলো দৰিদ্ৰকে উদ্ধাৰ কৰিছে ঠিকেই, কিন্তু বাস্ত‌ৱক্ষেত্ৰত এই সা-সুবিধাবোৰ কোনে কেনেকৈ পাইছে বা নাই পো‌ৱা তাৰ জৰীপ কৰি চো‌ৱা উচিত । হিতাধিকাৰীয়ে সেইবোৰ  পো‌ৱাৰ পথত কিমান টকাৰ ভেটি কোনে ক’ত আত্মসাৎ কৰিছে তাৰো হিচাপ হো‌ৱা উচিত । ঠিকাদাৰে আমোলা-বিষয়াৰ পৰা চহীৰে টকা উলিয়াই কাম-কাজ নো কিমান কৰিছে, তাৰ তদন্ত হো‌ৱা উচিত । কে‌ৱল জনপ্ৰতিনিধিয়ে কিয়, বিষয়াসকলেও শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰত কি ঘটি আছে তাৰ বুজ লো‌ৱাটো অতি প্ৰয়োজন ।
        দেখা যায়, বাতৰি-কাকত বা দূৰদৰ্শনৰ নিউজ-চেনেলে কিবা এটা কথাক বলিষ্ঠৰূপত প্ৰকাশ কৰাৰ পাছতহে বিষয়া-আমোলাই অলপ-অচৰপ চকু মেলি তাৰ অধ্যয়ন কৰে বা কাহানিবা দুই-এক পদক্ষেপ গ্ৰহণ কৰে । কিন্তু প্ৰকৃতাৰ্থত হ’ব লাগিছিল তাৰ ওলোটাটোহে ! অৰ্থাৎ, প্ৰশাসনে কিবা বিষয়ত লো‌ৱা পদক্ষেপকহে সংবাদ মাধ্যমে এটা ‘খবৰ’ হিচাপে প্ৰকাশ কৰিব লাগিছিল । বুজিব পৰা সকলে নিশ্চয় অনুমান কৰিব পাৰিছে যে অসমৰ প্ৰশাসন কোন দিশেৰে কেনেদৰে চলি আছে । ঘোঁচ নিদিয়াৰ বাবে কাৰ্যালয়লৈ মাহৰ পাছত মাহ অহা-যো‌ৱা কৰা ভুক্তভোগীসকলেহে বিষয়া-কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ বিষয়ে গম পায় ।
জিলা ঘোষণা কৰাৰ ২৫ বছৰৰ পাছতো মৰিগাঁৱৰ সদৰ সংলগ্ন কোনো এটা ৰাষ্টা আজিকোপতি ভাল হৈ নুঠিল । জিলাখনত অত বছৰে যে কোনো উপায়ুক্ত, চক্ৰ বিষয়া নিযুক্ত হো‌ৱা নাই তেনেও নহয় । প্ৰতি নিৰ্বাচনতে বিধায়ক, লোকসভাৰ সদস্য জয়ী হৈয়েই আছে । ৰহা-বাৰপূজীয়া সংলগ্ন সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অতিক্ৰম কৰিবলৈ আজিও আধাঘন্টাৰ ওপৰত সময় লাগে কে‌ৱল ৰাষ্টাৰ দুৰ‌ৱস্থাৰ বাবেই । অথচ, তেনেস্থলত যো‌ৱা চাৰিমাহমান আগতে জিলাখনলৈ ৰাজ্যপালে ভ্ৰমণ কাৰ্যসূচী হাতত লো‌ৱা বাবেহে তেলাহি-দলবাৰী সংলগ্ন ৰাষ্টাটো পকীকৰণ কৰা হয় যিটো বৰ্তমানে জিলাখনৰ একমাত্ৰ  ঘাইপথ-সংযোগী ৰাষ্টা হিচাপে পৰিগণিত হৈছে । এদিনৰ ভিতৰতে নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰা আৰু প্ৰস্থেৰে মাত্ৰ এখন গাড়ীহে যাব পৰা এই ৰাষ্টাটোৰো স্থায়িত্ব কিমান দিনৰ হয় সেয়া মৰিগঞাঁ ৰাইজৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ।
সেইদৰে নিৰ্বাচনৰ কিছু পূৰ্বে নগা‌ৱঁলৈ মুখ্যমন্ত্ৰীৰ অহাৰ কথা জানিব পাৰি প্ৰশাসনে ওচৰৰ বাট-পথবোৰ চিকুণাই ৰাতিটোৰ ভিতৰতে এলেকাটোৰ ন-ৰূপ এটা দিবলৈ সমৰ্থবান হৈছিল । ‘নাক’ নামৰ উই.জি.চি.ৰ দল এটাই আমাৰ অসমৰ মহাবিদ্যালয়সমূহ পৰিভ্ৰমণ কৰি প্ৰতিবেদন যুগুতাবলৈ বিচাৰিলেও মহাবিদ্যালয়ৰ চৌহদবোৰ দুই-চাৰি বছৰেকৰ মূৰত একোবাৰ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰা আমি দেখি আহিছো ।  এইধৰণৰ তৎপৰতা দেখি আমাৰ ল’ৰালিৰ দিনলৈ মনত পৰে । আমি পঢ়ামেজৰ আগফালে এখন আইনা ৰাখি থৈছিলো যাতে পঢ়াৰ সময়ত পাছফালৰপৰা মা-দেউতা আহিলে আগতীয়াকৈ দেখিব পাৰো । আৰু তেনে কোনো পৰ্যবেক্ষকৰ আগমণিৰ বতৰা পালেই আমি টিংকল পঢ়া বা অন্য চখৰ কাম বাদ দি পাঠ্যপুথি হাতত তুলি লৈছিলো ।
আমি আশা কৰোঁ, প্ৰশাসনিক তৎপৰতা কে‌ৱল প্ৰদৰ্শনীৰ বাবে হো‌ৱা উচিত নহয় । যিসময়ত যাৰ যি দায়িত্ব সেয়া সঠিকভা‌ৱে কৰি গ’লেহে আমাৰ সমাজে এক সুস্থ প্ৰগতিৰ সোপোন ৰচিব পাৰিব ।

আপোনাৰ জী‌ৱনৰ সংকল্প কি?

কোনে জানে, কাইলৈয়ে আপোনাৰ বা মোৰ সৰ্পদংশনত মৃত্যু হ'ব পাৰে। স্পীডব্ৰেকাৰত গাড়ীখন ৰখাওতে আপোনাৰ কোনো দোষ নথকাকৈয়ে পাছৰ ডাম্পাৰখনে আপোনাক ...